চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ

অতি চমু উত্তৰৰ প্ৰশ্ন:
(১) একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা? 
উ:- চীন দেশ।
(২) আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি?
উ:- দ্বি-দলীয় ব্যৱস্থা।
(৩) ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা?
উ:- (ক) সংগঠন আৰু (খ) নীতি-আৰ্দশ আৰু আচনি।
(৪) ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য্য উল্লেখ কৰা?
উ:- জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা।
(৫) অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা?
উ:- অসম গন পৰিষদ।
(৬) ঝাৰখণ্ডৰ মূখ্য আঞ্চলিক দলটো কি?
উ:- ঝাৰখণ্ড মুক্তি মৰ্চা।
(৭) ইউ,পি,এ ( UPA) ৰ সম্পূৰ্ণ অৰ্থ লিখা?
উ:- সংযুক্ত গণতান্ত্ৰিক মৰ্চা।
(৮) ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো?
উ:- কংগ্ৰেছ দল।
(৯) কাৰ নেতৃত্বত "দ্যা ইণ্ডিয়ান এচ'ছিয়েছন" গঠন হৈছিল?
উ:- এছ,এন বেনাৰ্জীৰ নেতৃত্বত।
(১০) ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল?
উ:- উমেছ চন্দ্ৰ বেনাৰ্জী।
চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাজন


চমু উত্তৰৰ প্ৰশ্ন:
(১) ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট কি?
উ:- ৰাজনৈতিক দলৰ গঠন।
(২) গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশষভাবে উপযোগী?
উ:- দ্বি-দলীয় ব্যৱস্থা বিশেষভাবে উপযোগী।
(৩) ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা উল্লেখ কৰা?
উ:- (ক) সংগঠন (খ) নীতি-আৰ্দশ আৰু আচনি (গ) ক্ষমতা দলৰ বাবে আকাংক্ষা। (ঘ) জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান।
(৪) পাচঁটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা।?
উ:-(ক)অসম গণ পৰিষদ(অসম) (খ) আকালী দল(পাঞ্জাৱ) (গ)তেলেগু দেশম(অন্ধপ্ৰদেশ) (ঘ)শিৱসেনা(মহাৰাষ্ট্ৰ)  (ঙ)নেচনেল কনফাৰেঞ্চ(জন্ম-ু কশ্মীৰ)
(৫) মৰ্চা চৰকাৰ বুলিলে কি বুজা?
উ:- যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰকে মৰ্চা চৰকাৰ বোলে।

দীঘল উত্তৰৰ প্ৰশ্ন:
(১) সংযুক্ত চৰকাৰ বুলিলে কি বুজা?সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয়?
উ:- যেতিয়া কোনো এটা ৰাজনৈতিক দলে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপৰাগ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে।এনে চৰকাৰকে সংযুক্ত চৰকাৰ বোলে।
নিৰ্বাচনৰ সময়ত চৰকাৰে বহুত টকা খৰচ কৰে তাৰোপৰি যদি চৰকাৰ গঠনত জটিলতা আহে তেন্তে পুনৰ নিৰ্বাচন পাতি চৰকাৰী ধনৰ অপব্যয় হবলৈ নিদিয়াৰ চেষ্ঠাত সংযুক্ত চৰকাৰ গঠন হয় । ইয়াৰ উপৰিও চৰকাৰৰ  আঞ্চলিক প্ৰতিনিধিত্বৰ বিষয়টোৱেও সংযুক্ত চৰকাৰ গুৰুত্ব লাভ কৰে।

