নৱম মান শ্ৰেণীৰ ভূগোল বিভাগৰ প্ৰশ্নোত্তৰ।

ভূ-পৃষ্ঠৰ পৰিৱৰ্তন:-
১/ ভূ-পৃষ্ঠত মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া।
উত্তৰ:- পৃথিৱীৰ উপৰিভাগ মহাদেশ (স্থলভাগ) আৰু মহাসাগৰ (জলভাগ)ৰে গঠিত ।
ইয়াৰে ৭১ শতাংশ জলভাগে আৰু বাকী ২৯ শতাংশ স্থলভাগে আগুৰি আছে ।
মহাদেশকেইখনৰ ভিতৰ ভাগত সমভুমি, মালভুমি, পাহাৰ-পৰ্বত , নদী-উপত্যকা, মৰুভূমি, উপকূলীয় সমতল আদি দেখা যায়। সেইদৰে মহাসাগৰ কেইখনতো পানীত বুৰ গৈ থকা অৱস্থাত আছে মালভুমি, সমতল, পাহাৰৰ লানি, গভীৰ খাত, প্ৰবাল প্ৰাচীৰ আদি অৱয়ব । তদুপৰি মহাসাগৰত সৰু-ডাঙৰ বহুতো দ্বীপো দেখা যায় ।
ভূ-পৃষ্ঠ আৰু মহাসাগৰৰ তলিৰ এইবোৰ অৱয়ব যুগ যুগ ধৰি চলি অহা কিছুমান প্ৰক্ৰিয়া বা ক্ৰিয়াৰ ফলত সৃষ্টি হৈছে । সময়ৰ গতিত এই অৱয়ববোৰেৰ পৰিৱৰ্তন ঘটে ।
যিবিলাক প্ৰক্ৰিয়া এই অৱয়ববোৰৰ সৃষ্টিৰ লগত জড়িত হৈ থাকে,সেইবোৰৰো সময়ৰ গতিত পৰিৱৰ্তন ঘটে।
মন কৰিবলগীয়া কথা যে পৃথিৱীৰ স্থলভাগ আৰু জলভাগত ক্ৰিয়া কৰি থকা কাৰকসমূহৰ কিছুমান বাহ্যিক আৰু কিছুমান আভ্যন্তৰীণ। বাহ্যিক কাৰকবোৰে আমি দেখিব পৰাকৈ বাহিৰৰ পৰা ক্ৰিয়া কৰে আৰু অভ্যন্তৰীণ কাৰকবোৰে আমি নেদেখাকৈ পৃথিৱীৰ অন্তৰ্ভাগত  ক্ৰিয়া কৰি থাকে। বাহ্যিক কাৰকবোৰৰ ভিতৰত সূৰ্যৰ উত্তাপ,বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্ৰধান।
আনহাতে, অভ্যন্তৰীণ কাৰকবোৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয় উদগীৰণ প্ৰধান। অভ্যন্তৰীণ কাৰকবোৰে মহাদেশৰ অন্তৰ্ভাগৰ লগতে মহাসাগৰৰ তলিৰ অন্তৰ্ভাগতো ক্ৰিয়া কৰিব পাৰে।এইবোৰ কাৰকে সাধাৰণতে ভূপৃষ্ঠৰ লগতে মহাসাগৰৰ তলি ভাগকো অসমান কৰি ৰখাত অৰিহণা যোগায়। ভূমিকম্প সংঘটিত হলে মহাদেশৰ বা মহাসাগৰৰ তলি ভাগৰ কোনো অংশ উঠি আহিব পাৰে বা বহি যাব পাৰে।
২/ ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ব্যাখ্যা কৰা।
