Class IX And X . ২০১৯ চনত নৱম মান শ্ৰেণী আৰু দশম মান শ্ৰেণীত প্ৰকাশিত "আদিবাসী সকলৰ"বিষয়ে চমুকৈ সন্নিবিষ্ট কৰা হৈছে।

 ২০১৯ চনত নৱম মান শ্ৰেণী আৰু দশম মান শ্ৰেণীত  প্ৰকাশিত "আদিবাসী সকলৰ"বিষয়ে চমুকৈ  সন্নিবিষ্ট কৰা হৈছে।



অসম প্ৰায় ৮৮৫ খন চাহ বাগিছা আৰু গাঁৱত বসবাস কৰা প্ৰায় ৫৬ লাখ আদিবাসী অসমীয়া জাতিৰ অৱিচ্ছেদ্য অংগ‌ই নহয়, অসমীয়া সংস্কৃতি আৰু অসমৰ আৰ্থ-সামাজিক বিকাশৰ অন্যতম উপাদান। চাহ বাগিছা তথা গাঁৱত বসবাস কৰা এই গোষ্ঠী সকলৰ পূৰ্ব-পুৰুষসকল আদিবাসী বুলি পৰিচিত। অৱশ্যে কিছু সংখ্যক লোকে নিজকে আৰ্য বুলি দাবী কৰে। যিহেতু বুৰঞ্জীবিদসকলে এওঁলোকক আদিবাসী বুলি চিহ্নিত কৰিছে, সেয়েহে এওঁলোকক আদিবাসী বুলি সম্বোধন কৰা হয়।

আদিবাসী শব্দৰ অৰ্থ এনেদৰে দিব পাৰি-- 'আদি' মানে "প্ৰথমে" 'বাসী' মানে "বাসিন্দা" অৰ্থাৎ দেশৰ প্ৰথম বাসিন্দা সকলক 'আদিবাসী' বুলি কোৱা হয়। অসমীয়া অভিধান "হেমকোষৰ" মতে "আদিবাসী" শব্দৰ অৰ্থ 'প্ৰথম নিবাসী', 'কোনো ঠাইত আগেয়ে থকা।' ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ পাঠ্যপুথি 'ভাৰত বুৰঞ্জী'ত (পৃ:৩) প্ৰফুল্ল বৰুৱাই আদিবাসী জনগোষ্ঠীৰ পৰিচয় দিছে। 'এই গোষ্ঠীৰ লোকসকলৰ চুটি-চাপৰ, অতি কৰা বৰণৰ আৰু চেপেটা নাকৰ আছিল। এওঁলোকে সাধাৰণতে পাহাৰ আৰু হাবি-জংঘলত থাকি ভাল পাইছিল। এওঁলোকৰ লিপি নাছিল আৰু ভাষা আৰ্য গোষ্ঠীৰ ভাষাৰ পৰা সম্পূৰ্ণ বেলেগ আছিল। খোল,মিল,মুণ্ডা আদি জাতিৰ লোকসকলে এই গোষ্ঠীৰ ভিতৰত পৰিছিল।

গতিকে "আদিবাসী" বুলিলে কাৱাঁৰ,কল,ভূমিজ,চৱৰ, চুৰিয়া পাহাৰীয়া, চাওঁতাল, পাহাৰীয়া, ওৰাং, মুণ্ডা, বি ভাল পাহাৰীয়া, মাহালি, লহৰা,কৰৱা, কৰা, কিষান, কন্ধ, খেৰৱাৰ,খাৰিয়া, কুডমালি, হ্, গৰাইড, গড়, চিক বাড়াইক, চেৰ্, বিৰজিয় বিৰহড়, বিনজিয়া, বেদিয়া, বাথুডি, বানজাৰা, বাইগা, আচুৰ, লধা, দামদাৰি, বন্দা, নাগাচিয়া, উড়িয়া, ভিল, পৰজা, ধানৱাৰ, কয়া প্ৰধান ইত্যাদি লোকক বুজায়। অসমৰ গাওঁ-বস্তি আৰু চাহ বাগিছাত থকা এটা জাতিৰ লোকে নিজকে 'আদিবাসী'বুলি পৰিচয় দি গৌৰৱ কৰে। অৱশ্যে বহুতে এওঁলোকক চাহ বনুৱা, কুলি, চাহ জনজাতী, সেউজ অসমীয়া আদি নানা নামেৰে নামাকৰণ কৰি আহিছে।

