ভূগোল :- ভূ-পৃষ্ঠৰ পৰিৱৰ্তন।

ভূ-পৃষ্ঠৰ পৰিৱৰ্তন:-
১/ ভূ-পৃষ্ঠত মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া।
উত্তৰ:- পৃথিৱীৰ উপৰিভাগ মহাদেশ (স্থলভাগ) আৰু মহাসাগৰ (জলভাগ)ৰে গঠিত ।
ইয়াৰে ৭১ শতাংশ জলভাগে আৰু বাকী ২৯ শতাংশ স্থলভাগে আগুৰি আছে ।
মহাদেশকেইখনৰ ভিতৰ ভাগত সমভুমি, মালভুমি, পাহাৰ-পৰ্বত , নদী-উপত্যকা, মৰুভূমি, উপকূলীয় সমতল আদি দেখা যায়। সেইদৰে মহাসাগৰ কেইখনতো পানীত বুৰ গৈ থকা অৱস্থাত আছে মালভুমি, সমতল, পাহাৰৰ লানি, গভীৰ খাত, প্ৰবাল প্ৰাচীৰ আদি অৱয়ব । তদুপৰি মহাসাগৰত সৰু-ডাঙৰ বহুতো দ্বীপো দেখা যায় ।
ভূ-পৃষ্ঠ আৰু মহাসাগৰৰ তলিৰ এইবোৰ অৱয়ব যুগ যুগ ধৰি চলি অহা কিছুমান প্ৰক্ৰিয়া বা ক্ৰিয়াৰ ফলত সৃষ্টি হৈছে । সময়ৰ গতিত এই অৱয়ববোৰেৰ পৰিৱৰ্তন ঘটে ।
যিবিলাক প্ৰক্ৰিয়া এই অৱয়ববোৰৰ সৃষ্টিৰ লগত জড়িত হৈ থাকে,সেইবোৰৰো সময়ৰ গতিত পৰিৱৰ্তন ঘটে।
মন কৰিবলগীয়া কথা যে পৃথিৱীৰ স্থলভাগ আৰু জলভাগত ক্ৰিয়া কৰি থকা কাৰকসমূহৰ কিছুমান বাহ্যিক আৰু কিছুমান আভ্যন্তৰীণ। বাহ্যিক কাৰকবোৰে আমি দেখিব পৰাকৈ বাহিৰৰ পৰা ক্ৰিয়া কৰে আৰু অভ্যন্তৰীণ কাৰকবোৰে আমি নেদেখাকৈ পৃথিৱীৰ অন্তৰ্ভাগত  ক্ৰিয়া কৰি থাকে। বাহ্যিক কাৰকবোৰৰ ভিতৰত সূৰ্যৰ উত্তাপ,বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্ৰধান।
আনহাতে, অভ্যন্তৰীণ কাৰকবোৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয় উদগীৰণ প্ৰধান। অভ্যন্তৰীণ কাৰকবোৰে মহাদেশৰ অন্তৰ্ভাগৰ লগতে মহাসাগৰৰ তলিৰ অন্তৰ্ভাগতো ক্ৰিয়া কৰিব পাৰে।এইবোৰ কাৰকে সাধাৰণতে ভূপৃষ্ঠৰ লগতে মহাসাগৰৰ তলি ভাগকো অসমান কৰি ৰখাত অৰিহণা যোগায়। ভূমিকম্প সংঘটিত হলে মহাদেশৰ বা মহাসাগৰৰ তলি ভাগৰ কোনো অংশ উঠি আহিব পাৰে বা বহি যাব পাৰে।

২/ ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ব্যাখ্যা কৰা।
উত্তৰ:-  ভূপৃষ্ঠত বাহ্যিক কাৰকবোৰে বাহিৰৰ পৰা ক্ৰিয়া কৰে।এই কাৰকবোৰৰ উৎস সূৰ্য আৰু বায়ুমণ্ডল বুলি কৱ পাৰি।বাহ্যিক কাৰকবোৰৰ ভিতৰত সৌৰশক্তি,বতাহ, বৰষুণ, নদী হিমবাহ আৰু সাগৰৰ ঢৌপ্ৰধান। তদুপৰি ভূপৃষ্ঠত থকা গছ-গছনী জীৱ-জন্তু আদি জৈৱিক কাৰকেও ভূপৃষ্ঠৰ পৰিৱৰ্তনত কম বেছি পৰিমাণে অৰিহণা যোগায়। ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰি থকা বাহ্যিক কাৰক সমূহৰ ধৰ্ম আৰু শক্তি সকলো স্থান আৰু কালত একেই নহয়।ভূপৃষ্ঠৰ বেলেগ বেলেগ অঞ্চলত আৰু বেলেগ বেলেগ সময়ত সেইবোৰৰ ক্ৰিয়াৰ পাথক্য ঘটে। আজিৰ পৰা দুই নিযুত বছৰ পূৰ্বে, অৰ্থাৎ হিম যুগত পৃথিৱীৰ উপৰিভাগৰ বহু অংশ তূষাৰে ঢাকি ৰাখিছিল। সেই সময়ত হিমবাহৰ কাৰ্য যিমান ব্যাপক আছিল,বত্তৰ্মান সিমান নহয়। ভৱিষ্যতেও গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত হিমবাহৰ কাৰ্যৰ লক্ষণীয় পৰিৱৰ্তন ঘটাৰ সম্ভাৱনা আছে।
একোটা অঞ্চলৰ ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত বিশেষ একোটা প্ৰক্ৰিয়াইহে প্ৰাধান্য লাভ কৰা দেখা যায়। সাধাৰণতে বেছি বৰষুণ হোৱা অঞ্চলত নদীৰ কাৰ্য,অতি কম বৰষুণ হোৱা মৰুভূমি অঞ্চলত বতাহৰ কাৰ্য,দুই মেৰু অঞ্চলৰ লগতে অতি উচ্চ পাৰ্বত্য অঞ্চলত হিমবাহৰ কাৰ্য আৰু সাগৰ-মহাসাগৰৰ  উপকূল অঞ্চলত ঢৌৰ কাৰ্য‌ই প্ৰধান ভূমিকা পালন কৰে।এইবোৰ কাৰকে সংশ্লিষ্ট অঞ্চলবোৰৰ ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰি বিশেষ কিছুমান স্থলাকৃতিৰ সৃষ্টি কৰে।