উত্তৰ:- ভূপৃষ্ঠত বাহ্যিক কাৰকবোৰে বাহিৰৰ পৰা ক্ৰিয়া কৰে।এই কাৰকবোৰৰ উৎস সূৰ্য আৰু বায়ুমণ্ডল বুলি কৱ পাৰি।বাহ্যিক কাৰকবোৰৰ ভিতৰত সৌৰশক্তি,বতাহ, বৰষুণ, নদী হিমবাহ আৰু সাগৰৰ ঢৌপ্ৰধান। তদুপৰি ভূপৃষ্ঠত থকা গছ-গছনী জীৱ-জন্তু আদি জৈৱিক কাৰকেও ভূপৃষ্ঠৰ পৰিৱৰ্তনত কম বেছি পৰিমাণে অৰিহণা যোগায়। ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰি থকা বাহ্যিক কাৰক সমূহৰ ধৰ্ম আৰু শক্তি সকলো স্থান আৰু কালত একেই নহয়।ভূপৃষ্ঠৰ বেলেগ বেলেগ অঞ্চলত আৰু বেলেগ বেলেগ সময়ত সেইবোৰৰ ক্ৰিয়াৰ পাথক্য ঘটে। আজিৰ পৰা দুই নিযুত বছৰ পূৰ্বে, অৰ্থাৎ হিম যুগত পৃথিৱীৰ উপৰিভাগৰ বহু অংশ তূষাৰে ঢাকি ৰাখিছিল। সেই সময়ত হিমবাহৰ কাৰ্য যিমান ব্যাপক আছিল,বত্তৰ্মান সিমান নহয়। ভৱিষ্যতেও গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত হিমবাহৰ কাৰ্যৰ লক্ষণীয় পৰিৱৰ্তন ঘটাৰ সম্ভাৱনা আছে।
একোটা অঞ্চলৰ ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত বিশেষ একোটা প্ৰক্ৰিয়াইহে প্ৰাধান্য লাভ কৰা দেখা যায়। সাধাৰণতে বেছি বৰষুণ হোৱা অঞ্চলত নদীৰ কাৰ্য,অতি কম বৰষুণ হোৱা মৰুভূমি অঞ্চলত বতাহৰ কাৰ্য,দুই মেৰু অঞ্চলৰ লগতে অতি উচ্চ পাৰ্বত্য অঞ্চলত হিমবাহৰ কাৰ্য আৰু সাগৰ-মহাসাগৰৰ  উপকূল অঞ্চলত ঢৌৰ কাৰ্য‌ই প্ৰধান ভূমিকা পালন কৰে।এইবোৰ কাৰকে সংশ্লিষ্ট অঞ্চলবোৰৰ ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰি বিশেষ কিছুমান স্থলাকৃতিৰ সৃষ্টি কৰে।
৩/ বাহ্যিক কাৰক মানে কি? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা।
উত্তৰ:- আমি দেখা ভূপৃষ্ঠৰ যিবিলাক কাৰকে ক্ৰিয়া কৰে, সেইবিলাক কাৰককে বাহ্যিক কাৰক বোলে। যেনে--সূৰ্যৰ উত্তাপ,বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্ৰধান।
৪/ ভূমিকম্প আৰু আগ্নেয় উদগীৰণক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়?
উত্তৰ:- ভূপৃষ্ঠৰ অভ্যন্তৰীণ কাৰকবোৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয় উদগীৰণ প্ৰধান। আভ্যন্তৰীণ কাৰকবোৰে মহাদেশৰ অন্তৰ্ভাগৰ লগতে মহাসাগৰৰ তলিৰ অন্তৰ্ভাততো ক্ৰিয়া কৰিব পাৰে। এইবোৰ কাৰকে সাধাৰণতে ভূপৃষ্ঠৰ লগতে মহাসাগৰৰ তলি ভাগকো অসমান কৰি ৰখাত অৰিহনা যোগায়। ভূমিকম্প সংঘটিত হলে মহাদেশৰ বা মহাসাগৰৰ তলি ভাগৰ কোনো অংশ উঠি আহিব পাৰে বা বহি যাব পাৰে। আগ্নেয় উদ্গীৰণ সংঘটিত হলে ভূমিকম্প হয় আৰু সংশ্লিষ্ট ঠাইত আগ্নেয়গিৰিৰো সৃষ্টি হয়। গতিকে ভূমিকম্প আৰু আগ্নেয়  উদগীৰণৰক অভ্যন্তৰীণ কাৰক বুলি কোৱা হয়।