আদিবাসী সকলৰ সংস্কৃতি:

পূৰ্বতে আদিবাসী সকলে প্ৰকৃতিপ্ৰেমী আৰু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি ফলমূল খায় জীৱন ধাৰণ কৰিছিল। কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে তেওঁলোকৰ সকলো কাৰ্য, ৰীতি-নীতি কৃষি ভিত্তিক হৈ পৰে।

সেইদৰে তেওঁলোকৰ মূখ্য উৎসৱ সমূহ তলত দিয়া ধৰণৰ-

কৰম উৎসৱ:

ভাদ মাহৰ একাদশীৰ দিনা এই উৎসৱ উৎযাপন কৰা হয়। "কৰম" প্ৰধানকৈ কৃষি ভিত্তিক উৎসৱ। কৰম( Naucliea Parvifola) এবিধ গছ। গাঁৱৰ মহিলা সকলে বিশেষকৈ যূৱতীসকলে জংঘলৰ পৰা কৰম ডাল কাটি আনি গাঁৱৰ আখৰাত (চোতালত) স্থাপন কৰে। গাৱৰ ৰাইজে নাচি-বাগি কৰম দেৱতাৰ পূজা কৰে। আদিবাসী সকলে (পাহান) পূৰোহিতৰ পূজাৰ পাছত কৰম কাহিনী কয়, য'ত আদিবাসী সকলৰ পৰমপৰাৰ নীতি-কথা নিহিত হৈ থাকে। কৰম উৎসৱটি বন্ধুত্ব, সম্প্ৰতি-একতা, ভাল ফচল আৰু আগন্তুক বিবাহ হ'বলৈ প্ৰস্তূত হোৱা যুৱতীসকলৰ বাবে এক ব্ৰতৰ সময়। ৰাইজে খেতি-পথাৰৰ কল্যাণৰ লগতে অধিক উৎপাদন কামনা কৰি কৰম দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰে। ইয়াৰ উপৰিও আদিবাসী সকলৰ মাজত টুচু, বাহা পৰব ( চাৰহুল), চহৰাই, মাগে, ফাগুৱা ইত্যাদি উৎসৱ পাতে। কৰম, ঝুমুৰ, ডমকচ, জাদূৰ, লাহচুৱা আদি নাচ-গানেৰে আদিবাসী সকলে উদযাপন কৰে।

আদিবাসী ভাষা:

আদিবাসী ভাষা সমূহ দ্ৰাবিড় আৰু অষ্ট্ৰিক গোষ্ঠীয় ভাষা। উদাহৰণ স্বৰূপে উৰাং সকলৰ কুডুষ ভাষাটি দ্ৰাবিড় গোষ্ঠীৰ সেইদৰে মুণ্ডা আৰু চাওঁতাসকলৰ ভাষা অষ্ট্ৰিক গোষ্ঠীৰ কোলাৰীয়ান ভাষা। "খাছী" সকলৰ ভাষা আৰু কিছু ৰীতি-নীতিৰ মিল থকালৈ আঙুলিয়াই তেওঁলোকে নিজৰ মাজত উমৈহতীয়া ভাষা আদিবাসীয়া (চাদৰ) কথা পাতে। আদিবাসী কুডুষ (উৰাং), মুণ্ডা, চাওঁতাল, চাওৰা, কুড়মালী, খাড়িয়া ইত্যাদি জাতিৰ হয় নিজৰ ভাষাসমূহৰ বিকাশৰ বাবে তেওঁলোকৰ মাজত সাহিত্য সভা,চাওঁতালী সাহিত্য সভা, মণ্ডাৰী সাহিত্য সভা, খাড়ীয়া মহাসভা,কডমালী সাহিত্য সভা গঢ়ি উঠিছে।

