অৰ্থনীতিৰ মৌলিক বিষয়সমূহ

অৰ্থনীতিৰ মৌলিক বিষয়সমূহ


অতি চমু উত্তৰৰ প্ৰশ্ন:- 
১/ অৰ্থনীতি শব্দটো কোনটো ভাষাৰ শব্দৰ পৰা অনা হৈছে?
উ:- গ্ৰীক ভাষাৰ পৰা।
২/ অৰ্থনীতি শব্দটো কোনটো শব্দৰ পৰা লোৱা হৈছে? 
উ:- গ্ৰীক শব্দৰ "OIKONOMIA  ৰ পৰা।
৩/  অৰ্থবিজ্ঞানৰ পিতৃ স্বৰূপ কোন?
উ:- এডাম স্মিথ। (Adam Smith)
 ৪/ অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল?
উ:-এডম স্মিথে।
৫/ অৰ্থবিজ্ঞানৰ কল‍্যানভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল?
উ:- কেমব্ৰিজ অৰ্থনীতিবিধ মাৰ্চেলে আগবঢ়াইছিল।
৬/ অৰ্থবিজ্ঞানৰ দুষ্পাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল?
উ:- লায়নেল ৰবিন্স।
৭/ এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?
উ:- Inquiry Into The Nature And Causes Of The Wealth Of Nation নামৰ গ্ৰন্থখন ১৭৭৬ চনত।
৮/ আলফ্ৰেড মাৰ্চেলে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?
উ:- Principles Of Economics গ্ৰন্থ খন ১৮৯০ চনত আগবঢ়াইছিল।
৯/ লায়'নেল ৰবিন্সে কোনখন গন্থত আৰু কেতিয়া অৰ্থনৈতিৰ সংজ্ঞা আগবঢ়াইছিল?
উ:- An Essay On The Nature And Significance Of Economic Science গ্ৰন্থত ১৯৩২ চনত।
১০/ এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছিল?
উ:- ৰাস্কিনে।
১১/ দক্ষতাৰ উপৰত গুৰুত্ব দি কোনে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?
উ:- ছেমুৱেলছন আৰু নৰ্দহাছে।
১২/ কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয়?
উ:- উপযোগিতা।
১৩/ উৎপাদনৰ উৎপাদিত আহিলাক কি বুলি কোৱা হয়?
উ:- মূলধন।
১৪/ 'Micro,>  আৰু 'Macro, শব্দ দুটা কোন দুটা শব্দৰ পৰা লোৱা হৈছে?
উ:- Micro ⬅Mikros, আৰু Macro⬅Makros ৰ পৰা।

চমু উত্তৰৰ প্ৰশ্ন:- 
১/ এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উ:- অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান।
২/ মাৰ্চেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উ:- "মানৱ জীৱনৰ দৈনন্দিন জীৱনৰ কাৰ্যৱলী অধ্যয়নেই হৈছে মাৰ্চেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞা।"
৩/ ৰবিন্সনৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উ:- "যি বিজ্ঞানে মানুহৰ আচৰনক মানুহৰ অপৰিসীম আশা আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজৰ সম্প‍‍ৰ্ক হিচাপে অধ্যয়ন কৰে সিয়েই হৈছে ৰবিন্সনৰ অৰ্থবিজ্ঞানৰ সংজ্ঞা।"
৪/ ছেমুৱেলছৰ আৰু নৰ্দহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উ:- "দুষ্পাপ্যতাৰ বাস্তবিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱে হৈছে ছেমুৱেলছৰ আৰু নৰ্দহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞা।"
৫/ ৰবিন্সনৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা কি কি?
উ:- (১) মানুহৰ অভাৱ অসীম।
       (২)  অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত।
       (৩) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য।
৬/ ব্যষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে?
উ:- ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্টানৰ অৰ্থনৈতিক আচৰণসমূহ গাইগুটীয়াকৈ আলোচনা কৰা আৰু এজন ভোক্তা, এজন উদ্যোক্তা বা এখন উদ্যোগিক প্ৰতিষ্টান, এখন বজাৰ, এজন ঋনদাতা,এজন সঞ্চয়কাৰিৰ অৰ্থনৈতিক আচৰন  ব্যক্তিবাদী অৰ্থবিজ্ঞানৰ অন্তৰ্ভুক্ত। ইয়াকে কোৱা হয় ব্যষ্টিবাদী অৰ্থবিজ্ঞান।
৭/ সমষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে?
উ:- এখন দেশৰ অৰ্থনীতিৰ সামগ্ৰীক আচৰণ অৰ্থাৎ সকলোবোৰ ভোক্তা, উপভোক্তা আদিৰ আচৰণ সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্ভোক্ত।সামূহিক হৈছে সমষ্টিবাদী অৰ্থনীতিৰ অধ্যয়ন। জনসংখ্যা, নিয়োগ, উদ্যোগীকৰণ , কৃষি ইত্যাদি এখন দেশৰ সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্গত। এয়াই হৈছে সমষ্টিবাদী অৰ্থবিজ্ঞান।
৮/ আৰ্থিক বস্তু আৰু অনাআৰ্থিক বস্তুৰ পাৰ্থক্য লিখা।
উ:-  আৰ্থিক বস্তু:- 
আৰ্থিক বস্তু অৰ্থ উপাৰ্জন, ব্যয় তথা বিতৰণৰ লগত জড়িত হয়।আৰ্থিক বস্তুবোৰৰ  দৰ-দাম থাকে।
অনাআৰ্থিক বস্তু:- অনাআৰ্থিক বস্তুৰ ক্ষেত্ৰত  অৰ্থ উপাৰ্জন, ব্যয় তথা বিতৰনৰ লগত জড়িত নহয়।অনাআৰ্থিক বস্তুবোৰৰ দৰ-দাম নাথাকে।
৯/ ৰাষ্ট্ৰীয় আয় কাক বোলে?
উ:- এখন দেশৰ এটা নিদিষ্ট বিত্তীয় ৰ্বষত যি দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মুদ্ৰা মূল্য‌ই হৈছে ৰাষ্ট্রীয় আয়।
১০/ জনমুৰি আয়ৰ সূত্ৰটো লিখা।
উ:-                               ৰাষ্ট্ৰীয় আয়
              জনমুৰি= --------------------------------
                                 দেশৰ মুঠ জনসংখ্যা