৫/ নদী অৱবাহিকা বুলিলে কি বুজায়? নদী অৱবাহিকাৰ এটি চিত্ৰ আঁকা।
উত্তৰ:- নদীয়ে ইয়াৰ উপনদী,শাখা নদী আদিৰ সহায়ত একেলগে একোটা অৱবাহিকাৰ সৃষ্টি কৰে। অৱবাহিকা হৈছে একোটা এলেকা, য'ৰ পৰা নদীয়ে ইয়াৰ উপনদীসহ নামনীলৈ পানী কঢ়িয়াই আনে। নদীৰ পানীৰ উৎস বৰষুণ,পৰ্বতৰ উচ্চাংশত জমা হৈ থকা বৰফ বা ভূগৰ্ভৰপৰা ওলাই অহা নিজৰা আদি হব পাৰে। সেয়ে নদী অৱবাহিকাৰ অন্তৰ্গত এলেকাটোৰ উপৰিভাগৰ পৰিৱৰ্তন প্ৰধানকৈ সংশ্লিষ্ট নদীৰ কাৰ্যৰ উপৰত নিৰ্ভৰ কৰে। (চিত্ৰ:- ১.০৩)
৬/ উপনদী কি? ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান উপনদীৰ নাম লিখা।
উত্তৰ:- প্ৰধান নদী সমূহৰ লগত মিলিত হোৱা সৰু-বৰ নদী বোৰকে উপনদী বোলে। ব্ৰহ্মপুত্ৰৰ দুখন উপনদীৰ নাম হল-- জীয়াভৰলী আৰু সোৱণশিৰী।
৭/ নদীৰ খনন কাৰ্যৰ এটি আভাস দিয়া।
উত্তৰ:- নৈৰ পানীভাগ উচ্চ ভূমিৰ পৰা নামনিলৈ বৈ আহোঁতে অৱবাহিকাৰ উপৰিভাগ স্বাভাৱিকতে খনন কাৰ্য সাধিত হয়।বায়ুমণ্ডলত থকা জলীয় বাষ্প বৰষুণ আকাৰে ভূপৃষ্ঠত পৰিলে ক্ষয় কাৰ্য আৰম্ভ হয়।বৰষুণৰ পানী যেতিয়া নৈ হৈ বৈ যায় তেতিয়া স্বাভাৱিকতে পানীৰ খনন শক্তি বাঢ়ে। নদী অৱবাহিকাৰ সকলো অংশতে কম বেছি পৰিমাণে খনন কাৰ্য চলে  যদিও প্ৰধানকৈ নদীৰ গতিপথতহে খনন কাৰ্য সুস্পষ্ট হৈ পৰে।
নদীৰ খনন কাৰ্য বহুতো কাৰকৰ উপৰত নিৰ্ভৰ কৰে। তাৰ ভিতৰত নদীৰ গতিপথৰ ভূতাত্ত্বিক গঠন আৰু পানীৰ খনন শক্তিয়ে প্ৰধান।
উচ্চভূমিৰ থিয় ঢালেৰে বৈ আহি ভৈয়ামত প্ৰৱেশ কৰাৰ পিছত নদীৰ খনন শক্তিৰ পৰিৱৰ্তন ঘটে।উচ্চ ভূমি অঞ্চলত নদীৰ গতিবেগ প্ৰৱল,গতিপথ ঠেক কিন্তু  গভীৰ হোৱা দেখা যায়। ভৈয়ামলৈ ক্ৰমে ঢাল কমি অহাৰ ফলত উচ্চ ভূমিৰ পৰা সোঁতে কঢ়িয়াই অনা গেদবোৰ ভৈয়ামত জমা হ'বলৈ ধৰে। ভৈয়াম অঞ্চলত নদীৰ গভীৰতা ক্ৰমে হ্ৰাস পায় ।গভীৰতা কমি আহিলে পানিভাগ বোঁৱাই নিয়াৰ খাতিৰতে নদীয়ে দুয়োপাৰ খহাবলৈ ধৰে। পাৰ খহাই গতিপথ বহল কৰি পানীভাগ  নৈয়ে নামনিলৈ কঢ়িয়াই নিয়ে।নদীৰ এনে ধৰণৰ খনন কাৰ্যক পাৰ খনন বা পাৰশ্ব খনন বোলা হয়।
৮/ নদীৰ পাশ্ব‍‍খনন বুলিলে কি বুজায়?
