লক্ষ্মীনাথ বেজবৰুৱাৰ (মোৰ মাতৃমুখ দর্শন)_ Class_ XII ৰ পাঠটিৰ আধাৰত।


লক্ষ্মীনাথ বেজবৰুৱাৰ (মোৰ মাতৃমুখ দর্শন)_ Class_ XII ৰ পাঠটিৰ আধাৰত।


 মোৰ মাতৃমুখ দর্শন

পাঠটো নিৰ্বাচন কৰাৰ উদ্দেশ্য

লক্ষ্মীনাথ বেজবৰুৱাক আধুনিক অসমীয়া সাহিত্যৰ কাণ্ডাৰী বুলি কোৱা হয়। কবিতা, নাটক, উপন্যাস, চুটিগল্প আৰু প্ৰবন্ধ সকলো ক্ষেত্ৰতে তেওঁ উল্লেখযোগ্য অবদান আগবঢ়াই অসমীয়া সাহিত্য সমৃদ্ধ কৰিছে। 'সাহিত্যৰথী' থিতাপেৰে অভিহিত বেজবৰুৱাৰ ৰচনাৰাজি অসমৰ জাতীয় সম্পদ স্বৰূপ। সেইবাবে অসমৰ ছাত্ৰ-ছাত্ৰীয়ে বেজবৰুৱা আৰু তেওঁৰ ৰচনাৰ বিষয়ে জ্ঞান লাভ কৰাটো নৈতিক কৰ্তব্যৰ ভিতৰত পৰে। বেজবৰুৱাই আত্মজীবন-কথা 'মোৰ জীৱন সোঁৱৰণত প্ৰকাশ কৰাৰ উপৰিও আলোচনীৰ পাতত কেইবাটাও আত্ম-জীবনীমূলক প্রবন্ধ আৰু ভ্ৰমণ কাহিনী লিখিছিল। তেওঁৰ আন - ৰচনাৰ দৰে, সাহিত্যিক সৌন্দৰ্যৰ বিচাৰত নিমজ কথাশৈলীত ৰচিত এই প্রবন্ধকেইটিও উৎকৃষ্ট সৃষ্টি হিচাপে চিহ্নিত। ছাত্ৰ-ছাত্ৰীসকলক বেজবৰুৱাৰ তেনে ৰচনাৰ সোৱাদ দিয়াৰ উদ্দেশ্যে এই পাঠটি নির্বাচন কৰা হৈছে। লেখক পৰিচিতি :


সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ (১৮৬৪ - ১৯৩৮) জন্ম হয় অবিভক্ত নগাঁও জিলাৰ আঁহতগুৰিত শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা ১৮৮৬ চনত এন্ট্রেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ উচ্চ শিক্ষা গ্ৰহণৰ বাবে কলকাতালৈ যায়। কলকাতাৰ জেনেৰেল এছেমরি ইনষ্টিটিউশানৰ পৰা তেওঁ বি. এ. পাছ কৰে আৰু ইংৰাজীত এম. এ. আৰু আইন পঢ়া আৰম্ভ কৰে যদিও সিবোৰত ডিগ্রী নোলোৱাকৈয়ে এৰে। তেওঁ কলকাতাত থকা কালতে অসমীয়া ভাষা উন্নতি সাধিনী সভা' (অ. ভা. উ. সা, সভা)ৰ প্ৰতিষ্ঠা আৰু 'জোনাকী' আলোচনী প্ৰকাশত আগভাগ লয়। বংগৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্রজ্ঞা সুন্দৰী দেৱীৰ লগত তেওঁৰ বিবাহ সম্পন্ন হয়।


লক্ষ্মীনাথ বেজবৰুৱাৰ নেতৃত্বত 'জোনাকী'ৰ জৰিয়তে অসমীয়া সাহিত্যলৈ ৰমন্যাসৰ ধল প্রবাহিত হয়। তেওঁ অসমীয়া চুটিগল্পৰ জনক। 'জোনাকী'ৰ "পাতত, তেওঁৰ দ্বাৰা ৰচিত গল্পৰ জৰিয়তে অসমীয়া চুটিগল্পৰ শুভাৰম্ভ ঘটি বিকাশৰ যাত্ৰাৰ সূচনা হয়। বেজবৰুৱাৰ প্ৰতিভা বহুমুখী। কবিতা, নাটক, চুটিগল্প, ৰমাৰ্চনা, প্রবন্ধ, সমালোচনা, জীবনী আদি অসমীয়া সাহিত্যৰ সকলো দিশতে তেওঁৰ বৰঙণি অতুলনীয়। তেওঁৰ উল্লেখযোগ্য গ্রন্থসমূহ হ'ল * ধেমেলীয়া নাটক লিতিকাই, পাচনি, নোমল, চিকৰপতি নিৰপতি, পুৰঞ্জীমূলক নাটক, জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ, বেলিমাৰ, উপন্যাস —পদুম কুঁৱৰী' কবিতা — কদমকলি, চুটিগল্প জোনবিৰি, সাধুকথাৰ ঝুঁকি, সুৰভি, কেহোকলি, সাধুকথা বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি-ল'ৰা, জুনুকা, হাস্য-ব্যংগ) চেনা কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ ওভতনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি, জীৱনী ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত, শ্ৰীশ্ৰীশংকৰদেৱ, মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ) (আত্মজীৱনী মোৰ জীৱন সোঁৱৰণ, (তত্ত্বমূলক গ্রন্থ – তত্ত্বকথা, শ্ৰীকৃষ্ণকথা) বৈজবৰুৱাই 'বাহী' আলোচনী সম্পাদনা কৰিছিল। ১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত


হোৱা অসম সাহিত্য সভাৰ অধিবেশনত তেওঁ সভাপতিত্ব কৰিছিল। বেজবৰুৱাই সাতটা খণ্ডত ৰচনা কৰা 'মোৰ মাতৃমুখ দর্শন' শীর্ষক দীঘলীয়া অসম ভ্রমণ কাহিনীটোৰ প্ৰথম তিনিটা খণ্ড পাঠ হিচাপে নির্বাচন কৰা হৈছে। পাঠটো, ড° নগেন শ‍ইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী (প্ৰথম খণ্ড)ৰ পৰা লোৱা হৈছে।


প্রথম আধ্যা

ডেৰকুৰি কি দুকুৰি বছৰৰ মূৰত এইবাৰ মোৰ মাতৃমুখ দর্শন ঘটিল। ইমান বছৰ মই মোৰ জীৱনটো বাহিৰে বাহিৰে কটায়েই বুঢ়া কৰিলোঁ। কাৰ্যটো নিশ্চয় আপা। কিন্তু কিন্তু যে তেনে হৈছিল, তাৰ সন্তোষজনক কৈফিয়ৎ মই দিব নোৱাৰোঁ। মহাপুৰুষৰ কীৰ্তনঘোষাত আছে,

"নকৰিলোঁ শিৰে মাধৱক নমস্কাৰ।

ইটো মাথাপোট মোৰ ভৈল মহাভাব"।।

ইত্যাদি পদবোৰো মোৰ বিষয়ে ঘটাই চলাই দিব পাৰি, মাথোন মাধৱৰ ঠাইত মাতৃ শব্দটো বহুৱাই দিলেই হ'ব। সিদিনা শিৱসাগৰত বহা এখন সভাত মোৰ ডেকা বন্ধু এজনে মোৰ এনে আচৰণৰ বিষয়ে কাৰণ এটা দিছিল, মই হেনো গল্প বা ওফোন্দ পাতিহে এনে কৰি আছিলোঁ। মই অৱশ্যে তেওঁক তেতিয়াই কৈ দিবলৈ নহ'ল, যে 'ৰামশ্চন্দ্ৰ। সেইবোৰ একো নহয় দেওহে। গাপো নহয় ওকোন্দো নহয়। হয় যদি ই এটা শাওপাতহে। শাওপাতত পৰিলে মানুহে পানীত এডিঙিলৈকে নামিও পিয়াহত শুকাই মৰে। মহাত্মা কবীৰে কৈছিল

