ড° ভূপেন হাজৰিকাৰ গানৰ গীতিকাব্য (Songs Lyrics)

গীত : আজি আকাশৰ শেষ হ'ব পায়
শেষ বাৰিষাৰ গান

ড° ভূপেন হাজৰিকাৰ গানৰ গীতিকাব্য (Songs Lyrics)

আজি আকাশৰ শেষ হ'ব পায়
শেষ বাৰিষাৰ গান,
দিখৌ নৈৰ বুকুতে সেয়েহে আহিছে
শেহঁতী বান।
কলিয়া ডাৱৰৰ চকুপানী টোকা 
কান্দোন পৰিলে ওৰ,
আকাশত উৰিলে কপাহৰে জোলা
বাজিছে ৰঙৰে সূৰ।
ওপঙি আহিলে লেকলো পৰুৱা 
শুকাৱৰ বাঢ়ণি পানী
পালেহি খৰালি তাৰেহে বাতৰি
দিলেহি আনি।
ডাৱৰৰ যোজতে সূৰ্য জিকিলে
এন্ধাৰ ক'ৰবালে গ'ল।
পোহৰৰ তাৰৰে ডাৱৰৰ সৰকাৰে
বতৰ ফৰকাল হ'ল
আজি আকাশৰ শেষ হ'ব পায়
শেষ বাৰিষাৰ গান,
দিখৌ নৈৰ বুকুতে সেয়েহে আহিছে
শেহঁতী বান।
গীত : আকাশী গংগা বিচৰা নাই

আকাশী গংগা বিচৰা নাই
নাই বিচৰা স্বৰ্ণ অলংকাৰ
নিষ্ঠুৰ জীৱনৰ সংগ্ৰামৰ
বিচাৰো মৰমৰ মাত এষাৰ
আকাশী গংগা বিচৰা নাই।
মহা মহা সাগৰৰে কতনা লহৰ লেখিলোঁ
মহা মহা লগৰীতে কতনা বাট হেৰুৱালো
মৰম জ্বতিৰ পম খেদি খেদি
মৰম জ্বতিৰ পম খেদি খেদি
বোৱালো বুকুতে অশ্ৰো ধাৰ
নিষ্ঠুৰ জীৱনৰ সংগ্ৰামৰ
বিচাৰো মৰমৰ মাত এষাৰ
আকাশী গংগা বিচৰা নাই।
হয় তুমিতো হেজাৰ জনৰ হেজাৰ শৰাই পায়
তথাপি কিয় বিশেষ জনৰ মৰম বিচাৰি  যায়
মহা মহা নাট ঘৰে ঘৰে কণ্ঠ শোনিত নিগৰালো
মহা মহা শ্ৰোতা জনতাৰে মুখত হাঁহি বিৰিঙালো
ঘনিক মোৰ পৰত কোনেনো
ঘনিক মোৰ পৰত কোনেনো
পাতলাব মোৰ দোষৰে ভাগ 
নিষ্ঠুৰ জীৱনৰ সংগ্ৰামৰ
বিচাৰো মৰমৰ মাত এষাৰ
আকাশী গংগা বিচৰা নাই।
গীত : আমি অসমীয়া নহ‌ওঁ দূখীয়া

