মূল অৰ্থনৈতিক সমস্যাসমূহ। (নৱম শ্ৰেণী)

অতি চমু/চমু উত্তৰৰ প্ৰশ্ন।
১/  সংজ্ঞা লিখা।
(ক) দৰিদ্ৰতা।
উত্তৰ :- পৃথিৱীৰ বিভিন্ন দেশে সন্মুখীন হৈ অহা এক   জ্বলন্ত সমস্যাই হৈছে দৰিদ্ৰতা।
সাধাৰণতে, দৰিদ্ৰতাই এনে এক অৱস্থাক বুজাই য'ত এজন ব্যক্তি তেওঁৰ জীৱনৰ মৌলিক প্ৰয়োজন সমূহ,যেনে-খাদ্য, বস্তু, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধা সমূহৰ পৰা বঞ্চিত হয়।
(খ) নিবনুৱা।
উত্তৰ:- সাধাৰণতে নিবনুৱা শব্দটোৱে কৰ্মহীনতাক বুজায়। যিসকল লোকে কাম কৰাৰ কোনো সুযোগ নাপায় তেওঁলোকক নিবনুৱা বোলে ।
(গ) জনসংখ্যা ঘনত্।ব
উত্তৰ:- জনসংখ্যাৰ ঘনত্ব হৈছে-"প্ৰতি বৰ্গ কিলোমিটাৰত জনসংখ্যা"।
(ঘ) লিংগ অনুপাত।
উত্তৰ :- লিংগ অনুপাত হৈছে -" প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা"।
(ঙ) চৰম দৰিদ্ৰতা।
উত্তৰ :- চৰম দৰিদ্ৰতা বুলিলে এজন মানুহৰ নূন্যতম  প্ৰয়োজন পূৰণ কৰাৰ  অক্ষমতাকে চৰম দৰিদ্ৰতা বুলি কোৱা হয়।
(চ) আপেক্ষিক দৰিদ্ৰতা।
উত্তৰ :- আপেক্ষিক দৰিদ্ৰতা বুলিলে সাধাৰণতে আমি জনসাধাৰণৰ  আয়ৰ তুলনামূলক প্ৰাৰ্থক্যক বুজা যায়।ইয়াত বিভিন্ন শ্ৰেণী ,অঞ্চল বা দেশৰ তুলনাত দাৰিদ্ৰতাক নিৰ্ণয় কৰা হয়।
(ছ) বহনক্ষম উন্নয়ন।
উত্তৰ :- অৰ্থনৈতিক উন্নয়ন আৰু বিকাশৰ বাবে যাতে পৰিবেশৰ উপৰত বিৰূপ প্ৰতিক্ৰিয়া নপৰে সেই উদ্দেশ্য আগত ৰাখি ১৯৮৭ চনত Brundtland আয়োগে অবিৰত বা বহনক্ষম উন্নয়ন।
(জ) সেউজ অৰ্থনীতি।
উত্তৰ:- যি অৰ্থনীতিৰ মূল লক্ষ্য  হৈছে পৰিবেশৰ প্ৰতি থকা ভাবুকি আৰু  পৰিস্থিতি তন্ত্ৰৰ সমস্যাৰাজি দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰা,তেনে অৰ্থনীতিকে সেউজ অৰ্থনীতি বোলা হয়।
২/ দৰিদ্ৰতাৰ সীমাৰেখা কি?গাঁৱ অঞ্চল আৰু চহৰ অঞ্চলৰ দৰিদ্ৰতাৰ সীমাৰেখা কি?
উ:-দৰিদ্ৰতা সীমাৰেখা বুলিলে সাধাৰণতে আমি ভাৰতৰ পৰিকল্পনা আয়োগৰ  কেলৰি ভিত্তিক আগবঢ়োৱা  সংজ্ঞাৰমতে গাঁৱ অঞ্চলৰ দৈনিক জনমূৰি নূন্যতম ২৪০০ কেলৰি আৰু চহৰ অঞ্চলত দৈনিক জনমূৰি নূন্যতম  ২১০০ কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে এজন ব্যক্তিক দৰিদ্ৰতা বুলি কোৱা হয়। গাঁৱ অঞ্চলত অধিক কেলৰিৰ প্ৰয়োজন হয় কাৰণ গাঁৱলীয়া লোকৰ চহৰীয়া লোকতকৈ শাৰীৰিক পৰিশ্ৰম বেছি।নূন্যতম কেলৰি আহৰণ কৰিবলৈ চলিত দৰৰ হিচাপত গাঁৱ অঞ্চলত আৰু চহৰ অঞ্চলত জনমূৰি মাহিলী ব‍্যয়ৰ পৰিমাণ গণনা কৰা হয়।
৩/ ২০২১ চনৰ লোকপিয়লৰ মতে ভাৰতবৰ্ষ আৰু অসমৰ জনসংখ্যা কিমান?
