চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ

অতি চমু উত্তৰৰ প্ৰশ্ন:-
১/  চৰকাৰৰ শ্ৰেণীবিভাজন কৰা প্ৰথম গৰাকী ৰাজনৈতিক দাৰ্শনিক কোন?
উ:- প্লেটো।
২/ বত্তৰ্মান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ কোনবিধ?
উ:- গণতন্ত্ৰ।
৩/ সংসদীয়  পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা।
উ:- ইংলেণ্ড।
৪/ সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰপ্ৰধান  আৰু ৰাষ্ট্ৰপ্ৰধান কোন?
উ:- সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰপ্ৰধান হল প্ৰকৃত কাৰ্যপালিকা আৰু ৰাষ্ট্ৰপ্ৰধান হল নাম মাত্ৰ কাৰ্যপালিকা।
৫/ ক্ষমতাৰ পৃথকীকৰণ নীতি কেনে প্ৰকাৰৰ চৰকাৰৰ থাকে?
উ:- ৰাষ্ট্ৰপতিয় চৰকাৰৰ।
৬/ ৰাষ্ট্ৰপতিয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখা?
উ:- আমেৰিকা যুক্তৰাষ্ট্ৰ।
৭/ এককেন্দীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা।
উ:- জাপান।
৮/ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰৰ নাম লিখা।
উ:- কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ।
৯/ ছুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে?
উ:- যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ।
১০/ ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে?
উ:- আছে।

চমু উত্তৰৰ প্ৰশ্ন:-

১/ বত্তৰ্মান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ কি কি?
উ:- এটকেন্দ্ৰীক চৰকাৰ, যুক্তৰাষ্ট্ৰীয় চৰকাৰ, সংসদীয় চৰকাৰ আৰু ৰাষ্ট্ৰপতি চৰকাৰ।
২/ সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা।
উ:- (১) দুজন মুৰব্বী:- এই চৰকাৰৰ দুজন মুৰব্বীৰ ব্যৱস্থা আছে। এজন প্ৰকৃত কাৰ্যপালিকা আৰু আনজন নামমাত্ৰ কাৰ্যপালিকা। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী পৰিষদ খন হল প্ৰকৃত কাৰ্যপালিকা আৰু ৰাষ্ট্ৰপ্ৰধান জন (ৰজা/ৰাণী/ৰাষ্ট্ৰপতি) নামমাত্ৰ কাৰ্যপালিকাহে।
(২) মন্ত্ৰী পৰিষদৰ সামূহিক দায়বদ্ধতা:- এই চৰকাৰত মন্ত্ৰীপৰিষদখন সামূহিক ভাৱে বিধানমণ্ডলৰ ওচৰত দায়ৱদ্ধ হয়। মন্ত্ৰীপৰিষদৰ এজন সদস্যৰ ব্যৰ্থতাৰ বাবে সকলো সদস্য দায়ৱদ্ধ হয়।
৩/ সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ আৰু দুটা গুন চমুকৈ লিখা।
উ:-  দোষ:-