"পানীমে মীন পিয়াসী।

মোক শুনত শুনত লাগে হাসি"।।

শাওপাত সন্নিপাতে পোৱা দুটা প্রাণীয়ে নৈখনৰ ইপাৰে এটা আৰু সিপাৰে আনটো থাকি একেলগ হ'বলৈ নাপায়, ওবোতি চিঞৰি কান্দি মৰে। এনেকুৱা শাওপাতত পৰিয়েই একঠা মাটিৰ নিমিত্তে দুই ভায়ে কিলাকিলি মৰামৰি গোচৰ ফৰিয়াদ কৰি সৰ্বস্বান্ত হৈ মৰে, তথাপি আপোচে মিতমাত কৰি মিলিজুলি পৈতৃক সম্পত্তি খাইমেলি থাকিব নোৱাৰে। এনে শাওপাতৰ নিমিত্তেই দুর্যোধনে পাঁচ পাণ্ডৱক পাঁচখন গাঁও দিয়ক ছাৰি ৰেঞ্জীৰ আগটোৱে ঢাকিব পৰা মাটিকন পর্যন্ত নিদিওঁ বুলি যুঁজ কৰি মৰিল। শাওপাত বা খোদার গজপত পৰি দুই ভাই হিন্দু মুছলমানে ফুটুকাৰ ফেন সোপা বা নকটা খেৰৰ নশ-মুঠিৰ ভাগ বিচাৰি, মিছাতে দ্বন্দ্ব হাই কটাকটি কৰি মাৰি লোকৰ হাঁহিয়াতৰ পাত্ৰ হ'ব লাগিছে, তথাপি তেওঁলোকৰ গালৈ চেতন অহা নাই। মথুৰা আৰু বৃন্দাবনৰ মাজত ব্যৱধান হুমইিল কি দহ মাইল। বিধিৰ এনে বিধানতে পৰিয়েই বৃন্দাবনচন্দ্রই এইফোকে তেই মথুৰাৰ পৰা গৈ বৃন্দাবনত মাক-বাপেক আৰু গোপীসকলক দেখা দিব পৰা নাছিল। সাঁতোৰা বিদ্যাত পানীৰ পোক যেন একোজন নিয়তিৰ হাতত পৰি একাটু পানীত পৰি বুধি মৰে। বিধিলিপি আগ্ৰাহ্য কৰিব নোৱাৰিয়েই অমুক লক্ষপতিয়ে ধন খৰচৰ ভয়ত লঘোনে থাকি আঁঠুমুৰীয়া চুৰিয়া পিন্ধি জীবন কাটায়। এনে শাওপাতৰ পাকত পৰিয়েই অমুক মাৰোৱাৰী মহাজনে ডাক্তৰক ভিজিট দিবৰ ভয়ত, ধন আৰু নোটেৰে খুন্দা খাই থকা লোৰ পেৰাৰ সঁচাৰকাঠীটো নিজৰ গাৰুৰ তলত থৈ ডাক্তৰক নামাতি লেকেটীয়া নৰিয়াত ভুগি মৰি যায় আৰু এনে গঢ়ৰ শাওপাতত পৰিয়েই ছশ রূপ দৰ্মহা পোৱা অমুক ছজজে খৰচৰ ভয়ত জাৰকালি মাথোন ফটা কথা এখন গাত মেৰিয়াই লৈয়েই চালপীৰাত বহি জজমেন্ট লেখি জীৱন কটায়। সেইদেখি মুঠতে কওঁ যে মোৰ এই কাৰ্য গপ, অহংকাৰ, অভিমান বা ওফোন্দৰ শাৰীৰ নহয়। ই বিধিৰ বিতা বিধানং অদৃষ্টৰ ফল, বলৱন্ত নিয়তিৰ নিয়মিত। ৰাৱণে কৰিবলৈ পাখি থোৱা স্বৰ্গৰ জখলাটো কৰিব নোৱাৰিলে, লোণ সাগৰখন বুলিলেও, সিঁচি পেলাই, লংকাৰ চাৰিওফালে গাখীৰৰ সাগৰখন বোৱাই আনিব নোৱাৰিলে, ঠিক এনেকুৱা দৈৱৰ বলতেই।

কোনো মানুহক সবাইলৈ নিমন্ত্ৰণ কৰা আৰু তাক টেকেলা লগাই ধৰাই লৈ যোৱা, এই দুটাৰ ভিতৰত প্ৰভেদ বিস্তৰ। নিমন্ত্রণ পাওঁতাজনৰ সবাহলৈ যাবৰ মন থাকিলেও আৰু সবাহত তেওঁৰ অপাৰ আনন্দ লাভৰ সম্পূ আগন্তুক থাকিলেও, অনেক সময়ত এলাহ, ভাগৰ, থেৰোগেৰো ইত্যাদি এশ এটা মনে গঢ়া আহুকাল তাৰ ভিতৰত সোমাই সেইবোৰে জুমুৰি দি ধৰি ইখন খেলিমেলি লগাই তাত ব্যাঘাত জন্মায়। কিন্তু তেওঁক ধৰি লৈ যাবলৈ অহা টেকেলাৰ লাখুটিৰ লগত সেই মকৰা জালবোৰ আৰু থাকিব নোৱাৰে। যাম, যোৱাটো উচিত, গ'লে ভাল, নোযোৱাটো বেয়া ইত্যাদিবোৰ যদিও ঘুনপেচ মৰা গাভৰুৰ দলৰ দৰে তথাপি হামি, হেকটি, ভাগৰ, খৰচৰ ভয় প্রভৃতি নিগনি, শলিয়া, বিছা, চেলা, পঁইতাচোৰাৰ হঠাৎ তেওঁলোকৰ আগত আবিৰ্ভাৱ হ'লে, সেই দলটি সম্ভৱতঃ ছেদেলি-ভেদেলি হ'ব। “আহিবই লাগিব, এৰণ নাই' এইষাৰ 'আহক, অহা উচিততকৈ' নিশ্চয় বলী। মাতৃভূমিয়ে এই চিৰপ্রৱসুৱাক সদায় মাতি আছিল, কিন্তু সেই মতা ৰাজহুৱা ডাক। এই ডাক যদিও বিৰাট তথাপি সি নির্দিষ্ট আকৃতি গ্ৰহণ কৰি মোৰ আগত দেখা দিয়া নাছিল দেখি তাৰ শক্তি মোৰ পক্ষে বিক্ষিপ্ত আৰু দুৰ্বল হৈ আছিল। বিষ্ণু সর্বব্যাপী সবস্থিত ব্যাপ্ত অৱস্থাত এই বিভুৰ শক্তি যদিও বিৰাট মহান, তথাপি সৰ্বসাধাৰণ বিষয়ী সংসাৰীৰ পক্ষে সি ক্ষীণ। কিন্তু যেতিয়া তেওঁ ভক্তৰ আহ্বানত নিৰ্দিষ্ট মূৰ্তি পৰিগ্ৰহ কৰি বাহিৰ হয়, তেতিয়া সি ঘোৰ নৰসিংহৰূপী, হিৰণ্যকশিপুৰ কালান্তক আৰু প্ৰ দিৰ প্ৰশান্ত পুৰুষ তেতিয়া সেই শক্তি অগ্রাহ্য অমান্যৰ স্ফটিকৰ স্তম্ভৰ বাহিৰত। মাতৃৰ ব্যাপ্ত অশৰীৰী ডাকে যেতিয়া মূৰ্তি পৰিগ্ৰহ কৰি বাজ হ'ল, তেতিয়া আৰু এই অধম সন্তানৰ মূৰ তেওঁৰ চৰণত ভক্তি গদগদভাৱে স্বভাবতে নত হৈ পৰিল। তেতিয়া এলাহ, অমনোযোগ, শৈথিল্য, সকলোবোৰ নৃসিংহৰ আগত দৈত্যেন্দ্ৰৰ নিচিনা ক্ষুদ্রাতিক্ষুদ্ৰ হৈ পৰিল ।

"নেদেখিয় দৈত্যেন্দ্ৰক নৃসিংহৰ পাশে।

লুকাই পতঙ্গ যেন অগনিত ভাসে"।।

দুৰ্গা পূজাৰ বন্ধত ৰে'ল কোম্পানীয়ে যাত্ৰীক ভেৰোণৰ সুবিধা কৰি দিয়া সুবিধাকে লৈ ১৯৩০ খ্ৰীষ্টাব্দৰ ১৯ ছেপ্টেম্বৰত অসমলৈ বুলি যাত্ৰা কৰি আমি সম্বলপুৰ এৰিলোঁ। লগত মোৰ সহধর্মিণী আৰু সৰুটি কন্যা। মানুহৰ মুখে মুখে প্রচলিত একাষাৰ সংস্কৃত শ্লোক আছে যে 'পথে নাৰী বিবর্জিতা।'

