ভগৱান বিষ্ণুৰ অৱতাৰ। বিষ্ণুৰ ৰূপৰ মহিমা । অসূৰ সংহাৰ।

ভগৱান বিষ্ণুৰ ১০ টা অৱতাৰৰ উল্লেখ কৰা হৈছে । এইকেইটা এনে ধৰণৰ----

  1.  মৎস‍্য অৱতাৰ।
  2.  কাচ অৱতাৰ।
  3.  বৰাহ অৱতাৰ।
  4.  নৰসিংহ অৱতাৰ।
  5.  বামন অৱতাৰ।
  6.  পৰশুৰাম অৱতাৰ।
  7.  ৰাম অৱতাৰ।
  8.  কৃষ্ণ অৱতাৰ।
  9.  বুদ্ধ অৱতাৰ।
  10.  কল্কি অৱতাৰ।

১/ মৎস‍্য অৱতাৰ:-

মৎস‍্য অৱতাৰ ভগৱান বিষ্ণুৰ প্ৰথম অৱতাৰ আছিল। পৃথিৱী যেতিয়া পানীৰে ডুবিবলৈ ধৰিছিলে তেতিয়া এজন ঋষিক পানীৰপৰা ৰক্ষা কৰিছিল। মৎস‍্য অৱতাৰত ভগৱান বিষ্ণুয়ে সেই ঋষি জনক সকলো ধৰণৰ জীৱ-জন্তুবোৰক একগোট কৰিবলৈ আদেশ দিছিল। ঠিক সেই সময়ত এজন ৰাক্ষসে ব্ৰহ্মাৰ পৰা বেদখন চুৰী কৰি পাতাললৈ লৈ গৈছিল। তাৰ পাছত ব্ৰহ্মাই পুনৰ জীৱন সৃষ্টি কৰাৰ কথা ভাবিছিল। কিন্তু অৱশেষত ভগৱান বিষ্ণুয়ে মৎস‍্য অৱতাৰত বেদখন ৰাক্ষসৰ পৰা উদ্ধাৰ কৰি পুনৰ স্থাপন কৰে।
যিজন ৰাক্ষসে বেদখন চুৰি কৰি নিছিল সেই ৰাক্ষস টোৰ নাম আছিল হয়গ্ৰীৱ।বেদখন চুৰি কৰি নিয়াৰ পাছৰ পৰা পৃথিৱীত জ্ঞান লুপ্ত হবলৈ ধৰিছিল। পৃথিৱীৰ চূকে-কুণে অজ্ঞান,পাপ,অত‍্যাচাৰ আদিৰে ভৰি পৰিছিল।
তেতিয়া ভগৱান বিষ্ণুৱে ধৰ্মৰ ৰক্ষাৰ বাবে মৎস‍্য অৱতাৰ ধাৰণ কৰি হয়গ্ৰীৱক বধ কৰি বেদখন ৰক্ষা কৰে।(ওপৰৰ সৈতে একেই)
ভগৱান বিষ্ণুৰ মৎস‍্য অৱতাৰৰ কথা। মৎস‍্য ৰূপ কেনেকৈ ধাৰণা কৰিছিল।
সেই সময়ত এজন পূণ্যত্মা তথা ধাৰ্মিক ৰজা এজনে তপস্যা কৰি আছিল। ৰজা জনৰ নাম আছিল সত্যব্ৰত। সত্যব্ৰত ধাৰ্মিক আছিল কিন্তু তেওঁ এজন বৰ কোমল মনৰ আছিল।পুৱাৰ সময় আছিল,সূৰ্য উদয় হৈছিল। পুৱাই সত্যব্ৰতে কৃতিমালা নদীত গা ধুই আছিল। গা ধুৱাৰ পাছত যেতিয়া সত্য ব্ৰতে তৰপনৰ কাৰণে পানী হাতত লৈছিল,তেতিয়া সেই পানীত এটা সৰু মাছ উঠি আহিছিল।
সত্যব্ৰতে সেই মাছটোক তৎক্ষণাত নদীত এৰি দিলে। এৰি দিয়াৰ পিছত সেই মাছটোৱে সত্য ব্ৰতক মাত লগাই কয় , হে প্ৰভূ পানীত থকা ডাঙৰ ডাঙৰ মাছবোৰ সৰু সৰু মাছবোৰক খাই পেলাইছে। কিজানিবা মোকো ডাঙৰ মাছবোৰে খায় পেলাই। কৃপা কৰি আপুনি যদি মোক পানীৰ পৰা লৈ যায় তেন্তে মোক ৰক্ষা কৰা হব। দয়া কৰি মোক ৰক্ষা কৰক।
মাছটোৰ কথা শুনি সত্য ব্ৰতৰ দয়া উপজিল আৰু তৎক্ষণাত মাছটোক পানীৰ পৰা উঠাই ঘৰলৈ লৈ আহিলে। ঘৰলৈ আনি, এখন পাত্ৰত মাছটোক ভৰাই থৈছিল। তাৰ পাছত এনেকুৱা এটা অদ্ভূত ঘটনা ঘটিল যে,একে ৰাতিতে মাছটো ইমানেই বেছি ডাঙৰ হবলৈ ধৰিলে যে পাত্ৰখন নধৰা হৈ পৰিল।