উত্তৰ:- ভাৰতৰ জনসংখ্যা- ১২১ কোটি।
অসমৰ জনসংখ্যা- ৩ কোটি ১২ লাখ।
৪/ বিশ্বৰ মাটিকালি কিমান শতাংশ ভাৰতত আছে?
উত্তৰ :- ২.৪ শতাংশ ভাৰতত আছে।
৫/ ভাৰতৰ সৰ্বাধিক  লিংগ অনুপাত থকা ৰাজ্য কোনখন আৰু কিমান?
উত্তৰ:- ৰাজ্য খনৰ নাম হল কেৰেলা আৰু লিংগ অনুপাত- ১০৮৪।
৬/ অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান?
উত্তৰ :- ৩৯৭ জন।
৭/ ছদ্মবেশী নিবনুৱা কাক বোলে?
উত্তৰ:- এটা কাম যদি দুজন মানুহে কৰিব পাৰে, তাত যদি পাচঁজন লোকক নিযুক্ত কৰা হয় তেন্তে ওপৰঞ্চি তিনিজন লোকক ছদ্মবেশী নিবনুৱা বুলি কোৱা হয়।
৮/ মুদ্ৰাষ্ফীতি কি?
উত্তৰ :- সামগ্ৰীৰ দাম বৃদ্ধি হোৱা অৱস্থাক মুদ্ৰাষ্ফীতি বুলি কোৱা হয়। কিন্তু অৰ্থনীতিত মুদ্ৰাষ্ফীতি বুলি কলে একে লেথাৰিয়ে  সাধাৰণ মূল্যস্তৰ বৃদ্ধি পোৱা অৱস্থাক  বুজোৱা হয়।
৯/ মুদ্ৰাষ্ফীতিৰ কাৰণ বোৰ কি কি?
উত্তৰ :- চাহিদাজনীত আৰু ব‍্যয়জনীত।
১০/  দমিত মুদ্ৰাষ্ফীতিৰ কাক বোলে?
উত্তৰ :- চৰকাৰী নিয়ন্ত্ৰিত ব‍্যৱস্থাই মুদ্ৰাষ্ফীতিক মুক্ত মুদ্ৰাষ্ফীতিতকৈ কম ৰখাক দমিত মুদ্ৰাষ্ফীতি বুলি কোৱা হয়
১১/ অবিধিগত খণ্ডত শ্ৰমিকৰ সংখ্যা কিমান থাকে?
উত্তৰ :-  ১০ জনতকৈ কম থাকে।
                                     মুঠ কৰ্মী সংখ্যা
১২/ কৰ্মী জনসংখ্যা=---------------------------× ১০০
                                             ?
সম্পূৰ্ণ কৰা।
উত্তৰ :- জনসংখ্যা।
১৩/ বহনক্ষম উন্নয়নৰ সংজ্ঞাটো কোনখন আয়োগে কেতিয়া আগবঢ়াইছিল?
উত্তৰ:-  ১৯৮৭ চনত Brundtland আয়োগে আগবঢ়াইছিল।
১৪/ পৰিবেশ চিন্তাবিদ সকলে মানুহৰ চিন্তা আৰু কৰ্মৰ মূলমন্ত্ৰ কি হোৱাটো বিচাৰে?