ক'ব নোৱাৰোঁ সেই শ্লোক কোনে কৰিছিল। মই কিন্তু তাৰ অনুশাসন ম নচলোঁ। নিশ্চয় শ্লোক কৰোতাই তিৰোতাক গলগ্রহ ভাবি সেই শ্লোক বানা কৰিছিল। হ'ব পাৰে, নানা কাৰণত শ্লোক ৰচকৰ তেনে অৱস্থাত দু ঘটিছিল। সেইদেখি শ্লোক ৰচক পুতৌৰহে যোগ্য, খঙৰ নহয়। মই কওঁ মোৰ বহুদৰ্শনত 'পথে নাৰী বিবর্জিতা' নহয় সম্পূজিতাহে। বয়বস্তু দেখাশুনা লাগিলে ৰে'লৰ টিকট পর্যন্ত কিনা, ঘণ্টাই ঘণ্টাই ফলটো, পিঠা চাহপানীটোপা যতনাই খুৱাই বাটৰ ভোকক ৰে'লৰ খোঁটালীৰ ভিতৰৰ পৰা গতিয়াই উলিয়াই দিয়া, শুবলৈ পাৰ্টীখন পাৰি দিয়া, গাৰুটো মূৰৰ তলত গুজি দিয়া, আবশ্যক হলে বিচনীৰে মুৰৰ ওপৰত বিচি ঘামৰ কণকঠীয়া মৰা ইত্যাদি এশ এটা সৰু-বৰ কাম ৰে'লৰ পথত আমাৰ তেওঁৰ দ্বাৰাই সুসম্পাদিত হৈ যাত্ৰা সুখাতিসুখকৰ মোৰ পক্ষে সদায় হয়। সেইদেখি মই ক'বলৈ বাধ্য যে মোৰ পক্ষে নাৰী পথত যে গলগ্রহ নহয়েই বৰং গলৰ মালাহে হৈ পৰে আৰু কবিতা কৰি ক'লে, সিয়ো মালতীৰ মালা।

বি. এন. আৰু অৰ্থাৎ বেংগল নাগপুৰ ৰে'লৰ ঝাৰচোগোড়া জংছন সম্বলপুৰৰ পৰা ৩১ মাইল দূৰত। গধূলি চাৰে পাঁচ বজাত সম্বলপুৰত ৰে'লত উঠি দুঘণ্টামানৰ মূৰত ঝাৰচোগোড়া পোৱাগৈ যায়। তাত চাৰে সাত বজাত কলিকতাৰ ফালে যোৱা বোম্বাই মেইল গাড়ীত উঠিব লাগে। কিন্তু সেইদিনা আমাৰ কপালত দুৰ্গতি লেখা আছিল, গতিকে ডাকগাড়ীৰ সৈতে আমাৰ ৰাহি নাহিল। আমি ঝাৰচোগোড়া পোৱাৰ আগতে বোম্বাই মেইলে আমাৰ বুকুত বিৰহৰ অগনি জ্বালি দি গুচি গ'ল। ডাকগাড়ী হেৰুৱাই আমি না-জল না-স্থলত পৰিলোঁ। আমাৰ সম্বলপুৰৰ গাড়ীয়ে যে পলম কৰি আহি মেইল ধৰিব নোৱাৰিলে, তাকে গুণি-গাথি আমাৰ বিলাই বিপত্তিৰ কাৰণে সম্বলপুৰৰ গাড়ীক পাৰোঁ মানে গালি পাৰি ঝাৰচোগোড়া ষ্টেশানতে বহি আছোঁহঁক। এনেতে কোনোবাই ক'লে যে ৰাতি দুই কি তিনি মান বজাত এখন পেছেঞ্জাৰ গাড়ী ঝাৰচোগোড়াৰ পৰা কলিকতালৈ যায়, সেইখনতে আমাৰ যোৱা উচিত।

নিরুপায় হৈ টোপনি ক্ষতি কৰি খাপ দি সেই শেহৰাতীয়া গাড়ীখনতে উঠিলোঁহঁক। ফলত, ৰাতি বাকীডোখৰ আৰু পিছদিনাৰ গোটেইটো দিন, সেই ঢেকে ঢেকে পেছেঞ্জাৰ গাড়ীতে হুপি কুৰি তাৰিখে ৰাতি আঠমান বজাত কলিকতা পালোগৈ। বাটত আমাৰ অনাহাৰ বুলিলেও, সৰহকৈ বঢ়াই কোৱা নহয়। যাওঁতে মনত খেলাইছিল যে হিচাপৰ বহীত ইমান বছৰৰ বাকী পৰি থকা আঁউসী, একাদশীবোৰে সিহঁতৰ পাওনা বাচিল কৰিবলৈ যেন হাতত ৰামটাজোন লৈ কাবুলীৰ দৰে আমাৰ গাড়ীৰ খোঁটালীৰ দুৱাৰমুখত থিয় আছে আৰু লাখুটিৰ আগেৰে বাকী পাওনা আদায় কৰি লৈহে উভতি যাব। আচলতে মেইল গাড়ীত মাথোন ৰাতিটো গৈ পুৱাই কলিকতা পামগৈ বুলি আমি লগত খাবলৈ প্ৰায় একোকে নিয়া নাছিলোঁ। প্রায় এইবাবে বুলি যে দিনৌ চাৰি সাজকৈ খাই বদঅভ্যাসত পৰা আমাৰ লগত যি আছিল, সিনিঃ স সন্ধিৰ 'ৰ'ৰ আগৰ পৰা বিসর্গ লোপ হৈ নীৰস হোৱাৰ দৰে এসাজতে নীৰ হৈ লুপ্ত হৈ গ'ল। পেছেঞ্জাৰ গাড়ীত ডাইনিং কাব নাথাকে। বাটৰ দুঠাইত এঠাইত যি 'বিফ্লেছমেন্ট কম' আছে, সেইবোৰে পেছেঞ্জাৰ গাড়ীৰ অধীনতা স্বীকাৰ নকৰে তথাপি গাওঁক কৈ ঘৰগপুৰ আৰু চক্ৰধৰপুৰ বিফ্লেছমেণ্ট কমৰ মেনেজাৰলৈ মই টেলিগ্ৰাম কৰালোঁ, যাতে আমালৈ অলপ আহাৰৰ আয়োজন কৰি থয়। কিন্তু ক'ব টেলিগ্রাম ক'লৈ উৰি গ'ল, তাৰ কৰ্তা কৰ্ম কৰণ অধিকৰণসকলেহে জানে। সেই দুই ঠাইতে ৰিয়েছমেণ্ট ৰামৰ মেনেজাৰে আমালৈ একো আয়োজনকে নকৰি, টেলিগ্রাম নাই পোৱা বুলি কৈ গা সাৰিলে, যদিও আমি আমাৰ পেটৰ ভোকক তেনেকৈ কিবা এটা কৈফিয়ত দি গা সাৰিব নোৱাৰিলোঁহঁক। ফুটা নাৱত চিৰচিৰকৈ পানী সোমোৱাদি ওৰে দিনটো আমাৰ পেটত ভোকে চিৰচিৰাই আছিল। নাৱৰীয়াই নাৱৰ ফুটাত ফটাকানিৰ সোপা দিয়াদি | ষ্টেশানত বিক্ৰী কৰা কচুৰি শিঙৰা এসোপাকৈ কিনি লৈ আমি যদিও ভোকৰ ফুটাত সোপা দিবলৈ ধি কিন্তু গাখীৰৰ হেঁপাহ খোলে কেনেকৈ পলুৱায়? তেনে অৱস্থাৰেই ভোকত লেকাত লাগি গৈ আমি ৰাতি কলিকতা পালোঁগৈ৷ য'ত উঠিলোগৈ, তাত লৰালৰিকৈ ভাত আৰু মাহৰ আঞ্জা ৰন্ধাই খাই পেটক প্রবোধ দি সেই ৰাতিৰ নিমিত্তে শুই থাকিলোঁহঁক। ক'বলৈ পাহৰিছোঁ যে বাটত আমাৰ অশান্তি বাহিৰে ভিতৰে সমানে চলিছিল। মগনিয়াৰে বাটৰ এফালৰ পৰা আৰম্ভ কৰি ঘৰে ঘৰে মাগি পইচা বুটলি ফুৰাদি পেছেঞ্জাৰ গাড়ীয়ে প্ৰায় সকলো ষ্টেশানতে ৰৈ ৰৈ যাত্ৰী বুটলি ফুৰে। আমি ঝাৰচোগোডাৰ পৰা যাওঁতে আমাৰ দ্বিতীয় শ্ৰেণীৰ খোঁটালীত আন কোনো নাছিল। কিন্তু লাহে লাহে আমাৰ গাড়ীখনে দুজন-এজনকৈ যাত্রী বুটলি আমাৰ খোঁটালী ভৰাই পেলালে। আটাইতকৈ আহুকালৰ কথা হৈছিল, বাটৰ এটা ষ্টেশানত। উঠিব নোৱৰা বৰ নৰিয়া পৰা ল'ৰা এটাক মাক-বাপেকে কোলাত লৈ, দুটা-তিনিটা মানুহেৰে সৈতে আমাৰ খোঁটালীত সোমালহি৷ ল'ৰাটোক কলিকতাত চিকিৎসা কৰাবলৈ লৈ গৈছিল। তেওঁলোক সোমায়েই খোঁটালীটোৰ খিৰিকী-দুৱাৰবোৰ মাৰি দিলে,— নৰিয়াৰ গাত চেঁচা বতাহ লাগে বুলি । ফলত, যাত্ৰীৰে খুন্দ খোৱা খোঁটালীটো চিৰাজদৌলাৰ অন্ধকুপ যেন হ'ল। ভদ্ৰতা আৰু পৰহিতৰ অনুৰোধত আমি সেই জুলুম নীৰৱে সহিবলগীয়াত পৰিছিলোঁ।


