ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ।

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ।


প্ৰশ্নাৱলী (পৃষ্ঠা নং ৬)

১.বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এবাৰ পৰিষ্কাৰ কৰি লৱ লাগে কিয়?

২০২২ seba/HSLC ৰ final results চাবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক।
 SEBA/HSLC FINAL RESULTS-2022

উত্তৰঃ মেগনেছিয়াম ফিটা এডাল বায়ুত জ্বলোৱাৰ আগেয়ে পৰিষ্কাৰ কৰি লোৱা হয়। কাৰণ ইয়াৰ দ্বাৰা মেগনেছিয়ামৰ ফিটাডালৰ ওপৰত থকা মেগনেছিয়াম অক্সাইড আৱৰনটো আতৰাই লোৱা হয়,যাৰ ফলত ই তৎক্ষণাৎ উজ্বলভাৱে জ্বলি উঠে।

২.তলৰ ৰাসায়নিক বিক্ৰিয়া বোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা।
  (i) হাইড্ৰজেন + ক্ল'ৰিন→হাইড্ৰ'জেন ক্ল'ৰাইড
 (ii) বেৰিয়াম ক্ল'ৰাইড + এলুমিনিয়াম ছালফেট→বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল'ৰাইড 
(iii) ছডিয়াম+পানী → ছডিয়াম হাইড্ৰ'ক্সাইড+হাইড্ৰজেন।

 উত্তৰ ঃ
(i) H₂+CL₂→2HCL
(ii) 2Na+2H₂O→ 2NaOHH
(iii) 3BaCl+Al₂(So₄)₃→3BaSo₄+2AlCl₃2

৩.তলৰ বিক্ৰিয়া বোৰৰ বাবে অৱস্থা চিহ্ন(State Symbols) সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা।

 (i) বেৰিয়াম ক্ল'ৰাইড আৰু ছ'ডিয়াম ছালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্ল'ৰাইডৰ দ্ৰৱ প্ৰস্তুত হয়। 
(ii) ছ'ডিয়াম হাইড্ৰ'ক্সাইডৰ দ্ৰৱ (পানীত) হাইড্ৰ'ক্ল'ৰিক এছিডৰ দ্ৰৱ (পানীত) ৰে সৈতে বিক্ৰিয়া কৰি ছ'ডিয়াম ক্ল'ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে। 
উত্তৰঃ
(i) BaCl₂(aq)+Na₂So₄(aq)→BaSo₄(s)+2NaCl (Caq).
(ii) NaOH+Hcl (aq)→NaCla+H₂O(l)

প্ৰশ্নাৱলী (পৃষ্ঠা নং-১০)

১.এটা পদাৰ্থ 'X' ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ (White Washing) ব্যৱহাৰ কৰা হয়।
(i) পদাৰ্থ 'X' ৰ নাম আৰু সংকেত লিখা। 
(ii) পানীৰে সৈতে পদাৰ্থ 'X' এ কৰা বিক্ৰিয়াটো লিখা।

উত্তৰঃ
(i) পদাৰ্থ Xৰ নাম হ'ল কেলছিয়াম অক্সাইড। ইয়াৰ সংকেত হ'ল CaO।
(ii) পানীৰে সৈতে পদাৰ্থ X এ কৰা বিক্ৰিয়াটো হল CaO(S)+H₂O(l)→Ca(OH)₂(S) 

২. কাৰ্য্যকলাপ ১.৭ ত এটা পৰীক্ষানলত, সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমাণৰ দুগুণ কিয়?এই গেছটোৰ নাম লিখা।

উত্তৰঃ পানীৰ মাজেৰে বিদ্যুৎ প্ৰৱাহ চালিত কৰিলে পানীৰ বিয়োজন ঘটি হাইড্ৰজেন আৰু অক্সিজেন উৎপন্ন কৰে। 2ᴴ₂O(l)→2ᴴ₂(g)+O₂(g) উপৰোক্ত সমতুল্ বিক্ৰিয়াতটোত পৰ্য্যবেক্ষণ কৰিলে দেখা যায় যে, পানীৰ বিদ্যুৎ বিশ্লেষণ কৰিলে উৎপন্ন হোৱা হাইড্ৰজেন আৰু অক্সিজেন উৎপন্ন কৰে।
প্ৰশ্নাৱলী পৃষ্ঠা নং :- ১৩
১. লোৰ গজাল এটা  ডুবাই ৰাখিলে ক'পাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয় ?
উ:-ক' পাৰ ছালফেটৰ জলীয় দ্ৰৱত লোৰ গজাল এটা ডুবাই দিলে ইয়াৰ ৰং নীলা হয় । ৰংটো নাইকিয়া হৈ যায়। ইয়াৰ কিৰণ হ' ল লো অধিক সক্ৰিয় সেইবাবে লোয়ে ক' পাৰ ছালফেটৰ পৰা ক' পাৰ অপসাৰিত কৰি আইৰণ ছালফেটৰ উৎপন্ন কৰে।
CuSo4(aq)+Fe (s)→FeSo4(aq)+ Cu(s)