(১)  সংসদীয় পদ্ধতিৰ চৰকাৰত যদি কোন এটা ৰাজনৈতিক দলেও বিধানমণ্ডলত সংখ্যা গৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব নোৱাৰে, তেতিয়া মৰ্চা চৰকাৰ গঠিত হয়। মৰ্চা চৰকাৰ অস্থায়ী  আৰু যিকোনো সময়তে ৰাজনৈতিক সংকট সৃষ্টি হব পাৰে।
(২) ক্ষমতাৰ পৃথকীকৰণ নীতি নথকাৰ বাবে সংসদীয় পদ্ধতিৰ চৰকাৰত মন্ত্ৰী পৰিষদৰ হাতত বিধায়িনী  আৰু কাৰ্যকৰী ক্ষমতা ন‍্যস্ত থাকে। যাৰ ফলত মন্ত্ৰী পৰিষদে একনায়কত্ববাদী শাসন চলোৱাৰ সম্ভাৱনা থাকে।
গুণ:-
(১) সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা আৰু বিধান মণ্ডলৰ মাজত সু-সম্পৰ্ক  আছে সহযোগিতা থাকে। ফলত যিকোনো সমস্যা আইনৰ সহায়ত সহজে সমাধান কৰিব পাৰি।
(২) এই চৰকাৰ বিধানমণ্ডলৰ ওচৰত দায়ৱদ্ধ হোৱা বাবে দেশ আৰু জনগণৰ স্বাৰ্থৰ বিপৰীতে যোৱা কোনো কাম চৰকাৰখনে কৰিব নোৱাৰে।
৪/ ক্ষমতাৰ পৃথকীকৰণ নীতি মানে কি?
উ:- ৰাষ্ট্ৰপতীয় চৰকাৰত  কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়ৱদ্ধ নহয়। বিধানমণ্ডলৰ সদস্য কাৰ্যপালিকাৰ সদস্য হব নোৱাৰে। গতিকে দূয়োৰে স্থিতি সম্পূৰ্ণ স্বাধীন । এয়ে হৈছে ক্ষমতাৰ পৃথকীকৰণ নীতি।
৫/ ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা।
উ:- (১) ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰ প্ৰধানৰ মাজত প্ৰাথক‍্য নাই :- সংসদীয়  পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্ৰপতীয়  চৰকাৰত ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰ প্ৰধান বুলি দুজন ব‍্যক্তি নাথাকে। ইয়াত ৰাষ্ট্ৰপতি জন ৰাষ্ট্ৰপ্ৰধান লগতে চৰকাৰ প্ৰধানো।
(২) ক্ষমতাৰ পৃথকীকৰণ নীতি:- ৰাষ্ট্ৰপতিয়  চৰকাৰত কাৰ্যপালিকা  বিধানমণ্ডলৰ ওপৰত দায়ৱদ্ধ নহয়। দূয়োৰে স্থিতি সম্পূৰ্ণ স্বাধীন।  বিধানমণ্ডলৰ সদস্য কাৰ্যপালিকাৰ সদস্য হব নোৱাৰে।  সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকাৰ সদস্যই বিধানমণ্ডলৰ কাৰ্যক্ৰমনীকাত অংশ লব নোৱাৰে।
৬/ এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ চমুকৈ লিখা।
উ:- গুণ:-
(১) এককেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ বাবে একেধৰণৰ প্ৰশাসন ব্যৱস্থা প্ৰয়োগ আৰু কাৰ্যকৰী কৰাৰ বাবে প্ৰশাসন শক্তিশালী হয়। ইয়াত জটিলতা নাথাকে।
(২) এককেন্দ্ৰীয় চৰকাৰৰ চৰকাৰ পৰিচালনাৰ ব‍্যয় কম।ফলত উন্নয়নমূলক কামত অধিক ধন ব‍্যয় কৰাৰ  সুযোগ থাকে।
দোষ:-
(১) এক বৃহৎ আকাৰৰ ৰাষ্ট্ৰৰ বাবে এই চৰকাৰ উপযুক্ত নহয়।
(২) এককেন্দ্ৰীয় চৰকাৰ অধিক আমোলাতান্ত্ৰিক।এনে চৰকাৰত আমোলাসকলেই প্ৰকৃততে শাসন চলায়।