দ্বিতীয় আধ্যা

একৈশ ছেপ্টেম্বৰ তাৰিখে শিয়ালদহ ষ্টেশান এৰি বাইশ তাৰিখে গুৱাহাটী পালোঁগৈ। ব্ৰহ্মপুত্ৰ পাৰ হোৱা জাহাজখন পাণ্ডুঘাটৰ ওচৰ চাপিলতে আমাক লৈ যাবলৈ অহা মোৰ অতি প্ৰিয় দুজন মানুহৰ মুখত হাঁহিমুখ দেখি আমাৰো মুখত হাঁহি বিৰিঙিবলৈ ধৰিলে। সেই হাস্যবদন দুখনৰ গৰাকী ‘মাজিউ' আৰু 'জ্ঞান'। তেওঁলোকে আগেয়েই আমি অহা খবৰ পাই আমাক লৈ যাবলৈ আহিছিল। ‘মাজিউ' আৰু 'জ্ঞান' এই দুটা গুৱাহাটীৰ দুজন প্রখ্যাত লোকৰ নাম— অৱশ্যে সুকীয়াকৈ মোৰ নিমিত্তে। ম‍ই তেওঁলোকক সেই সেই নামেৰে মাতি সুখ পাওঁ দেখি তেওঁলোকৰ জনাজাত ডাঙৰ নামে তাত ব্যাঘাত নজন্মায়। মাজিউ নামটো সুকবি সুবিখ্যাত চাহ খেতিয়ক সদাগৰ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা ডাঙৰীয়াৰ আৰু জ্ঞান নামটো আৰ্ল ল কলেজৰ প্রসিদ্ধ প্রিন্সিপাল, উপহাদয় মিষ্টাৰ জে. বৰুৱা বেৰিষ্টাৰ এট লব। এই দুটি উজ্জ্বল তৰাই মোৰ নিমিত্তে গুৱাহাটীখন পোহৰাই ৰাখিছে। সেইদেখি গুৱাহাটীৰ ফালে মুখ কৰিলেই মোৰ মনত সুখৰ লহৰী উঠে। তেওঁলোকৰ ঘৰ মোৰ নিজৰ ঘৰ হৈ পৰে। তেওঁলোকৰ আদৰ, যত্ন আৰু মৰমে মোৰ জয় পৰা জীৱনটোত জীপ দি ঠন ধৰায় ।

আৰু অনেক কাৰণত গুৱাহাটীক মোৰ ভাল লাগে। তাৰে গোটাদিয়েক হৈছে এই — (১) প্রাকৃতিক সৌন্দর্য, (২) ঐতিহাসিক উৎকর্ষ, (৩) প্রাচীন। জ্ঞান-গৌৰৱৰ গৰিমা । অসমীয়াৰ জীৱন বেদৰ পাত এইবোৰে প্ৰথমতে গুৱাহাটীতেই মুকলি কৰি দেখুৱায়। কালৰ পীড়নত আজিৰ অসম - শীর্ণ দীর্ণ। তথাপি গুৱাহাটীৰ বুকুত সেইবোৰ অবিলুপ্ত। অসমযাত্রী বিদেশীয়ে অসমীয়াৰ ঢকুৱাৰ বেৰ গুৱাহাটীত নেদেখে ববং যিমানকে চকু মেলে সিমানলৈ বৰচুৰিয়াৰ ফেৰহে দেখিবলৈ পাব। ব্ৰহ্মপুত্ৰৰ মাজৰ উমানন্দ, পাৰৰ কামাখ্যা, অশ্বক্রান্ত আদি অলেখ অতুলনীয় প্রাকৃতিক সৌন্দর্যই সেই বিদেশীৰ চকুত জলক লগাব। তীর্থযাত্ৰীৰ প্ৰাণৰ তীৰ্থস্পৃহা গুৱাহাটীয়ে পলুৱাব। পৰিশ্রমী প্রত্নতাত্ত্বিকক প্রাচীন জ্ঞানৰ দুৱাৰ গুৱাহাটীয়ে মুকলি কৰি মনত বিস্ময় লগাই দিব। কবিৰ হৃদয়ৰ কোমল কুসুমকলি গুৱাহাটীয়ে ফুলাই দি তেওঁৰ জীৱন আমোলমোল কৰি দিব আৰু পিছত সেই কবিৰ ৰচনাই কাব্যৰসৰ মন্দাকিনী নমাই বোৱাই আনি কাব্যমোদীসকলৰ অন্তঃকৰণ সঙ্গীর সচেতন কৰি দিব। তত্ত্ব আৰু তথ্যানুসন্ধিৎসুৰ আগত বওঁৰালৰ বৰদুৱাৰ মেলি দি অক্ষয় ৰত্নৰাজি প্ৰকাশ কৰি দিব গুৱাহাটীয়ে। এনেকুৱা গুৱাহাটীয়ে যে অসমৰ আন সকলোবোৰ জিলাতকৈ এই লেখকৰ মনত বেছি প্ৰভাৱ বিস্তাৰ কৰিব, তাত আশ্চর্য কি?

সম্বলপুৰতে মোৰ গাত ঘুঘুয়া জ্বৰে বাহ লৈছিল। ডাক্তৰৰ দ্বাৰা তাৰ নামকৰণ হৈছিল 'মেলেৰিয়া'। সকলোৱে জানে যে এই লেখক বেজবৰুৱা ঘৰৰ ল'ৰা। মই মোক ল'ৰা বোলাত আশা কৰো পাঠকসকলে নাহাঁহিব। ল'ৰা শব্দটোৰ মানে এইখিনিত কি, সেইটো কোৱাই বাহুল্য। লেখকৰ পিতৃদেৱতা রাজঘৰীয়া বেজ আছিল। আয়ুৰ্বেদ শাস্ত্ৰত যে তেওঁৰ জ্ঞান সুপৰিপক আছিল, এই কথা আগৰ তৰপৰ অসমীয়াই জানে। তেওঁৰ মুখত মেলেৰিয়া জ্বৰ কথাটো মই কেতিয়াও শুনা নাছিলোঁ। মেলেৰিয়া কথাটো আয়ুৰ্বেদৰ অবিদিত, ইংৰাজী সভ্যতা আৰু ডাক্তৰী শাস্ত্ৰৰ দ্বাৰাই আনীত। এই কলীয়া চাবোন, চুনট, চেলেউৰ দৰে যদিও সি বিদেশৰ আমদানি তথাপি সি আজিকালি আমাৰ ঘৰৰে এটা হৈ পৰিছে, সেইদেখি তাক অগ্রাহ্য কৰিবৰ উপায় নাই। দিনৌ আবেলিৰ পৰা মোৰ গাত অলপ অলপ জ্বৰ উঠি সেই জ্বৰ প্ৰায় আদখিনিমান ৰাতিলৈকে থাকিছিল। কিন্তু ম‍ই গুৱাহাটী পালতে, বৰ আনন্দৰ হেঁচাত বোধকৰোঁ মেলেৰিয়া টেপা খাই পলৰীয়া হ'ল, যদিও সি তাৰ লগৰীয়া কপটিক মোৰ গাত চৰিবলৈ এৰি থৈ যাবলৈ পাহৰা নাছিল। কটন কলেজৰ মোৰ ছাত্র-বন্ধুসকলে সেইদিনাই গধূলি সভা পাতি মোক অভিনন্দন দি সন্মানিত কৰিলে। সভালৈ যাওঁতে মোৰ গাত জ্বৰ নাছিল যদিও তাৰ বাবে মোৰ গাত বন্ধ খাই থকা ডাঠ কৰপাৰ অভাৱ নাছিল। কিন্তু আগ্রহ, সমাদৰ আৰু অনুৰোধ অমান্য কৰিবৰ শকতি ঈশ্বৰে মোক দিয়া নাই, গতিরে যেথা নিযুক্তোহস্মি তথা কৰোমি। সভালৈ গৈ দেখিলোঁ, মোৰ ছাত্ৰ- বন্ধুসকলৰ কি উৎসাহ। কি আনন্দ। মই সমাজিকতো ভবা নাছিলোঁ যে তেওঁলোকৰ হৃদয়ৰ এছোৱা এই অকামিলা এলাবাদু লেখকে কেনেবাকৈ এইদৰে অধিকাৰ কৰি থৈছিল। একো একোটি ডেকা ল'ৰাৰ গঢ়িত প্ৰফুল্ল মুখ দেখি সঁচাকৈয়ে মই উৎফুল্ল হৈ, মোৰ বৃদ্ধত্ব জ্বৰত পৰিহাৰ কৰি তেওঁলোকৰ লগতে ডেকা হৈ পৰিছিলোঁ। (তেওঁলোকৰ একোজনে শুৱলাকৈ ইংৰাজী আৰু, আসমীয়া ভাষাত বক্তৃতা দিছিল। জনচেৰেকে সুললিত কণ্ঠেৰে সংগীত গাইছিল আৰু জনচেৰেকে ওজাপালি হৈ সুন্দৰ অংগী-ভংগীৰে হাস্যৰসপূর্ণ বিয়াহ গাই আমাক নথৈ আনন্দ দিছিল আৰু লগে লগে নুমাওঁ নুমাওঁ হোৱা মোৰ সৰুকালৰ আনন্দৰসৰ বস্তিগছত তেল দি তাৰ শলাকানি বঢ়াই দিছিল। নিশ্চয় গুৱাহাটীত কলেজ আৰু শিক্ষাৰ কেন্দ্ৰ হোৱাৰ নিমিত্তে যে এনে সুফল ফলিছে, তাক নক'লেও হ'ব। মোৰ মনত বৰ ৰং লাগিছে যে তাহানি গুৱাহাটীত কলেজ হোৱা উচিত নে কলিকতাত চৰকাৰী বৃত্তিৰ সংখ্যা বঢ়াই দি বেছিসংখ্যক অসমীয়া ছাতৰক পঢ়িবলৈ দিয়া উচিত, এই আন্দোলনত এই লেখকে গুৱাহাটীত কলেজ হোৱাৰ সপক্ষে যথাসাধ্য চেষ্টা কৰিছিল।


