আত্মহত্যা কিয় কৰে? আত্মহত্যাৰ কাৰণসমূহ।

আত্মহত্যাৰ প্ৰকাৰ । আত্মহত্যাৰ প্ৰধান কাৰণ তিনিটা।
(১) প্ৰেমত, ধৈৰ্যহীনতাত কৰা আত্মহত্যা।
(২) ঘৰ কন্দলি বা বেদনাৰ বাবে কৰা আত্মহত্যা।
(৩) অকৃতকাৰ্য্যত আত্মহত্যা।


(১) প্ৰেমত, ধৈৰ্যহীনতাত কৰা আত্মহত্যা :- 
দৰাচলতে আমি সকলোৱে জানো যে মানৱ জাতিৰ বাবে প্ৰেম এক অবিচ্ছিন্ন অংশ যাৰ অবিহনে এখন সুখময় জীৱন যাপন কৰাটো অসম্ভৱ। এখন সমাজ বা এখন সংসাৰ পৰিচালনা কৰিবলৈ ইজনে-সিজনৰ লগত প্ৰেমৰ ভাৱ তথা দৈৰ্য্য,সাহস আদিৰ খোবেই প্ৰয়োজন।

আপুনি প্ৰেমত ভৰি নিদিয়াৰ পূৰ্বে এটা কথা মনত ৰখাৰ অত্যন্ত প্ৰয়োজন "প্ৰেম অন্ধ"।
এতিয়া মই দিগন্ত নামৰ লৰা এজনৰ প্ৰেমৰ বিৱৰণ দিম। দিগন্ত‌ই  বৰ্ণালী নামৰ ছোৱালী এজনীক ভাল পাব বিচাৰিছিল। দিগন্তক, ছোৱালী জনীক বৰ ভাল লাগিছিল। তাইক দেখিবলৈ বৰ ধূনীয়া আৰু বৰ মৰম লগা। দিগন্ত‌ই মনত থিৰাং কৰিলে যে তাইক মই ভালপায়হে এৰিম।

এদিনাখন তাইক দিগন্ত‌ই প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ালে। তাই দিগন্তক  একো উত্তৰ নিদিলে। তাইৰ উত্তৰলৈ দিগন্ত‌ই বাটচাই ৰ'ল। কিন্তু অৱশেষত তিনি দিনৰ পিছত উত্তৰ দিলে "আই লাভ ইউ টু" বুলি।
দিগন্তৰ প্ৰেমৰ যাত্ৰা আৰম্ভ হ'ল। সিহঁতৰ দূয়োৰে প্ৰেমৰ কথা কোনেও জনা নাছিল। কোনেও নজনাকৈয়ে সিহঁতে ছমাহ মান সময় পাৰ কৰিছিলো। পিছত লাহে লাহে বন্ধু-বান্ধৱী সকলোৱে সিহঁতৰ প্ৰেমৰ কথা গম পালে। এনেকৈয়ে সিহঁতৰ দুটা বছৰ অতিক্ৰম কৰিছিল।

দুটা বছৰ অতিক্ৰম কৰাৰ পিছত এদিনখন দিগন্ত‌ই বৰ্ণালীক অকলশৰীয়াকৈ মাতিলে। বৰ্ণালী দিগন্তৰ কথা পেলাব নোৱাৰি অকলে লগ দিবলৈ আহিল।
দিগন্ত‌ই বৰ্ণালীক ক'লে, মই আজি বহুত দৰকাৰী কথা এটা কবলৈহে তোমাক ইয়ালৈ মাতিছো। বৰ্ণালীয়ে কলে,কি কথানো? শুনকালে কোৱা।
তেতিয়া লাহেকৈ দিগন্ত‌য়ে ক'লে, বৰ্ণালী মই তোমাক বিয়া পাতিব বিচাৰো। তুমি কি কোৱা?
তেতিয়া বৰ্ণালীয়ে উত্তৰ দিলে" তুমি কি কথা কৈছা তুমি ৰ্মুখ নেকি।" মই বিয়া হব নিবিচাৰো। মই তোমাক ক্ষন্তেকীয়াহে ভাল পাইছিলোঁ। মই তোমাৰ লগত বিয়া হব নিবিচাৰো। এই বুলি কৈ বৰ্ণালী আহি গ'ল।
বৰ্ণালীৰ উত্তৰটোৱে দিগন্তক বহুল আঘাত কৰিলে। মনত অত্যন্ত দুখ পালে। এই উত্তৰ টোৱে দিগন্তক খুলি খুলি খাইছিল। দিগন্ত‌ই তাইক পাহৰিব পৰা নাছিল। অৱশেষত, তাইক পাহৰিব নোৱাৰি দিগন্ত‌ই আত্মহত্যাৰ পথ বাচি ল'লে।

