অধ্যায়-২ আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে? (নৱম শ্ৰেণীৰ পাঠ্যপুথি)

অধ্যায়-২ আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে? (নৱম শ্ৰেণীৰ পাঠ্যপুথি)


অতি চমু উত্তৰ:

  • লক্ষ্য কৰিলে আমি আমাৰ পৃথিৱীৰ চাৰিওফালে কি কি বস্তু দেখা পাওঁ?
আকাশ,ৰূপ আৰু গঠনৰ অসংখ্য বস্তু দেখা পাওঁ।
  • বিশ্ব ব্ৰহ্মাণ্ড কিহৰ দ্বাৰা গঠিত আছে?
আকাশ ৰূপ আৰু অসংখ্য বস্তুৰ দ্বাৰা।
  • বিশ্ব ব্ৰহ্মাণ্ড গঠন হোৱা বস্তোবোৰক বিজ্ঞানী সকলে কি বুলি নামাকৰণ কৰিছে?
"পৰ্দাথ" বুলি নামাকৰণ কৰিছে।
  • ভাৰতবৰ্ষৰ প্ৰাচীন দাৰ্শনিক সকলে পৰ্দাত বিলাক কিহৰ দ্বাৰা গঠিত বুলি বিশ্বাস কৰিছিল?
পাঁচ টা মৌলিক কণিকাৰ দ্বাৰা গঠিত বুলি বিশ্বাস কৰিছিল।
  • পঞ্চতত্ব কি কি?
পৃথিৱী,জুই, আকাশ,বায়ু আৰু পানী।
  • প্ৰাচীন দাৰ্শনিক সকলৰ মতে জীৱ আৰু জড় পদাৰ্থ বোৰ কিহৰ দ্বাৰা গঠিত?
পঞ্চ তত্ত্বৰ দ্বাৰা।
  • পদাৰ্থৰ বিভাজনৰ সম্বন্ধে কোনে মতা-মত আগবঢ়াইছিল?
পুৰণি গ্ৰীক দাৰ্শনিক সকলে।
  • ভৌতিক আৰু ৰাসায়নিক গুণাগুণৰ ওপৰত ভিত্তি কৰি বিজ্ঞানী সকলে পৰ্দাত বিলাকক কেইটা ভাগত বিভক্ত কৰিছে?
২টা। পৰ্দাথৰ ভৌতিক গুণ আৰু পৰ্দাত বোৰ কণিকাৰে গঠিত।
  • কণিকাবোৰ গতিশক্তি কিহৰ ফলত বাঢ়ে?
উষ্ণতাৰ বৃদ্ধিৰ ফলত।
  • ব্যাপন কাক বোলে?
দুটা বেলেগ বেলেগ পৰ্দাথৰ কণিকাবোৰ মিহলি হোৱাৰে ব্যাপন বোলে।
  • ভৌতিক অৱস্থাটোৰ কিহৰ ফলত উদ্ভৱ হয়?
পৰ্দাথৰ কণিকাবোৰ বৈশিষ্ট্যৰ তাৰতম্যৰ ফলত।
  • কোন বিধ পৰ্দাথৰ ব্যাপন বেগ আটাইতকৈ বেছি?
জুলীয়া পদাৰ্থৰ।
  • ঘনত্ব কাক বোলে?
পৰ্দাথৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমানকে ঘনত্ব বোলে।
  • ঘনত্বৰ একক কি?
               ভৰ
ঘনত্ব = -------------
            আয়তন
  • পানী কেইটা অৱস্থাত থাকে আৰু কি কি?
পানী তিনিটা অৱস্থাত থাকে। গোটা, জুলীয়া আৰু গেছীয়।
  • কঠিন পৰ্দাথৰ কণিকাবোৰ গতিশক্তি কেতিয়া বাঢ়ে?
তাপ পালে বা উষ্ণতা বাঢ়িলে।
  • গলনাংক কাক বোলে?
এক বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত কঠিন পৰ্দাথ গলি গৈ জুলীয়া অৱস্থাপ্ৰাপ্ত হয়, সেই উষ্ণতাক পৰ্দাথটোৰ গলনাংক বোলে।
  • বিগলন কাক বোলে?
গলি যোৱা প্ৰক্ৰিয়া অৰ্থাৎ কঠিনৰ পৰা জুলীয়া অৱস্থা হোৱা প্ৰক্ৰিয়াটোক বিগলন বোলে।
  • বৰফৰ গলনাংক কিমান?
২৭৩.১৬k