২৩ তাৰিখে গুৱাহাটী এৰি ডিবুৰুমুৱা হৈ ২৪ তাৰিখে পুৱা ন মান বজাত ডিবুৰুগড় পালোগৈ। ষ্টেশ্যনত অনেক চিনা-জানা মানুহেৰে সৈতে সাক্ষাৎ হ'ল আৰু তাৰ ভিতৰত মোৰ মাজুজনী ছোৱালী আৰু মাজু জোঁৱাইক আৰু মোৰ সৰু ভাইক দেখি মনত বৰ আনন্দ মিলিল। মই আগৰটো প্ৰবন্ধত (অর্থাৎ 'প্রথম আধ্যাত') ৰাজহুৱা ডাকতকৈও টেকেলাৰ ডাকৰ প্ৰবল প্রভাৱৰ কথা কৈছিলোঁ, কিন্তু সেইটোনো কোন টেকেলা, কাৰ টোকেলা, কেনে টেকেলা, তাৰ আঁতিগুৰিৰ বিষয়ে নকৈ কথাৰ তাঁতখনত খৰকৈ মাকো চলাই গ'লোঁ। কাৰণটো আন একো নহয়, মাথোন এই ভাবি যে সি যথাস্থানত প্রকাশ পাব। এতিয়া কওঁ যে সেই প্রবল পৰাক্ৰমী টেকেলাটো হৈছে – মোক ডিবুকলৈ নিবলৈ মোৰ মাজু জী-জোঁৱাইৰ আহ্বানৰ আগ্ৰহাতিশয্য। বোধকৰোঁ অনেকে জানে যে মোৰ মাজু ছোৱালীজনীক ডিবুৰুগড়ৰ সম্ভ্রান্ত পৰিয়ালৰ এঘৰৰ সুশিক্ষিত ডেকা এজনলৈ বিয়া দিছোঁ। প্রায় দুবছৰ হ'ব লগা হ'ল, মোক মোৰ জী-জোঁৱায়ে ডিব্ৰুৰুলৈ মাতি আছিল, কিন্তু মই নানা লেঠাত পৰি আজি যাম, কালি যামকৈ যাব পৰা নাছিলোঁ। এইবাৰ সেইদেখি তেওঁলোকৰ তাবেদাৰ ৰোহ, ঠেহ, অভিমান এই তিনিও আদালতৰ টোকেলা মোৰ আগত হাজিৰ হ'লহি। কাজেই এইবাৰ উপায় গৈ নিৰুপায়ৰ পদূলিমূৰ পালেগৈ। তাহানি হেনো এদিন পার্বতীয়ে মহাদেৱক ধিক্কাৰ দি কৈছিল, যে মহাদেৱে ভাং, ধতুৰা খাই বহি থাকে, গৃহস্থৰ কাম-কাজ একো নকৰে। আনকি ঘৰতে বৃষভটো আছে, সি ঘাঁহ -পানী খাই নোদোকাটো হৈ পৰিছে, তাৰেই হাল বাই খেতি বাতি কবি এগাল ধানকে নাজে ঘৈণীয়েকৰ এনে ককৰ্থনা শুনি মহাদেৱৰ মনত বৰ বেজাৰ লাগিল। তেওঁ তেতিয়াই খেতি কৰিবলৈ যাবলৈ দৃঢ়সংকল্প কবি বৃষভটোৰ ওপৰত উঠি টু টুক কৰে গৈ খেতি কৰিবলৈ লাগি গ'ল। তেখেত হ'ল দেবাদিদের মহাদে তেখেতে খেতিত ধৰিলে আৰু ৰাইখ কি? খেতি কৰি উভৈনদী কৰি পেলালে। তেওঁৰ খোৱা-শোৱা গুচিল । আনকি ঘৰলৈ আহিবলৈকো তেওঁ পাহৰিলে। পাৰ্বতীয়ে দেখিলে যে মহা মস্কিলখন হ'ল। গিৰীয়েক অঁকৰা মৈত উঠিল আৰু মৈৰ পৰা ননমাই হ'ল। গিৰীয়েকক মাতি আনিবলৈ পাৰ্বতীয়ে নন্দী ভূংগীকে আদি কৰি যোৰে যোৰে মানুহ পঠিয়াইহে পঠিয়ায়, গিৰীয়েক নাহে। একোকে উপায় নাপাই পাৰ্বতীয়ে নাৰদক ৰিপুৱা ধৰিলে। নাৰদে উভতি আহি ক'লে, যে মহাদেৱে কাৰো কথা নুশুনে, কোনো তেওঁৰ ওচৰকে চাপিব নোৱাৰে। অন্তত অনেক ভাবি-চিন্তি পার্বতীয়ে অসংখ্য ডাঁহ, মহ, চেৰেপা-চৰ্জন কৰি মহাদেৱক আমনি কৰিবলৈ পঠিয়াই দিলে। তাৰ পিছতো হেনো হাহা হুহু নামৰ মানসপুত্ৰ দুটা চর্জি পঠিয়াইছিল। হাহা হবে কি কৰিলেগৈ আমাক নালাগে, কাৰণ আমাৰ আখ্যানৰ নিমিত্তে মহ, ডাঁহ, চেৰেপাই যথেষ্ট। আমাৰ আখ্যানত অৱশ্যে মহ, ডাঁহ, চেৰেপা সৃষ্টিকাৰণী পার্বতীস্বৰূপিনী আমাৰ ঘৰৰ ঘৈণী নহয়, সেইজনা আমাৰ আদৰৰ দুহিতাহে। যি হওক, হাহা হুহুলৈ মই বাটকে নাচালোঁ, কাৰণ সিহঁতৰ অগ্ৰজ ডাঁহ, মহ চেৰেপাই মোৰ পক্ষে যথেষ্ট হৈ পৰিছিল। লৰুৱাই ডিবুৰুগড়ত পেলাই দিলেগৈ।