উত্তৰ:- ভৈয়াম অঞ্চলত নদীৰ গভীৰতা ক্ৰমে হ্ৰাস পায় গভীৰতা কমি আহিলে পানীভাগ বোৱাই নিয়াৰ খাতিৰতে নদীয়ে দূয়োপাৰ খহাবলৈ ধৰে। পাৰ খহাই গতিপথ বহল কৰি পানীভাগ নৈয়ে নামনীলৈ কঢ়িয়াই নিয়ে। নদীৰ এনে ধৰণৰ খনন কাৰ্যক পাশ্ব‍‍খনন বোলে।
৯/ অশ্বখুৰা হ্ৰদ কি? চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজোৱা।
উত্তৰ:-

সমতলৰ কোনো কোনো অংশত নদীৰ গতিপথ অতি ভাঁজযুক্ত হব পাৰে। এনে গতিপথে বাৰিষাকালত নদীৰে প্ৰৱাহিত বৃহৎ পৰিমানৰ পানী কঢ়িয়াব নোৱাৰা হয়। তেতিয়া নদীয়ে নিজৰ গতিপথৰ অতি ভাঁজ থকা  অংশ এৰি পোনাই গতি কৰে। এই দৰে এৰি যোৱা অংশ সাধাৰণতে ঘোঁঁৰাৰ খুৰা আকৃতিৰ হয়‌আৰু পিছত পানী জমা হৈ বিল বা হ্ৰদৰ সৃষ্টি হয়। এনে হ্ৰদক অশ্বখুৰা হ্ৰদ বোলে।
১০/ প্লাৱন ভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা।
উত্তৰ:- সাধাৰণতে নদীৰ উচ্চগতি অংশত খনন কাৰ্য চলে।ইয়াৰ বিপৰীতে মধ্যগতি আৰু নিম্নগতি অংশত গতিপথৰ লগতে দূয়োপাৰে গেদ জমা হয়। বিশেষকৈ দূয়োপাৰে যুগ যুগ ধৰি গেদ জমা হোৱাৰ ফলত পলসুৱা সমতল ভূমিৰ সৃষ্টি হয়।ইয়াকে প্লাৱন ভূমি বোলে।
সাধাৰণতে বানপানীৰ সময়ত সোঁতে কঢ়িয়াই অনা বালি,বোকা, পলস আদি দূয়োপাৰে বহু দূৰলৈ বিয়পি পৰে।এইবোৰে কালক্ৰমত প্লাৱন ভূমিৰ সৃষ্টি কৰে।
১১/ নদীৰ গতিপথৰ ক'ত কেনেকৈ বালিৰ সৃষ্টি হয় লিখা।
উত্তৰ:-নদীৰ বুকুত বালি বোকা জমা হৈ সৃষ্টি হোৱা বালিচৰবোৰ বহুতো দিশৰ পৰা তাৎপৰ্য পূৰ্ণ। বালিচৰবোৰ কেতিয়াবা নৈৰ দাতিত আৰু কেতিয়াবা মাজভাগত গঢ়ি উঠে। এইবোৰ সাধাৰণতে অস্থায়ী আৰু বিভিন্ন আকাৰ-আকৃতিৰ।বাৰিষা নৈৰ প্ৰবল সোঁতে বালিচৰবোৰৰ আকাৰ-আকৃতিৰ পৰিৱৰ্তন ঘটায়। নৈৰ খহনীয়াই কিছুমানক নিশ্ছিহ্ন‌ও কৰে।খৰালিকালত নদীৰ পানী নামি আহিলে বালিচৰবোৰ ভালদৰে উলাই পৰে। আমাৰ ব্ৰহ্মপুত্ৰৰ বুকুত সৰু-বৰ অসংখ্য বালিচৰ দেখা যায়। নৈ খনৰ বুকুত থকা মাজুলী নামৰ বৃহৎ নদী দ্বীপটোও এক প্ৰকাৰৰ বালিচৰ।