তাৰ পাছত দ্বিতীয় দিনাখন মাছটোৱে সত্যব্ৰতক কলে যে,হে প্ৰভূ মোক থাকিবলৈ অন্য এটা ব্যৱস্থা কৰা কিয়নো মোৰ শৰীৰৰ খন ডাঙৰ হৈছে আৰু এই পাত্ৰখনে নধৰা হৈছে। মোৰ চলা ফুৰা কৰিবলৈ অসুবিধা হৈছে। তেতিয়া সত্যব্ৰতে মাছটোক তাৰ পৰা উলিয়াই আনি অন্য এটা ডাঙৰ পাত্ৰত ভৰাই থলে।
তাৰ পাছত তৃতীয় দিনাখনো মাছটোৰ শৰীৰৰ ইমানেই বেছি ডাঙৰ হবলৈ ধৰিলে যে সেই পাত্ৰখনো নধৰা হল। তেতিয়া মাছটোৱে সত্যব্ৰতক কলে যে,হে প্ৰভূ এই খনো মোক নধৰা হৈছে গতিকে আপুনি মোক থাকিবলৈ অন্য এটা ব্যৱস্থা কৰা।
মাছটোৰ কথা শুনি সত্যব্ৰতে মাছটোক ওলিয়াই নদী এখনত এৰি দিলে। তাতো মাছটোৰ শৰীৰৰ ইমানেই বেছি ডাঙৰ হবলৈ ধৰিলে যে নদীয়েও নধৰা হল, আকৌ নদীৰ পৰা সাগৰ এখনত এৰিলেগৈ।সাগৰো নধৰা হল। মাছটোৱে পুনৰ কলে , সাগৰো মোৰ কাৰণে যথেষ্ট নহয়,ইয়াতো মোক নধৰা হৈছে। তেতিয়া সত্যব্ৰত আচৰিত হল।মই কেতিয়াও এনেকুৱা মাছ দেখা নাছিলোঁ। "আপুনি কোননো? আপুনি মোক কিহৰ পৰীক্ষা লৈছে?"
মৎস‍্য ৰূপধাৰী ভগৱান বিষ্ণুয়ে উত্তৰ দিলে'' হে ৰাজন, হয়গ্ৰীৱ নামৰ এজন অশুৰে বেদখন চুৰি কৰি লৈ গ'ল। পৃথিৱীখন অজ্ঞানত পৰিনত হৈছে।পৃথিৱীত অত্যাচাৰ বাঢ়িছে। সেইবাবে হয়গ্ৰীৱক হত্যা কৰিবলৈ মই মৎস‍্য ৰূপ ধাৰণ কৰিছোঁ।
বিষ্ণুৱে কলে আজিৰ পৰা সাত দিন পিছত পৃথিৱীত প্ৰলয় হব। পৃথিৱী ধ্বংস হব।পানীৰ বাহিৰে একোৱে দেখি পোৱা নাযাব। কিন্তু তেতিয়া আপুনি এখন নাও দেখি পাব। সেই নাৱখনত বয়-বস্তু খিনি উঠাই সপ্ত ঋষিৰ লগত নাওত উঠি যাব।
সেই সময়তে মই দেখা দিম আৰু মই এটা জ্ঞান প্ৰদান কৰিম। এইবুলি সত্যব্ৰতক মৎস‍্য ৰূপী বিষ্ণুৱে কলে। সেই দিনাখনৰ পৰা সত্যব্ৰতে ভগৱান বিষ্ণুৰ স্মৰণ কৰি সাত দিনালৈ আপেক্ষা কৰি থাকিল।
সাতদিনৰ দিনা সত্যব্ৰতক প্ৰলয়ৰ অনুভৱ হবলৈ ধৰিলে। সাগৰৰ পানী বাঢ়িবলৈ ধৰিলে। বহুত জোৰেৰে শিলাবৃষ্টি হবলৈ ধৰিছে। মূহুৰ্ততে পৃথিৱীখন পানীৰে ডুবি গল। সকলো বস্তু লুপ্ত হৈ গল কতোৱে একেই দেখা পোৱা নাছিল। ঠিক সেই সময়তে এখন নাওত সপ্তঋষি আৰু সত্যব্ৰত আহি আছিল। আহি থাকোতে ম‌‌ৎস‍্য ৰূপী ভগৱান বিষ্ণুৱে দেখা দিয়ে। তেওঁলোক দূয়োয়ে ম‌‌ৎস‍্য ৰূপী ভগৱানক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে।
সেইসময়তে ম‌‌ৎস‍্য ৰূপী বিষ্ণুৱে তেওক আত্মজ্ঞান বৰ প্ৰদান কৰাৰ ক্ষন্তেক সময়ৰ পাছত পানীৰ প্ৰকোপ কমিবলৈ ধৰিলে আৰু মৎস‍্য ৰূপী ভগৱান বিষ্ণুৱে হয়গ্ৰীৱৰপৰা বেদ কাঢ়ি লৈ ল'লে। তাৰপাছত বেদখন ব্ৰহ্মাক গতাই দিলে। এনেকৈয়ে  ভগৱান বিষ্ণুৱে মৎস‍্য ৰূপ ধাৰণ কৰিছিল।(মৎস‍্য ৰূপ ধাৰণ কৰাৰ মূল কাৰণ হল বেদখন উদ্ধাৰ কৰাৰ)
 ২/কূৰ্ম বা কাচ:-