তৃতীয় আধ্যা

আমি ডিবুৰুগড় পোৱাৰ দিনাই, ৰাতিৰে পৰা তাত বৰষুণৰ ওৰা পাতিলে। বৰষুণ চেলেংপেটেং বিধৰ নহয়, ভালকৈয়ে গা সৰকি যোৱা। সেই লেলপেল বৰষুণ পোন্ধৰ দিনমানলৈকে চলি সি আমাৰ তেজ-মঙহ, হাড়-মগজু সোপাকে সেইট লগাই পেলাইছিল। বৰষুণৰ দৌৰাত্ম্যত আমি ক'লৈকো হৃষ্টচিত্তেৰে ফুৰিবলৈ ওলাই যাব নোৱাৰিছিলোঁ। ফলত আমি ৰাজনৈতিক বন্দীৰ দৰে একে ঠাইতে বন্দী হৈ ৰ'লোইক, অৱশ্যে আজিকালি চৰকাৰ বাহাদুৰে শ্রেণীবিভাগ কৰাৰ দৰে এ-শ্ৰেণীৰ বা বি-শ্ৰেণীৰ বন্দী নহয়, ৰাজবন্দীহে। কাৰণ চাৰিবেৰৰ ভিতৰতে আমাৰ আহাৰ-বিহাৰ আৰু নিদ্রাসুখ নির্বিঘ্নে সম্পাদিত হৈছিল, এই নিমিত্তে যে সেইবোৰ বিষয়ৰ জাইণ্ট চুপাৰিন্টেণ্ডেণ্ট অর্থাৎ যুটীয়া তত্ত্বাবধায়ক আছিল আমাৰ জী-জোঁৱাই। বেটীয়ে বাঢ়নীৰ ওপৰত খং সৰাদি, দিনৌ আমাৰ মূৰৰ ওপৰত পানী বৰ্ষা মেঘৰ ওপৰত আমি শাও বৰষি আমাৰ খং সাৰিছিলোঁ। কাইলৈ অ'ত ফুৰিবলৈ যাম, পৰহিলৈ তাঁত চিকাৰ কৰিবলৈ যাম, তাৰ পিছদিনা নাৱত উঠি গৈ ব্ৰহ্মপুত্ৰৰ বালিত বালিভাত খাম ইত্যাদি কথাৰ সাতহাল ৰাতি মাৰি থাকি কটাইছিলোঁ; কিন্তু পুৱা বৰষুণে বিধি-পথালি কৰি আমাক এহালো মাৰিবলৈ নিদিছিল। স্বৰ্গৰ খবৰ অৱশ্যে নাজানো। শুনিছোঁ তাত হেনো এজন ৰজা আছে, তেওঁৰ নাম ইন্দ্ৰ। তেওঁ থকা পুৰীখনো হেনো সুন্দৰ আৰু তাৰ নাম অমৰাৱতী। ৰজা থাকিলেই ৰাজসভা থকাটো দস্তুৰ পাত্ৰ মন্ত্ৰী, সভাসদ আৰু টেকেলা-বেঙেনা এইবোৰো তেওঁৰ থাকিবলগীয়া কথা। আৰু শুনিছো স্বৰ্গৰ ৰজাই স্বৰ্গতো ৰাজত্ব কৰে আৰু পৃথিৱীৰ নৰমনিচবোৰৰ ওপৰতো তেনেকুৱা কিবা এটাকে কৰে। তোমাৰ মন গ'লে তাক ৰাজত্বও বুলিব পাৰা, Rule বা শাসনো বুলিব পাৰা। শাসিত নৰমনিচে সদায় ইবাৰ এইটো সিবাৰ সেইটো আমাক দিয়া বুলি ৰাজাধিরাজ ইন্দ্ৰক আমনি কৰি থকাটোও জানো। বোধকৰোঁ নৰমনিচৰ বৰ আমনিত তৎ নাপাই ৰাজাধিৰাজে এইবাৰ তেওঁৰ সভাসদবোৰ গোটাই বৰ ডাঙৰকৈ মেল এখন পাতিছিল। তাত আলোচ্য বিষয় আছিল, পৃথিৱীৰ নৰমনিচক তেওঁলোকে কি দিব পাৰিব, কি দিব নোৱাৰিব, কি দিয়াটো উচিত আৰু কি দিয়াটো অনুচিত। অথবা দিবলগীয়াটোও কি উপায়েৰে নিদিয়া হ'ব পাৰে। কোনে জানে কিজানি এইবাৰ সাতোখন স্বৰ্গৰ পৰা প্ৰতিনিধি নমাই মেলুৱৈসকলক মাতি আনি মেলখন ডাঙৰকৈয়ে পাতিছিল । শুনিছোঁ সুৰপুৰীৰ সুৰেশ্বৰসকলৰ পেটত সুৰা আৰু সৰু-সুৰা নোহোৱা গুরুভোজন পৰিলে, তেওঁলোকৰ ভাবনা-চিন্তাবোৰত খেলিমেলি লাগি পৰে, মুখ ভালকৈ মেল নাযায় আৰু মেল খালেও জিতা ভালকৈ দোবোল নাখায়। আমাৰ ভাতৰ পাতত কথা নিষিদ্ধ, কিন্তু তেওঁলোকৰ ভাতৰ পাততহে বৰমঙহৰ বৰমেলখন সিদ্ধ হয়। সেইদেখি ইন্দ্ৰ মহাৰাজে, আমি ডিবুৰুগড় পোৱা সময়তে সুৰপুৰীৰ মেলুৱৈসকলৰ নিমিত্তে বৰভোজৰ আয়োজন কৰিছিল যেন পাওঁ। আমাৰ ডিবুক গমন আৰু ইন্দ্ৰৰ ভোজৰ আয়োজন এই দুটা একে সময়তে পৰাটো কাকতালী সংযোগ বুলিয়েই ধৰিব পাৰি। স্বৰ্গখনৰ আয়তন কিমান, কর নোৱাৰোঁ আৰু সেই বৰভোজৰ কোন বস্তু ক'ত থৈছিল, তাকো ক'ব নোৱাৰোঁ। আমি তাহানি কলিকতাত থাকোঁতে দেখিছিলোঁ, ডাঙৰ বিয়া- সবাহত নিমন্ত্রিতসকলক খুৱাই-বুৱাই সুকলমে কার্য সমাধা কৰিবৰ নিমিত্তে কর্মকর্তাই আহল-বহল ডাঙৰ ঘৰ ভেৰোণীয়াকৈ লৈ ডাঙৰ ৰভা পাতি সভা কৰে। ডিবুৰুগড়ত বৰষুণৰ কোব দেখি অকস্মাতে মোৰ মনত খেলাইছিল যে ইন্দ্ৰ দেৱৰাজে তেওঁৰ ভোজত ব্যৱহাৰ্য পানীৰ বৰজকাটো ডিব্ৰুগড়তে পাতিছিল। ইন্দ্ৰৰ কেইকুৰি পানীভাৰী আছে, সম্ভেদ নাজানো। কিন্তু কার্য দেখি কুৰিৰ কথাই নাই, লাখচেৰেকৰ ওপৰেহে থকা যেন লাগে। যদি এই অনুমান সঁচা, তেন্তে কি ক'ম, কি শুনিবা। গুৰিপৰুৱাৰ লানি যেন হৈ সেই ভাৰীবোৰে ভাবে ভাবে অবিৰাম পানী আনি সেই ডিব্ৰুগড়ত বহুৱা জকাত ঢালিছিল। অৱশ্যে এইবোৰ অনুমানৰহে কথা। এনে শাৰীৰ কথা সঁচা- মিছা কোনো বাপৰ পোৱে প্ৰমাণ কৰিব নোৱাৰে।