১২/ ব-দ্বীপৰ সৃষ্টি কেনেকৈ হয় লিখা।
উত্তৰ:- নৈৰ মোহনাত গেদ জমা হৈ সৃষ্টি হোৱা দ্বীপবোৰ ভৌগোলিক দিশৰ পৰা বিশেষ তাৎপৰ্যপূৰ্ণ। উপকূলৰ কাষৰীয়া অগভীৰ সাগৰত,য'ত নৈ গৈ পৰে,তাতেই নৈয়ে কঢ়িয়াই অহা গেদ জমা হৈ দ্বীপৰ সৃষ্টি হয়। এই দ্বীপবোৰৰ আকৃতি অসমীয়াৰ 'ব' বা ইংৰাজ'🔺' Delta ৰ দৰে। সেয়াহে এই দ্বীপবোৰক ব-দ্বীপ বোলে। পৃথিৱীৰ প্ৰায়বোৰ নদীয়ে নিজৰ নিজৰ  মোহনাত ব-দ্বীপৰ সৃষ্টি কৰিছে।তাৰ ভিতৰত গংগা-ব্ৰহ্মপুত্ৰ, নীল,মিছিছিপি আদি নদীৰ ব-দ্বীপ পৃথিৱীৰ বিখ্যাত।
১৩/ মৰুভূমিত বতাহৰ ক্ৰিয়া কিয় প্ৰবল লিখা।
উত্তৰ:- মৰুভূমিৰ পৰিবেশত বতাহে খনন,পৰিবহন আৰু অৱক্ষেপনৰ যোগেদি বিভিন্ন অৱয়বৰ সৃষ্টি কৰে আৰু সেইবোৰৰ পৰিৱৰ্তনো সাধন কৰে।মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে মৰু পৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে।ইয়াৰ ফলতে মৰুভূমিত বতাহৰ ক্ৰিয়া প্ৰবল হয়।
১৪/ অৱনমন বুলিলে কি বুজায়।
উত্তৰ:- মৰুভূমিৰ পৰিবেশত বতাহে খনন,পৰিবহন আৰু অৱক্ষেপনৰ যোগেদি বিভিন্ন অৱয়বৰ সৃষ্টি কৰে আৰু সেইবোৰৰ পৰিৱৰ্তনো সাধন কৰে।মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে মৰু পৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে।ধূলি-বালিবোৰ বতাহে অনায়াসে এঠাইৰপৰা আনঠাইলৈ কঢ়িয়াই নিব পাৰে। এনেদৰে কোনো অংশৰপৰা ধূলি-বালি উৰোৱাই নিয়া কাৰ্য্যক অৱনমন বোলা হয়।
১৫/ বালিয়াৰিৰ সৃষ্টি কেনেকৈ হয়?
উত্তৰ:- অৱনমন প্ৰক্ৰিয়াৰে কঢ়িয়াই নিয়া ধূলি-বালিবোৰ যি ঠাইত জমা হয়, তাত মৰু পৃষ্ঠ ক্ৰমে ওখ হৈ পাহাৰৰ ৰূপ লব পাৰে।এনে পাহাৰক  বালিৰ পাহাৰ বা বালিয়াৰি বুলি কোৱা হয়। অৰ্থাৎ এনে ধৰণে বালিয়াৰিৰ সৃষ্টি হয়।
১৬/ ইনছেলবাৰ্গ কি?