দীঘল উত্তৰৰ প্ৰশ্ন।
১/ অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা উদাহৰণ সহ ব্যাখ্যা কৰা।
উ: অৰ্থবিজ্ঞান অধ্যয়ন অতি গুৰুত্বপূৰ্ণ কিয়নো এই অধ্যায়ৰ জৰিয়তে এখন ৰাষ্ট্ৰৰ কৰদাতা,নাগৰিক এগৰাকীয়ে চৰকাৰে কিদৰে বাজহ সংগ্ৰহ কৰে। সংগৃহীত  ৰাজহৰ উচিত ব্যৱহাৰ হৈছে নে নাই তাক>  ভালদৰে জানিব পাৰে। অৰ্থবিজ্ঞান অধ্যয়নৰ জৰিয়তে সমাজ  সংগঠন বা সংস্কাৰক এগৰাকীয়ে  ব্যাপক আৰু গভীৰ দৰিদ্ৰতাৰ কাৰণহমূহ ফহিয়াই চাব পাৰিব। এই অধ্যয়নৰ দ্বাৰাই এজন ব্যক্তিয়ে তেওঁৰ হৈ থকা দৰিদ্ৰতাৰ কাৰণসমূহ  বা সমস্যা সমূহ ভালদৰে বুজি পাব।
উদাহৰণ স্বৰূপে সচেতন গ্ৰাহক হিচাপে সকলোৱে জানিব বিচাৰিব বজাৰত অত‍্যাৱশ‍্যকীয় সা-সামগ্ৰীৰ মূল্য বৃদ্ধিৰ কাৰণ সমূহ কি কি? বিশ্বায়ন বা গোলকীকৰণ কি? অৰ্থনৈতিক বিকাশ  কিদৰে কৰিব পাৰি। পৰিবেশীয় অৰ্থনীতি কি? এই গুৰুত্বপূৰ্ণ বিষয় সমূহ আমি অৰ্থনীতি অধ্যয়নৰ জৰিয়তে ভালদৰে জানিব পৰা যায়। গতিকে অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা যথেষ্ট বেছি।
২/ অৰ্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্ৰহনযোগ‍্য আৰু কিয়? বাখ্যা কৰা।
উ:- অৰ্থবিজ্ঞানৰ সংজ্ঞাহমূহৰ ভিতৰত আটাইতকৈ বেছি গ্ৰহনযোগ‍্য হিচাপে লায়'নেল ৰবিন্সনৰ সংজ্ঞাটো আছে। তেওঁৰ "An essay on the nature and significance of economics science" নামৰ গ্ৰন্থ খনত তেওঁৰ সংজ্ঞাটো আগবঢ়াইছে। তেওঁৰ মতে "যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব‍্যৱহাৰ কৰিবলগীয়া  সীমিত সম্পদৰ মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সিয়েই অৰ্থনীতি। তেওঁৰ সংজ্ঞাটোত তিনিটা মৌলিক ধাৰণাই গুৰুত্ব লাভ কৰিছে। এই মৌলিক ধাৰণা কেইটা হল
(১) মানুহৰ অভাৱ অসীম।
(২) অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত।
(৩) সীমিত সম্পদ সমূহ বিকল্প ব্যৱহাৰযোগ্য।
স্মিথৰ মতে " অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান।" তেওঁৰ সংজ্ঞাটোক হম্পদভিত্তিক আখ্যা দিছে। সমালোচক সকলৰ মতে সম্পদ মানৱ জীৱনৰ মূল লক্ষ্য কেতিয়াও হব নোৱাৰে। গতিকে স্মিথৰ সংজ্ঞাটো গ্ৰহনযোগ‍্য নহয়।