কূৰ্ম বা কাচ অৱতাৰ ভগৱান বিষ্ণুৰ দ্বিতীয় অৱতাৰ। কূৰ্ম অৱতাৰত ভগৱান বিষ্ণুয়ে ক্ষীৰসাগৰৰ সমূদ্ৰমন্থনৰ সময়ত নিজৰ কৱচৰ দ্বাৰা মন্দৰ পৰ্বতক উঠাই ৰাখিছিল। ভগৱান বিষ্ণুয়ে মন্দৰ পৰ্বত আৰু বাচুকী নামৰ সাপৰ সহায়ত দেৱ-দেৱতা আৰু অসুৰ সকলৰ লগত সমূদ্ৰমন্থন কৰি চৈদ্ধ ৰত্ন প্ৰাপ্ত কৰিছিল।সেই সময়ত ভগৱান বিষ্ণুৱে মোহিনী ৰূপ‌ও ধাৰণা কৰিছিল। মোহিনী পদ্মপূৰাণৰ মতে ইন্দ্ৰই দূৰ্বাশাৰ দ্বাৰা পাৰিজাত মালাক অপমান কৰাইছিল সেই বাবে দূৰ্বাশাই ইন্দৰক শাপ দিছিল। সেই ফলস্বৰূপে দেৱী লক্ষী সমূদ্ৰত লুপ্ত হৈ গৈছিল।
ভগৱান বিষ্ণুৰ আদেশ মৰ্মে দেৱতা আৰু দৈত্য সকলক দেৱী লক্ষীক পুনৰ প্ৰাপ্তিৰ কাৰণে ক্ষীৰসাগৰ মন্থন কৰিলে। অধিক চেষ্টা কৰিও দেৱী লক্ষীক উদ্ধাৰ কৰিব পৰা নাচিল।তেতিয়া ভগৱান বিষ্ণুৱে কূৰ্ম বা কাচ ৰূপত দেৱী লক্ষীক পিঠিত বহন কৰি আছিল। তাৰপাছত দেৱ আৰু দৈত্য সকলৰ জৰিয়তে লক্ষীৰ সৈতে অমৃত সহ ১৪ ৰত্ন‌ও উদ্ধাৰ কৰে।
৩/বৰাহ অৱতাৰ:-