৩/ বাহ্যিক কাৰক মানে কি? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা।
উত্তৰ:- আমি দেখা ভূপৃষ্ঠৰ যিবিলাক কাৰকে ক্ৰিয়া কৰে, সেইবিলাক কাৰককে বাহ্যিক কাৰক বোলে। যেনে--সূৰ্যৰ উত্তাপ,বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্ৰধান।
৪/ ভূমিকম্প আৰু আগ্নেয় উদগীৰণক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়?
উত্তৰ:- ভূপৃষ্ঠৰ অভ্যন্তৰীণ কাৰকবোৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয় উদগীৰণ প্ৰধান। আভ্যন্তৰীণ কাৰকবোৰে মহাদেশৰ অন্তৰ্ভাগৰ লগতে মহাসাগৰৰ তলিৰ অন্তৰ্ভাততো ক্ৰিয়া কৰিব পাৰে। এইবোৰ কাৰকে সাধাৰণতে ভূপৃষ্ঠৰ লগতে মহাসাগৰৰ তলি ভাগকো অসমান কৰি ৰখাত অৰিহনা যোগায়। ভূমিকম্প সংঘটিত হলে মহাদেশৰ বা মহাসাগৰৰ তলি ভাগৰ কোনো অংশ উঠি আহিব পাৰে বা বহি যাব পাৰে। আগ্নেয় উদ্গীৰণ সংঘটিত হলে ভূমিকম্প হয় আৰু সংশ্লিষ্ট ঠাইত আগ্নেয়গিৰিৰো সৃষ্টি হয়। গতিকে ভূমিকম্প আৰু আগ্নেয় উদগীৰণৰক অভ্যন্তৰীণ কাৰক বুলি কোৱা হয়।

৫/ নদী অৱবাহিকা বুলিলে কি বুজায়? নদী অৱবাহিকাৰ এটি চিত্ৰ আঁকা।
উত্তৰ:- নদীয়ে ইয়াৰ উপনদী,শাখা নদী আদিৰ সহায়ত একেলগে একোটা অৱবাহিকাৰ সৃষ্টি কৰে। অৱবাহিকা হৈছে একোটা এলেকা, য'ৰ পৰা নদীয়ে ইয়াৰ উপনদীসহ নামনীলৈ পানী কঢ়িয়াই আনে। নদীৰ পানীৰ উৎস বৰষুণ,পৰ্বতৰ উচ্চাংশত জমা হৈ থকা বৰফ বা ভূগৰ্ভৰপৰা ওলাই অহা নিজৰা আদি হব পাৰে। সেয়ে নদী অৱবাহিকাৰ অন্তৰ্গত এলেকাটোৰ উপৰিভাগৰ পৰিৱৰ্তন প্ৰধানকৈ সংশ্লিষ্ট নদীৰ কাৰ্যৰ উপৰত নিৰ্ভৰ কৰে। (চিত্ৰ:- ১.০৩)

৬/ উপনদী কি? ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান উপনদীৰ নাম লিখা।
উত্তৰ:- প্ৰধান নদী সমূহৰ লগত মিলিত হোৱা সৰু-বৰ নদী বোৰকে উপনদী বোলে। ব্ৰহ্মপুত্ৰৰ দুখন উপনদীৰ নাম হল-- জীয়াভৰলী আৰু সোৱণশিৰী।

৭/ নদীৰ খনন কাৰ্যৰ এটি আভাস দিয়া। উত্তৰ:- নৈৰ পানীভাগ উচ্চ ভূমিৰ পৰা নামনিলৈ বৈ আহোঁতে অৱবাহিকাৰ উপৰিভাগ স্বাভাৱিকতে খনন কাৰ্য সাধিত হয়।বায়ুমণ্ডলত থকা জলীয় বাষ্প বৰষুণ আকাৰে ভূপৃষ্ঠত পৰিলে ক্ষয় কাৰ্য আৰম্ভ হয়।বৰষুণৰ পানী যেতিয়া নৈ হৈ বৈ যায় তেতিয়া স্বাভাৱিকতে পানীৰ খনন শক্তি বাঢ়ে। নদী অৱবাহিকাৰ সকলো অংশতে কম বেছি পৰিমাণে খনন কাৰ্য চলে  যদিও প্ৰধানকৈ নদীৰ গতিপথতহে খনন কাৰ্য সুস্পষ্ট হৈ পৰে।
নদীৰ খনন কাৰ্য বহুতো কাৰকৰ উপৰত নিৰ্ভৰ কৰে। তাৰ ভিতৰত নদীৰ গতিপথৰ ভূতাত্ত্বিক গঠন আৰু পানীৰ খনন শক্তিয়ে প্ৰধান।
উচ্চভূমিৰ থিয় ঢালেৰে বৈ আহি ভৈয়ামত প্ৰৱেশ কৰাৰ পিছত নদীৰ খনন শক্তিৰ পৰিৱৰ্তন ঘটে।উচ্চ ভূমি অঞ্চলত নদীৰ গতিবেগ প্ৰৱল,গতিপথ ঠেক কিন্তু   গভীৰ হোৱা দেখা যায়। ভৈয়ামলৈ ক্ৰমে ঢাল কমি অহাৰ ফলত উচ্চ ভূমিৰ পৰা সোঁতে কঢ়িয়াই অনা গেদবোৰ ভৈয়ামত জমা হ'বলৈ ধৰে। ভৈয়াম অঞ্চলত নদীৰ গভীৰতা ক্ৰমে হ্ৰাস পায় ।গভীৰতা কমি আহিলে পানিভাগ বোঁৱাই নিয়াৰ খাতিৰতে নদীয়ে দুয়োপাৰ খহাবলৈ ধৰে। পাৰ খহাই গতিপথ বহল কৰি পানীভাগ  নৈয়ে নামনিলৈ কঢ়িয়াই নিয়ে।নদীৰ এনে ধৰণৰ খনন কাৰ্যক পাৰ খনন বা পাৰশ্ব খনন বোলা হয়।

৮/ নদীৰ পাশ্ব‍‍খনন বুলিলে কি বুজায়?
উত্তৰ:- ভৈয়াম অঞ্চলত নদীৰ গভীৰতা ক্ৰমে হ্ৰাস পায় গভীৰতা কমি আহিলে পানীভাগ বোৱাই নিয়াৰ খাতিৰতে নদীয়ে দূয়োপাৰ খহাবলৈ ধৰে। পাৰ খহাই গতিপথ বহল কৰি পানীভাগ নৈয়ে নামনীলৈ কঢ়িয়াই নিয়ে। নদীৰ এনে ধৰণৰ খনন কাৰ্যক পাশ্ব‍‍খনন বোলে।

৯/ অশ্বখুৰা হ্ৰদ কি? চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজোৱা।
উত্তৰ:-

সমতলৰ কোনো কোনো অংশত গতিপথ অতি ভাঁজযুক্ত হব পাৰে। এনে গতিপথে বাৰিষাদীৰ কালত নদীৰে প্ৰৱাহিত বৃহৎ পৰিমানৰ পানী কঢ়িয়াব নোৱাৰা হয়। তেতিয়া নদীয়ে নিজৰ গতিপথৰ অতি ভাঁজ থকা  অংশ এৰি পোনাই গতি কৰে। এই দৰে এৰি যোৱা অংশ সাধাৰণতে ঘোঁঁৰাৰ খুৰা আকৃতিৰ হয়‌আৰু পিছত পানী জমা হৈ বিল বা হ্ৰদৰ সৃষ্টি হয়। এনে হ্ৰদক অশ্বখুৰা হ্ৰদ বোলে।