(২) সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ আলোচনা কৰা?
উ:-  গুণ:-
(১) পৰিস্থিতি আৰু সময় সাপেক্ষ:- মৰ্চা চৰকাৰ পৰিস্থিতি আৰু সময় সাপেক্ষে। পৰিস্থিতিত ৰাজনৈতিক পৰিবেশ আৰু পৰিস্থিতিত মৰ্চা চৰকাৰ গঠন ভাৰতবৰ্ষৰ দৰে বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত সুস্থিৰতা বজাই ৰখাৰ ক্ষেত্ৰত অতীব প্ৰয়োজন।
(২) আঞ্চলিক প্ৰতিনিধিত্ব:- একদলীয় চৰকাৰতকৈ মৰ্চা চৰকাৰত বিভিন্ন অঞ্চল আৰু জাতি গোষ্ঠীয়ে প্ৰতিনিধিত্ব কৰাৰ অধিক সযোগ লাভ কৰে। মৰ্চাত অংশগ্ৰহনকাৰী বিভিন্ন আঞ্চলিক পৰ্য্যায়ৰ দলবিলাকে তেওঁলোকৰ স্থানীয় সমস্যাসমূহ সমাধান কৰাৰ অধিক সুবিধা পায়।
দোষ:-
(১) ক্ষণস্থায়ী অথবা অস্থিৰ।:- মৰ্চা চৰকাৰৰ আটাইতকৈ ডাঙৰ দোষটো হৈছে ইয়াৰ অস্থিৰত। মৰ্চাত অংশগ্ৰহণ কৰা দলসমূহৰ নিজা স্বাৰ্থত আঘাত পৰিলে তেনে দলে যিকোনো সময়তে সমৰ্থন উঠাই লোৱাৰ সম্ভাৱনা থাকে। ফলত কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগেয়েই এনে চৰকাৰৰ পতন হয়।
(২) দূৰ্বল চৰকাৰ:-  মৰ্চা চৰকাৰ সাধাৰণতে দূৰ্বল হয়।  অংশগ্ৰহণকাৰী সকলো দলকে সন্তোষ্ট ৰাখিবলগীয়া হোৱাৰ বাবে এই চৰকাৰ কোনো বিষয়তে দৃঢ়তা ভাবে আগবাঢ়িব নোৱাৰে।

(৩) গণতন্ত্ৰত বিৰোধি ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা?
উ: গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বিৰোধী দলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শক্তিশালী বিৰোধী দল অবিহনে থকা গণতান্ত্ৰিক ৰাষ্ট্ৰ‌ই প্ৰকৃত সফলতা লাভ কৰিব নোবাৰাৰ লগতে জনসাধাৰণৰ স্বাৰ্থ সূৰক্ষিত কৰিব নোৱাৰে। ভাৰতবৰ্ষত চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ সময়লৈকে  স্বীকৃতি কোনো বিৰোধী দল নাছিল।কিন্তু পৰৱৰ্তী কালত বিৰোধী দলৰ স্থিতি লাভ কৰিবলৈ কেইবাটাও দল সংগঠন হল। প্ৰকৃততে ১৮৭৭ চনৰ পিছৰ পৰাহে আমাৰ দেশত বিৰোধী দলৰ ভূমিকা কি ছু স্পষ্ট ৰূপত দৃষ্টি গোচৰ হয়।পৃথিৱীৰ প্ৰতে‍‍‍‍্যকজন  গণতান্ত্ৰিক ৰাষ্টতে বিৰোধী দলে লোৱা বলিষ্ঠ ভূমিকাই গণতন্ত্ৰক জনপ্ৰিয় চৰকাৰৰূপে প্ৰতিষ্ঠা কৰাত সহায় কৰিছে। বিৰোধী দলৰ সবল ভূমিকা থকা দূখন উল্লেখযোগ্য ৰাষ্ট্ৰ হল- আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ড (গ্ৰেট ব্ৰিটেগন)।
বিৰোধী দলৰ কৰণীয় এনেধৰণৰ-
(ক) জনসাধাৰণ আৰু দেশৰ স্বাৰ্থক সুৰক্ষা দিয়াত আৰু সংবিধানৰ পৱিত্ৰতা ৰক্ষা কৰাত বিৰোধী দলে অতন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰিব লাগে।
(খ) শাসনত থকা দলটোৱে যাতে জাতীয় স্বাৰ্থৰ বিপৰীতে গৈ কোনো কাৰ্য্য কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰখা।
(গ) চৰকাৰৰ আচনি আৰু পৰিকল্পনাবিলাক পৰ্য্যবেক্ষন কৰি প্ৰয়োজন হলে চৰকাৰক  সংসদৰ মজিয়াত  সমালোচনা কৰা।
(ঘ)  জনসাধাৰণৰ অভাৱ-অভিযোগ আশা আকাংক্ষাক সংসদৰ মজিয়াত দাঙি ধৰা।
(ঙ) প্ৰয়োজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকা।

(৪) আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা আলোচনা কৰা।
উ:- (ক)সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈশিষ্ট্য মূলক নীতি।
(খ) দেশখনৰ বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা।
(গ) সংখ্যালঘুসকলৰ মাজত থকা নিৰাপত্তাহীনতাৰ ভাৱ।
(ঘ) কেন্দ্ৰীয় চৰকাৰৰ অধিক কেন্দ্ৰীকৰণৰ প্ৰৱনতা আৰু ৰাজ্যিক সম্পদসমূহৰ ওপৰত অধিক কৰ্তৃত্ব লাভৰ  প্ৰচেষ্টা।
(ঙ) সকলো ৰাজ্যৰ ক্ষেত্ৰত  কেন্দ্ৰীয় চৰকাৰৰ  সমদৃষ্টিৰ অভাৱ।
(চ) ৰাষ্ট্ৰীয় দলৰ বা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক নেতাৰ  দূৰ্বলতা।