বৰাহ অৱতাৰ হিন্দু ধৰ্মৰ গ্ৰন্থৰ অনুসৰি ভগৱান বিষ্ণুৰ ১০ অৱতাৰৰ ভিতৰত তৃতীয় অৱতাৰ।
হিৰণ্য‌ক্ষ আৰু হিৰণ্যকশিপু যেতিয়া ডিটিৰ গৰ্ভৰপৰা জন্ম গ্ৰহণ কৰিলে তেতিয়া গোটেই পৃথিৱী কপি উঠিছিল। হিৰণ্য‌ক্ষ আৰু হিৰণ্যকশিপ
জন্ম হৈয়ে ডাঙৰ হৈ গৈছিল।ডাঙৰ হোৱাৰ লগে লগে পৃথিৱীত অত্যাচাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে।
হিৰণ্য‌ক্ষ আৰু হিৰণ্যকশিপ দূয়োয়ে বৰ ভলৱান আছিল। কিন্তু তথাপিও সুখী নাছিল। তেওলোকে পৃথিৱীত স্বাধীনভাৱে আৰু অমৰ প্ৰাপ্ত কৰিব বিচাৰে।তাৰ পাছত দূয়োয়ে ব্ৰহ্মাক প্ৰশন্ন কৰিবলৈ ঘোৰ তপস্যা আৰম্ভ কৰিলে। তপস্যাত ব্ৰহ্ম সন্তোস্ত  হল।
ব্ৰহ্মাই প্ৰশ্ন কৰাত তেওঁলোকে বিজয়তা আৰু অমৰতাৰ বৰদান বিচাৰিলে। ব্ৰহ্ম‌ই বৰদান প্ৰদান কৰিলে। বৰদান পাই দুয়োয়ে বৰ উৎফুল্লিত হল‌ আৰু নিজকে সকলোতকৈ সৰ্বচেস্থ বুলি ভাবিবলৈ ধৰিলে।
হিৰণ্যক্ষ গৰ্ভীত হৈ স্বৰ্গ,মৰ্ত্য, পাতাল সকলোতে ৰাজত্ব কৰাৰ কথা ভাবিলে। হিৰণ্যক্ষয়ে হাতত গডা লৈ ইন্দ্ৰলোকত গৈ ওলাল।হিৰণ্যক্ষৰ যোৱাৰ বাৰ্তা পাই সকলোৱে ইন্দলোকৰপৰা পলাই যাবলৈ ধৰিলে।চাওঁতে চাওঁতে ইন্দলোকত হিৰণ্যক্ষৰ ৰাজত্ত আৰম্ভ হবলৈ ধৰিলে।
যেতিয়া ইন্দ্ৰলোকত যুদ্ধ কৰিবলৈ কাকো লগ নাপালে, তেতিয়া হিৰণ্যক্ষে বৰুণ দেৱতাৰ ওচৰত গৈ ওলাই।
বৰুণ দেৱতাই বৰ মৰমেৰে কলে" ত‌ই মহান বীৰ" তুৰ লগত যুদ্ধ কৰিবলৈ মোৰ সাৰ্মথ নাই। তুৰ লগত যুদ্ধ কৰিবলৈ কৰো শক্তি নাই। এই সংসাৰত মাত্ৰ এজনে আছে যিজনে তুৰ লগত যুদ্ধ কৰিব পাৰিব। সেই জন হল ভগৱান বিষ্ণু। ত‌ই ভগৱান বিষ্ণুৰ ওচৰত গৈ মনৰ শান্তনা পূৰা কৰ।
বৰুণ দেৱতাৰ কথা শুনি হিৰণ্যক্ষে ভগৱান বিষ্ণুক বিচাৰি সমূদ্ৰৰ তলত পালেগৈ। তাৰ গৈ হিৰণ‍্যক্ষে অদ্ভূত দৃশ্য এটা দেখা পালে যে এটা বৰাহহে তাৰ দাতৰ সহায়ত পৃথিৱীখনক উঠাই লৈ গৈ আছে।সেইটোক লক্ষ্য কৰি হিৰণ্যক্ষে মাত লগালে যে "তই নিশ্চিয় ভগৱান বিষ্ণুৰ হয়। এইটো ক'ত নিআচ,এইটো দৈত্য সকলৰ উপভোগৰ বস্ত হয়।এইটো থৈ দে। তই অনেক বাৰ ভগৱান সকলৰ কল‍্যানৰ কাৰণে দৈত্ত‍্যসকলক চল কৰি পৰাস্ত কৰি আহিছ। আজি মোক পৰাস্ত কৰি দেখুওৱা। তথাপিও ভগৱান বিষ্ণু শান্ত হৈয়ে আছিল।ভগৱান বিষ্ণুৰ খং উঠা নাছিল। ভগৱান বিষ্ণুয়ে তেওঁৰ কথাত গুৰুত্ব নিদি আগবাঢ়ি গৈ থাকিল।তেতিয়া হিৰণ্যক্ষেও বৰাহৰূপী ভগৱান বিষ্ণুৰ পিছে পিছে গৈ থাকিল।
ভগৱান বিষ্ণুৱে পৃথিৱীখনক সাগৰৰ তলৰ পৰা আনি সাগৰৰ পৃষ্ঠত স্থাপিত কৰে। তাৰ পাছত হে ভগৱান বিষ্ণুৱে হিৰণ্যক্ষৰ ফালে মন দিলে।তেতিয়া ভগৱান বিষ্ণুৱে হিৰণ্যক্ষক কলে "ত‌ইতো মহান ভলৱান,বলৱানলোক কৈ নাথাকে কৰিহে দেখুৱাই। শেষত দূয়োৰে মাজত ভীষণ যুদ্ধ হল আৰু শেষত হিৰণ্যাক্ষক পৰাস্ত কৰে।
 ৪/নৰসিংহ অৱতাৰ:-

