কিছুমান মানুহে সফল (Success) কিয় হব নোৱাৰে। কি কি কাৰণ হব পাৰে।

মানুহে  সফল হব নোৱাৰাৰ কাৰণ কেইবা প্ৰকাৰো হব পাৰে। যেনে-- দৰিদ্ৰতা, আগ্ৰহীনতা বা অমনোযুগীতা আৰু যৌন উত্তপীৰণ(sexually harassment)
দৰিদ্ৰতা___

দৰিদ্ৰতা এনে এটা বস্তু যাৰ ফলত মানুহে সংসাৰত জীয়াই থকাৰ যুগ্যতা হেৰাই পেলাব লগীয়া হয়। দৰিদ্ৰতাই মানুহৰ জীৱনত বিভিন্ন ধৰণৰ মানসিক অশান্তিৰ লগতে সমাজৰ লগত সমালোচনাৰ সৃষ্টি কৰে। ইয়াৰ ফলত বিভিন্ন ঘাট-প্ৰতিঘাটৰ সন্মুখীন হব লগীয়া হয়। দৰিদ্ৰতা জীৱন যাপন আজিৰ সভ্যতাৰ বাবে যোগ্যহীন। দৰিদ্ৰতাৰ ফলত সপোন কেতিয়াও সাৰ্থক হব নোৱাৰে।
এজন দৰিদ্ৰ ব্যক্তিৰ মনত কিমান সপোন ভৰি থাকে সেইটো কেতিয়াও আনৰ আগত উনুকিয়াই দিব নোৱাৰে। কাৰণ তেওঁৰ বাবে এইটো এটা সপোন। দৰিদ্ৰতাৰ সপোন কেতিয়াও সফল নহয়,কাৰণ দৰিদ্ৰতাই ইয়াক হেঁচা প্ৰয়োগ কৰিছে।
এজন ধনী ব্যক্তি আৰু এজন দৰিদ্ৰ ব্যক্তিৰ সপোন ক্ৰমান্বয়ে সমান হব পাৰে। কিন্তু এজন দৰিদ্ৰ ব্যক্তিৰ বাবে ই কেতিয়াও সফল নহয়।
আগ্ৰহীনতা বা অমনোযুগীতা__

ইয়ো এটা প্ৰধান কাৰণ যাৰ ফলত মানুহে কেতিয়াও সফল হব নোৱাৰে। জীৱনত যিকোনো কামত সফল হবলৈ আগ্ৰহ আৰু মনোযোগৰ বিশেষ প্ৰয়োজন। যিজন ব্যক্তিৰ কৰ্মৰ প্ৰতি ধাউতি নাথাকে, তেওঁ কেতিয়াও জীৱনত সফলতা লাভ কৰিব নোৱাৰে। আগ্ৰহ আৰু মনোযুগীতাৰ অবিহনে কৰ্মটো কেতিয়াও সম্পূৰ্ণ নহয়। এই গুণসমূহ নথকা ব্যক্তি জনক অৰ্কমণ্য বা এলেহুৱা বুলি কব পাৰোঁ।
যৌন উত্তপীৰণ (sexually harassment)___


ইয়াক আমি একপ্ৰকাৰৰ সফলতাৰ বেৰা বুলি কব পাৰোঁ। "যৌন আৰু সফলতাৰ সময়" এই বস্তু দুটা ক্ৰমান্বয়ে সমান।
ইয়াক আমি এটা উদাহৰণেৰে বুজিবলৈ চেষ্টা কৰিম। ধৰি ললোঁ ৰাম এজন ল'ৰা। ৰামে বহুতো ঘাট-প্ৰতিঘাট নেউচি তেওঁৰ শিক্ষা জীৱনটোক আগুৱাই নিছিল। কিন্তু অৱশেষত তেওঁৰ এনে এটা সময় আহিল যে তেওঁ নিজকে এটা অন‍্য দিশে নিবলৈ ধৰিলে। তেওঁৰ মনত কিছুমান কু-চিন্তাই হেচিবলৈ ধৰে। এই চিন্তাই তেওঁৰ মানসিক শক্তি লাহে লাহে হ্ৰাস কৰিবলৈ ধৰিলে। তেওঁৰ এই কু-চিন্তাই মানসিক শক্তি হ্ৰাস কৰাৰ লাগে লগে তেওঁৰ শিক্ষা জীৱনত অন্ধকাৰ নামিবলৈ ধৰে। আৰু ইয়াতে তেওঁৰ শিক্ষা স্থগিত হয়।

Post a Comment

1 Comments

  1. Nice Post Valuable Content keep it up and thanx for share
    and its a request to visit my blog also for support
    coz i am doing very hard work on it and if like then give me backlink thanks
    7 Secrets 6 Figures And 4 Things To Know About Interior Designer Career

    ReplyDelete