কথন ভাগ_ সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে  কৈছিল_ আমি অসমীয়া নহ‌ওঁ,দূখীয়া কিহৰ দূখীয়া হ'ম, সচাঁ পিছে_
আমি অসমীয়া নহ‌ওঁ দূখীয়া বুলি সান্তনা লভিলে নহ'ব
আজিৰ অসমীয়াই নিজক নিচিনিলে
অসম ৰসাতলে যাব
আমি অসমীয়া নহ‌ওঁ দূখীয়া 
বুলি সান্তনা লভিলে নহ'ব।
নানা জাতি ওপজাতি ৰহনীয়া কৃষ্টি 
আকোঁৱালি লৈ হৈছিল সৃষ্টি 
এই মোৰ অসম দেশ 
বিভেদ পৰি হৰি নিজ হাতে শ্ৰম কৰি
দেশক নগঢ়িলে এই দেশ হ'ব নিঃশেষ
আৰু মন বোৰো ভাগি চিঙি যাব
আজিৰ অসমীয়াই নিজক নবচালে
অসমতে মগনীয়া হ'ব
আমি অসমীয়া নহ‌ওঁ দূখীয়া
 বুলি সান্তনা লভিলে নহ'ব।
প্ৰতি অসমীয়াই কি কৰা উচিত
উপদেশ দিৱলৈ নাই লাচিত
ডাঙৰ নহয় দেশতকৈও মোৰ
 দূৰ্বল স্থিতিয়া মোমাই বোৰ
বোলা হেংদাং ধাৰী লাচিত নাথাকিলেও 
আগুৱাই যাৱ‌ই লাগিব
অ' নহ'লে অসমীয়াই অসমৰ মাটিতে
 নিজে ভগনীয়া হ'ব
আমি অসমীয়া নহ‌ওঁ দূখীয়া 
বুলি সান্তনা লভিলে নহ'ব।
কথন_ "অসম মৰিলে আমিও মৰিম বুলি কবলৈ কোনো যে নাই বুলি, আজি কোনে ক'লে"
কোনোবা কাপুৰুষক পুৰুষ কৰিবলে
জ্যোতিপ্ৰসাদো যে আছে
অসম মৰিলে আমিও মৰিম 
বুলি কবলৈ শ্বহীদো আছে
আজিৰ অম্বিকাগিৰীৰ চিঞৰক
 হেজাৰে হাতে কামে নৱ ৰূপ দিব
আজিৰ অসমীয়াই সংগ্ৰাম নকৰিলে 
অসমতে ভগনীয়া হ'ব
আমি অসমীয়া নহ‌ওঁ দূখীয়া 
বুলি সান্তনা লভিলে নহ'ব।
আনৰে লগতে অসমীয়া অসমতে
 যদি এনে বাছে বাৰু ক'ত নো বাছিৱ 
মোৰ আইক ভালপা‌ও বুলিলে আনৰ আইক
 জানো ঘিন কৰাটো বুজাৱ
প্ৰতি অসমীয়া আমি ভাল ভাৰতীয়
 আৰু দূৰনিৰ পৰা আহি লোহিতৰ পাৰৰে
 মাটিক মাতৃ বোলা প্ৰতি ভাৰতীয় হল
 নতুন ৰূপৰ অসমীয়া 
আমি সেইভাৱে থাকিলে হ'ব,
 নহ'লে আমাৰ ৰাজহাড় না‌ই
 বুলি বিশ্ব‌ই বৰকে হাহিব
আমি অসমীয়া নহ‌ওঁ দূখীয়া
 বুলি সান্তনা লভিলে নহ'ব
বিশ্বপ্ৰেম বিনন্দিয়া বুলি 
অনুভৱ কৰা প্ৰতিজন অসমীয়া 
তুমিওতো জানা এটি কথা
আপোন মাতৃ অশ্ৰো নমচিলে
 বিশ্ব প্ৰেম হ'ব  বৃথা
তুমি বিশ্বৰ শৰীৰত অংগ অংগ হ'লে
 বিশ্ব‌ই জানো ভালপাৱ
পৃথিৱীত জননী সচেতন নহ'লে
 প্ৰাপ্য‌ও থিতাতে হেৰাব
আমি অসমীয়া নহ‌ওঁ দূখীয়া 
বুলি সান্তনা লভিলে নহ'ব।
থঁলোৱা আৰু নতুন অসমীয়াক 
এইবেলি সেৱা যাঁচি লৈ সোঁৱৰাব খুজিছোঁ
অসমতৰে ৰাইজে নিজকে পাহৰিলে
 ভোগালীতো ৰ্দোভূগ পাৱ
আৰু বাপুতি শাওন সেই ৰঙালী বিহুতিও 
কঙালিত পৰিণত হ'ব। 
আজিৰ অসমীয়াই নিজক নবচালে 
অসম ৰসাতলে যাব
আমি অসমীয়া নহ‌ওঁ দূখীয়া 
বুলি সান্তনা লভিলে নহ'ব।

_গীত : চিত্ৰ লেখা চিত্ৰ লেখা চিত্ৰ এখন আঁকা না_

চিত্ৰ পথত চিন্তা শিলে চিন্তা নায়ক আঁকা
চিত্ৰ লেখা চিত্ৰ লেখা চিত্ৰ এখন আঁকা না
চিত্ৰ পথত চিন্তা শিলে চিন্তা নায়ক আঁকা।
জন জীৱনৰে ৰঙতো তোলা
মন জীৱনৰে গভীৰ নিলা
পাত্ৰ দুটি সজাই লোৱা
দুয়োটি ৰঙ মিলাই লোৱা
তুলিকা তুলি লোৱা না
চিত্ৰ লেখা চিত্ৰ লেখা চিত্ৰ এখন আঁকা না
চিত্ৰ পথত চিন্তা শিলে চিন্তা নায়ক আঁকা।
এটি দুটি ৰেখাৰে সাৱধানতাৰে
এটি দুটি ৰেখাৰে সাৱধানতাৰে
নয়ন আঁকা  দূৰদৰ্শি
নয়ন আঁকা দূৰদৰ্শি
এটি দুটি ৰেখাৰে সাৱধানতাৰে
এটি দুটি ৰেখাৰে সাৱধানতাৰে
নয়ন আঁকাৰ দূৰদৰ্শি 
নয়ন আকাৰ দূৰদৰ্শি।
অনাগত দিনত 
অভিনৱ কোৱা সীমা অসীমৰ 
সীমা বুজি পোৱা 
বক্ষ এখন  আঁকি দিয়া
লক্ষজনে লক্ষ কোৱা
তুলিকা তুলি লোৱা না।
চিত্ৰ লেখা চিত্ৰ লেখা চিত্ৰ এখন আঁকা না
চিত্ৰ পথত চিন্তা শিলে চিন্তা নায়ক আঁকা
চিত্ৰ লেখা চিত্ৰ লেখা চিত্ৰ এখন আঁকা না
চিত্ৰ পথত চিন্তা শিলে চিন্তা নায়ক আঁকা।