১০/ প্লাৱন ভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা।
উত্তৰ:- সাধাৰণতে নদীৰ উচ্চগতি অংশত খনন কাৰ্য চলে।ইয়াৰ বিপৰীতে মধ্যগতি আৰু নিম্নগতি অংশত গতিপথৰ লগতে দূয়োপাৰে গেদ জমা হয়। বিশেষকৈ দূয়োপাৰে যুগ যুগ ধৰি গেদ জমা হোৱাৰ ফলত পলসুৱা সমতল ভূমিৰ সৃষ্টি হয়।ইয়াকে প্লাৱন ভূমি বোলে।
সাধাৰণতে বানপানীৰ সময়ত সোঁতে কঢ়িয়াই অনা বালি,বোকা, পলস আদি দূয়োপাৰে বহু দূৰলৈ বিয়পি পৰে।এইবোৰে কালক্ৰমত প্লাৱন ভূমিৰ সৃষ্টি কৰে।

১১/ নদীৰ গতিপথৰ ক'ত কেনেকৈ বালিৰ সৃষ্টি হয় লিখা।
উত্তৰ:-নদীৰ বুকুত বালি বোকা জমা হৈ সৃষ্টি হোৱা বালিচৰবোৰ বহুতো দিশৰ পৰা তাৎপৰ্য পূৰ্ণ। বালিচৰবোৰ কেতিয়াবা নৈৰ দাতিত আৰু কেতিয়াবা মাজভাগত গঢ়ি উঠে। এইবোৰ সাধাৰণতে অস্থায়ী আৰু বিভিন্ন আকাৰ-আকৃতিৰ।বাৰিষা নৈৰ প্ৰবল সোঁতে বালিচৰবোৰৰ আকাৰ-আকৃতিৰ পৰিৱৰ্তন ঘটায়। নৈৰ খহনীয়াই কিছুমানক নিশ্ছিহ্ন‌ও কৰে।খৰালিকালত নদীৰ পানী নামি আহিলে বালিচৰবোৰ ভালদৰে উলাই পৰে। আমাৰ ব্ৰহ্মপুত্ৰৰ বুকুত সৰু-বৰ অসংখ্য বালিচৰ দেখা যায়। নৈ খনৰ বুকুত থকা মাজুলী নামৰ বৃহৎ নদী দ্বীপটোও এক প্ৰকাৰৰ বালিচৰ।

১২/ ব-দ্বীপৰ সৃষ্টি কেনেকৈ হয় লিখা।
উত্তৰ:- নৈৰ মোহনাত গেদ জমা হৈ সৃষ্টি হোৱা দ্বীপবোৰ ভৌগোলিক দিশৰ পৰা বিশেষ তাৎপৰ্যপূৰ্ণ। উপকূলৰ কাষৰীয়া অগভীৰ সাগৰত,য'ত নৈ গৈ পৰে,তাতেই নৈয়ে কঢ়িয়াই অহা গেদ জমা হৈ দ্বীপৰ সৃষ্টি হয়। এই দ্বীপবোৰৰ আকৃতি অসমীয়াৰ 'ব' বা ইংৰাজ'🔺' Delta ৰ দৰে। সেয়াহে এই দ্বীপবোৰক ব-দ্বীপ বোলে। পৃথিৱীৰ প্ৰায়বোৰ নদীয়ে নিজৰ নিজৰ  মোহনাত ব-দ্বীপৰ সৃষ্টি কৰিছে।তাৰ ভিতৰত গংগা-ব্ৰহ্মপুত্ৰ, নীল,মিছিছিপি আদি নদীৰ ব-দ্বীপ পৃথিৱীৰ বিখ্যাত।

১৩/ মৰুভূমিত বতাহৰ ক্ৰিয়া কিয় প্ৰবল লিখা।
উত্তৰ:- মৰুভূমিৰ পৰিবেশত বতাহে খনন,পৰিবহন আৰু অৱক্ষেপনৰ যোগেদি বিভিন্ন অৱয়বৰ সৃষ্টি কৰে আৰু সেইবোৰৰ পৰিৱৰ্তনো সাধন কৰে।মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে মৰু পৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে।ইয়াৰ ফলতে মৰুভূমিত বতাহৰ ক্ৰিয়া প্ৰবল হয়।

১৪/ অৱনমন বুলিলে কি বুজায়।
উত্তৰ:- মৰুভূমিৰ পৰিবেশত বতাহে খনন,পৰিবহন আৰু অৱক্ষেপনৰ যোগেদি বিভিন্ন অৱয়বৰ সৃষ্টি কৰে আৰু সেইবোৰৰ পৰিৱৰ্তনো সাধন কৰে।মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে মৰু পৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে।ধূলি-বালিবোৰ বতাহে অনায়াসে এঠাইৰপৰা আনঠাইলৈ কঢ়িয়াই নিব পাৰে। এনেদৰে কোনো অংশৰপৰা ধূলি-বালি উৰোৱাই নিয়া কাৰ্য্যক অৱনমন বোলা হয়।

১৫/ বালিয়াৰিৰ সৃষ্টি কেনেকৈ হয়?
উত্তৰ:- অৱনমন প্ৰক্ৰিয়াৰে কঢ়িয়াই নিয়া ধূলি-বালিবোৰ যি ঠাইত জমা হয়, তাত মৰু পৃষ্ঠ ক্ৰমে ওখ হৈ পাহাৰৰ ৰূপ লব পাৰে।এনে পাহাৰক  বালিৰ পাহাৰ বা বালিয়াৰি বুলি কোৱা হয়। অৰ্থাৎ এনে ধৰণে বালিয়াৰিৰ সৃষ্টি হয়।

১৬/ ইনছেলবাৰ্গ কি?
উত্তৰ:- মৰুভূমিত সাধাৰনতে চকুত পৰা বিশেষ আকৃতিৰ ক্ষয়প্ৰাপ্ত চাপৰ পাহৰবোৰেই ইনছেলবাৰ্গ। জাৰ্মান শব্দ "ইনছেলবাৰ্গৰ" অৰ্থ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ বা পৰ্বত।

১৭/ হিমবাহৰ সংজ্ঞা দিয়া আৰু নদীৰ লগত ইয়াৰ পাৰ্থক্য কি লিখা।
উত্তৰ:-পৃথিৱীৰ অতি শীতল অঞ্চলবোৰৰ উপৰিভাগ বৰফে ঢাকি ৰাখিছে।এনে অঞ্চলবোৰৰ ভিতৰত দুই মেৰু অঞ্চল আৰু অতি ওখ পৰ্বতবোৰৰ উচ্চাংশবোৰ পৰে। এইবোৰত বৃহৎ পৰিমাণৰ বৰফ তৰফে তৰফে জমা হৈ আছে। সাধাৰণতে এনেদৰে জমা হৈ থকা বৰফবোৰ ভূ-পৃষ্ঠৰ ঢাল অনুসৰি লেহেম গতিৰে নামি আহে। এনেদৰে নামি অহা বৰফবোৰ ভূ-পৃষ্ঠৰ ঢাল অনুসৰি লেহেম গতিৰে নামি আহে। এনেদৰে নামি অহা বৰফকে হিমবাহ বুলি কোৱা হয়।
পাৰ্বত্য অঞ্চলত নদীৰ দৰে হিমবাহবোৰ উপত্যকাৰে তললৈ নামি আহে। হিমবাহেও নদীৰ দৰে খনন,পৰিৱহন আৰু অৱক্ষেপন প্ৰক্ৰিয়াৰে সংলগ্ন ভূ-পৃষ্ঠাৰ পৰিৱৰ্তন সাধন কৰে।