উত্তৰ:- মৰুভূমিত সাধাৰনতে চকুত পৰা বিশেষ আকৃতিৰ ক্ষয়প্ৰাপ্ত চাপৰ পাহৰবোৰেই ইনছেলবাৰ্গ। জাৰ্মান শব্দ "ইনছেলবাৰ্গৰ" অৰ্থ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ বা পৰ্বত।
১৭/ হিমবাহৰ সংজ্ঞা দিয়া আৰু নদীৰ লগত ইয়াৰ পাৰ্থক্য কি লিখা।
উত্তৰ:-পৃথিৱীৰ অতি শীতল অঞ্চলবোৰৰ উপৰিভাগ বৰফে ঢাকি ৰাখিছে।এনে অঞ্চলবোৰৰ ভিতৰত দুই মেৰু অঞ্চল আৰু অতি ওখ পৰ্বতবোৰৰ উচ্চাংশবোৰ পৰে। এইবোৰত বৃহৎ পৰিমাণৰ বৰফ তৰফে তৰফে জমা হৈ আছে। সাধাৰণতে এনেদৰে জমা হৈ থকা বৰফবোৰ ভূ-পৃষ্ঠৰ ঢাল অনুসৰি লেহেম গতিৰে নামি আহে। এনেদৰে নামি অহা বৰফবোৰ ভূ-পৃষ্ঠৰ ঢাল অনুসৰি লেহেম গতিৰে নামি আহে। এনেদৰে নামি অহা বৰফকে হিমবাহ বুলি কোৱা হয়।
পাৰ্বত্য অঞ্চলত নদীৰ দৰে হিমবাহবোৰ উপত্যকাৰে তললৈ নামি আহে। হিমবাহেও নদীৰ দৰে খনন,পৰিৱহন আৰু অৱক্ষেপন প্ৰক্ৰিয়াৰে সংলগ্ন ভূ-পৃষ্ঠাৰ পৰিৱৰ্তন সাধন কৰে।
১৮/ গ্ৰাব কি? চিত্ৰ আঁকি বিভিন্ন শ্ৰেণীৰ গ্ৰাববোৰ দেখুওৱা।

উত্তৰ:- হিমবাহে বৰফৰ উপৰি অন্য বহুতো  পদাৰ্থ কঢ়িয়াই আনে। এনেদৰে কঢ়িয়াই অনা বৰফৰ বাহিৰে অন্য পদাৰ্থ বোৰকে সামগ্ৰিক ভাৱে  গ্ৰাব বোলা হয়। গ্ৰাব  চাৰি প্ৰকাৰৰ। (১) পাশ্বগ্ৰাব (২) ভূমি গ্ৰাব (৩) মধ্যগাব (৪) প্ৰান্তগ্ৰাব।
১৯/ হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ  সৃষ্টি কেনেকৈ হয় লিখা।
উত্তৰ:- কোনো কোনো পৰ্বতৰ গাৰে কেইবাটাও হিমবাহ নামি আহিব পাৰে। তেতিয়া সকলো ফালৰপৰা চলা খননৰ ফলত পৰ্বতৰ শীষাংশ চোকা জোঙৰ দৰে হয়। এনেদৰে হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ  সৃষ্টি হয়।
২০/  উপকূল কাক বোলে?
উত্তৰ:- পৃথিৱীৰ উপৰিভাগৰ এক বৃহৎ অংশ সাগৰ-মহাসাগৰে আগুৰি আছে। সাগৰ-মহাসাগৰৰ পাৰ বা তিৰক উপকূল বোলে।
২১/ বালিয়াতট কি? ইয়াৰ গুৰুত্ব সম্বন্ধে লিখা।
উত্তৰ:- সদায় ঢৌৱে ক্ৰিয়া কৰি থকা উপকূলৰ তট অংশত জমা হোৱা গেদ,বিশেষকৈ বালিৰ পৰিমাণ বেছি হ'লে তাত স্বাভাৱিকভাৱেই এক প্ৰকাৰৰ সমতলসদৃশ অৱয়ব সৃষ্টি হয়। প্ৰধানকৈ বালি জমা হৈ সৃষ্টি হোৱা কিছু ঢালযুক্ত এনে অৱয়বে বালিয়াতট ।
সাগৰৰ উত্তাল তৰংগ আৰু উভতনি ঢৌৰ মিলিত ক্ৰিয়াৰ ফলত উপকূলত এনে ধৰণৰ অৱয়ব গঢ়ি উঠে। এই ধৰনৰ তটৰ বালি অতি মিহিৰপৰা শিলৰ আকাৰৰ হৱ পাৰে। উপকূলৰ বালিয়াতটবোৰে মানুহক বিনোদনৰ কাৰণে আকৰ্ষণ কৰে।
২২/ সাগৰ-মহাসাগৰৰ ঢৌৱে উপকূলৰ কেনে ধৰণৰ পৰিৱৰ্তন সাধন কৰে চমুকৈ লিখা।