  • উষ্ণতাৰ SI একক কি?
কেভিন (K)
  • উতলাংক কাক বোলে?
বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত জুলীয়া পদাৰ্থ তুলিবলৈ আৰম্ভ কৰে,সেই উষ্ণতাকে তাৰ উতলাংক বোলে।
  • উতলন কি?
উতলন হ'ল কোনো এটা নিদিষ্ট পৰ্দাথৰ ভিতৰত হোৱা সামূহিক পৰিঘটনা।
  • পানীৰ উষ্ণতা কিমান?
৩৭৩k
  • উৰ্ধপতন কাক বোলে?
তাপৰ প্ৰভাৱত জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ কঠিনৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ হোৱা ৰূপান্তৰ বা গেছীয়ৰপৰা কঠিন হোৱা প্ৰক্ৰিয়াক উৰ্ধপতন বোলে।
  • শুকান বৰফ কাক বোলে?
গোটা কাৰ্বন-ডাই-অক্সাইডৰ চাপ কমাই এক বায়ুমণ্ডলীয় চাপলৈ আনিলে ই জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ পোনে পোনে গেছীয় হয়। এই কাৰণে গোটা কাৰ্বন-ডাই-অক্সাইডক শুকান বৰফ বোলে।
  • মিশ্ৰণ কি?
মিশ্ৰণ দুটা বা ততোধিক বিশুদ্ধ পদাৰ্থৰ দ্বাৰা গঠিত।কোনো ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা বিশুদ্ধ পদাৰ্থৰ পৰা আন কোনো পদাৰ্থ পৃথক কৰিব নোৱাৰি। আমি জানো যে বাষ্পীভৱনৰ সহায়ত পানীত দ্ৰৱীভূত হৈ থকা উপাদান নিমখ দ্ৰৱনৰ পৰা ঘূৰাই পাব পাৰি। বাষ্পীভৱন হৈছে এটা ভৌতিক প্ৰক্ৰিয়া।
পিছে চডিয়াম ক্লৰাইড এবিধ বিশুদ্ধ পদাৰ্থ আৰু ইয়াৰ ৰাসায়নিক উপাদান বোৰ কোনো ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব নোৱাৰি। সেইদৰে চেনি এবিধ পদাৰ্থ-----কিয়নো ইয়াত মাত্ৰ এটা বিশুদ্ধ উপাদান আছে আৰু সংযুতি সকলো অংশতে থাকে।
মৃদু পানীয় আৰু মাটি মাত্ৰ একোবিধ উপাদানসমুহৰ পদাৰ্থ নহয়। এইবাৰ হৈছে মিশ্ৰণ।
  • দ্ৰৱন কি?
দুটা বা ততোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰণক দ্ৰৱ বা দ্ৰৱন বোলে। আমাৰ দৈনন্দিন জীৱনত কেইবাপ্ৰকাৰৰ দ্ৰৱ দেখো। নেমুপানী,চ'দাপানী আদি দ্ৰৱনৰ উদাহৰণ।দ্ৰৱণ সম্বন্ধে আমাৰ সচৰাচৰ ধাৰণা হ'ল --- এবিধ জুলীয়া পদাৰ্থত গোটা, জুলীয়া বা গেছীয় পদাৰ্থ দ্ৰৱীভূত কৰি তৈয়াৰ কৰা মিশ্ৰণ। কিন্তু আমি গোটা দ্ৰৱ যেনে সংকৰ ধাতু আৰু গেছীয় দ্ৰৱ যেনে বায়ু,তৰল দ্ৰৱ যেনে গাখীৰ আদি বিভিন্ন দ্ৰৱ পাওঁহক। দ্ৰৱ বা দ্ৰৱনৰ এটাৰ সংযুতি সকলো অংশতে একে। সেয়েহে নেমুৰ চৰবত এগিলাচৰ সকলো অংশতে সোৱাদ থাকে।চেনি বা নিমখৰ কণিকাবোৰ দ্ৰৱণটোৰ সকলো অংশতে সমভাবে বিস্তাৰিত হৈ থাকে।

Post a Comment

2 Comments