১৮/ গ্ৰাব কি? চিত্ৰ আঁকি বিভিন্ন শ্ৰেণীৰ গ্ৰাববোৰ দেখুওৱা।
উত্তৰ:- হিমবাহে বৰফৰ উপৰি অন্য বহুতো  পদাৰ্থ কঢ়িয়াই আনে। এনেদৰে কঢ়িয়াই অনা বৰফৰ বাহিৰে অন্য পদাৰ্থ বোৰকে সামগ্ৰিক ভাৱে  গ্ৰাব বোলা হয়। গ্ৰাব  চাৰি প্ৰকাৰৰ। (১) পাশ্বগ্ৰাব (২) ভূমি গ্ৰাব (৩) মধ্যগাব (৪) প্ৰান্তগ্ৰাব।

১৯/ হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ  সৃষ্টি কেনেকৈ হয় লিখা।
উত্তৰ:- কোনো কোনো পৰ্বতৰ গাৰে কেইবাটাও হিমবাহ নামি আহিব পাৰে। তেতিয়া সকলো ফালৰপৰা চলা খননৰ ফলত পৰ্বতৰ শীষাংশ চোকা জোঙৰ দৰে হয়। এনেদৰে হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ  সৃষ্টি হয়।

২০/  উপকূল কাক বোলে?
উত্তৰ:- পৃথিৱীৰ উপৰিভাগৰ এক বৃহৎ অংশ সাগৰ-মহাসাগৰে আগুৰি আছে। সাগৰ-মহাসাগৰৰ পাৰ বা তিৰক উপকূল বোলে।

২১/ বালিয়াতট কি? ইয়াৰ গুৰুত্ব সম্বন্ধে লিখা।
উত্তৰ:- সদায় ঢৌৱে ক্ৰিয়া কৰি থকা উপকূলৰ তট অংশত জমা হোৱা গেদ,বিশেষকৈ বালিৰ পৰিমাণ বেছি হ'লে তাত স্বাভাৱিকভাৱেই এক প্ৰকাৰৰ সমতলসদৃশ অৱয়ব সৃষ্টি হয়। প্ৰধানকৈ বালি জমা হৈ সৃষ্টি হোৱা কিছু ঢালযুক্ত এনে অৱয়বে বালিয়াতট ।
সাগৰৰ উত্তাল তৰংগ আৰু উভতনি ঢৌৰ মিলিত ক্ৰিয়াৰ ফলত উপকূলত এনে ধৰণৰ অৱয়ব গঢ়ি উঠে। এই ধৰনৰ তটৰ বালি অতি মিহিৰপৰা শিলৰ আকাৰৰ হৱ পাৰে। উপকূলৰ বালিয়াতটবোৰে মানুহক বিনোদনৰ কাৰণে আকৰ্ষণ কৰে।

২২/ সাগৰ-মহাসাগৰৰ ঢৌৱে উপকূলৰ কেনে ধৰণৰ পৰিৱৰ্তন সাধন কৰে চমুকৈ লিখা।
উত্তৰ :- উপকূল অঞ্চলত একাধিক বাহ্যিক কাৰকে ক্ৰিয়া কৰে। বৰষুণ, বতাহ আৰু সাগৰৰ ঢৌ তাৰ ভিতৰত প্ৰধান। এই তিনটা প্ৰধান কাৰকৰ ভিতৰত আকৌ সাগৰৰ ঢৌৱে অহৰহ ক্ৰিয়া কৰি উপকূল অঞ্চলৰ ব্যাপক পৰিৱৰ্তন সাধন কৰে।
 উপকূলত সৃষ্টি হোৱা অৱয়ববোৰৰ কিছুমান ক্ষয়জনিত আৰু অন্য কিছুমান অৱক্ষেপনজনিত। উপকূলভাগ গ্ৰেনাইট,বেছল্ট আদিৰ দৰে কঠিন শিলাৰদ্বাৰা গঠিত হ'লে সাগৰৰ ঢৌৱে তাত ক্ৰিয়া কৰি থিয় গৰাৰ সৃষ্টি কৰে। 
সাগৰৰ উত্তাল তৰংগ আৰু উভতনি ঢৌৰ মিলিত ক্ৰিয়াৰ ফলত উপকূলত এনে ধৰণৰ অৱয়ব গঢ়ি উঠে। এই ধৰনৰ তটৰ বালি অতি মিহিৰপৰা শিলৰ আকাৰৰ হৱ পাৰে। উপকূলৰ বালিয়াতটবোৰে মানুহক বিনোদনৰ কাৰণে আকৰ্ষণ কৰে।
কেতিয়াবা আকৌ সমুদ্ৰৰ তলিত ডাঙৰ ভূমিকম্প  সংঘটিত হ'লে সাগৰ-মহাসাগৰত বিশেষ ধৰণৰ ঢৌৰ উদ্ভৱ হয়। উপকূলত এই ঢৌৱে অস্বাভাৱিক উচ্চতা আৰু শক্তি লাভ কৰি উপকূলৰ  বিস্তৰ ক্ষতিসাধন কৰে। এনে ধ্বংসাত্মক ঢৌক ছুনামী বোলা হয়।

২৩/ তলত দিয়া কাৰক আৰু অৱয়ববোৰৰ কোনটো কাৰ সৃষ্টি কাড়ঁ চিনেৰে মিলোৱা।
উত্তৰ :- 

         বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ুৰ প্ৰবাহ

১/ বায়ুমণ্ডল কাক বোলে ? তথ্যসহ ইয়াৰ গঠন সম্পৰ্কে চমুকৈ লিখা।

উত্তৰ:- দৰাচলতে পৃথিৱীপৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰৱচ্ছিন্নভাৱে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোক বায়ুমণ্ডল বোলে।

