সমস্যাৰ সমাধান।

এনড্ৰ'ইড ফোনৰ বাবে কেইটামান গোপনীয় কডৰ বিষয়ে জানি ল‌ও। এই কডবোৰে কি কি কামত আমাক সহায় কৰে।

*#67#
এই কডটো আপোনাৰ ফোনত টাইপ কৰক। ক্ষন্তেক সময়ৰ পাছত আপোনাৰ মোবাইলৰ ডিছপ্লেত দে‌খুৱাব যে কেইটা মোবাইল নম্বৰ ফোনটোত  ফৰৱাৰডিং কৰা হৈছে বা বিজি কৰা হৈছে। এই সকলো খিনি ইনফৰমেচন দেখিবলৈ পাব।
*#06#
এই কডটোৰ জৰিয়তে আপোনাৰ ফোনৰ আই. এম.ই.আই নম্বৰটো জানিব পাৰিব। কডটো ফোনত টাইপ কৰাৰ পাছত আপুনি ব্যৱহাৰ কৰি থকা ফোনটোৰ IMEI নম্বটো ডিছপ্লে হব।
#225#
এই কডৰ জৰিয়তে  মেছেজৰ বেলেঞ চাব পাৰিব।
#31#
এইটো কড ডাইল কৰাৰ লগে লগে কলাৰ আইডি বা ইনকামিং কল  সমূহ ডিছেবল বা ব্লক হৈ যাব।
ইয়াত পুনৰ ৰিষ্টাৰট কৰিবৰ কাৰণে *31# ডাইল কৰিব লাগিব।
*43#
এই কডৰ দ্বাৰা ফোন ৱেটিং চাৰভিচ একটিভেট কৰিব পাৰি। একটিভেট কৰাৰ পাছত যেতিয়া আপুনি ফোন কৰিব তেতিয়া বিপৰীত জনে যেতিয়া লৈকে ফোনটো ৰিছিভ নকৰিব তেতিয়া লৈকে Call Waiting বুলি দেখুৱাই থাকিব।ইয়াক বন্ধ কৰিবলৈ #43# ডাইল কৰিব।উ
 *5005*7672#
এইটো কড ডাইল কৰিলে আপোনাৰ মোবাইলত থকা চিমৰ, এছ,এম,এছ চেইণ্টৰৰ নম্বটো জানিব পাৰিব।
*#*#4636#*#*
এই কডৰদ্বাৰা আপোনাৰ ফোনৰ নেটৱৰ্ক, বেটাৰী,ফোনৰ ডিছপ্লে আৰু ফোনৰ সকলো ইনফৰমেচন পাব পাৰি। বেটাৰীৰ পাবফ'মেঞ কেনেকুৱা আদি সকলো খিনি ইনফৰমেচন জানিব পাৰি।
*#*#7780#*#*
আপোনাৰ ফোনৰ কেমেৰাৰ বিষয়ে জানিবলৈ এই কডটো ডাইল কৰক।
*#*#273283*255*663282*#*#*
পূৰ্বতে ডিলিট কৰা সকলো ফাইল সমূহ পুনৰ ঘোৰাই পাবৰ কাৰণে এই কডটো ডাইল কৰিব পাৰে।
*2767*3855#
এইটো কডৰ পৰা  আপোনাৰ  ফোনটো ৰিছেট কৰাত সহায় কৰে।

Post a Comment

0 Comments