২. কাৰ্যকলাপ ১.১০ ত দিয়া বিক্ৰিয়াটোৰ বাহিৰে আন এটা দ্ধিঅপসৰন বিক্ৰিয়াৰ উদাহৰণ দিয়া ।
উত্তৰ :- AgNo3(aq) + NaCl(aq)→AgCl + NaNos(aq)  

৩. তলৰ বিক্ৰিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাচি উলিওৱা ।
(i) 4Na (s) + O₂(g)→2Na₂O(s)
উত্তৰ:- বিক্ৰিয়াটোত Na জাৰিত হৈছে অৰ্থাৎ ছডিয়াম অক্সাইড উৎপন্ন হৈছে আৰু অক্সিজেন বিজাৰিত হৈছে ।
(ii) CuO(s)+H₂(g) + Cu(s)+ H₂O(l)
উত্তৰ:- বিক্ৰিয়াটোত H জাৰিত হৈছে আৰু পানি উৎপন্ন হৈছে, আনহাতে ক'পাৰ অক্সাইড বিজাৰিত হৈছে ।

অনুশীলনী :- (পৃষ্ঠা নং ১৪)

১.তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা শুদ্ধ?
2Pb(s) + c(s) →2Pb(s)+CO₂(g)
(a) লেড বিজাৰিত হৈছে ।
(b) কাৰ্বন ডাইঅক্সাইড জাগৰিত হৈছে ।
(c) কাৰ্বন জাগৰিত হৈছে ।
(d) লেড জাৰিত হৈছে ।
       (i) (a)  আৰু  (b)
       (ii) (a)  আৰু  (c)
       (iii) (a) ,(b)  আৰু (c)
       ( iv) সকলো
উত্তৰ:- (i) (a) আৰু (b)
২.Fe₂O₃+2A1 → A1₂O₃+2Fe
  ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ
(a) এটা সংযোজন বিক্ৰিয়াৰ
(b) এটা দ্ধিঅপসৰন বিক্ৰিয়াৰ
(c) এটা বিযোজন বিক্ৰিয়াৰ
(d) এটা অপসৰন বিক্ৰিয়াৰ
উ:- (d) এটা অপসৰন বিক্ৰিয়া 

৩. কি ঘটে যেতিয়া লঘু হাইড্ৰ'ক্ল'ৰিক এছিড লোৰ যোগ কৰা হয? শুদ্ধ উত্তৰটোত টিক্ চিন দিয়া।
(a) হাইড্ৰ'জেন গেছ আৰু আইৰণ ক্ল'ৰাইড উৎপন্ন হয়।
(b) ক্ল' যি গেছ আৰু আইৰণ হাইড্ৰ' অক্সাইড উৎপন্ন হয়।
(c) বিক্ৰিয়া নঘটে ।
(d) আইৰণ লৱণ আৰু পানী উৎপন্ন হয়।
উত্তৰ:- (a) হাইড্ৰ'জেন গেছ আৰু আইৰণ ক্ল'ৰাইড উৎপন্ন হয়।

৪. সন্ত্ৰলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমুহ কিয় সন্ত্ৰলিত কৰিব লাগে ?
উত্তৰ:-যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো মৌলৰ সমান সংখ্যক পৰমাণু থাকে তাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে।
                       H2 + Cl2→2HCl
                       2H2 + O2 →2H2o

৫. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণ ৰূপত লিখা আৰু সন্তল কৰা।
(a)‌হাইড্ৰ' জেন গেছে নাইট্ৰ'জেনৰে সৈতে লগ হৈ এম'নিয়া প্ৰস্তুত কৰে।
(b) হাইড্ৰ'জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই  অক্সাইড উৎপন্ন কৰে।
(c) বেৰিয়াম ক্ল'ৰাইডে এলুমিনিয়াম ছালফেটৰে সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্ল'ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃক্ষেপ উৎপন্ন কৰে।
(d) পটেছিয়াম ধাতুৰে পানীৰে সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ'ক্সাইড আৰু হাইড্ৰ'জেন গেছ উৎপন্ন কৰে।
উত্তৰ:-
(a): 3H₂(g)+N₂(g)→2NH₃(g) 
(b): 2H₂S(g)+30₂(g)→2H₂O(l) +2SO₂(g)
(c): 3BaC1₂(aq)+A1₂(SO)₂(aq)→2A1c1₃+3BaSO₄
(d): 2K(s)+ 2H₂O(l)→2kOH(aq)+H₂