বায়ুমণ্ডল পৃথিৱী পৃষ্ঠৰ পৰা কিছু উচ্চতালৈ বিস্তৃত আৰু ই বিভিন্ন গেছ,জলীয় বাষ্প আছে আৰু ধূলিকণাৰ  সংমিশ্ৰণত গঠিত। ভূ-পৃষ্টৰপৰা ক্ৰমশঃ ওপৰলৈ বায়ুমণ্ডলৰ গঠন আৰু বৈশিষ্ট্য বেলেগ বেলেগ হয়। সেয়ে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলত থকা গেছ আৰু অন্য উপাদান বোৰৰ পৰিমাণ সলনি হয় আৰু বায়ুৰ ঘনত্ব,চাপ আৰু উত্তাপৰ পৰিৱৰ্তন ঘটে।
বায়ুমণ্ডলত থকা বিভিন্ন গেছৰ ভিতৰত নাইট্ৰ'জেন আৰু অক্সিজেনৰ প্ৰাধান্য আটাইতকৈ বেছি। বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ ৭৮.০৮ শতাংশ নাইট্ৰ'জেন আৰু ২০.৯৪ শতাংশ অক্সিজেন।

২/ গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্ৰধানকৈ কি কি স্তৰত বিভক্ত কৰিব পাৰি? লগতে এই স্তৰকেইটাৰ বৈশিষ্ট্য  চমুকৈ লিখা।
উত্তৰ:-গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্ৰধানকৈ দুটা স্তৰত বিভক্ত কৰা হৈছে। (১) হ'ম'ষ্ফিয়েৰ আৰু (২) হেটেৰ'ষ্ফিয়েৰ।
ভূপৃষ্ঠৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায়ে একে থাকে বাবে বায়ুমণ্ডলৰ এই নিম্নস্তৰটোক হ'ম'সষ্ফিয়েৰ বোলা হয়।ভূ-পৃষ্ঠাৰ পৰা প্ৰায় ৩২ কিলোমিটাৰ উচ্চতাৰ ভিতৰতে বায়ুমণ্ডলত থকা উপাদানৰ মুঠ ভৰৰ প্ৰায় ৯৯ শতাংশ আছে।উচ্চতা অনুসৰি থকা কিছুমান বৈশিষ্ট্যৰ পাৰ্থক্যৰ বাবে হ'ম'সষ্ফিয়েৰ স্তৰটোক পুনৰ ভূ-পৃষ্ঠৰ পৰা ক্ৰমে ট্ৰপ'ষ্ফিয়েৰ, ষ্ট্ৰেট'ষ্ফিয়েৰ, আৰু মেছ'ষ্ফিয়েৰ হিচাপে বিভক্ত কৰা হৈছে।

আনহাতে, মেছ'ষ্ফিয়েৰ স্তৰৰ পিছৰ পৰা , অৰ্থাৎ কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহৰ বিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক সুকীয়া অৱস্থাৰ সৃষ্টি কৰে বাবে এই স্তৰটোক হেটেৰ'ষ্ফিয়েৰ বোলা হয়।বায়ুমণ্ডলৰ এই স্তৰটোত নাইট্ৰজৈন, অক্সিজেন, হিলিয়াম আৰু হাইড্ৰ'জেন গেছ সিহঁতৰ আণৱিক ভৰ অনুসৰি চাৰিটা তৰপৰ সৃষ্টি কৰিছে। উচ্চতা অনুসৰি এই তৰপকেইটা হৈছে ক্ৰমে নাইট্ৰজেন তৰপ ,অক্সিজেন তৰপ, হিলিয়াম তৰপ আৰু হাইড্ৰ'জেন তৰপ। এই তৰপকেইটা আকৌ থাৰ্ম'ষ্ফিয়েৰ আৰু এক্স'ষ্ফিয়েৰ স্তৰৰ অন্তৰ্গত। বায়ুমণ্ডলৰ এই স্তৰটোত বায়ুৰ ঘনত্ব তেনেই নগণ্য।

৩/ উচ্চতা আৰু উত্তাপৰ হ্ৰাস-বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক কেইটাই আৰু কি কি স্তৰত বিভক্ত কৰিব পাৰি চিত্ৰসহ লিখা আৰু প্ৰতিটো স্তৰৰ বৈশিষ্ট্য সম্পৰ্কে চমুকৈ লিখা।

উত্তৰ :-


উচ্চতা আৰু উত্তাপৰ হ্ৰাস-বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক ৫টা ভাগত বিভক্ত কৰা হৈছে। 
(১) ট্ৰপ'ষ্ফিয়েৰ,
(২) ষ্ট্ৰেট'ষ্ফিয়েৰ,
(৩) মেছ'ষ্ফিয়েৰ,
(৪) থাৰ্ম'ষ্ফিয়েৰ,
(৫) এক্স'ষ্ফিয়েৰ,
(১) ট্ৰপ'ষ্ফিয়েৰ :- ভূ-পৃষ্ঠাত লাগি থকা বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটৌৱেই হ'ল ট্ৰপ'ষ্ফিয়েৰ বা ট্ৰপ'মণ্ডল এই স্তৰটোৰ গড় উচ্চতা প্ৰায় ১২ কিলোমিটাৰ। অৱশ্যে এই উচ্চতা অক্ষাংশ অনুসৰি বেলেগ বেলেগ হয়। বিষুৱীয় অঞ্চলত ইয়াৰ সৰ্বোচ্চ উচ্চতা ১৬ কিলোমিটাৰ আৰু মেৰু অঞ্চলত ৮ কিলোমিটাৰ। 
উল্লেখযোগ্য যে বায়ুমণ্ডলৰ মুঠ গেছৰ প্ৰায় তিনি চতুৰ্থাংশ আৰু প্ৰায় সম্পূৰ্ণ জলীয় বাষ্প আৰু ধূলিকণা কেৱল এই ট্ৰপ'ষ্ফিয়েৰ আছে। বায়ুমণ্ডলৰ এই স্তৰটোৰ নিম্নভাগত উষ্ণতা বেছি আৰু উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা ক্ৰমান্বয়ে হ্ৰাস পায়
(২) ষ্ট্ৰেট'ষ্ফিয়েৰ :- ট্ৰপ'ষ্ফিয়েৰৰ ঠিক ওপৰৰ স্তৰটোৱে হল ষ্ট্ৰেট'ষ্ফিয়েৰ বা স্তৰমণ্ডল  দৰাচলতে ট্ৰপ'ষ্ফিয়েৰ আৰু ষ্ট্ৰেট'ষ্ফিয়েৰ স্তৰ দুটাৰ মাজৰ সীমাটোকে ট্ৰপ'পজ বুলি কোৱা হয়। মেঘ সৃষ্টিকে আদি কৰি কোনো ধৰণৰ ভতৰজনিত কাৰ্যকলাপ বায়ুমণ্ডলৰ এই স্তৰটোত দেখা নাজায়। অৱশ্যে ট্ৰপ'পজৰ পৰা ওপৰলৈ ষ্ট্ৰেট'ষ্ফিয়েৰত বায়ুৰ উষ্ণতা ক্ৰমে বৃদ্ধি পায়।
(৩) মেছ'ষ্ফিয়েৰ :- ষ্ট্ৰেট'ষ্ফিয়েৰৰ ঊধ্বসীমা অৰ্থাৎ ষ্ট্ৰেট'পজৰ ঠিক ওপৰৰ স্তৰটোকে মেছ'ষ্ফিয়েৰ বোলা হয়। এই স্তৰটো ষ্ট্ৰেট'পজৰপৰা প্ৰায় ৩০ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে। এই স্তৰটোৰ প্ৰধান বৈশিষ্ট্য হৈছে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা হ্ৰাস পায়।
(৪) থাৰ্ম'ষ্ফিয়েৰ :- মেছ'ষ্ফিয়েৰৰ ঊধ্বসীমা অৰ্থাৎ মেছ'পজৰ ঠিক ওপৰৰ স্তৰটোক থাৰ্ম'ষ্ফিয়েৰ বা তাপমণ্ডল বোলে। বায়ুমণ্ডলৰ এই স্তৰটো প্ৰায় ৮০ কিলোমিটাৰ উচ্চতাত থকা মেছ'পজৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। ই হেটেৰ'ষ্ফিয়েৰ স্তৰৰ নিম্নভাগত আছে। এই স্তৰত বায়ুৰ উষ্ণতা পুনৰ উচ্চতা বৃদ্ধিৰ লাগে লাগে ক্ৰমান্বয়ে বৃদ্ধি পায়।  
(৫) এক্স'ষ্ফিয়েৰ :- থাৰ্মষ্ফিয়েৰৰ ওপৰত থকা বায়ুমণ্ডলৰ শীৰ্ষতম তৰপটোক এক্স'ষ্ফিয়েৰ বোলা হয়। এই তৰপটো বায়ুমণ্ডলৰ ৪০০ কিলোমিটাৰ উচ্চতাৰ পৰা প্ৰায় ১০'০০০ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। এনে উচ্চতাত বায়ুৰ অণু-পৰমাণুৰ ঘনত্ব অতি নিম্ন। কেৱল হাইড্ৰ'জেন আৰু হিলিয়াম গেছৰ প্ৰাধান্যৰ বাবে এই স্তৰত বায়ু অতি পাতল। বায়ুমণ্ডলৰ এই পৰ্য্যায়ত বায়ুৰ  উষ্ণতা প্ৰায় ৫৫৫০° ছেণ্টিগ্ৰেডলৈ বৃদ্ধি পায়।