আদিবাসী সমাজৰ বিশেষ ব্যক্তিসকল:

খ্ৰীষ্টচন মুণ্ডা : ভাৰতৰ স্বাধীনতা সংগ্ৰামত ১৯১৬ চনতে এইজন স্বহীদে প্ৰান আহুতি দিয়ে। তেজপুৰৰ ওচৰৰ ফুলবাৰী চাহ বাগিছাত খ্ৰীষ্টচন মুণ্ডাই অসমৰ কৃষক আৰু শ্ৰমিক বিদ্ৰোহ ১৯১০-১৯১৬ চনত গঢ়ি তুলিছিল। ( Tea garden labourers of northeast India- S.Karotemprel B.Dutta Roy P-166-167)। বৃটিছ চৰকাৰে খ্ৰীষ্টচন মুণ্ডাক ফুলবাৰী চাহ বাগিছাৰ ৰাজহুৱা স্থানত ফাঁচী দিয়ে যাতে পুনৰ কোনো শ্ৰমিকে ব্ৰিটিছ চৰকাৰৰ বিৰোধ কৰিবলৈ সাহস কৰিব নোৱাৰে। কিন্তু এই ঘটনাৰ পাছতে চাহ বাগিছা সমূহত স্বাধীনতা আন্দোল বিয়পি পৰে। হেলেম,চনাজুলি, কাছাৰী গাঁও, আদি চাহ বাগিছা বোৰত জঙ্গী আন্দোলন হয়।(Planter Raj to Swaraj- A Guha)। মালতী ওৰাং (মাংগ্ৰী মেম), দয়াল পানিকা, বাঁকুডু তাওঁৰা আদি বহু আদিবাসী লোক স্বাধীনতা সংগ্ৰামত শ্বহীদ হয়।

জাষ্টিচ লাক্ৰা: 

সদৌ আদিবাসী ছাত্ৰ সন্থাৰ জন্মদাতা, জাষ্টিচ লাক্ৰাৰ জন্ম হৈছিল চৰাবিলৰ কচু গাৱত ২ অক্টোবৰৰ ১৯৭০ চনত। ১৯৯৬ চনত শ্বিলং মহাবিদ্যালয়ত শিক্ষা লৈ থাকোঁতে নামনি অসমত গোষ্ঠী সংঘৰ্ষই দেখা দিয়ে আৰু প্ৰায় ২ লাখ মানুহৰ আশ্ৰয় শিবিৰত আশ্ৰয় লয়। তেওঁ শিক্ষা এৰি ৰাইজৰ সেৱাত নামি পৰে। ২০১৫ চনৰ ১৩ জুলাইত মহান আদিবাসী নেতা জাষ্টিন লাক্ৰা ইহলীলা ত্যাগ কৰে আৰু তেওঁক পিছলৈ আদিবাসী সকলৰ "জাতীয় পিতা" বুলি আখ্যা দিয়া হ'ল।


প্ৰশ্নাৱলী:

১/ আদিবাসী সকলৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ :- অসম প্ৰায় ৮৮৫ খন চাহ বাগিছা আৰু গাঁৱত বসবাস কৰা প্ৰায় ৫৬ লাখ আদিবাসী অসমীয়া জাতিৰ অৱিচ্ছেদ্য অংগ‌ই নহয়, অসমীয়া সংস্কৃতি আৰু অসমৰ আৰ্থ-সামাজিক বিকাশৰ অন্যতম উপাদান। চাহ বাগিছা তথা গাঁৱত বসবাস কৰা এই গোষ্ঠী সকলৰ পূৰ্ব-পুৰুষসকল আদিবাসী বুলি পৰিচিত। 