মই ডিব্ৰুগড়ত দুদিন থকাৰ পিছতে গুৱাহাটীত টেপা খাই থকা আৰু এৰি অহা জ্বৰ আকৌ মোৰ গাত লম্ভিল। সি তাৰ কপটিকো মোৰ গাত চৰিবলৈ এৰি থৈ গৈছিল বুলি মই আগৰ প্ৰবন্ধত (অর্থাৎ দ্বিতীয় আধ্যাত) কৈ আহিছোঁ। কোনে জানে হয়তো, পাপিষ্ঠ কপটিয়ে মোৰ গাত চৰি সুবিধা দেখি গুৱাহাটীতে এৰি থৈ অহা সেই তাৰ জ্বৰ বন্ধুক বিজুলী বাতৰি দি মাতি আনিলে? দ্বিৰা গমনৰ দিনবোৰ চোৱাৰ দন্তৰ এই জ্বৰৰ নাই। তাক ঔচ বুলিলেই হ'ল আৰু সি লৰি আহি গা জুৰি বহেহি। জী-জোঁৱায়ে আমাক তেওঁলোকৰ মাজত পাই আনন্দৰ প্ৰেৰণাত দিনৌ আমালৈ হাঁহ মাৰি ভাত খুৱাবৰ আয়োজন কৰিছিল। সংগীসকলে তাৰ সদ্ব্যৱহাৰ কৰে, কিন্তু মই বেচেৰাই কোনোদিনা এটেপা-আদটেপা খাওঁ, কোনো দিনা ভাতৰ পাতৰ আগত বহি টোপালি বাওঁ, সেপ ঢোকোঁ আৰু তৎপশ্চাৎ উঠি গৈ শয়ন কৰোঁ। বন্ধু-বান্ধৱ, মিতিৰ-কুটুম্বৰ পৰাও সততে ভোজনৰ সংগ্ৰহ নিমন্ত্ৰণ পাওঁ, কিন্তু মোৰ দ্বাৰাই নিমন্ত্ৰণ ৰক্ষণহে হয়, ভক্ষণ নহয়, কাৰণ মই যে অক্ষম অর্থাৎ Hors do combat. থেৰোগেৰোকৈ কোনোদিনা তেনে নিমন্ত্রণলৈ যাওঁ, কোনোদিনা নাযাওঁ আৰু গ'লেও আহাৰৰ আয়োজনৰূপী নৈৰ পাৰতে বহি তাৰ ফেনফোটোকা চাই থাকো; নহ'লে কেতিয়াবা তাৰ দুচলু-এচলু পানী পান কৰোঁ। নাইবা শিৰত লওঁ আৰু মোৰ আগতে সেই ওফোন্দা নৈয়ে মোৰ Patronage অর্থাৎ অনুগ্রহ নিগ্ৰহলৈ Care নকৰি অৰ্থাৎ অপেক্ষা নাৰাখি বেগেৰে দুয়োপাৰ ছাদি বৈ গৈ থাকে। এনেকুৱা অৱস্থা হৈছিল মোৰ।দুর্গা পূজাৰ দিনচেৰেকৰ আগতে আমি ডিবুক পাইছিলোঁ। ডিবুৰুগড়ীয়া ৰাইজৰ উছাহ-আনন্দৰ কল্লোলৰ মাজত থিয়েটাৰ, গান-বাজনা ইত্যাদিৰে পূজা মহাসমাৰোহেৰে সম্পাদিত হৈ গ'ল। নৰিয়া গাৰেই দুদিন এদিন মই তেওঁলোকৰ আনন্দৰ ভাগ লৈছিলোঁ, কিন্তু গাত নৰিয়াৰ বীজে গজালি মেলি মোক বিকল কৰি পেলাইছিল। চৌদিশে উৰি ফুৰা আনন্দৰ ফুটুকা পখিলাবোৰৰ লগতে নিৰানন্দৰ মহকেইটাই মোৰ গাত শুং ফুটাই কুণকুণাই ফুৰিছিল। যি হওক হৰ্ষ-বিষাদৰ সান-মিহলিতে মোৰ ডিবুৰুগড়ীয়া দিনকেইটা একপ্ৰকাৰে কাটি গ'ল। ভালেমান বছৰৰ মূৰত মই অসমলৈ গৈছিলোঁ। সেইদেখিয়েই বোধকৰোঁ মোৰ স্বদেশী বন্ধু-বান্ধৱৰ মোলৈ আগ্ৰহ অশেষ হৈছিল। তেওঁলোকে সভা-সমিতি পাতি মোক নৰিয়া পাটীৰ পৰা টানি নি সেইবোৰত থিয় কৰি দিছিল। ময়ো মৰমৰ অত্যাচাৰ অতি হৃষ্টচিত্তেৰে সহ্য কৰিছিলোঁ। বন্ধুবৰ শ্ৰীযুত প্রভাতচন্দ্ৰ দাস ডাক্তৰে প্ৰায় দিনৌ আহি মোক অতি যতন কৰি চিকিৎসা কৰিছিল আৰু তেওঁৰ যত্নতে মই লাহে লাহে গা টঙাই উঠিলোঁ। মোৰ কৃতজ্ঞতাৰ আঁজলিৰ বাহিৰে এই উঠি অহা মনোভিৰাম ডাক্তৰ বন্ধুজনলৈ আৰু একো নাই।


ডিবুৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল। তাৰে দুই-এটাৰ বিষয়ে কওঁ। প্রথমতে মই আনন্দ-বিমিশ্রিত আচৰিত হৈ পৰিছিলোঁ ডিবুৰুগড়ৰ অসমীয়া তিৰোতাসকলৰ গঢ়গতি আৰু কাৰ্যকলাপ দেখি। তেওঁলোক মই তাহানি এৰি অহা অসমৰ, মহৰ দয়াত আৰু চেচুকৰ ছাঁত বঢ়া চুকৰ বোৱাৰীৰ শাৰীত আৰু নাই। শিক্ষা, দীক্ষা আৰু ৰাজহুৱা কার্যাদিত তেওঁলোক অগ্রণী। সকলো সঙ্গ কার্যত পুৰুষৰ সমকক্ষ হ'বলৈ তেওঁলোকৰ আগ্ৰহ প্ৰদীপ্ত। ৰক্ষণশীল সমাজে তেওঁলোকৰ ভৰিত পিন্ধোৱা শিকলি— তেহেলৈ সেই সোণৰে হওক বা লোৰে হওক তেওঁলোকৰ ভিতৰৰ অনেকে ছিঙিছে আৰু বাকীসকলেও ছিঙিবলৈ যত্ন কৰিছে। দেশৰ সেৱাত তেওঁলোকে পুৰুষৰ শাৰীত ঠাই লৈছেহি আৰু অনেক বিষয়ত শামুকখুজীয়া পুৰুষতকৈও আগবাঢ়িছে বুলি ক'লে বঢ়াই কোৱা নহয়। ডিবুৰুগড়ত সভা সমিতি পতাত তেওঁলোকেই আগৰণুৱা হৈ পৰিছে আৰু ৰক্ষণশীল শাৰীৰ পুৰুষ চুকত ভেঁকুৰিছে। মাজতে বিমোৰ অৱস্থাত পৰি অসমীয়া তিৰোতা শিপিনীসকলে তেওঁলোকৰ অংগৰ ভূষণ বোৱা কটা পৰিহাৰ কৰিছিল । ডিব্ৰুগড়ীয়া নতুন তৰপৰ মহিলাসকলে তাক আকৌ সাদৰেৰে হাতত তুলি লৈছে। তেওঁলোকৰ বিনন্দীয়া মুখ মলিয়ন কৰোতা কাণ্ডজ্ঞানহীন পদাক তেওঁলোকে পৰিহাৰ কৰিছে। আৰু বাহিৰলৈ গ'লে ওৰণিৰ সৰ্বগ্ৰাসী গ্ৰহণৰ পৰা বিমুক্ত হৈ মনোজ্ঞ আংশিক গ্রাস গ্রহণ বৰণ কৰিছে। নিন্দুক সমালোচকৰ সস্তা সমালোচনাবোৰ, সমালোচকৰ আজিকালি অব্যৱহাৰ্য দ'তৰ জোলোঙাত সুমাই থ'বলৈ তেওঁলোকে তেওঁলোকৰ মনৰ বলেৰে পৰোক্ষভাৱে সমালোচক অনুজ্ঞা কৰিছে। সভা-সমিতিত তেওঁলোকে পুৰুষৰ আগত ওলাই একে শাৰীতে বা সমুখতে বহি প্রজাসাধাৰণৰ মঙ্গলামঙ্গল বিষয়ত স্বাধীন মতামত প্রকাশ কৰিছে, অথচ তেওঁলোকৰ স্ত্রী-সুলভ গাম্ভীর্য আৰু কমনীয়তাৰ এগুলিমানকো হ্রাস হ'বলৈ তেওঁলোকে দিয়া নাই। দুজনা এজনাই সভাত উঠি এনে সুন্দৰকৈ বক্তৃতা কৰিছে যে অনেক নামজ্বলা বা পুরুষতো তেওঁলোকে সেই বিষয়ত চেৰ পেলাইছে। ৰামমোহন ৰায়ৰ স্মৃতিসভাত মোক সভাপতিৰ আসন দিয়া হৈছিল। তাত কল্যাণীয়া শ্রীমতী যোগদা দেবীতে মিটি বক্তৃতা অনর্গলভাবে দিলে, মই শুনি সঁচাকৈয়ে পুলকিত হৈ পৰিছিলোঁ আৰু মো দেশৰ এজনা সম্ভ্রান্ত মহিলাৰ সেই বিষয়ত নৈপুণ্য দেখি নিজকে গৌৰৱান্বিত বিবেচনা কৰিছিলোঁ। মই ডিব্ৰুগড় পোৱাৰ দ্বিতীয় কি তৃতীয়দিনা অন শোৱাপাটীত পৰি কেঁকাই আছোঁ, এনেতে বালিকা স্কুলৰ প্ৰধান শিক্ষয়িত্র আয়ুষ্মতী শ্রীমতী গৌৰীতা চলিহাই লগত একুৰিমান ছোৱালী ছাত্রী আৰু তেওঁৰ সহযোগী শিক্ষয়িত্রী জনচেৰেকক লৈ মোৰ আগত লাগে। তেওঁলোকৰ মোৰ প্ৰতি কি দয়া আৰু কি আগ্রহ। তেওঁলোকৰ অনাবশ্যকীয় সংকোচ নাই, ঘোড়ামোজা নাই, তেওঁলোকে তেওঁলোকৰে দেশৰ এই চিৰসুৱাক সাক্ষাৎ কৰি সমাদৰ কৰি সন্মানিত কৰিবলৈ আহিছে আৰু পাৰিলে তেওঁক তেওঁলোকৰ স্কুললৈ আদৰি লৈ গৈ তেওঁৰ মুখৰ পৰা দুষাৰ-চাৰিবাৰ কথা শুনিবলৈ ইচ্ছা কৰিছে। কি সুখকৰ দৃশ্য। কি সুন্দ ব্যৱহাৰ। শ্ৰীমতী গৌৰীপ্ৰভা আইদেওক অৱশ্যে তেওঁ কলিকতাত কলেজ পঢ়াৰে পৰা মই জানো, আৰু মোৰ নিজৰ জীৰ নিচিনাকৈ তেওঁক স্নেহ কৰোঁ। গৌৰী চন্দ্ৰমাক মাজত লৈ তেওঁৰ সহযোগী নক্ষত্ররূপিনী শিক্ষয়িত্ৰী আৰু ছাত্ৰীসকল যেতিয়া মোৰ আগত উপস্থিত হ'লহি, জ্বৰত চেপেটা লাগি থকা মই জ্বৰৰ অত্যাচাৰলৈ খন্তেকৰ নিমিত্তে পাহৰি বিমল আনন্দ অনুভব চাই কৰিছিলোঁ। ইয়াৰ কিছুদিনৰ পিছত তেওঁলোকৰ স্কুললৈ মই গৈ স্কুল চাই  আৰু তেওঁলোকৰ কাৰ্য দেখি অতি সন্তোষ পাইছিলোঁ। স্কুলত তেওঁলোকে বাছকবনীয়া ৰূপৰ বঁটা এটিত যি কাকত এডুখৰি মোক দিছিল, সেই বঁটাটি আৰু কাকতডুখৰিয়ে সদায় মোক সন্তোষ দি থাকিব। ডিবুৰুগড়ত সম্ভ্রান্ত মহিলাসকলৰ সভাতো এই লেখকক যিখন অভিনন্দনপত্ৰ মুগাৰ কাপোৰৰ ওপৰত ছপাই দিছিল, সেইখনো নিশ্চয় এই লেখকৰ পক্ষে অতি আদৰৰ সমল হৈ সদায় তেওঁৰ হাতত থাকিব।