৪/ বায়ুমণ্ডলৰ চাপৰ তাৰতম্য  ঘটোৱা কাৰণবোৰ উদাহৰণসহ আলোচনা কৰা।
উত্তৰ :- বায়ুমণ্ডলৰ চাপৰ তাৰতম্য  ঘটোৱা কাৰণবোৰ হ'ল - (ক) বায়ুৰ উষ্ণতা।
         (খ) পৃথিৱীপৃষ্ঠৰ উচ্চতা।
বায়ুৰ উষ্ণতা:- পৃথিৱীপৃষ্ঠত তাপৰ বিতৰণ সকলো ঠাইতে একে নহয়। এই তাপৰ মান মূলতঃ ঠাইখনৰ ভৌগোলিক অৱস্থান অৰ্থাৎ অক্ষাংশৰ ওপৰত নিৰ্ভৰ কৰে। তাপ বিতৰণৰ এনে তাৰতম্যৰ ফলত পৃথিৱীৰ কোনো অঞ্চল  ঠাণ্ডা,কোনো অঞ্চল নাতিশীতোষ্ণ আৰু কোনো অঞ্চল গৰম হয়। তাপৰ এনে তাৰতম্যৰ বাবে পৃথিৱীৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰত চাফৰো তাৰতম্য হয়। উত্তাপ বৃদ্ধি পালে বায়ু সম্প্ৰসাৰিত হয় আৰু বায়ু সম্প্ৰসাৰিত হ'লে ইয়াৰ ঘনত্ব হ্ৰাস পায়। ঘনত্ব হ্ৰাস পালে বায়ু পাতল হৈ পৰে। এনে পাতল বায়ুৰ চাপো কম হয়। আনহাতে, উঞ্চ বায়ুৰ জলীয় বাাষ্প ধাৰণ ক্ষমতা বেছি।
পৃথিৱীপৃষ্ঠৰ উচ্চতা :- সমুদ্ৰপৃষ্ঠৰপৰা যিমানেই ওপৰলৈ যোৱা হয়, সিমানেই বায়ুমণ্ডলৰ গভীৰতা, অৰ্থাৎ বায়ুমণ্ডলৰত থকা গেমৰ পৰিমাণ হ্ৰাস পায়। বায়ুমণ্ডলৰ গভীৰতা হ্ৰাস পালে ইয়াৰ ভৰ কম হয় আৰু ইয়াৰ ফলস্বৰূপে বায়ুৰ চাপো কম হয়। অৰ্থাৎ উচ্চতা বাঢ়িলে বায়ুমণ্ডলৰ চাপ কম হয় আৰু যি ঠাই কম উচ্চতাত অৱস্থিত তেনে ঠাইত বায়ুমণ্ডলৰ চাপ তুলনামূলকভাৱে বেছি। উল্লেখযোগ্য যে প্ৰতি ৯০০ ফুট উচ্চতা বৃদ্ধিত বায়ুৰ চাপ ১ ইঞ্চি, অৰ্থাৎ প্ৰায় ৩৪ মিলিবাৰ হাৰত হ্ৰাস পায়। গতিকে ঠাইসমূহৰ মাজত থকা উচ্চতাৰ পাৰ্থক্যৰ বাবে উত্তাপৰ তাৰতম্য হয়। উত্তাপৰ এনে তাৰতম্যৰ বাবে আকৌ বায়ুমণ্ডলৰ চাপৰো হ্ৰাস-বৃদ্ধি হয়।

