প্ৰেম আৰু বন্ধুত্ব।আচলতে প্ৰেম কি কি?

প্ৰেম আৰু বন্ধুত্ব।প্ৰেম কি?প্ৰেমৰ অৰ্থ কি? প্ৰেম কাক বোলে? প্ৰেম কেই প্ৰকাৰৰ? ইত্যাদি ইত্যাদি প্ৰশ্ন আমাৰ মনলৈ আহে।

তেনেহলে জানো আহক প্ৰেম প্ৰকৃততে কি?
 প্ৰেম হল এক মৰম, প্ৰেম কেইবা প্ৰকাৰ হব পাৰে, যেনে- মা-দেউতাই কৰা প্ৰেম,ভাইটি-ভন্টীৰ প্ৰেম,লগ-লগৰীয়াৰ প্ৰেম আৰু সম্বন্ধ গঢ়া বা সম্পৰ্ক স্থাপন কৰা প্ৰেম। এই দুটা প্ৰেমৰ প্ৰাৰ্থক্য কি?
এই বিষয়েআলোচনা কৰিম।
মাক-দেউতাকৰ প্ৰেম হল:- যিয়ে নিজৰ সন্তানক হ্ৰদৰ পৰা মৰম, চেনেহ কৰে, ই হল এটা মাক- দেউতাকৰ নিজৰ সন্তানৰ প্ৰতি থকা প্ৰেম। এই প্ৰেম অন্তহীন । মাক- দেউতাকে সৰুৰে পৰা নিজৰ সন্তানক ডাঙৰ- দীঘল কৰে । মাক-দেউতাকৰ নিজৰ সন্তানৰ প্ৰতি ইমানে মৰম-চেনেহ থাকে যে ইয়াক কৈ শেষ কৰিব নোৱাৰি। ই প্ৰতিজন ব্যক্তিৰ বাবে অমৃত স্বৰূপ, ই কেতিয়াও শেষ নহয়,জীৱনৰ প্ৰথম প্ৰেমে হৈছে মা আৰু দেউতা, যিহেতু ই এটা মহান প্ৰেম ই অন্তহীন।

সম্বন্ধীয় প্ৰেম বা সম্পৰ্কীয় প্ৰেম:- যি প্ৰেমৰ দ্বাৰা ইজনে আনজনৰ মাজত সম্পৰ্ক গঢ়া হয়। জীৱন সংগী হিচাপে  আনজনৰ লগত প্ৰেমভাৱ জগাই তোলা হয়।
 ই এটা ভয়ংকৰ প্ৰেম যাৰ ফলত প্ৰেমিক-প্ৰেমিকাৰ নিজৰ জীৱন ত্যাগ প্ৰজন্ত কৰিব পাৰে। এইটো হয় কেৱল দূয়োৰে মাজত থকা ভূলৰ বাবে।
যুগে যুগে
এইখিনিতে মই এটা ইংৰাজী বাক্যৰ কথাকে কওঁ, যিটো  বাক্য নেকি নৱপ্ৰজন্ম বাবে ক্ষতিকৰ হব পাৰে। এই শব্দটো হল- I Love You. যিটো শব্দই সাধাৰণ মনোভাৱ থকা সকলক অতিস্থ কৰে।
 এইটো শব্দ কেৱল প্ৰেমিক-প্ৰেমিকাৰে নহয়। এইটো শব্দ সকলোৱে ব্যৱহাৰ কৰিব পাৰে। যেনে I Love You Mom, I Love You Father, I Love You Brother. আদি আদি। এই শব্দই নৱপ্ৰজন্মক অতিকৈ খতি কৰে।
এইখিনিতে মোৰ জীৱনত হৈ যোৱা এটা কথাকে কওঁ।
মোৰ স্কুলীয়া জীৱনৰ কথা। আমি সাত জন বন্ধু-বান্ধৱী আছিলো আমি অতিকৈ ঘনিষ্ঠ আছিলো। আমি লৰা আছিলো তিনি জন আৰু ছোৱালী আছিল চাৰি জনী। এনেকৈয়ে আমি সাতোজনে ছয় বছৰ অতিক্ৰম কৰিছিলো। অৱশেষত এদিনাখন এনে এটা ঘটনা আমাৰ মাজত ঘটিল কেতিয়াও নভবা।
মোৰ লগৰ এজনে আমাৰ লগৰে বান্ধৱী এজনীক প্ৰেমৰ প্ৰস্তাৱ দিলে। তেতিয়া তাই কলে তুমি বন্ধুত্বৰ অৰ্থ জাননে নাই,তুমি যে মোক প্ৰেমৰ প্ৰস্তাৱ দিছা। আমি হলো বন্ধু আমি এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰো।
বন্ধু (Best Friend) কাক কয়?  বন্ধুত্ব হল যিটো কথা কাৰো ওচৰত কব নোৱাৰি সেইটো কথা আমি আমাৰ বন্ধুৰ মাজত কওঁ।
মানুহৰ জীৱনত এনেকুৱা এটা সময় আহিব পাৰে যে নিজৰ মনৰ কথাবোৰ কবলৈ মানুহ নাথাকে। তেতিয়া এই বন্ধু- বান্ধৱীৰ মাজত কথাবোৰ কৈ নিজৰ অন্তৰখতক শান্তি কৰিব পাৰি। যাৰ ফলত মনটোৱে অলপ শান্তি অনুভৱ কৰে। ভাল- বেয়া,দুখ-বিপদৰ আদি সকলো ধৰণৰ কথা মুকলিকৈ কব পাৰি এয়ে হল প্ৰকৃত বন্ধু(Best Friends).


প্ৰশ্ন থাকিলে কমেণ্ট কৰক।

                               ধন্যবাদ।

Post a Comment

1 Comments