ডিবুৰুগড়ৰ থিয়েটাৰ অৰ্থাৎ ৰংগশালৰ বিষয়ে একাষাৰ কওঁ। ডেকাসকলৰ উদ্যমৰ ফলত ৰংগশালটি সুদৰ্শন হৈ পৰি সি ডিব্ৰুগড়ৰ সমৃদ্ধি বৃদ্ধি কৰিছে। সভা-সমিতি, থিয়েটাৰ, যাত্রা, গান, ভাৱনা প্রভৃতি এই ঘৰতে হয়। থিয়েটাৰৰ চিত্ৰপটবোৰ অসমীয়া চিত্রবিদ ডেকাসকলৰ দ্বাৰাই অঁকা হৈছে আৰু সেইবোৰ কলিকতাৰ ব্যৱসায়, নিপুণ চিত্রবিদৰ চিত্ৰতকৈ কোনোগুণে হীন নহয়। নাট্যকলাত ডিব্ৰুগড়ৰ সম্ভ্রান্ত ঘৰৰ ডেকাসকলে আশাতীতভাবে উন্নতি লাভ কৰিছে দেখি মোৰ মনত হৰ্ষ উপজিছিল। পেইন্টিং আৰু ফটোগ্রাফীত স্নেহাস্পদ মুক্তানাথ বৰদলৈৰ কৃতিত্ব লেখত ল'বলগীয়া। থিয়েটাৰৰ ভালেমান দৃশ্যপট তেওঁৰ হাতৰ। তেওঁৰ ষ্টুডিঅ'লৈকো আমি গৈছিলোঁ। তাত তেওঁৰ হাতৰ চিত্ৰবোৰ দেখি বৰ সন্তোষ পালোঁ। তেওঁ যদি সেই ষ্টুডিঅ' অর্থাৎ চিত্রশাল আনি কলিকতাত পাতি বহে, তেন্তে তেওঁক সেই কার্যত চেৰ পেলোৱা লোকৰ লেখ সৰহ নহ'ব। ডেকাসকলে পূজাৰ সময়ত কেইবাখনো নাটৰ অভিনয় কৰিছিল। অৱশ্যে আটাইবোৰ দেখা মোৰ কপালত নঘটিল। কিন্তু যিকেইটা দেখিলোঁ, তাতে মোৰ অশেষ সন্তোষ লভিছিল। সাজ-সজ্জা, চিত্রপট, ভাবপূর্ণ অভিনয়, সুস্বৰ সংগীত আৰু মনোজ্ঞ নৃত্যত তেওঁলোকৰ বৈশিষ্ট্য দেখা গৈছিল। কালত তেওঁলোকে যে আৰু উন্নতি কৰিব তাত সংশয় নাই। চিত্রকলাবিদ শ্ৰীযুত মুক্তানাথ বৰদলৈৰ কৃতিত্ব 'কমিক এক্টিওতো' অর্থাৎ হাস্যৰসৰ ভাবতো পৰিস্ফুট। ডাক্তৰ শ্ৰীযুত প্রভাতচন্দ্র দাস আৰু জনদিয়েকৰ অভিনয় কলিকতাৰ থিয়েটাৰৰ বিখ্যাত অভিনেতাসকলতকৈও কোনোগুণে কম নহয়। মাথোন এটি কথা ডিবুৰুগড়ীয়া ডেকা বন্ধুসকলক জনাই থওঁ— যেন তেওঁলোকৰ যত্নত মৌলিক অসমীয়া নাটৰ অভিনয় সৰহ হয়। অৱশ্যে তেনে নাটকৰ যে আটক, সেইটো জানো। যি হওক, ভৱিষ্যতলৈ সেই আটক গুচিব বুলি আশা কৰিলোঁ। বিদেশী নাটক অসমীয়ালৈ ভাঙি অসমীয়া ৰংগশালত অভিনয় কৰাটোত অনেকে দায় ধৰে। ময়ো তেনে কার্যত বৰ সন্তোষ পাওঁ, এনে নহয়। কিন্তু বিদেশী ভাষাৰ নাটক একেবাৰেই আমাৰ ৰংগশালৰ বাহিৰ কৰি দিয়াটোৰো ম‍ই বিৰোধী। অৱশ্যে যদি তাৰ অনুবাদ প্রকৃত অসমীয়া অনুবাদ হৈ অসমীয়াৰ পেটত সি জীর্ণ যোৱা হয়। ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাবসম্পদেৰে অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শোভন কথা, – যদি সেই ভাবসম্পদক বাবেঙলুৱা অসমীয়া নকৰি আচল অসমীয়া কৰি দিয়া যায়। ভাৰতৰ নানা দেশৰ পৰা মানুহ আহি অসমত বসতি কৰিছে। যদি সেইবোৰে অসমক সর্বতোভাৱে বৰণ কৰি অসমীয়া হৈ যায় তাৰ দ্বাৰাই অসমৰ আপদ নাবাঢ়ি সম্পদ হে বাঢ়িব। এনে গঢ়েৰেই পুৰণি কালৰে পৰা অসম পুৰিপুষ্ট হৈ আহিছেও। কিন্তু অসমীয়াৰ বৰসবাহত যদি কোনোবাই অসমীয়াৰ দৰে চাপৰি বজাই বা তাল লৈ নাম নাগাই খোল- কতাল লৈ—

"দয়াল দয়াল, দয়াল বলে ডাকৰে ৰসনা।

যাবে ডাকলে হৃদয় শাতল হবে যাবে যম যন্ত্রণা।।"

এনে বঙলুৱা সংকীর্তন মেলি দিয়ে, তেন্তে সি অসমীয়াৰ বসবাহত হাঁহৰ মাজত কাউৰী হৈ পৰি খেলিমেলিহে লগাব, শোভা নকৰে। Hybrid অর্থাৎ এধাকেচেলুৱা গান মিহলি আহাৰে পেট গোমাই তাত বিপ্লৱৰহে সৃষ্টি কৰিব, শান্তি সৃষ্টি নকৰে। এই কথা মনত ৰাখি আমাৰ নাট্যকাৰসকলে বিদেশী নাটৰ অসমীয়া ভাঙনি কৰিবলৈ গ'লে মংগল, নতুবা অমংগল। তাহানি কলিকতা নিবাসী জনচেৰেক অসমীয়া ছাতৰে লগ লাগি শেক্সপিয়েৰৰ Comedy of Errors অসমীয়ালৈ ভাঙি তাৰ নাম ভ্ৰমৰংগ দি অভিনয় কৰিছিল। অনুবাদকৰ  লগত যদিও এই লেখক পৰা নাছিল, তথাপি তেওঁৰ হাত যে সেই অনুবাদৰ ওপৰত নুফুৰিছিল এনে নহয়। মোৰ বিশ্বাস, ইংৰাজী নাটৰ সেই অনুবাদ একেবাৰেই অসমীয়া হৈ পৰি অসমীয়া সৰ্বসাধাৰণৰ মন হৰণ কৰিব পৰা হৈছিল। এতিয়াও নতুনকৈ উঠি অহা ডেকাসকলে তেনে গঢ়েবে বিদেশী নাট অসমীয়ালৈ ভাঙি তাক অসমীয়া সাজপাৰ পিন্ধাই অসমীয়া বংশালত তুলি দিলে, আমাৰ আসোৱাহ ধৰিবলৈ একো নাথাকিব।



Post a Comment