_এটুকুৰা আলসোৱা মেঘ ভাঁহি যায়_

এটুকুৰা আলসোৱা মেঘ ভাঁহি যায়
মোৰো মনৰ অংশ‌ই বাট হেৰুৱাই
ম‌ই আছো শাঁৰদীয় খিৰিকী মূখত
বুকুৱে বিচৰা জনলৈ বাট চা‌ই
এটুকুৰা আলসোৱা মেঘ ভাহি যায়।
বিজুলী চাকিৰ সৌ তাৰ বোৰতে 
নিয়ৰে ওলমি কিবা কথা পাতে
বিশেষ বিন্দুত অকা এখনি মূখে
এমোঠি অনুৰাগ পিছে ছটিয়াই।
ম‌ই এক যক্ষ মহানগৰীৰ
ম‌ই এক যক্ষ মহানগৰীৰ
মিছলিয়া মৰমত কাৰাৰুদ্ধ
সোঁৱৰণি স্বাৱনতে আৱদ্ধ
নিয়ন চাকিয়েই আজি চকু টিপিয়াই
শৰৎ সন্ধা মহানগৰী সজায়
মাদকতা সানি আজি লিখিছোঁ চিঠি
চঞ্চল মেঘে যেন তাকে কঢ়িয়াই
এটুকুৰা আলসোৱা মেঘ ভাঁহি যায়
মোৰো মনৰ অংশ‌ই বাট হেৰুৱাই
ম‌ই আছো শাৰদীয় খিৰিকী মূখত
বুকুৱে বিচৰা জনলৈ বাট চা‌ই
এটুকুৰা আলসোৱা মেঘ ভাহি যায়,যায়।

_হো..হো.. ধূমুহা আহিলেও_

হো..হো.. ধূমুহা আহিলেও
আকাশ কলা মেঘে চানিলেও
ৰিমঝিম বৰষুণ পৰিলেও
তুমি যেন থাকা মোৰ কাষতে
হো..হো.. ধূমুহা আহিলেও
আকাশ কলা মেঘে চানিলেও
ৰিমঝিম বৰষুণ পৰিলেও
তুমি যেন থাকা মোৰ কাষতে
হো..হো.. ধূমুহা আহিলেও।
জীৱনৰ প্ৰথম তৰিত, প্ৰথম যাত্ৰী হৈ বহিলা
জীৱনৰ প্ৰথম তৰিত, প্ৰথম যাত্ৰী হৈ বহিলা
বুকুত ওম যাচি বয়াবহা চাক নয়া দেখিলেও
তুমি যেন থাকা মোৰ কাষতে
হো..হো.. ধূমুহা আহিলেও।
কৈশৱ পাৰ হ'ল, কিশোৰ হলো
কৈশোৰ পাৰ হ'ল, যোৱক হলো
যৌৱন জোৱাৰৰ নাও মেলি
আশাৰ পালৰূপে তোমাকে পালো,
কৈশৱ পাৰ হ'ল, কিশোৰ হলো
কৈশোৰ পাৰ হ'ল, যোৱক হলো
যৌৱন জোৱাৰৰ নাও মেলি
আশাৰ পালৰূপে তোমাকে পালো।
আচঁনিৰ সাগৰতে শাউসৰ স্বাখৰ কৰিলা
আচঁনিৰ সাগৰতে শাউসৰ স্বাখৰ কৰিলা
নিৰাশাৰ চকুপানী মচি,দোষসহ বেদনাত ভূগি
তুমি যেন থাকা মোৰ কাষতে 
..হো.. ধূমুহা আহিলেও
আকাশ কলা মেঘে চানিলেও
ৰিমঝিম বৰষুণ পৰিলেও
তুমি যেন থাকা মোৰ কাষতে
হো..হো.. ধূমুহা আহিলেও।