নৰসিংহ অৱতাৰ হিন্দু ধৰ্মৰ গ্ৰন্থৰ অনুসৰি ভগৱান বিষ্ণুৰ ১০ টা অৱতাৰৰ ভিতৰত চতুৰ্থ অৱতাৰ।
পৃথিৱী উদ্ধাৰৰ সময়ত ভগবান বিষ্ণুৱে বৰাহৰূপত হিৰণ্যক্ষক বধ কৰিছিল। এই কাৰণে হিৰণ্যাক্ষৰ ককায়েক হিৰণ্যকশিপুৰ বৰ খং উঠিছিল। তেওঁ অমৰ হবলৈ শপত ললে আৰু ব্ৰহ্মাক তপস্যা কবিবলৈ আৰম্ভ কৰিছিল। ব্ৰহ্মা সন্তুষ্ট হল আৰু হিৰণ্যকশিপুক বৰ প্ৰদান কৰিলে।বৰ লাভ কৰিয়ে স্বৰ্গত অধিকাৰ কৰিলে। দেৱতা সকল নিৰূপায় হৈছিল। তাতে হিৰণ্যকশিপুৰ চাৰিটা পুত্ৰ আছিল।
এদিনাখন তেওঁৰ চাৰিটা পুত্ৰৰ আটাইতকৈ সৰু পুত্ৰ প্ৰহ্লাদক সুধিলে" পুত্ৰ তোমাক আটাইতকৈ বেছি কি ভাল লাগে?" এই False enjoyment তো বাদ দি বনত গৈ শ্ৰীহৰিৰ ভজন কৰাটোৱে মই ভাল পাওঁ।
এইটো কথা শুনি হিৰণ্যকশিপুৰ বৰ খং উঠিল, আৰু কলে ইয়াক মাৰি পেলোৱা, ই মোৰ শত্ৰুৰ পক্ষে হৈছে।
তেতিয়া দৈত্ত‍্য সকলে প্ৰহ্লাদক আক্ৰমণ কৰিবলৈ ধৰিলে আৰু আহৰহ চেষ্টা কৰিও প্ৰহ্লাদক একো কৰিব নোৱাৰিলে।তেওঁৰ গাত বিষ দিয়া হল তথাপিও একো নহলে,দৈত্ত‍্যসকলক হৎভম্বীত হল।
শেষত হিৰণ্যকশিপুৱে প্ৰহ্লাদক বান্ধি দিলে আৰু মাৰিবলৈ ধৰিলে, "ত‌ই কাৰ বলত মোক ইমান অপমান কৰিছ।কোন সেইজন?ক'ত আছ?" প্ৰহ্লাদে কলে সকলোতে আছে আৰু ইয়াতো আছে।প্ৰহ্লাদৰ কথা শুনি শুনি তেওঁক যত বান্ধি থৈছিল তাতে মাৰিবলৈ ধৰিলে। তেতিয়া দৈত্ত‍্যসকলক ছক খাই উঠিল। সেই স্তম্ভৰ পৰা ডাঙৰ শব্দ ওলায়। ক্ষন্তেক সময়ৰ পিছত দেখিলে যে  সমস্ত শৰীৰ মনূস‍্যৰ আৰু মূৰটো সিংহৰ। ডাঙৰ ডাঙৰ নাক,দাত আৰু ৰঙা চকু অন্য এক ভয়ানক জীৱ এটা স্তম্ভটোৰপৰা প্ৰকট হল। তৎক্ষণাত দৈত্য সকল সেই ঠাইৰপৰা আতৰি গল।কিন্তু হিৰণ্যকশিপুক নৰসিংহই হাতৰ নখেৰে ধৰি ললে। সেই সময়ত হিৰণ্যকশিপুৱে কবলৈ ধৰিলে যে মোক মাৰিবলৈ নোৱাৰে মোৰ ব্ৰহ্মাৰ বৰদান আছে। মই অমৰ। আকাশ-পাতল, দিন-ৰাতি ,মাটি-পানী কতোৱে মোক মাৰিব নোৱাৰিব।
কিন্তু শেষত ভগৱান বিষ্ণুৱে হিৰণ্যকশিপুক সন্ধিয়া সময়ত বধ কৰে।
৫/ বামুণ অৱতাৰ।