৬. তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তলন কৰা।
(a) HNO₃+Ca(OH)₂→Ca(NO₃)₂+H₂O 
(b) NaOH+H₂SO₄→Na₂SO₄+H₂O
(c) NaCI+AgNO₃→AgCI+ NaNO₃
(d) BaCI₂+H₂SO₄→BaSO₄+HCI

 উত্তৰ:- 
(a) 2HNO₃+Ca(OH)₂→Ca(NO₃)₂+2  H₂O
       (b) 2NaOH+H₂SO₄→Na₂SO₄+ 2H₂O
       (c) NaCI+AgNO₃→AgCI+NaNO₃
       (d) BaCI₂+H₂SO₄→BaSO₄+2HCI

৭. তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তলিত ৰাসায়নিক সমীকৰণবোৰ লিখা।
(aকেলছিয়াম হাইড্ৰ'ক্সাইড + কাৰ্বন ঠাই অক্সাইড→কেলছিয়াম কাৰ্বনেট + পানী।
(b)যিংক +ছিলভাৰ নাইট্ৰেট→যিংক + ছিলভাৰ।
(c) এলুমিনিয়াম + ক'পাৰ ক্ল'ৰাইড→এলুমিনিয়াম ক্ল'ৰাইড + ক'পাৰ।
(d)বেৰিয়াম ক্ল'ৰাইড + পটেছিয়াম ফালফেট→বেৰিয়াম ফালফেট + পটেছিয়াম ক্ল'ৰাইড।  
উত্তৰ:-
(a)Ca(OH)₂+CO₂→CaCO₃+H₂O
      (b) Zn+2AgNO₃→Zn(NO₃)₂+2Aq
      (c) 2AI+3CuCI₂→2AICI₃+3Cu
      (d) BaCI₂+K₂SO₄→BaSO₄+2KCI

৮. তলত দিয়াবোৰৰ বাবে সন্তলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা।
(a) পটেছিয়াম ব্ৰ'মাইড(aq)+বেৰিয়াম আয়'ডাইড(aq)→পটেচিয়াম আয়'ডাইড(aq)+বেৰিয়াম ব্ৰ'মাইড(s)  
(b)যিংক কাৰ্বনেট(s)→যিংক অক্সাইড(s)+কাৰ্বন ডাই অক্সাইড(g)
(c) হাইড্ৰ'জেন(g)+ক্ল'ৰিন(g)→হাইড্ৰ'জেন ক্ল'ৰাইড(g)
(d) মেগনেছিয়াম(s)+ হাইড্ৰ'ক্ল'ৰিক এছিড (aq)→মেগনেছিয়াম ক্ল'ৰাইড(aq)+হাইড্ৰজেন(g)
উত্তৰ:- (a)2KBr(aq)+BAI₂(aq)→2KI(aq)+BaBr(aq)    প্ৰকাৰ: দ্ধিঅপসৰন বিক্ৰিয়া
     (b)ZnCO₃(S)→2nO(s)+CO2g প্ৰকাৰ: বিয়োজন বিক্ৰিয়া
     (c)H₂(s)+CI₂(g)→HCI(g) প্ৰকাৰ: সংযোজন বিক্ৰিয়া
     (d)Mg(s)+2HCI→MgCI₂(g)+H₂ প্ৰকাৰ:অপসৰন বিক্ৰিয়া

৯. তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া।
উত্তৰ:- যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পৰ্দাথ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱন হয় সেইবোৰকে তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বোলে। উদাহৰণ:- CH₄(g)+2O₂(g)→CO₂(g)+2H₂O(g)
         আনহাতে যিবোৰ বিক্ৰিয়াত শক্তি শোষিত হয় তেনে বোৰ বিক্ৰিয়াক তাপগ্ৰহী বিক্ৰিয়া বোলে। উদাহৰণ:-2AgBr(s)→2Ag(s)+Br₂(g)