৫/ চিত্ৰৰ সহায়ত পৃথিৱীৰ প্ৰধান চাপবলয়কেইটাৰ বৈশিষ্ট্য আলোচনা কৰা।
উত্তৰ :- 


পৃথিৱীৰ প্ৰধান চাপবলয়কেইটা হ'ল -
(ক) নিৰক্ষীয় নিম্নচাপ বলয়।
(খ) উপক্ৰান্তিয় উচ্চচাপ বলয়।
(গ) উপ-মেৰুদেশীয় নিম্নচাপ বলয়।
(ঘ) মেৰুদেশীয় উচ্চচাপ বলয়।
(ক)নিৰক্ষীয় নিম্নচাপ বলয় :- বিষুৱৰেখা বা নিৰক্ষৰেখাৰ উত্তৰে ১০° অক্ষাংশ আৰু দক্ষিণে ১০° অক্ষাংশৰ মাজত প্ৰায় গোটেই বছৰ ধৰি সূৰ্য্যৰ ৰশ্মি লম্বভাৱে পৰে। গতিকে এই অঞ্চলৰ বায়ু তুলনামূলকভাৱে উত্তপ্ত হৈ থাকে বাবে ইয়াৰ বায়ু পাতল হ'য় আৰু ঘনত্ব হ্ৰাস পায়। ফলত এই অঞ্চলত নিম্নচাপৰ সৃষ্টি হয়।
(খ) উপক্ৰান্তিয় উচ্চচাপ বলয় :- নিৰক্ষীয় অঞ্চলৰপৰা ঊধ্বগামী হোৱা আৰ্দ্ৰ আৰু পাতল বায়ু উত্তৰ আৰু দক্ষিণ ফালে অগ্ৰসৰ হয়। ঊধ্বগামী হোৱা এই বায়ু ৰাশি পিছত ক্ৰমে ঠাণ্ডা হবলৈ ধৰে আৰু ফলত গধুৰ হ'য়। ২৫°-৩০°উত্তৰ আৰু ২৫°-৩৫° দক্ষিণ অক্ষাংশৰ দুই উপক্ৰান্তিয় অঞ্চলত এই ঠাণ্ডা আৰু গধুৰ বায়ু তললৈ নামি আহি অৱস্থাত কৰে। তদুপৰি দুই মেৰু অঞ্চলৰ পৰাও শীতল আৰু গধুৰ বায়ু এই অঞ্চললৈ আহে। উত্তৰৰ কৰ্কটক্ৰান্তি আৰু দক্ষিনৰ মকৰক্ৰান্তিৰ ওপৰত এনে গধুৰ বায়ু আৰু শীতল বায়ু মিলিত হৈ উচ্চ চাপবলয়ৰ সৃষ্টি কৰে।
(গ) উপ-মেৰুদেশীয় নিম্নচাপ বলয় :- উপমেৰুদেশীয় নিম্নচাপবলয়টো মোটামুটিকৈ উত্তৰ গোলাৰ্ধৰ ৬৯°-৭০° উত্তৰ অক্ষাংশ আৰু দক্ষিণ গোলাৰ্ধৰ ৬০°-৭০° দক্ষিণ অক্ষাংশত অৱস্থিত।

 পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ এই দুই উপমেৰু অঞ্চলত পৃথিৱীৰ আৱৰ্তনৰ গতি দুই মেৰুতকৈ তুলনামূলকভাৱে বেছি।ফলত উপমেৰু অঞ্চলৰ বায়ু উপক্ৰান্তিয় অঞ্চলৰ ফালে বিক্ষিপ্ত হ'য় আৰু তেতিয়াই উপমেৰু অঞ্চল দুটাত বায়ুৰ পৰিমাণ হ্ৰাস পায় তাত নিম্নচাপৰ সৃষ্টি হয়। এই চাপমণ্ডলটো অৱশ্যে ঋতু ভছদূ কেতিয়াবা কিছু উত্তৰলৈ আৰু কেতিয়াবা কিছু দক্ষিণলৈ গতি কৰে।
(ঘ) মেৰুদেশীয় উচ্চচাপ বলয় :- পোনপটীয়া সূৰ্য্যৰ ৰশ্মিৰ অভাৱত পৃথিৱীৰ দুয়োটা মেৰু অঞ্চল বৰফেৰে আবৃত আৰু অতিপাত ঠাণ্ডা। ইয়াৰ বায়ু অতিশয় শীতল। অতিপাত ঠাণ্ডাৰ বাবে এই অঞ্চলত পানী বৰফৰ ৰূপত জমা হৈ থাকে। সেয়েহে এই অঞ্চলৰ বায়ুত জলীয় বাষ্প প্ৰায়ে নাথাকেই। ফলত মেৰু অঞ্চল দুটাত স্থায়ীভাৱে বায়ুৰ উচ্চচাপ থাকে। সেয়েহে এই অঞ্চলক মেৰুদেশীয় উচ্চচাপ বলয় বা মণ্ডল বোলা হয়।

৬/ (আপডেটৰ বাবে কাম কৰি থকা হৈছে)

৭/ বায়ুপ্ৰবাহ কাক বোলে? বায়ুপ্ৰবাহৰ উৎপত্তিৰ কাৰকসমূহ আলোচনা কৰা।

উত্তৰ :- বায়ুৱে যেতিয়া ভূ-পৃষ্ঠৰ সমান্তৰালভাৱে গতি কৰে তেতিয়া তাকেই বতাহ বা বায়ুপ্ৰবাহ বোলে।

বতাহ বা বায়ুপ্ৰবাহৰ উত্তপ্তি মূলতঃ বায়ুমণ্ডলৰ উত্তাপৰ তাৰতম্য আৰু ইয়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বায়ুমণ্ডলৰ চাপৰ ওপৰত নিৰ্ভৰ কৰে। আমি জানো যে সূৰ্য্যৰ ৰশ্মিৰ দ্বাৰা ভূ-পৃষ্ঠৰ সকলো ঠাই সমানে উত্তাপিত নহয়। বিষুৱ অঞ্চলত সূৰ্য্যৰ ৰশ্মি লম্বভাৱে পৰে বাবে তাত উষ্ণতা সৰ্বাধিক হয়। আনহাতে মেৰুৰ ফাললৈ সূৰ্যৰ ৰশ্মি ক্ৰমান্বয়ে হেলনীয়াকৈ পৰাৰ বাবে উষ্ণতাও হ্ৰাস পায়। আমি জানো যে বায়ুৰ উষ্ণতা বৃদ্ধি পালে ই পাতল হৈ ওপৰলৈ গতি কৰে আৰু সেই ঠাইত এক নিম্ন চাপৰ সৃষ্টি হয়। ইয়াৰ ফলস্বৰূপে তুলনামূলকভাৱে কম উষ্ণতা বিৰাজ কৰা উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বায়ু প্ৰবাহিত হয়, অৰ্থাৎ অনুভূমিক বায়ুৰ ঘনত্বৰ পৰিৱৰ্তন বা চাপৰ তাৰতম্যৰ বাবে চাপনতিৰ সৃষ্টি হৈ বায়ুপ্ৰবাহৰ আৰম্ভ হ'য়। এই প্ৰবাহ সদায় আপেক্ষিকভাৱে উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ ,অৰ্থাৎ চাপনতিৰ দিশত হ'য়। অৱশ্যে বতাহৰ গতিবেগ  চাপনতিৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰে। মনকৰিবলগীয়া যে বিষুৱ অঞ্চলত ভূ-পৃষ্ঠৰ পৰা উষ্ণ বায়ু উপৰলৈ উঠে, আৰু উফৰেদি উচ্চ অক্ষাংশৰ গতি কৰি মেৰু অঞ্চলত নিম্নগামী হ'য়। আকৌ সেই বায়ু বায়ুমণ্ডলৰ নিম্ন স্তৰেদি মেৰু অঞ্চলৰ পৰা বিষুৱ অঞ্চললৈ চেচাঁ বায়ু হিচাপে গতি কৰে।