আদিবাসী চুটি-চাপৰ,‌অতি ক'লা বৰণৰ আৰু চেপেটা নাকৰ আছিল। এওঁলোকে সাধাৰণতে পাহাৰ আৰু হাবি-জংঘলত থাকি ভাল পাইছিল। এওঁলোকৰ লিপি নাছিল আৰু ভাষা আৰ্য গোষ্ঠীৰ ভাষাৰ পৰা সম্পূৰ্ণ বেলেগ আছিল। খোল,মিল,মুণ্ডা আদি জাতিৰ লোকসকলে এই গোষ্ঠীৰ ভিতৰত পৰিছিল।

"আদিবাসী" বুলিলে কাৱাঁৰ,কল,ভূমিজ,চৱৰ, চুৰিয়া পাহাৰীয়া, চাওঁতাল, পাহাৰীয়া, ওৰাং, মুণ্ডা, বি ভাল পাহাৰীয়া, মাহালি, লহৰা,কৰৱা, কৰা, কিষান, কন্ধ, খেৰৱাৰ,খাৰিয়া, কুডমালি, হ্, গৰাইড, গড়, চিক বাড়াইক, চেৰ্, বিৰজিয় বিৰহড়, বিনজিয়া, বেদিয়া, বাথুডি, বানজাৰা, বাইগা, আচুৰ, লধা, দামদাৰি, বন্দা, নাগাচিয়া, উড়িয়া, ভিল, পৰজা, ধানৱাৰ, কয়া প্ৰধান ইত্যাদি লোকক বুজায়। অসমৰ গাওঁ-বস্তি আৰু চাহ বাগিছাত থকা এটা জাতিৰ লোকে নিজকে 'আদিবাসী'বুলি পৰিচয় দি গৌৰৱ কৰে।

২/ আদিবাসী সকলৰ ভাষা আৰু উৎসৱ-পাৰ্বনৰ বিষয়ে লিখা।

উত্তৰ :- আদিবাসী ভাষা সমূহ দ্ৰাবিড় আৰু অষ্ট্ৰিক গোষ্ঠীয় ভাষা। উৰাং সকলৰ কুডুষ ভাষাটি দ্ৰাবিড় গোষ্ঠীৰ সেইদৰে মুণ্ডা আৰু চাওঁতাসকলৰ ভাষা অষ্ট্ৰিক গোষ্ঠীৰ কোলাৰীয়ান ভাষা। "খাছী" সকলৰ ভাষা আৰু কিছু ৰীতি-নীতিৰ মিল থকালৈ আঙুলিয়াই তেওঁলোকে নিজৰ মাজত উমৈহতীয়া ভাষা আদিবাসীয়া (চাদৰ) কথা পাতে। আদিবাসী কুডুষ (উৰাং), মুণ্ডা, চাওঁতাল, চাওৰা, কুড়মালী, খাড়িয়া ইত্যাদি জাতিৰ হয় নিজৰ ভাষাসমূহৰ বিকাশৰ বাবে তেওঁলোকৰ মাজত সাহিত্য সভা,চাওঁতালী সাহিত্য সভা, মণ্ডাৰী সাহিত্য সভা, খাড়ীয়া মহাসভা,কডমালী সাহিত্য সভা গঢ়ি উঠিছে।