১০. শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে? ব্যাখ্যা কৰা।
উত্তৰ:- শ্বসন প্ৰক্ৰিয়াত অক্সিজেনৰ উপস্থিত কোষস্থ খাদ্যৰ জাৰণ ঘটি যথেষ্ট পৰিমাণৰ তাপ শক্তি উৎপন্ন হয়। সেইবাবে শ্বসনক তাপবৰ্জী বিক্ৰিয়া বোলে  ।
  C₆H₁₂O₆(aq)+6O₂(aq)+6H₂O(I)---6CO₂(aq)+12H₂O(I)+শক্তি

১১. বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়?এই সমূহ বিক্ৰিয়া বাবে সমীকৰণ লিখা।
উত্তৰ:- যিবোৰ বিক্ৰিয়াত যৌগ এটা ইয়াত থকা উপাদানবোৰৰ  পৰা প্ৰত্যক্ষভাৱে জাৰিত হৈ উৎপন্ন হয়, সেইবোৰ বিক্ৰিয়াক সংযোজন বিক্ৰিয়া বোলে।
               আনহাতে যিবোৰ বিক্ৰিয়াত এটা যৌগ তাপৰ প্ৰভাৱত দুই বা ততোধিক অংশলৈ বিখণ্ডিত হয় তাক বিয়োজন বিক্ৰিয়া বোলে।
            গতিকে ওপৰৰ আলোচনাৰ পৰা গ'ম পোৱা গ'ল যে বিয়োজন বিক্ৰিয়া সংযোজন বিক্ৰিয়াৰ বিপৰীতমুখী বিক্ৰিয়া বুলি কোৱা হয়।
    সংযোজন বিক্ৰিয়া:-2H₂+O₂→2H₂O
                                   2Mg+O₂→2MgO
                                   2Na+CI₂→2NaCI
     বিয়োজন বিক্ৰিয়া :-2H₂O₂→2H₂O+O₂.
                                  CaCO₃→Cao+CO₂.
                                  2KCIO₃→2KCI+3O₂

১২. তাপ,পোহৰ, আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিয়োজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা।
উত্তৰ. তাপৰ এটা সমীকৰণ:-2KC1O₃→2KC1+3O₂
      পোহৰৰ এটা সমীকৰণ:-2AgCI→2Ag+CI₂
       বিদ্যুৎ ৰ এটা সমীকৰণ:-2H₂O→2H₂+OH

১৩. অপসৰণ আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ মাজৰ পাৰ্থক্য কি?এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা?
উত্তৰ:- অপসৰণ আৰু দ্বি-অপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য হ'ল :- অপসৰণ বিক্ৰিয়াত অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল এটাক তাৰ যৌগৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে।উদাহৰণ- (i) CuSo4 + Zn →ZnSo4 + Cu
               (ii)CuSo4 + Fe →FeSo4 + Cu
 দ্বি-অপসৰণ বিক্ৰিয়াত দুটা আয়নীয় যৌগৰ জলীয় দ্ৰৱই বিক্ৰিয়াত অংশ গ্ৰহণ কৰি সিহঁতৰ মাজত পৰস্পৰৰ আয়ন বিনিময় কৰি নতুন বিক্ৰিয়াজাত পদাৰ্থ উতপন্ন কৰে।
উদাহৰণ: (i)AgNO₃+NaCI----AgCI+NaNO₃
(ii)AgNO₃+CuCI₂---AgCI+Cu(NO₃)₂

১৪. ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্রে’ট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে ক’পাৰ ধাতুৰদ্বাৰা অপসাৰণ সংঘটিত কৰা হয় । জড়িত বিক্রিয়াটো লিখা ।
উ:- 2AgNo3(aq) + Cu(s) ➡️ Cu(No3)2(aq) + 2Ag(s)

১৫. অধঃক্ষেপণ বিক্ৰিয়া মানে কি বুজা? উদাহৰণ দি ব্যাখ্যা কৰা।
উত্তৰ:-যিবোৰ ধৰণৰ বিক্ৰিয়াত উৎপন্ন হোৱা এটা উপাদান বিক্ৰিয়াটোত দ্ৰৱীভূত নহৈ অধঃক্ষেপণ হিচাপে পাএটোত লৈ যায় । এনে ধৰণৰ বিক্ৰিয়াক অধঃক্ষেপণ বিক্ৰিয়া বোলে। উদাহৰণ:-BACI₂+Na₂SO₄→BaSO₄+2NaCI

