অধ্যায়-২ আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে? (নৱম শ্ৰেণীৰ পাঠ্যপুথি)

  •  দ্ৰৱণৰ ধৰ্মসমূহ কি কি?
উত্তৰ : 

  1. দ্ৰৱন এটা সমসত্ব মিশ্ৰণ।
  2. দ্ৰৱণৰ কনিকাবোৰৰ আকাৰ বৰ ক্ষুদ্ৰ। ইহঁতৰ ব্যাসতকৈ সৰু। সেইবাবে ইহঁতক খালি চকুৰে নেদেখি।
  3. দ্ৰাৱ্যৰ কণিকাবোৰৰ বৰ ক্ষুদ্ৰ হোৱা বাবে ইহঁতে পোহৰ ৰশ্মি বিচ্ছুৰিত  কৰিব নোৱাৰে। গতিকে দ্ৰৱণৰ মাজেদি পাৰ হৈ যোৱা ৰশ্মি দৃশ্যমান নহয়।
  4. পৰিশ্ৰাৱণ প্ৰণালীৰে দ্ৰৱণ এটাৰ দ্ৰাৱ্যক পৃথক কৰিব নোৱাৰি। বহুত সময় লৰচৰ নকৰাকৈ ৰাখিলে ও দ্ৰাৱ্য কণিকাবোৰ অবক্ষিপ্ত নহয় অৰ্থাৎ দ্ৰৱণবোৰ সুস্থিৰ।

  • সংপৃক্ত দ্ৰৱ কাক বোলে?

উত্তৰ : এটা নিদিষ্ট উষ্ণতাত, এটা দ্ৰৱত দ্ৰৱীভূত কৰিব পৰা সৰ্বোচ্চ পৰিমাণৰ দ্ৰাৱ্য দ্ৰৱীভূত হৈ থাকিলে তাক সংপৃক্ত দ্ৰৱ বোলে। অৰ্থাৎ দ্ৰাৱকৰ আয়তন একে থাকিলে তাত এক নিৰ্দিষ্ট পৰিমাণৰ দ্ৰাৱ্যহে দ্ৰৱীভূত কৰিব পাৰি আৰু তেতিয়া দ্ৰৱণটোক সংপৃক্ত দ্ৰৱ বুলি কোৱা হয়।

  • অসংপৃক্ত দ্ৰৱ কাক বোলে?

উত্তৰ : সংপৃক্ত দ্ৰৱণত থকা পৰিমাণতকৈ কম দ্ৰাৱ্য থকা দ্ৰৱক অসংপৃক্ত দ্ৰৱ বোলে।

  • চোকা বা গাঢ়তা কাক বোলে?

উত্তৰ : কোনো নিৰ্দিষ্ট আয়তন বা ভৰৰ দ্ৰৱনত দ্ৰৱীভূত হৈ থকা দ্ৰাৱ্যৰ পৰিমানক দ্ৰৱটোৰ চোকা বা গাঢ়তা বোলে।

  • দ্ৰৱণৰ গাঢ়তাৰ একক কি?
উত্তৰ : 

                           দ্ৰাৱ্যণৰ পৰিমাণ       

দ্ৰৱণৰ গাঢ়তা = -------------------

                           দ্ৰৱৰ পৰিমাণ         

               বা

                         দ্ৰাৱ্যৰ পৰিমাণ

দ্ৰৱণৰ গাঢ়তা =-----------------------

                         দ্ৰাৱকৰ পৰিমাণ

  • প্ৰলম্বণ কি?

প্ৰলম্বণ হৈছে এটা সমসত্ব মিশ্ৰণ যত দ্ৰাৱ্য পৰ্দাথ দ্ৰাৱকৰ দ্ৰৱীভূত হোৱাৰ পৰিৱৰ্তে সমগ্ৰ দ্ৰাৱক মাধ্যমটোতে ওপঙি বা প্ৰলম্বিত হৈ থাকে। প্ৰলম্বণ দ্ৰৱণত প্ৰলম্বিত কণিকাবোৰ খালি চকুৰে দেখি।

  • প্ৰলম্বণৰ ধৰ্ম কেইটা কি কি?
উত্তৰ : 

  1. প্ৰলম্বণ এবিধ সমসত্ব মিশ্ৰণ।
  2. প্ৰলম্বিত কণিকাবোৰ খালি চকুৰে দেখি।
  3. প্ৰলম্বিত কণিকাবোৰে পোহৰ ৰশ্মিৰ বিচ্ছুৰিত ঘটাব পাৰে আৰু পোহৰ ৰশ্মিৰ গতি দৃশ্য মান কৰি তোলে।
  4. নোজোকাৰাকৈ থিয় হৈ দিলে প্ৰলম্বণ এটাৰ কণিকাবোৰ চলিত জমা হয়গৈ অৰ্থাৎ প্ৰলম্বণ দ্ৰৱণ অস্থিৰ। প্ৰলম্বিত কণিকাবোৰ পৰিশ্ৰাৱন প্ৰণালীৰে পৃথক কৰিব পাৰি। কণিকাবোৰ চলিত পৰি থাকোঁতে ই প্ৰলম্বণ হৈ নাথাকে আৰু ই পোহৰৰ ৰশ্মিৰ বিচ্ছুৰণ নঘটায়।

  • কলয়ডীয় দ্ৰৱণ কি?