৮/ বায়ুপ্ৰবাহৰ সৃষ্টিৰ মূল কাৰণটো কি? ইয়াৰ গতি আৰু দিশ নিৰ্ধাৰণৰ কাৰণসমূহ চমুকৈ লিখা।
উত্তৰ :- বতাহ বা বায়ুপ্ৰবাহৰ উৎপত্তি মূলতঃ বায়ুমণ্ডলৰ উত্তাপৰ তাৰতম্য আৰু ইয়াৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত বায়ুমণ্ডলীয় চাপৰ ওপৰত নিৰ্ভৰ কৰে। আমি জানো যে সূৰ্যৰ ৰশ্মিৰ দ্বাৰা ভূ-পৃষ্ঠৰ সকলো ঠাই সমানে উত্তাপিত নহয়। বিষুৱ অঞ্চলত সূৰ্য্যৰ ৰশ্মি লম্বভাৱে পৰে বাবে  তাত উষ্ণতা সৰ্বাধিক হয়। আনহাতে মেৰুৰফাললৈ সূৰ্যৰ ৰশ্মি ক্ৰমান্বয়ে হেলনীয়াকৈ পৰাৰ বাবে উষ্ণতাও হ্ৰাস পায়। বায়ুৰ উষ্ণতা বৃদ্ধি পালে ই পাতল হৈ ওপৰলৈ গতি কৰে আৰু সেই ঠাইত এক নিম্ন চাপৰ সৃষ্টি হয়। ইয়াৰ ফলস্বৰূপে তুলনামূলকভাৱে কম উষ্ণতা বিৰাজ কৰা উচ্চ চাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বায়ু প্ৰবাহিত হয়, অৰ্থাৎ অনুভূমিক বায়ুৰ ঘনত্বৰ পৰিৱৰ্তন বা চাপৰ তাৰতম্যৰ বাবে চাপনতিৰ সৃষ্টি হৈ বায়ুপ্ৰবাহ আৰম্ভ হয়। এই প্ৰবাহ সদায় আপেক্ষিকভাৱে উচ্চ চাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ,ঙ্কঅৰ্থাৎ চাপনতিৰ দিশত হয়। অৱশ্যে বতাহৰ গতিবেগ চাপনতি শক্তিৰ ওপৰত নিৰ্ভৰ কৰে।

ইয়াৰ কাৰণ সমূহৰ চমুকৈ__
(১) চাপনতি শক্তি :-ভূ-পৃষ্ঠাত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ুপ্ৰবাহৰ সৃষ্টি হয়। ইয়াকে চাপনতি শক্তি বোলা হয়। দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। গতিকে চাপনতিৰ বাবে সৃষ্টি হোৱা শক্তিৰ মান নিৰ্ভৰ কৰিব ঠাই দুখনৰ মাজত থকা চাপৰ পাৰ্থক্য আৰু দূৰত্বৰ ওপৰত। ঠাই দুখনৰ মাজত চাপৰ পাৰ্থক্য বেছি হ'লে বায়ুপ্ৰবাহৰ গতিবেগ বেছি হয়।
(২) মাধ্যাকৰ্ষণ শক্তি :- বায়ুপ্ৰবাহৰ ক্ষেত্ৰত প্ৰত্যক্ষ ভাৱে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ কোনো বিশেষ ভূমিকা নাই যেন লাগে। কিন্তু সূৰ্যৰ দৰে পৃথিৱীৰ মাধ্যাকৰ্ষণেও বায়ুপ্ৰবাহত এক চালিকা শক্তিৰ কাম কৰে। 

পৃথিৱীৰ চাৰিওফালে আৱৰি থকা সমগ্ৰ বায়ুমণ্ডলকেই দেখোন পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখিছে।
(৩) অপকেন্দ্ৰীক শক্তি:-পৃথিৱীয়ে নিজ মেৰু দণ্ডক কেন্দ্ৰ কৰি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিঃমূখী এক শক্তিৰ উদ্ভৱ হয়। ইয়াকে অপকেন্দ্ৰীক শক্তি বোলা হয়। এই অপকেন্দ্ৰীক শক্তিৰ প্ৰভাৱত বতাহৰ গতি দিশৰ কিছু বিক্ষেপন ঘটে।
(৪) ঘষৰ্ণ শক্তি :- বায়ুপ্ৰবাহত ঘষৰ্ণ  শক্তিৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ। বতাহৰ গতিবেগত ঘষৰ্ণ শক্তিয়ে ঋণাত্মক ভাৱে ক্ৰিয়া কৰে। বিশেষকৈ অনুভূমিক   বতাহে কেনে  পৃষ্ঠৰ ওপৰেদি বলে তাৰ ওপৰতেই ঘষৰ্ণ শক্তিৰ মান নিৰ্ভৰ কৰে। যদি ভূ-পৃষ্ঠ পৰ্বত পাহাৰ-ভৈয়ামৰ খলা-বমাৰে পূৰ্ণ বা গছ -গছনি, সূউচ্চ অট্টালিকা আদিৰে ভৰা হয়,তেতিয়া ঘষৰ্ণ শক্তি বেছি হয় আৰু তেনে পৃষ্ঠ‌ইদি বায়ুপ্ৰবাহ হলে গতিবেগ যথেষ্ট হ্ৰাস পায়।

৯/ 'কোৰিওলিচ বল' বুলিলে কি বুজায়? বতাহৰ গতি দিশ নিৰ্ধাৰণত ইয়াৰ ভূমিকা চিত্ৰসহ চমুকৈ বৰ্ণনা কৰা।
উত্তৰ:- অপকেন্দ্ৰীক শক্তিৰ প্ৰৱাহত বতাহৰ গতি দিশৰ কিছু বিক্ষেপন ঘটে। এনে পৰিঘটনাৰ কথা ১৮৪৪ চনত পোন প্ৰথমে গেচপাৰ্ড ডি কোৰিওলিচ নামৰ ফৰাচী গনিতজ্ঞ এজনে উদঘাটন কৰাৰ বাবে এই শক্তিটোক 'কোৰিওলিচ বল' হিচাপে জনাজাত।

ভূগোল :- ভূ-পৃষ্ঠৰ পৰিৱৰ্তন।


বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে যেতিয়া উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বতাহ বলে তেতিয়া ই কোৰিওলিচ বলে সেই বতাহৰ দিশ কিছু সলনি কৰে। বতাহৰ লগতে কোৰিওলিচ বলৰ প্ৰভাৱ ভূ-পৃষ্ঠৰ সকলো চলন্ত বস্তু বা পৰিঘটনাৰ ক্ষেত্ৰতো একেই। পৃথিৱীৰ আবৰ্তনৰ বাবে সৃষ্টি হোৱা এই বলে উত্তৰ গোলাৰ্ধৰ বায়ু প্ৰবাহৰ ঘড়ীৰ কাটাঁৰ দিশত সোঁফালে আৰু দক্ষিণ গোলাৰ্ধৰ বায়ুপ্ৰবাহক ঘড়ীৰ কাটাঁৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত কৰে। অন্যান্য বিষয়ৰ পোষ্ট সমূহ তলত উল্লেখ কৰা হৈছে।

Post a Comment

1 Comments

  1. হিমবাহৰ প্ৰধান প্ৰকাৰ দুটাৰ নাম কি

    ReplyDelete