উত্তৰ :- তেওঁলোকৰ মূলমন্ত্ৰ হল চিন্তা বিশ্বব‍্যাপী হ‍ওঁক, কাৰ্য পন্থা স্থানীয় হ‌ওঁক।

দীঘল উত্তৰৰ প্ৰশ্ন:
১/ ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধি সমস্যাৰ মূল কাৰণবোৰ আলোচনা কৰা।
উত্তৰ :- ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধি সমস্যাৰ মূল কাৰণটোৱে হৈছে জন বিষ্ফীৰণ। জন বিষ্ফোৰণে জনসংখ্যাৰ অত‍্যাধিক  বৃদ্ধিকে সূচায়। ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধিৰ হাৰ পৃথিৱীৰ ভিতৰতে সৰ্বাধিক। জনসংখ্যা বৃদ্ধিৰ আন‍্য এক প্ৰধান কাৰণ হৈছে অশিক্ষিত। জনসংখ্যা বৃদ্ধিৰ সমস্যা সমূহৰ ভিতৰত নিবনুৱা সমস্যা অন‍্যতম। যাৰ ফলত অধিক সংখ্যক ব‍্যক্তি  উপযুক্ত নিয়োগৰ পৰা বঞ্চিত থাকিব লগীয়া হয়। অধিক জনসংখ্যা বৃদ্ধিয়ে আমাৰ নিবনুৱা সমস্যা বৃদ্ধি কৰিছে।বৰ্ধিত জনসংখ্যা অনুপাতে নিয়োগৰ সা-সুবিধা পৰ্যাপ্ত নোহোৱাত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ লয়। জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত  সন্মুখীত হ'বলগীয়া সমস্যা সমূহৰ  ভিতৰত নিৰক্ষৰতা,দৰিদ্ৰতা, সামাজিক  অজ্ঞতা আদিৰ কাৰণো হৈছে জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ।
২/ দৰিদ্ৰতা কাক বোলে? দৰিদ্ৰতাৰ সীমাৰেখাই  কিদৰে দৰিদ্ৰতা নিৰূপন কৰে ব‍্যাখ‍্যা কৰা।
উত্তৰ :- দৰিদ্ৰতাৰ সংজ্ঞা বিভিন্ন জনে বিভিন্ন ধৰণে আগবঢ়াইছে। পৃথিৱীৰ বিভিন্ন দেশে সন্মুখীন হৈ অহা এক জলন্ত সমস্যা হৈছে  দৰিদ্ৰতা। বহল অৰ্থত দৰিদ্ৰতাই এনে এক অৱস্থাক বুজাই য'ত এজন ব‍্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্ৰয়োজন সমূহ যেনে খাদ্য বস্তু, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধা সমূহ আহৰনত ব‍্যৰ্থ হয়।
দৰিদ্ৰতাৰ সীমাৰেখাই বিতৰণ ৰেখাৰ এনে এক ন‍্যম্নতম সীমা ৰ্নিদ্ধাৰণ কৰি দিয়ে যি এখন দেশৰ জনসাধাৰণক দৰিদ্ৰ আৰু অদৰিদ্ৰ এই দুই ভাগত ভাগ কৰে।ভাৰতৰ পৰিকল্পনা আয়োগে কেলৰি ভিত্তিত আগবঢ়োৱা  সংজ্ঞা মতে গাঁৱ অঞ্চলত দৈনিক জনমূৰি ২৪০০ কেলৰি আৰু চহৰ অঞ্চলত দৈনিক জনমূৰি নূন্যতম ২১০০ কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰে এজন ব্যক্তিক দৰিদ্ৰতা বুলি কোৱা হয়।গাঁৱ অঞ্চলত অধিক কেলৰিৰ প্ৰয়োজন হয় কাৰণ  গাঁৱলীয়া লোকৰ  চহৰীয়া লোকতকৈ শাৰীৰিক পৰিশ্ৰম বেছি।
৩/ মুদ্ৰাষ্ফীতি কাক বোলে ? মুদ্ৰাষ্ফীতি নিয়ন্ত্ৰণৰ মূল পদ্ধতিসমূহ আলোচনা কৰা।