ভগৱান বিষ্ণুৰ বামুণ অৱতাৰ হিন্দু ধর্মৰ গ্ৰন্থ অনুসৰি ১০ টা অৱতাৰৰ ভিতৰত পঞ্চম অৱতাৰ।
ৰ্ভীগোৰ পুত্ৰ শুক্ৰ এজন চঞ্জীৱনী বিদ্যাধাৰী আছিল। তেওঁ এই বিদ্বাৰ দ্বাৰা আসূৰক সুস্থ কৰিছিল।বলি ৰজাও শুক্ৰ‌ৰ বিদ্যাৰ পৰাই পুনৰ জীৱন পাইছিল।এইবাবেই বলি ৰজাই শুক্ৰক খুব সেৱা কৰিছিল। তেওঁ শুক্ৰৰ সেৱাৰ পৰা বৰ আনন্দীত হৈ এখন যৈগ‍্যৰ আয়োজন কৰিছিল। যজ্ঞ কৰি থাকোতে সেই যজ্ঞৰ জুইৰ পৰা এটা দৈব‍্য ৰথ আৰু কিছুমান সূৰক্ষা কৱচ ওলাইছিল। এই অদ্ভুত কস্ত্ৰ-সস্ত্ৰ বিলাক দেখি অসুৰ সেনা সকলে অমৰাবতীৰ ওপৰত জপিয়াই পৰিছিল।
ইন্দ্ৰৰ বুজি পাবলৈ বাকী নাথাকিল। তেওঁ কলে এইবাৰ দেৱতা সকলে এই অসুৰ সেনাসকলক পৰাস্ত কৰা অসম্ভৱ। বলিয়ে ব্ৰহ্মাতেজ সূৰক্ষা কৱছ পৰিধান কৰে। সেই সময়তে দেৱগুৰুৰ আদেশ মৰ্মে দেৱতা সকলে দেৱলোক এৰি পলাই যায়। আৰু অমৰধাম অসূৰৰ ৰাজধানী হল।সুক্ৰাচাৰীয়ে বলিক ইন্দ্ৰতত্ব স্থিৰ কৰি অশ্যমেধ যজ্ঞ কৰাবলৈ আৰম্ভ কৰালে। ইয়াৰ ফলত সম্মত ইন্দ্ৰ প্ৰাপ্ত হব আৰু তেতিয়া কোনে পৰাজয় কৰিব পাৰিব।
এইটো দেখি দেৱমাতৃ অদিত্তিয়ে বৰ দুখ অনুভৱ কৰিছিল আৰু তেওঁৰ স্বামী মহৰসী কাশ‍্যপক প্ৰাৰ্থনা কৰে।তেতিয়া তেওঁ কলে মইতো প্ৰভূৰ চৰণ আৰাধনা কৰিবলৈ কম।তেতিয়া অদিত্তিয়ে ভগৱানক আৰাধনা কৰিলে, আৰু ভগৱান দৃশ্যমান হল।অদিত্তিক বৰদান দিলে আৰু অদিত্তিৰ নিজ গৰ্ভতে এটা পুত্ৰ সন্তান জন্ম হয়।আৰু এই ভগৱান পুত্ৰ‌ই তৎকাল এজন ব্ৰহ্মাচাৰী হয়। পিতৃ মহৰসী কাশ‍্যপে ঋষি সকলক লগত লৈ পুত্ৰক সংস্কাৰ কৰে।
ভগৱান বামুণে পিতৃৰৰ পৰা আদেশ লৈ বলিৰ ওচৰলৈ গ'ল।
তেতিয়া নৰ্মদা নদীৰ পাৰত বলিয়ে অশ্যমেধ যজ্ঞ কৰি আছিল,আৰু এই যজ্ঞটো ভলিৰ অন্তিম যজ্ঞ আছিল।যজ্ঞ কৰি থাকোতে ভগৱান বামুণে অগ্নিৰে পূৰ্ণ হৈ ওলাল। বলি, শুক্ৰাচাৰী আৰু ঋষিসকল সকলোৱে অগ্নিৰ ওচৰত থিয় দিলে।
বলিয়ে ভগৱান বামুণৰ চৰণ ধূলে আৰু প্ৰাৰ্থনা কৰিতো কলে বামুণ দেৱ আপোনাক কি লাগে, তেতিয়া ভগৱান বামুণে কলে" মোক তিনি পদ মাটি লাগে।"  ভগৱান বামুণৰ তিনিপদৰ অৰ্থ হৈছে স্বৰ্গ,মৰ্ত্য আৰু পাতাল। ইয়াক বুজাইছে বাওভৰি সোঁভৰি আৰু সমস্ত শৰীৰ।
ভগৱান বামুণৰ বাওঁফালে ব্ৰহ্মালোকতয়ৈ ওপৰত গৈছিল। ভগৱান বামুনৰ আঙুলিৰ নখ ব্ৰহ্মালোকত অকমান ছিঙি পৰিছিল। আৰু শেষত গৈ ই ব্ৰহ্মদ্ৰব্যত পৰিণত হল।সে ব্ৰহ্মাদ্ৰব‍্যৰে ব্ৰহ্মাই ভগৱান বামুণৰ চৰণ/ভৰি ধূলে আৰু সেই চৰনজল তথা ব্ৰহ্মাদ্ৰব‍্য খিনি পাত্ৰখনত ভৰাই ললে। এইয়াৰ পৰাই গংগা নদীৰ উৎপত্তি।
ভগৱান বামুণে কলে এতিয়া সোঁভৰি ক'ত থ‌ওঁ।তেতিয়া ভগৱান বামুণে বলিক নৰকৰ ভয় দেখুৱালে, কলে সংকল্প কৰি দান নকৰিলে নৰক হব।বলিয়ে কলে এইটো মোৰ মূৰত থৈ দিয়ক। বলিয়ে মূৰখন দূৱাই দিলে। ভগৱান বামুণে ভৰিখন বলিৰ মূৰত থোৱাৰ লগে লগে বলি বান্ধ খায় গ'ল।
তেতিয়া ভগৱান বামুণে কলে " তুমি অহা জনমত ইন্দ্ৰ হবা।" এতিয়া তুমি শুই থাকা মই সদায় তোমাৰ লগত আছো।
শেষত শুক্ৰাচাৰীয়ে ভগৱানৰ আদেশ মতে যজ্ঞ সম্পূৰ্ণ কৰিলে।
 ৬/ পৰশুৰাম অৱতাৰ।