উত্তৰ :- উপকূল অঞ্চলত একাধিক বাহ্যিক কাৰকে ক্ৰিয়া কৰে। বৰষুণ, বতাহ আৰু সাগৰৰ ঢৌ তাৰ ভিতৰত প্ৰধান। এই তিনটা প্ৰধান কাৰকৰ ভিতৰত আকৌ সাগৰৰ ঢৌৱে অহৰহ ক্ৰিয়া কৰি উপকূল অঞ্চলৰ ব্যাপক পৰিৱৰ্তন সাধন কৰে।
 উপকূলত সৃষ্টি হোৱা অৱয়ববোৰৰ কিছুমান ক্ষয়জনিত আৰু অন্য কিছুমান অৱক্ষেপনজনিত। উপকূলভাগ গ্ৰেনাইট,বেছল্ট আদিৰ দৰে কঠিন শিলাৰদ্বাৰা গঠিত হ'লে সাগৰৰ ঢৌৱে তাত ক্ৰিয়া কৰি থিয় গৰাৰ সৃষ্টি কৰে। 
সাগৰৰ উত্তাল তৰংগ আৰু উভতনি ঢৌৰ মিলিত ক্ৰিয়াৰ ফলত উপকূলত এনে ধৰণৰ অৱয়ব গঢ়ি উঠে। এই ধৰনৰ তটৰ বালি অতি মিহিৰপৰা শিলৰ আকাৰৰ হৱ পাৰে। উপকূলৰ বালিয়াতটবোৰে মানুহক বিনোদনৰ কাৰণে আকৰ্ষণ কৰে।
কেতিয়াবা আকৌ সমুদ্ৰৰ তলিত ডাঙৰ ভূমিকম্প  সংঘটিত হ'লে সাগৰ-মহাসাগৰত বিশেষ ধৰণৰ ঢৌৰ উদ্ভৱ হয়। উপকূলত এই ঢৌৱে অস্বাভাৱিক উচ্চতা আৰু শক্তি লাভ কৰি উপকূলৰ  বিস্তৰ ক্ষতিসাধন কৰে। এনে ধ্বংসাত্মক ঢৌক ছুনামী বোলা হয়।
২৩/ তলত দিয়া কাৰক আৰু অৱয়ববোৰৰ কোনটো কাৰ সৃষ্টি কাড়ঁ চিনেৰে মিলোৱা।
উত্তৰ :- 



         বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ুৰ প্ৰবাহ

১/ বায়ুমণ্ডল কাক বোলে ? তথ্যসহ ইয়াৰ গঠন সম্পৰ্কে চমুকৈ লিখা।
উত্তৰ:-দৰাচলতে পৃথিৱীপৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰৱচ্ছিন্নভাৱে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোক বায়ুমণ্ডল বোলে।
বায়ুমণ্ডল পৃথিৱী পৃষ্ঠৰ পৰা কিছু উচ্চতালৈ বিস্তৃত আৰু ই বিভিন্ন গেছ,জলীয় বাষ্প আছে আৰু ধূলিকণাৰ  সংমিশ্ৰণত গঠিত। ভূ-পৃষ্টৰপৰা ক্ৰমশঃ ওপৰলৈ বায়ুমণ্ডলৰ গঠন আৰু বৈশিষ্ট্য বেলেগ বেলেগ হয়। সেয়ে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলত থকা গেছ আৰু অন্য উপাদান বোৰৰ পৰিমাণ সলনি হয় আৰু বায়ুৰ ঘনত্ব,চাপ আৰু উত্তাপৰ পৰিৱৰ্তন ঘটে।

বায়ুমণ্ডলত থকা বিভিন্ন গেছৰ ভিতৰত নাইট্ৰ'জেন আৰু অক্সিজেনৰ প্ৰাধান্য আটাইতকৈ বেছি। বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ ৭৮.০৮ শতাংশ নাইট্ৰ'জেন আৰু ২০.৯৪ শতাংশ অক্সিজেন।
২/ গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্ৰধানকৈ কি কি স্তৰত বিভক্ত কৰিব পাৰি? লগতে এই স্তৰকেইটাৰ বৈশিষ্ট্য  চমুকৈ লিখা।
উত্তৰ:-গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্ৰধানকৈ দুটা স্তৰত বিভক্ত কৰা হৈছে। (১) হ'ম'ষ্ফিয়েৰ আৰু (২) হেটেৰ'ষ্ফিয়েৰ।

Post a Comment

0 Comments