উত্তৰ :- সামগ্ৰীৰ দাম বৃদ্ধি হোৱা অৱস্থাক  মুদ্ৰাষ্ফীতি বুলি কোৱা হয়। অন‍্যহাতে মুদ্ৰাৰ পৰিমাণ, সুদৰ হাৰ আৰু ঋণ অৱস্থা  নিয়ন্ত্ৰণ কৰিবলৈ  কেন্দ্ৰীয় বেংকে  যি নীতি প্ৰয়োগ কৰে সেয়া মুদ্ৰাষ্ফীতি।
মুদ্ৰাষ্ফীতি নিয়ন্ত্ৰণ কৰিবৰ বাবে চৰকাৰে সাধাৰণতে (ক) মৌদ্ৰিক নীতি (খ)  ৰাজকোষীয় নীতি আৰু (গ) অমৌদ্ৰিক নীতি যেনে  উৎপাদন বৃদ্ধি নীতি গ্ৰহণ কৰে।
মৌদ্ৰিক নীতি :- চৰকাৰে গ্ৰহণ কৰা  মৌদ্ৰিক নীতিৰ ভিতৰত বেংকৰ হাৰ নীতিটো উল্লেখযোগ্য। বেংকৰ হাৰ হ'ল  সেই হাৰ যিটো হাৰত  কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকক ঋণ প্ৰদান কৰে।মুদ্ৰাষ্ফীতিৰ সময়ত বেংকৰ হাৰ বৃদ্ধি কৰা হয়, যাৰ ফলত বাণিজ্যিক বেংকে বজাৰ হাৰ বৃদ্ধি কৰে। ইয়াৰ ফলত ঋণ গ্ৰহণ কাৰীয়েঋণ লবলৈ নিৰুৎসাহিত হয় আৰু  বজাৰত ঋণ হ্ৰাস  হৈ মুদ্ৰাষ্ফীতি নিয়ন্ত্ৰিত হয়।
ৰাজকোষীয় নীতি :- এই নীতিক আয় আৰু ব‍্যয়  নীতি বুলিও কোৱা হয়। চৰকাৰী ব‍্যয় কৰ্তন  কৰি দেশত সমগ্ৰীক  চাহিদা হ্ৰাস কৰিব পাৰি আৰু মুদ্ৰাষ্ফীতিক নিয়ন্ত্ৰিত কৰিব পাৰি। তদুপৰি বিভিন্ন প্ৰকাৰৰ কৰ  আৰোপ কৰি জনসাধাৰণৰ হাতত থকা অতিৰিক্ত মুদ্ৰা চৰকাৰৰ  হাতলৈ আনিব পাৰি।ইয়াৰ ফলত সামগ্ৰিক চাহিদা হ্ৰাস পাব আৰু
মুদ্ৰাষ্ফীতি নিয়ন্ত্ৰিত হব।ইয়াৰ উপৰিও  চৰকাৰে জনসাধাৰণৰ পৰা ঋণ গ্ৰহণ কৰিও মুদ্ৰাষ্ফীতি নিয়ন্ত্ৰণ কৰিব পাৰি।
উৎপাদন বৃদ্ধি নীতি :- দেশৰ চৰকাৰী অব‍্যৱহৃত সম্পদৰাজি সঠিক ভাবে ব‍্যৱহাৰ কৰি উৎপাদন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব পাৰিলে দেশত উৎপাদন বৃদ্ধি হব আৰু সামগ্ৰীৰ বৰ্দ্ধিত চাহিদাৰ হাৰত যোগান বৃদ্ধি হৈ দৰ স্তৰ নিয়ন্ত্ৰিত হ'ব।
৪/  নিবনুৱা সমস্যা কাক বোলে? ইয়াৰ প্ৰকাৰ কি কি? এই সমস্যাৰ মূল কাৰণ সমূহ উল্লেখ কৰা।
উত্তৰ:- সাধাৰণতে নিবনুৱা শব্দটোৱে  কৰ্মহীনতাক বুজায়। যিসকল লোকে কাম কৰাৰ  কোনো সুযোগ নাপায় তেওঁলোকক নিবনুৱা বুলি কোৱা হয়। কিন্তু অৰ্থনীতিত নিবনুৱা বুলি ক'লে সেই সকলক বুজায় যাৰ কাম কৰাৰ ক্ষমতা আৰু ইচ্ছা আছে, কিন্তু উপযুক্ত সংস্থাপন নাপায়।এজন লোকৰ কৰ্ম কৰাৰ ক্ষমতা আছে, কিন্তু তেওঁৰ যদি চলিত মজুৰিত কাম কৰাৰ বাবে ইচ্ছুক নহয় তেন্তে তেওঁক নিবনুৱা বুলি কব নোৱাৰি।
ইয়াত প্ৰকাৰ সমূহ হ'ল - গ্ৰাম্য নিবনুৱা আৰু চহৰীয়া নিবনুৱা।
কাৰণসমূহ হ'ল -
(১) দ্ৰুত জনসংখ্যা বৃদ্ধি।
(২) নিয়োগ বিহীন  উন্নয়ন।
(৩) স্থবিৰ  কৃষি উন্নয়ন।
(৪) ঔদ্যোগিকৰণৰ মন্থৰ গতি।
(৫) ক্ৰটিপূৰ্ণ শিক্ষা ব‍্যৱস্থা।

Post a Comment

1 Comments