বিষ্ণুৰ দহটা অৱতাৰৰ ভিতৰত পৰশুৰাম অৱতাৰ ষষ্ট অৱতাৰ। বিষ্ণু অৱতাৰ পৰশুৰাম শিৱৰ প্ৰিয় ভক্ত আছিল। বিষ্ণু অৱতাৰ পৰশুৰামে শিৱৰ পৰা পৰশু লাভ কৰিছিল। তেওঁৰ নাম ৰামও আছিল।কিন্তু শিৱৰ পৰশু ধাৰণ কৰি থকাৰ বাবে ইয়াৰ নাম পৰশুৰাম হল।
পৰশুৰামৰ মাতৃৰ নাম আছিল ৰেণুকা।
এদিন পৰশুৰামৰ মাক পানীৰ কলহ লৈ পানী আনিবলৈ নদীলৈ গৈছিল।তাত গন্ধৰ্ব চিত্ৰৰথ অস্পৰা সকলক পানীত খেলি থকা দেখা পালে। সিহঁতৰ লিলা-খেলা দেখি ৰেণুকা বৰ মুগ্ধ হৈ পৰিছিল। আৰু তাৰ ফলত ৰেণুকাৰ পানী লৈ অহাত পলম হৈছিল।তাৰ বাবে যজ্ঞ কৰাৰ সময়ো পাৰ হৈ গৈছিল। ইয়াৰ খংতে পৰশুৰামৰ পিতৃ জমদগ্নীয়ে তেওঁৰ চাৰিওটা পুত্ৰক মাকক হত্যা কৰিবলৈ কলে। চাৰি পুত্ৰৰ ভিতৰত পৰশুৰামৰ বাহিৰে কোনেও মাকক হত্যা কৰিবলৈ বিচৰা নাছিল। তেতিয়া তেওঁৰ তিনি পুত্ৰক অচেতন কৰি দিলে। অচেতন হোৱাৰ পাছত পৰশুৰামে মাকক হত্যা কৰে।
মাক ৰেণুকাক হত্যা কৰাৰ কাৰণে পৰশুৰামৰ পিতৃ জমদগ্নীয়ে বৰ আনন্দ পালে,আৰু কলে পুত্ৰ তোমাক কি আশা, তোমাক কি বৰ লাগে। তেতিয়া পৰশুৰামে চাৰিটা বৰ পিতৃৰ পৰা বিচাৰিলে।
১/ মাতৃক পুনৰ জীৱিতত কৰা। ২/ মাতৃৰ কেতিয়াও মৃত্যুৰ অনুভৱ হব নালাগে। ৩/ ভায়েকৰ চেতনামুক্ত হব লাগে। ৪/ মই পৰমায়ু হব লাগে।পিতৃয়ে সকলো বৰদান দিলে।
পিতৃৰ দৰে পৰশুৰামও বৰ খঙাল বিধৰ আছিল। এবাৰ পৰশুৰামৰ অনুপস্থিত কাৰ্তবীৰ্য্যংই তেওঁৰ জোপোৰীটো ভাঙি পেলাইছিল।।পৰশুৰামে খঙতে তেওঁৰ অস্ত্ৰৰে সকলোকে হত্যা কৰি পেলালে।   তাৰ পাছত কাৰ্তবীৰ্য্যৰ সম্বন্ধীয়সকলে পতিশোধত পৰশুৰামৰ পিতৃক হত্যা কৰি দিলে। পিতৃক হত‍্যাৰ খঙতে পৃথিৱী ৰক্তাক্ত কৰি দিলে।হৰ্থাতে পৰশুৰামে পিতৃৰ বাণী ও মাত শুনি পালে এই মাতৰ শব্দ শুনি তেওঁৰ খং কমিবলৈ ধৰে।
এইয়াই পৰশুৰামৰ চমু বিৱৰণ।
 ৭/ৰাম অৱতাৰ।

ৰাম অৱতাৰ ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ।
অযোদ্ধাৰ ৰজা দশৰথৰ আটাইতকৈ ডাঙৰ পুত্ৰ আছিল ৰাম, আৰু মাকৰ নাম আছিল কৌচল‍্য। ৰামৰ পত্নীৰ নাম আছিল সীতা। সীতা আছিল দেৱী লক্ষীৰ আৱতাৰ। ৰামৰ তিনিটা ভায়েক আছিল লক্ষণ,ভৰত আৰু শত্ৰোঘণ। ভগৱান ৰামৰ আটাইতকৈ প্ৰিয় ভক্ত আছিল হনুমান।

ৰামৰ লগত ভায়েক লক্ষ্মণো একেলগে থাকে। সেই সময়ত ৰামে তাৰকা নামৰ ৰাক্ষসীক বধ কৰিছিল। আৰু মাৰিচক খেদি পঠিয়াইছিল। ঠিক ইয়াৰ পাছতে  বিচ্ছামিত্ৰ‍ই ৰামক মিথিলালৈ লৈ গৈছিল। মিথিলাৰ ৰজা জনকে তেওঁৰ জীয়েকৰ বিবাহৰ বাবে এটা সমাৰোহৰ আয়োজন কৰিছিল।এই সমাৰোহত ভগৱান শিৱৰ  এটা ধেনু আছিল। এই ধনুখন যিজন ব‍্যক্তিয়ে উঠাব পাৰিব তেওঁকে মোৰ জীয়েকক বিয়া দিম বুলি ৰজা জনকে কয়।এই সমাৰোহত বহু ৰজা-মহাৰজা উপস্থিত আছিল।
ধনুখন সকলোৱে উঠাবলৈ চেষ্টা কৰিছিল কিন্তু সকলোৱেই বিফল হৈছিল। অৱশেষত  ৰামে ভগৱান শিৱৰ এই ধনুখন উঠাবলৈ সক্ষম হয়। জনক ৰজাই  জীয়েক সীতাৰ বিয়াখন ৰামৰ লগত  পাতি দিয়ে।



ভগৱান ৰামৰ  বনবাস থকাৰ সময়তে লংকাৰ ৰজা ৰাৱণে চল কৰি সীতাক অপহৰণ কৰি লংকালৈ লৈ গৈছিল। অপহৰণৰ সময়ত ৰাম অনুপস্থিত আছিল।
পাছত ৰাম,হনুমান আৰু ভায়েক সকলে সীতাক বিচাৰি বিচাৰি হাবাথুৰি খাইছিল। কিন্তু কতো বিচাৰি পোৱা নাছিল।
অৱশেষত,  গম পালে যে সীতাক লংকাৰ ৰজা ৰাবণে অপহৰণ কৰি লৈ গৈছে।
 ৰাম ভক্ত হনুমানে সীতাক সৰ্বপ্ৰথমে লংকাত লগ কৰিছিল। সীতাক ঘূৰাই আনিবৰ কাৰণে এটা মহা যুদ্ধ আৰম্ভ হৈছিল। এই যুদ্ধত ৰাৱণৰক পৰাস্ত কৰি সীতাক উভতাই আনে।---অধিক
৮/ শ্ৰীকৃষ্ণ অৱতাৰ।