ভাদ মাহৰ একাদশীৰ দিনা 'কৰম' উৎসৱ উৎযাপন কৰা হয়। গাঁৱৰ মহিলা সকলে বিশেষকৈ যূৱতীসকলে জংঘলৰ পৰা কৰম ডাল কাটি আনি গাঁৱৰ আখৰাত (চোতালত) স্থাপন কৰে। গাৱৰ ৰাইজে নাচি-বাগি কৰম দেৱতাৰ পূজা কৰে। আদিবাসী সকলে (পাহায়) পূৰোহিতৰ পূজাৰ পাছত কৰম কাহিনী কয়, য'ত আদিবাসী সকলৰ পৰমপৰাৰ নীতি-কথা নিহিত হৈ থাকে। কৰম উৎসৱটি বন্ধুত্ব, সম্প্ৰতি-একতা, ভাল ফচল আৰু আগন্তুক বিবাহ হ'বলৈ প্ৰস্তূত হোৱা যুৱতীসকলৰ বাবে এক ব্ৰতৰ সময়। ৰাইজে খেতি-পথাৰৰ কল্যাণৰ লগতে অধিক উৎপাদন কামনা কৰি কৰম দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰে। ইয়াৰ উপৰিও আদিবাসী সকলৰ মাজত টুচু, বাহা পৰব ( চাৰহুল), চহৰাই, মাগে, ফাগুৱা ইত্যাদি উৎসৱ পাতে। কৰম, ঝুমুৰ, ডমকচ, জাদূৰ, লাহচুৱা আদি নাচ-গানেৰে আদিবাসী সকলে উদযাপন কৰে।

৩/ চমুটোকা লিখা।

(ক) খ্ৰীষ্টচন মুণ্ডা (খ) জাষ্টিন লাক্ৰা।

উত্তৰ :- (ক) খ্ৰীষ্টচন মুণ্ডা, 


ভাৰতৰ স্বাধীনতা সংগ্ৰামত ১৯১৬ চনতে এইজন স্বহীদে প্ৰান আহুতি দিয়ে। তেজপুৰৰ ওচৰৰ ফুলবাৰী চাহ বাগিছাত খ্ৰীষ্টচন মুণ্ডাই অসমৰ কৃষক আৰু শ্ৰমিক বিদ্ৰোহ ১৯১০-১৯১৬ চনত গঢ়ি তুলিছিল।

বৃটিছ চৰকাৰে খ্ৰীষ্টচন মুণ্ডাক ফুলবাৰী চাহ বাগিছাৰ ৰাজহুৱা স্থানত ফাঁচী দিয়ে যাতে পুনৰ কোনো শ্ৰমিকে ব্ৰিটিছ চৰকাৰৰ বিৰোধ কৰিবলৈ সাহস কৰিব নোৱাৰে। কিন্তু এই ঘটনাৰ পাছতে চাহ বাগিছা সমূহত স্বাধীনতা আন্দোল বিয়পি পৰে। হেলেম,চনাজুলি, কাছাৰী গাঁও, আদি চাহ বাগিছা বোৰত জঙ্গী আন্দোলন হয়।

 উত্তৰ :- (খ) জাষ্টিন লাক্ৰা:

সদৌ আদিবাসী ছাত্ৰ সন্থাৰ জন্মদাতা, জাষ্টিচ লাক্ৰাৰ জন্ম হৈছিল চৰাবিলৰ কচু গাৱত ২ অক্টোবৰৰ ১৯৭০ চনত। ১৯৯৬ চনত শ্বিলং মহাবিদ্যালয়ত শিক্ষা লৈ থাকোঁতে নামনি অসমত গোষ্ঠী সংঘৰ্ষই দেখা দিয়ে আৰু প্ৰায় ২ লাখ মানুহৰ আশ্ৰয় শিবিৰত আশ্ৰয় লয়। তেওঁ শিক্ষা এৰি ৰাইজৰ সেৱাত নামি পৰে। ২০১৫ চনৰ ১৩ জুলাইত মহান আদিবাসী নেতা জাষ্টিন লাক্ৰা ইহলীলা ত্যাগ কৰে।

Post a Comment

1 Comments

  1. পাহায় নহয় এইটো পাহান হ'ব লাগিছিল অৰ্থ হ'ল পুৰোহিত। পাহান গৰাকীক কুঁড়ুখ় ভাষাত নায়েগাস বুলি কোৱা হয়। সালহুল (বাহা) পৰব টিক খ়াদ্দী বুলি কোৱা হয় ।

    ReplyDelete