১৬. অক্সিজেন লাভ  আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহৰ দুটাকৈ উদাহৰণ সহ ব্যাখ্যা কৰা।
(a)জাৰণ।
(b)বিজাৰণ।
উত্তৰ:- 
জাৰণ:- জাৰণ প্ৰক্ৰিয়াত যি ধৰণৰ প্ৰক্ৰিয়াত অক্সিজেন যুক্ত হয়, তেনেধৰণৰ প্ৰক্ৰিয়াক জাৰণ প্ৰক্ৰিয়া বোলে।
  (i) বায়ুৰ উপস্থিতি কাৰ্বন জ্বলালে কাৰ্বন ডাই অক্সাইডৰ উৎপন্ন হয়  
                   C+O₂→CO₂
(ii) অক্সিজেনৰ উপস্থিত মেগনেছিয়ামক জ্বলালে মেগনেছিয়াম অক্সাইড উৎপন্ন হয়                       
                 M₂g+O₂→2MgO
    বিজাৰণ:- অক্সিজেন আতৰ কৰা বিক্ৰিয়াক বিজাৰণ প্ৰক্ৰিয়া বোলে।
(i) কপাৰ অক্সাইডে হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰে
                CuO+H₂→Cu+H₂O
(ii) যিং অক্সাইড কাৰ্বন লগত বিক্ৰিয়া কৰে             
                  ZnO+C→Zn+H₂O

১৭. এটা উজ্বল মুগা ৰঙৰ মৌল 'X'ক বায়ুত গৰম কৰাত ক'লা হৈ পৰিল। মৌল 'X' আৰু উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটোৰ নাম লিখা।
উত্তৰ:- 'X'মৌলটোৰ নাম হ'ল ক'পাৰ। আৰু উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটোৰ নাম হ'ল ক'পাৰ অক্সাইড (CuO)
        2Cu+O₂→2CuO

১৮. লোৰ বস্তুৰ ৰঙৰ প্ৰলেপ দিও কিয়?
উত্তৰ:- লোৰ বস্তত মামৰে ধৰাৰ পৰা বাধা দিবলৈ ৰঙৰ প্ৰলেপ দিয়া হয়, কাৰণ লোৱে অক্সিজেনৰ সংস্পৰ্শলৈ আহিলে আইৰণ অক্সাইড উৎপন্ন কৰে, কিন্তু ৰঙৰ প্ৰলেপ দিলে লো, জুলীয়া আৰু বায়ুৰ সংস্পৰ্শলৈ নাহে ফলত মামৰে ধৰাত বাধা দিয়ে।

১৯. তেল আৰু চবি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিবেশত পেকেটত ভৰোৱা হয় কিয়।
উত্তৰ:- তেল আৰু চবি থকা খাদ্যবস্তুৱে তেতিয়া অক্সিজেনৰ লগত ক্ৰিয়া  কৰে, তেতিয়া এইবোৰৰ পৰা বৰ বেয়া গোন্ধ ওলায়। সেইকাৰণে তেল আৰু চবি থকা খাদ্যবস্তুৰ পেকেটত নাইট্ৰজেন গেছৰ দৰে প্ৰতিজাৰক পদাৰ্থ ভৰোৱা হয় যাতে, খাদ্যবস্তুবোৰৰ পৰা দুগন্ধ নোলায়।

২০. এটা উদাহৰণৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা।
(a) ক্ষয়ীভৱন (b) চবিৰ দুগন্ধিতা
উত্তৰ:- (a) ক্ষয়ীভৱন।
     ধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে- জলীয় বাস্প, এছিড আদিৰ দ্বাৰা আক্ৰান্ত হৈ ক্ষয় ঘটা প্ৰক্ৰিয়াক ক্ষয়ীভৱন বোলে। যেনে- লোৰ ওপৰত ৰঙচুৱা মূগা বৰণৰ প্ৰলেপ পৰা, ছিলভাৰৰ ওপৰত ক’লা দাগ পৰা আদি।  
       (b) চবিৰ দুগন্ধিতা
‌ তেল বা চৰ্বিযুক্ত খাদ্য দীৰ্ঘ সময়ৰ বাবে ৰাখি থ’লে এনে খাদ্য দ্ৰব্যত থকা তেল বা চৰ্বি বায়ুত অক্সিজেনৰ দ্বাৰা জাৰিত হৈ এইবোৰ দুৰ্গন্ধী আৰু বেয়া স্বাদযুক্ত হয়। ইয়াক চৰ্বিৰ দুৰ্গন্ধিতা বোলে। যেনে- মাখন অলপ বহুদিন সাধাৰণ উষ্ণতাত থৈ দিলে গলি যায় আৰু তাৰ পৰা দুৰ্গন্ধ নিৰ্গত হয়

Post a Comment

0 Comments