দিগন্ত‌ই আত্মহত্যা কিয় কৰিলে?
দিগন্ত‌ই "প্ৰেম যে অন্ধ" এই কথাষাৰ বুজি নাপালে বাবে আত্মহত্যা কৰিলে।
প্ৰেমৰ বাবে যিয়ে নিজৰ প্ৰাণক বলিদান দিয়ে, তেওঁ প্ৰকৃততে মানুহ নহয়। ভগৱানে মানুহক ইমানেই শক্তি আৰু বুদ্ধি দিছে যে ইয়াক মানুহে ব্যৱহাৰ কৰিব নাজানে। এই সংসাৰত মানুহৰ সমান বুদ্ধি থকা জীৱৰ সৃষ্টিয়ে হোৱা নাই।
দিগন্ত‍ই এয়াই নকৰি তেওঁৰ ভৱিষ্যতৰ কথাখিনি চিন্তা কৰিব লাগিছিল, কিন্তু নকৰিলে। এটা সন্তানক মাক-দেউতাকে কিমান কষ্টৰ মাজেৰে তুলি-তালি ডাঙৰ-দীঘল কৰে। এয়া কেৱল মাক-দেউতাকহে উপলব্ধি কৰে। সন্তানক ডাঙৰ-দীঘল কৰাৰ পিছত সন্তানে মাক-দেউতাকৰ প্ৰতি প্ৰেম, মৰম-চেনেহ তথা মাক-দেউতাকক চোৱা-চিতা কৰাটো সন্তানৰ দায়িত্ব।
মনত ৰাখিব__প্ৰেমত অন্ধ হৈ আত্মহত্যা কৰাৰ পূৰ্বে এবাৰ মাক-দেউতাকৰ কথাটোলৈ মনত পেলাওঁক।

(২) ঘৰ কন্দলি বা বেদনাৰ বাবে কৰা আত্মহত্যা:-
সাধাৰণতে ঘৰ কন্দলি আত্মহত্যা বিভিন্ন কাৰণত হব পাৰে। যেনে_ঘৰৰ অশান্তি, ঘৰৰ সদস‍্যৰ লগত অমিল, মানসিক অশান্তি আদি।
ইয়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব?
ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰথমে ধৈৰ্য্য, সাহস আৰু মনোবল থাকিব লাগিব। অন্যথা ঘৰৰপৰা অকণমান আতৰত থাকক। নিজকে সেই পৰিস্থিতিৰ পৰা আতঁৰাবলৈ চেষ্টা কৰক। যেতিয়া আপুনি ঘৰৰ পৰা কিছু দিন আঁতৰি থাকিব,তেতিয়া নিজে নিজে এটা ভাল পৰিবেশৰ আৰম্ভ হোৱা দেখা পাব। ইয়েই এসময়ত হৈ পৰিব এখন সুখময় জীৱন।
(৩) অকৃতকাৰ্য্যত আত্মহত্যা।
অকৃতকাৰ্য্যত আত্মহত্যা কেইবাপ্ৰকাৰ  আছে। যেনে_কৰ্মৰ ক্ষেত্ৰত অসফলতা, সামাজিক লজ্যা, শিক্ষাত অসফলতা আদি।
যিকোনো কৰ্ম এটা কৰোঁতে বাৰে বাৰে অসফলতাৰ সন্মুখীন হোৱাৰ বাবে মনসিক হেঁচা তথা সামাজিক ভাৱে লজ্যাৰ বাবেই এই পথ লোৱা। লগতে শিক্ষাৰ ক্ষেত্ৰত অসফলতাৰ সন্মুখীন হোৱাৰ বাবে আত্মহত্যা কৰা।

এই সকলো খিনিৰ মূলতঃ আত্মহত্যাৰ কোনো কথা নাথাকে। ই কেৱল মানুহৰ মনৰ ধাৰণাহে।
ধৈৰ্য্য, সৈৰ্য্য আৰু মনোবল নিতান্ত প্ৰয়োজন। যিজনৰ এই তিনিটা বস্তু থাকিব তেওঁহে মহান।
                                         আত্মহত্যা মহাপাপ

Post a Comment

0 Comments