মাৰ্ভেলৰ মতে, মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যৱলীঅধ্যয়নেই হৈছে অৰ্থনীতি।
স্মিথৰ সংজ্ঞাতকৈ মাছেলৰ সংজ্ঞাটো বহু ক্ষেত্ৰত উন্নত। কিন্তু ইয়ো গ্ৰহনযোগ‍্য সংজ্ঞা নহয়,কিয়নো মাছেলে কেৱল পাৰ্থিৱ কল‍্যানৰ কৰাহে উল্লেখ কৰিছে।অন্যহাতে ছেমুৱেলছন আৰু নৰ্ডহাছৰ মতে "দুষ্পাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ  সৰ্বোত্তম দক্ষতাপূৰ্ণ  ব‍্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱে হল অৰ্থনৈতিৰ মূল বিষয়।" কিন্তু ই সৰ্বোত্তম সংজ্ঞা নহয়।
গতিকে উপৰোক্ত সংজ্ঞা সমূহৰ ভিতৰত ৰবিন্সনৰ সংজ্ঞাটোৱে হৈছে গ্ৰহণ যোগ‍্য সংজ্ঞা।
৩/ অৰ্থবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা।
উ:- অৰ্থবিজ্ঞানৰ পৰিসৰ সাধাৰণতে নিম্নোক্ত বিষয় কেইটা সামৰি লয়।
(১) ভোগকাৰ্য :- অভাৱ দুৰ কৰাৰ কাৰ্যকলাপে হৈছে ভোগ। ভোগ কাৰ্যৰ লগত জড়িত  বিধিসমূহ ভোক্তাৰ ভাৰসাম্য ইত্যাদি অধ্যয়ন অৰ্থনৈতিৰ পৰিসৰৰ অন্তৰ্ভুক্ত।
(২) উৎপাদন :- উপযোগী সামগ্ৰী অথবা সেৱাৰ সৃষ্টিয়েই হৈছে উৎপাদন।উৎপাদনৰ চাৰিটা উৎপাদন  ভূমি,শ্ৰম, মূলধন আৰু সংগঠনৰ উপৰি উৎপাদনৰ বিধি।উৎপাদনৰ ভাৰসাম্য, আৰ্থিক ব্যৱস্থা আদিৰ সম্পৰ্কে অৰ্থবিজ্ঞানৰ আলোচনা কৰে।
(৩) বিতৰণ:- বিতৰণ প্ৰক্ৰিয়া যাতে সঠিক হয় তাৰ বাবে যিবোৰ নীতি বা তত্ত্ব অনুসৰণ কৰাৰ প্ৰয়োজন সেই সকলোবোৰ  তত্ত্ব বিতৰণ  বিষয়ৰ মাজত আলোচনা কৰা হয়।
(৪) বিনিময়:- বিনিময় হল অৰ্থবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ বিষয়। বিনিময়ৰ অৰ্থ হল কোনো বস্তু আন কোনো বস্তুৰ পুনপটীয়াকৈ  বিনিময় কৰা।যিকোনো ব্যক্তি বা অঞ্চল বা দেশে লাগতিয়াল প্ৰতিনিধি সামগ্ৰী নিজে উৎপাদন কৰি লৱ নোৱাৰে।এনে ক্ষেত্ৰত ব্যক্তি, অঞ্চল আৰু দেশৰ মাজত  বিনিময় আৱশ্যক হয়। সেয়ে, দেশীয় বানিজ‍্য আৰু আন্তৰ্জাতিক বানিজ‍্যৰ জৰিয়তে দেশীয় আৰু আন্তৰ্জাতিক বিনিময় হয়।গতিকে দুয়ো প্ৰকাৰৰ বিনিময়ৰ বিষয়ে অৰ্থনীতিত আলোচনা কৰা হয়।