দীঘল উত্তৰৰ প্ৰশ্ন:-

১/ ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দোষ সমূহ লিখা।
উ:- গুণসমূহ (১) ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতি জন এটা নিদিষ্ট কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱা বাবে আৰু সহজে তেওঁক পদবীৰ পৰা আতৰ কৰিব নোৱাৰাৰ বাবে চৰকাৰখন স্থায়ী  হয়। ইয়াত বিধানমণ্ডলৰো নিদিষ্ট কাৰ্যকাল থাকে।
২/ ক্ষমতাৰ পৃথকীকন্টৰণ ব্যৱস্থাৰ বাবে চৰকাৰৰ তিনিওটা অংগই স্বাধীনভাৱে কাম কৰাৰ সুযোগ পায়। উল্লেখযোগ্য যে এই চৰকাৰত অৱৰোধন আৰু সন্তুলন নীতি থকা বাবে চৰকাৰৰ কোনো অংগই স্বেচ্চাচাৰী হ‌‍ব নোৱাৰে।
৩/এনে চৰকাৰ জৰুৰীকালীন অৱস্থাৰ বাবে অতি উপযোগী।যিহেতু চৰকাৰৰ প্ৰকৃত ক্ষমতাৰ ৰাষ্ট্ৰপতিৰজনৰ ওচৰত কেন্দ্ৰীয়ভূত হৈ থাকে, গতিকে জৰুৰীকালীন অৱস্থাত অতি সহজে যিকোনো সিদ্ধান্ত ক্ষিপ্ৰভাৱে লোৱাতো সহজ হয়।
৪/কাৰ্যপালিকা শক্তিশালী হোৱা বাবে এনে চৰকাৰে দেশৰ ঐক্য আৰু সংহতি সহজে ৰক্ষা কৰিব পাৰে।
৫/যুক্তৰাষ্ট্ৰীয় চৰকাৰ ৰাজনৈতিক দলৰ প্ৰভাৱৰ পৰা মুক্ত হোৱা বাবে ৰাষ্ট্ৰপতিজনে কায্য সম্পাদন কৰাৰ ক্ষেত্ৰত সংসদৰ সংখ্যা গৰিষ্ঠতাৰ সমৰ্থনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে।
দোষ সমূহ:-
(১) ৰাষ্ট্ৰপতিয় চৰকাৰত ৰাষ্ট্ৰপতি জনক বিধান মণ্ডলে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে চৰকাৰ স্বেচ্চাচাৰী হোৱাৰ আশংকা থাকে।
(২) ক্ষমতাৰ পৃথকীকৰণ নীতিৰ বাবে ৰাষ্ট্ৰপতিয় চৰকাৰত কাৰ্যপালিকা আৰু বিধান মণ্ডলৰ মাজত সহযোগিতা নাথাকে।
(৩) ৰাষ্ট্ৰপতিয় চৰকাৰৰ অন্যতম বৈশিষ্ট্য হৈছে ইয়াৰ অনমনীয় সংবিধান। সংবিধান খন অনমনীয় হলে পৰিৱৰ্তিত পৰিবেশ আৰু পৰিস্থিতিত সংবিধান খন সংশোধন কৰাত জটিলতা আহে।
(৪) ৰাষ্ট্ৰপতিয় চৰকাৰত  কাৰ্যপালিকা আৰু বিধানমণ্ডল ভিন্ন ৰাজনৈতিক দলৰ হলে ৰাজনৈতিক সংকট সৃষ্টিৰ সম্ভাৱনা বেছি।
(৫) এই চৰকাৰত মন্ত্ৰীত্ব লাভৰ ক্ষেত্ৰত ব্যক্তিগত আনুগত্য‌ই যোগ্যতা আৰু অভিজ্ঞতাতকৈ অধিক গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা থাকে।
২/ সংসদীয় পদ্ধতিৰ চৰকাৰৰ  বৈশিষ্ট্যসমূহ লিখা।
উ:- (১) দুজন মুৰব্বী:- এই চৰকাৰৰ দুজন মুৰব্বীৰ ব্যৱস্থা থাকে।এজন প্ৰকৃত কায্যপালিকা আৰু আনজন নামমাত্ৰ কাৰ্যপালিকা । প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী পৰিষদ খন হলে প্ৰকৃত কাৰ্যপালিকা আৰু ৰাষ্ট্ৰপ্ৰধানজন নামমাত্ৰ কাৰ্যপালিকাহে।
(২) কাৰ্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য।
(৩) বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ ওচৰ সম্বন্ধ:- সংসদীয় পদ্ধতিৰ চৰকাৰ বিধান মণ্ডল আৰু কাৰ্যপালিকাৰ সম্পৰ্ক নিবিড়।
(৪) মন্ত্ৰী পৰিসদ বিধান মণ্ডলৰ ওচৰ সম্বন্ধ:- সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা স্কলো কাম কৰাৰ বাবে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে। বিধান মণ্ডলে অনাস্থ‍্য  প্ৰস্তাৱ গ্রহণ কৰিলে মন্ত্ৰীপৰিষদে পদত্যাগ কৰিবলৈ বাধ্য হয়।
(৫) মন্ত্ৰীপৰিষদৰ সামূহিক দায়ৱদ্ধতা:- এই চৰকাৰত মন্ত্ৰীপৰিষদখন সামুহিক ভাৱে বিধানমণ্ডলৰ ওচৰত দায়ৱদ্ধ হয়।মন্ত্ৰী পৰিসদৰ এজন সদস্যৰ ব্যৰ্থতাৰ  বাবে সকলো সদস্য দায়ৱদ্ধ হয়।
৩/ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ বত্তৰ্মান কিয় জনপ্ৰিয় হৈছে? উদাহৰণসহ আলোচনা কৰা।