উত্তৰ : কলয়ডীয় কণিকাবোৰ সমগ্ৰ দ্ৰৱণটোতে সুষমভাৱে বিস্তাৰিত হৈ থাকে। কণিকাবোৰ প্ৰলম্বণ তকৈ তুলনামূলকভাৱে সৰু হোৱাৰ বাবে মিশ্ৰণটো সমসত্ব যেন লাগে। কিন্তু দৰাচলতে কলয়ডীয় দ্ৰৱ এটা অসমসত্ব মিশ্ৰণ যেনে গাখীৰ।

কলয়ডীয় কণিকাবোৰ আকাৰত সৰু হোৱা কাৰণে সিহঁতক খালি চকুৰে নেদেখি। কিন্তু সিঁহতে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে। 

  • কলয়ডীয় দ্ৰৱৰ ধৰ্মসমূহ কি কি?
উত্তৰ : 

  1. কলয়ড অসমসত্ব মিশ্ৰণ।
  2. কলয়ডীয় কণিকাবোৰ বৰ সৰু। ইহঁতক খালি চকুৰে মনিব নোৱাৰি।
  3. অৱশ্যে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব পৰাকৈ কণিকাবোৰ প্ৰয়োজনীয় ভাৱে বাঘৰ আৰু ৰশ্মিটো দৃশ্য মান কৰি তোলে।
  4. নোজোকাৰাকৈ থৈ দিলেও কণিকাবোৰ অৱক্ষিপ্ত নহয়---অৰ্থাৎ কলয়ডীয় দ্ৰৱ অস্থিৰ।

  • কলয়ডীয় দ্ৰৱৰ উপাদান বোৰ কি কি?

উত্তৰ : বিস্তাৰণ মাধ্যম আৰু বিস্তাৰিত প্ৰাৱস্থা।

  • বিস্তাৰণ মাধ্যম কাক বোলে?

উত্তৰ:  দ্ৰাৱ্যৰ নিচিনা উপাদান নাইবা বিস্তাৰিত প্ৰাৱস্থাৰ কণিকাবোৰে বিস্তাৰিত মাধ্যমটোৰ গঠন কৰে আৰু আনটো উপাদান য'ত বিস্তাৰিত প্ৰাৱস্থাটো প্ৰলম্বিত কৰা হয় তাক বিস্তাৰণ মাধ্যম বোলে।

  • মৌলবিলাকৰ ভাগ কেইটা আৰু কি কি?

উত্তৰ : তিনিটা ভাগত ভগাব পাৰি। যেনে_ ধাতু,অধাতু, আৰু ধাতুকল্প।

  • ধাতু বোৰৰ ধৰ্মবোৰ কি কি?

উত্তৰ :

  1. ধাতু বোৰৰ দ্যুতি বা চিকমিকণি আছে।
  2. ধাতু বোৰৰ ৰং ৰূপালী,বগা, ধূসৰ বা সোণালী-হালধীয়া।
  3. ধাতু বোৰৰ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী।
  4. ধাতু বোৰৰ নমনীয়তা গুন আছে।
  5. ধাতু বোৰৰ ঘাত সহনশীল।
  6. ধাতু বোৰক কোবালে সুনাদী শব্দ কৰে।
  • অধাতুবোৰৰ ধৰ্ম সমূহ কি?
উত্তৰ : 
  1. অধাতুবোৰে বিভিন্ন ৰং দেখুৱাই।
  2. অধাতুবোৰে তাপ আৰু বিদ্যুতৰ পৰিবাহী নহয় বা দূৰ্বল পৰিবাহী ।
  3. অধাতুবোৰৰ দ্যুতি,সুনাদী বা ঘাত-সহনশীলতা গুণ নাই।
  • যৌগ কেনেকৈ গঠন কৰে?
উত্তৰ : দুটা বা ততোধিক মৌল‌ই ৰাসায়নিক ভাৱে এক নিৰ্দিষ্ট অনুপাতত মিলন হৈ এটা যৌগৰ গঠন কৰে।
  • প্ৰলম্বণ  কোনে সৃষ্টি কৰে?
উত্তৰ : যিবিলাক পদাৰ্থ দ্ৰাৱকত অদ্ৰৱণীয় আৰু সিহঁতৰ কণিকাবোৰ খালি চকুৰে মনিব পাৰি সিহঁতে প্ৰলম্বণ সৃষ্টি কৰে।

আগলৈ পঢ়ক।


0 Comments