_মাজনিশা মোৰ এন্ধাৰ ঘৰত_

মাজনিশা মোৰ এন্ধাৰ ঘৰত 
কোনে ঘনে ঘনে অহা যোৱা কৰে 
ঘোমতি ভাঙিছে বাৰে বাৰে,মোৰ
ঘোমতি ভাঙিছে বাৰে বাৰে।
তুমি কোনহে চিকুন চূৰ 
আজি নিবানে  সৰ্বমোৰ
তুমি কোনহে চিকুন চূৰ 
আজি নিবানে  সৰ্বমোৰ
তোমাক নেদেখি দেখিছোঁ
নিচিনি চিনিছো চৰণৰ ধ্বনিৰে
আৰে আৰে 
মোৰ ঘূমতি বাঢ়িছে বাৰে বাৰে
মোৰ ঘূমতি বাঢ়িছে বাৰে বাৰে।
মোৰ গোপন ঘৰৰ গভীৰ এন্ধাৰ ভৰি
কি ধন আছে ম‌ই নিজে নাপাওঁ ধৰি
মোৰ গোপন ঘৰৰ গভীৰ এন্ধাৰ ভৰি
কি ধন আছে ম‌ই নিজে নাপাওঁ ধৰি
মোৰ সকলো ওদঙ কৰি
তুমি লৈ যোৱা আজি হৰি
এই এন্ধাৰৰ ধন পোহৰৰ মাজে 
 লৈ  যোৱা আজি ভাৰে ভাৰে
ঘোমতি ভাঙিছে বাৰে বাৰে,
মাজনিশা মোৰ এন্ধাৰ ঘৰত 
কোনে ঘনে ঘনে অহা যোৱা কৰে 
ঘোমতি ভাঙিছে বাৰে বাৰে,মোৰ
ঘোমতি ভাঙিছে বাৰে বাৰে।
_মদাৰৰে ফুলহেনো পূজাতো নেলাগে_

মদাৰৰে ফুলহেনো পূজাতো নেলাগে
মদাৰৰে ফুলহেনো সভাহত নেলাগে
লাগে পিছে বহাগতে ৰঙ সানিবলে
লাগে পিছে আকাশতে জুই জ্বলাবলে
কোনোবাই মোক হেনো মদাৰৰে ৰিজালে
আমাৰ দৰে লোক হেনো কামে কাজে নেলাগে
লাগে পিছে সমাজতে ৰঙ সানিবলে
লাগে পিছে আকাশতে জুই জ্বলাবলে
মদাৰৰে ফুলহেনো পূজাতো নেলাগে।
মদাৰ গছত বগোৱা পান খাবলৈহে ভাল,ভাল
উদ্ধমূখি কান লতাৰ প্ৰতিজ্ঞাহে ভাল,ভাল
পান গৈ মদাৰতে ভগোৱা জনহে ভাল, ভাল
কাইটতে বুকুৰে তেজ ঢলা জনহে ভাল, ভাল
মদাৰৰে জুই শিখা বিচৰাকে মাতে
বহাগতে ম্ই আজি যাম পূজিবলে
কোনোবাই মোক হেনো মদাৰৰে ৰিজালে।
সচাঁকৈ কলো মানুহ যদি ৰঙা মদাৰ হয়
মদাৰৰে শিখা যদি হাতে হাতে লয়
তেতিয়াহে সমাজত এটা জ্যোতিৰে উজলিব
জ্যোতি লাগে এন্ধাৰকে নাম কৰিবলে
মদাৰ নেলাগে পূজাত কাৰ পূজা সেইয়া
এনে পূজা নেচাও আমি কি সভা সেইয়া
তেনে পূজাত লাগে মিচা কাগজৰে ফুল
তাতে কত‌ই মানৱতা যায় বেচিবলে
যাৰ পূজাত নৰ মাংস সেৰ জোখে কিমে
চিন্তাতে গোলাপৰে পাতৰ কিছু হাহে
যাৰ পূজাত মিচা কৰল মনে মনে আহে
মাটিৰ জীৱন অমৃতৰে যাৰ ৰাহি নাহে
তেনে লোকক কাইটেৰে সজ্যাপাতিত দিয়া
মদাৰ জুইৰে জ্বলোৱা মানুহ পূৰিবলে
কোনোবাই মোক হেনো মদাৰৰে ৰিজালে
আমাৰ দৰে লোক হেনো কামে কাজে নেলাগে
লাগে পিছে বহাগতে জুই জ্বলাবলে
লাগে পিছে আকাশতে ৰঙ সানিবলে
মদাৰৰে ফুলহেনো পূজাতো নেলাগে।


Post a Comment

Previous Post Next Post