উ:- যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত  প্ৰতিখন ৰাজ্য‌ই স্বায়ত্ব  শাসনৰ সুবিধা লাভ কৰাৰ আগতে এখন বৃহৎ আৰু শক্তিশালী  ৰাষ্ট্ৰীৰ অংগৰাজ‌ও হয়।ফলত আঞ্চলিক স্বায়ত্ব শাসন আৰু জাতীয় একত দুয়োটাৰে সুবিধা সমূহ লাভ কৰা দেখা যায়।ইয়াৰ লগতে এখন বিশাল ৰাষ্ট্ৰত ভিন্ন জাতি ,ধৰ্ম আৰু ভাষিক গোষ্ঠী বসবাস কৰাৰ ক্ষেত্ৰত যুক্তৰাষ্ট্ৰীয় চৰকাৰ বেছি ফলপ্ৰসূ হয়।কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজনে স্থানীয় তথ্য ৰাজ্যিক সমস্যা সমূহৰ সমাধানৰ দায়িত্বৰ পৰা কেন্দ্ৰীয় চৰকাৰক ৰেহাই দিয়ে।ইয়াৰ ফলত জাতীয় গুৰুত্ব থকা বিষয়বিলাকত‍‌‍ অধিক গুৰুত্ব দিবলৈ কেন্দ্ৰীয় চৰকাৰে সুবিধা পায়।যুক্তৰাষ্ট্ৰীয় সাসন ব্যৱস্থাত ক্ষমতাৰ বিকেন্দ্ৰিকৰনৰ ব্যৱস্থা থকাত অন্তৰ্বিপ্লৱৰ শংকা কম থাকে আৰু কেন্দ্ৰীয় চৰকাৰ স্বেচ্চাচাৰী হোৱাৰ প্ৰৱনতা নাথাকে।যুক্তৰাষ্ট্ৰীয় চৰকাৰ গনতান্ত্ৰীক।এনে ধৰনৰ বিভিন্ন কাৰণসমূহৰ বাবেই যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ বৰ্তমান অধিক জনপ্ৰিয় হৈছে।যুক্তৰাষ্ট্ৰীয় উংকৃষ্ট উদাহৰন হল আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰ।
৪/এক‌কেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্টসমূহ লিখা।
উ:- (১) শক্তিশালী কেন্দ্ৰীয় চৰকাৰ :- এনে চৰকাৰত সংবিধানে সকলো ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ন‍্যস্ত কৰে।ফলত ইয়াত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি অতি শক্তিশালী।
(২) লিখিত অথবা অলিখিত সংবিধান:- এককেন্দ্ৰীয় চৰকাৰত সংবিধান খন লিখিত বা অলিখিত হব পাৰে। উদাহৰণ স্বৰূপে ইংলেণ্ডৰ সংবিধান খন অলিখিত আৰু নেডাৰলেণ্ডৰ সংবিধান খন লিখিত ।
(৩) একক নাগৰিকত্ব:- একক নাগৰিকত্ব এককেন্দ্ৰীয় চৰকাৰৰ প্ৰধান বৈশিষ্ট্য। যুক্তৰাষ্ট্ৰত থকাৰ দৰে  দ্বি-নাগৰিকত্বৰ ব্যৱস্থা ইয়াত নাই।
(৪) দূৰ্বল ন্যায়পালিকা:- এককেন্দ্ৰীয় চৰকাৰত আইন সভাৰ প্ৰাধান্য পৰিলক্ষিত হয়।আইন সভাই প্ৰস্তুত কৰা আইন সমগ্ৰ দেশৰ বাবে প্ৰযোজ্য হয়।আৰু তেনে আইনৰ ওপৰত ন্যায়িক পুনৰীক্ষাৰ ব্যৱস্থা নাথাকে।আইন সভাই প্ৰণয়ণ কৰা আইনক ন্যায়াপালিকাই।অসাংবিধানীক বুলি ঘোষণা কৰিব নোৱাৰে।
(৫) নমনীয় সংবিধান:- এককেন্দ্ৰীয় চৰকাৰৰ সংবিধান সাধাৰণতে নমনীয় হয়।কেন্দ্ৰীয় চৰকাৰে নিজৰ প্ৰয়োজনত সংবিধান খন সংশোধন কৰিব পাৰে।
৫/ এককেন্দ্ৰীয় চৰকাৰ প্ৰকৃততে গণতান্ত্ৰিক নে? সমালোচনা আগবঢ়োৱা।
উ:- এককেন্দ্ৰীয় চৰকাৰ প্ৰকৃততে গণতান্ত্ৰিক নহয়।
এককেন্দ্ৰীয় চৰকাৰ এক বৃহৎ আকাৰৰ ৰাষ্ট্ৰৰ বাবে এই চৰকাৰ  উপযুক্ত নহয়।এককেন্দ্ৰীয় চৰকাত জনসাধাৰণে সক্ৰিয় ভাৱে দেশৰ শাসন কাৰ্যত অংশগ্ৰহণৰ সুবিধা নাপায়। ফলত জনসাধাৰণৰ ৰাজনৈতিক সক্ৰিয়তা কম হয়। এখন মাত্ৰ চৰকাৰ থকাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত অধিক কামৰ বোজা পৰে। তাৰ ফলত আঞ্চলিক সমস্যা সমূহে  গুৰুত্ব নাপায়।যদিও স্থানীয় প্ৰশাসনিক গোট থাকে তথাপি এই গোট বিলাকে স্বতন্ত্ৰতাৰ অভাৱত সমস্যা  সমাধানত ব্যৰ্থ হয়। এককেন্দ্ৰীয় চৰকাৰ অধিক আমোলাতান্ত্ৰিক হোৱাৰ হেতুকে এই চৰকাৰত আমোলাসকলেই প্ৰকৃততে শাসন চলাই এনে চৰকাৰত চ্ছেস্বাচাৰী হোৱাৰ আশংকা অধিক।

বিজ্ঞান (X)

Post a Comment

1 Comments

  1. কৃতিত্ববাদ আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ মাজত পভেদ

    ReplyDelete