(৫) গণতান্ত্ৰিক ৰাষ্ট্ৰত  ৰাজনৈতিক দলৰ  প্ৰয়োজনীয়তা  সম্পৰ্কে লিখা।
উ:- প্ৰকৃতাৰ্থত ৰাজনৈতিক দলৰ  ধাৰণাই গুৰুত্ব লাভ কৰে গণতান্ত্ৰিক ধ্যান-ধাৰণাৰ জন্মৰ লগে লগে। ৰাষ্ট্ৰ পৰিচালনাৰ পুৰণি ৰীতি ৰাজতন্ত্ৰৰ দিনত  ৰজা আছিল একচত্ৰী শাসক আৰু তেওঁৰ মূখৰ কথাই আছিল আইন। কিন্তু পৰৱৰ্তী কালত সমগ্ৰ বিশ্বতে ৰাজতন্ত্ৰ ক্ৰমাৎ বিলোপ হৃ আৰু তাৰ পৰিৱৰ্তে  গণতন্ত্ৰৰ ধাৰণাই  বিশেষ গুৰুত্ব লাভ কৰিলে। গণতন্ত্ৰৰ জন্মৰ লগে লগেই ৰাজনৈতিক দলেও আত্মপ্ৰকাশ কৰিলে আৰু ই গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ অংগ হৈ পৰিল। বত্তৰ্মান সময়ত গণতন্ত্ৰ আৰু ৰাজনৈতিক দল দুয়োটাই এটা আনটোৰ পৰিপূৰক। ৰাজনৈতিক দল অবিহনে যেনেকৈ গণতন্ত্ৰ অচল, ঠিক একেদৰে গণতন্ত্ৰৰ অবিহনে ৰাজনৈতিক দল অৰ্থহীন।ৰাজনৈতিক দল হৈছে শাসক আৰু জনসাধাৰণৰ মাজৰ এক যোগসূত্ৰ।
বত্তৰ্মান সময়ত চীনকে ধৰি কেইবাখনো সাম্যবাদী ৰাষ্ট্ৰত একদলীয় ব্যৱস্থা অথবা এটা ৰাজনৈতিক দল থকাৰ বিপৰীতে  ইংলেণ্ড, আমেৰিকা আদি দেশত দ্বি-দলীয় আৰু ভাৰতবৰ্ষ,বাংলাদেশৰ, পাকিস্তান আদি দেশত বহু দলীয় ব্যৱস্থা আছে।

(৬) ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী উল্লেখ কৰা।
উ:- ৰাজনৈতিক দলৰ বৈশিষ্ট্য:-
(ক) সংগঠন।
(খ) নীতি-আৰ্দশ আৰু আচনি।
(গ)ক্ষমতা দখলৰ বাবে আকাংক্ষা।
(ঘ) জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান।
ৰাজনৈতিক দলৰ কাৰ্যাৱলী:-
(ক) জনগনক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা।
(খ) জনগনৰ মাজত সজাগতা  বৃদ্ধি কৰা।
(গ) জনমত গঠন কৰা।
(ঘ) জনমতক স- সংগঠিত ৰূপ দিয়া।
(৭) সংযুক্ত চৰকাৰৰ  ব্যৱস্থা টোৱে বত্তৰ্মান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণ কেইটা উল্লেখ কৰা।
উ:- (ক) ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি।
       (খ) একক ৰাজনৈতিক দলৰ প্ৰাধান্যতা হ্ৰাস।
       (গ) এটা নিৰ্বাচনত লাখ লাখ টকা খৰচ কৰাৰ পিছতো যদি চৰকাৰ গঠনত অসমৰ্থ হয় তেন্তে পুনৰ নিৰ্বাচন  পাতি চৰকাৰী ধনৰ অপব্যয় হবলৈ নিদিয়াৰ চেষ্টাত মৰ্চা চৰকাৰ গঠন হয়।

Post a Comment

3 Comments

  1. চীনৰ দলীয় ব্যৱস্থাৰ ওপৰত এতি টোকা লিখা

    ReplyDelete
  2. চীনৰ দলীয় ব্যৱস্থাৰ ওপৰত এটি টোকা লিখা

    ReplyDelete
  3. দলীয় ব্যবস্থা বুলি লেকি বুজায়

    ReplyDelete