(৫) মুদ্ৰা :- দ্ৰব্যৰ প্ৰত‍্যক্ষ বিনিময় প্ৰথাৰ অসুবিধা সমূহ আতৰাই বিনিময়, ব্যৱস্থাক সৰলতা প্ৰদান কৰাৰ বাবেই মুদ্ৰাৰ সৃষ্টি হৈছিল। মুদ্ৰাৰ ভূমিকা অৰ্থনীতিৰ পৰিসৰৰ এক উল্লেখযোগ‍্য অংশ।বিনিময় মাধ্যম হিচাপে সাধাৰণ গ্ৰহনযোগ‍্য যিকোনো এবিধ সামগ্ৰী যাৰ সহায়ত সকলো বস্তো আৰু সেৱা কাৰ্যৰ মূল প্ৰকাশ কৰা হয় আৰু যাৰ যোগেদি সঞ্চয়, ঋণ গ্ৰহণ আৰু ঋণ পৰিশোধ কাৰ্য সম্পাদন কৰা হয় তাকেই মূদ্ৰা বোলে।
(৬) আয় :- জনমুৰি আয়,ৰাষ্ট্ৰীয় বা জাতীয় আয়  ইয়াৰ বৃদ্ধি তথ্য বিতৰণৰ অৰ্থনৈতিক  কল‍্যানৰ লগত ইয়াৰ সম্পকে আলোচনা  কৰাটো অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্গত।
(৭) ৰাজত্ব বা ৰাজহুৱা  বিত্ত বিজ্ঞান :- চৰকাৰী আয়, চৰকাৰী ব্যয় আৰু চৰকাৰী ঋণৰ আলোচনাই হৈছে ৰাজহুৱা বিত্তবিজ্ঞান।
(৮) কল‍্যাণকামী অৰ্থনীতি:- কেৱল ভোগকাৰ্য উৎপাদন তথা বিতৰণেই হৈছে অৰ্থনীতিৰ মূল বিষয়বস্তু হব নোৱাৰে। এনেবোৰ কাৰ্যৰ লগত  ব্যক্তি তথা সমাজৰ কল‍্যানৰ দিশটো মন কৰিব লাগিব।
(৯) পৰিবেশীয় অৰ্থনীতি :- এহাতে অৰ্থনৈতিক উন্নতি ক্ষিপ্ৰতৰ কৰাৰ অৰ্থে উদ্যোগীকৰণৰ ওপৰত অধিক মনোনিবেশ আৰু আনহাতে পাৰিপাৰ্শ্বিক ভাৱে ভাৰসাম্য বিনষ্টই পৃথিৱীৰ সমাজবিজ্ঞানীসকলক অধিক চিন্তান্বিত কৰি তুলিছে। এনে ক্ষেত্ৰত পাৰিপাৰ্শ্বিক ভাৱে ভাৰসাম্য কিদৰে ৰক্ষা কৰিব পাৰি সেই উদ্দেশ্যে পাৰিপাৰ্শ্বিকতাৰ অধ্যয়ন অৰ্থনীতি বিষয়ত অন্তৰ্ভুক্ত কৰা হয়। এই সংযোজনে অৰ্থনীতি বিষযত এনে নতুন মাত্ৰা প্ৰদান কৰিছে।
(১০) দক্ষতা :- সীমিত সম্পদৰাজিক দক্ষতাপূৰ্ণ ব্যৱহাৰৰ যোগেদি সমাজ গঠন কৰাটো অৰ্থনীতিৰ মূল বিষয়। এই সিমীত সম্পদৰাজি দক্ষতাপূৰ্ণ ব‍্যৱহাৰৰ যোগেদি উৎপাদন  প্ৰক্ৰিয়াৰ ধাৰা ত্বৰান্বিত কৰিব পাৰিলেহে মানৱ সমাজৰ কল‍্যাণ হয়।

বিজ্ঞান (X)

আপোনাৰ প্ৰশ্নৰ উত্তৰ সমূহ_
১/ মৰ্চা চৰকাৰ কিমান চনত স্থাপিত হৈছিল?
উত্তৰ :- ১৯৮৯ চনত।

Post a Comment

3 Comments

  1. Replies
    1. আপোনাৰ প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। তলত check কৰক।

      Delete
  2. ৰাষ্ট্ৰীয় আয় কাক বোলে

    ReplyDelete