কৃষ্ণ অৱতাৰ ভগৱান বিষ্ণুৰ অন্য এক অৱতাৰ। শ্ৰীকৃষ্ণ বসুদেৱৰ পুত্ৰ, আৰু মাতৃৰ নাম  আছিল দৈৱকী। শ্ৰীকৃষ্ণৰ জন্ম হৈছিল কংসৰ কাৰাগাৰত। বাসুদেৱৰ বাবে অতি দুখৰ বিষয় আছিল যে তেওঁ নিজৰ সন্তানক নিজে তুমি-তালি ডাঙৰ দীঘল কৰিব নোৱাৰিলে। কিয়নো তেতিয়া কৃষ্ণৰ পিতৃ মাতৃয়ে কংসৰ কাৰাগাৰত আৱদ্ধ আছিল।

এদিন বাসুদেৱে কংসৰ ভয়ত পুত্ৰ কৃষ্ণক এটা পাঁচিত ভৰাই নদীত এৰি দীয়ে।শ্ৰীকৃষ্ণক কংসৰ পৰা বচাবলৈ বাসুদেৱে নিজৰ সন্তানক ত্যাগ কৰিব লগীয়া হৈছিল।

শ্ৰীকৃষ্ণক এৰি দিয়াৰ পাছত এদিনাখন কৃষ্ণক যসুদাই পালে। যসুদাই শ্ৰীকৃষ্ণক পাই লৈ আহে আৰু তুমি-তালি ডাঙৰ-দীঘল কৰে।
শ্ৰীকৃষ্ণ হৈছে হিন্দু সকলৰ  ভগৱান। সনাতন ধৰ্মৰ মতে ভগৱান বিষ্ণু হৈছে সৰ্বপাপহাৰী,পৱিত্ৰ আৰু সমস্থ প্ৰাণীৰ ভোগ প্ৰদান কৰা ঈশ্বৰ।
যেতিয়া পৃথিৱীত অসুৰ তথা ৰাক্ষসীসকলৰ অত‍্যাচাৰ বাঢ়িবলৈ ধৰে তেতিয়া ভগৱান বিষ্ণুৱে  যিকোনো ৰূপত অসুৰক সংহাৰ কৰিবলৈ দৃশ্যমান হয়। এইখিনিতে ক‌ওঁ যে ভগৱান বিষ্ণুৰ সৰ্বমুঠ ২৩ টা অৱতাৰত দেখা পোৱা যায়। ইয়াৰে শ্ৰীকৃষ্ণ অৱতাৰ সকলোতকৈ চেষ্ট অৱতাৰ।
সকলো দেৱতাৰ ভিতৰত একমাত্ৰ ভগৱান শ্ৰীকৃষ্ণ‌ই আছিল যিয়ে ষোল্লটা কলাৰে পৰিপূৰ্ণ আছিল। ভগৱান শ্ৰীকৃষ্ণ‌ই যিটো কৰ্ম কৰিছিল সেইটো তেওঁৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল। ভগৱান শ্ৰীকৃষ্ণৰ অৱতাৰ মূল কাৰণ আছিল সংসাৰক পাপৰ পৰা মুক্ত কৰা।
৯/বৌদ্ধ অৱতাৰ। 


বৌদ্ধ অৱতাৰ ভগৱান বিষ্ণুৰ নৱম অৱতাৰ। ভগৱান বৌদ্ধৰ জন্ম হৈছিল ২৫০০ খ্ৰীষ্টপূৰ্বত। ভগৱান বৌদ্ধিক সিদ্ধাৰ্থ নামেৰে জনাজাত আছিল। বৌদ্ধ দেৱ বিশ্বৰ মহান ব‍্যক্তিৰূপে চিহ্নিত হৈছিল। বৌদ্ধদেৱ বৰ বুদ্ধিমানী আৰু জ্ঞানী আছিল।
বৌদ্ধ দেৱৰ পিতৃৰ নাম আছিল সৌদ্ধধনা আৰু মাতৃৰ নাম আছিল মায়া দেৱী। তেওঁৰ একমাত্ৰ পুত্ৰ সন্তান আছিল বৌদ্ধ দেৱ। বৌদ্ধ দেৱক গৌতম বৌদ্ধ নামেৰেও অভিহিত কৰিছিল। গৌতম বুদ্ধৰ জন্মৰ ঠিক কিছু দিন পাছতে মাক মায়াদেৱীৰ মৃত্যু হৈছিল।
গৌতম বুদ্ধক মায়াদেৱীৰ ভনীয়েক  মহাপ্ৰজাপতিয়ে তুলি-তালি ডাঙৰ-দীঘল কৰিছিল। মাতৃৰ মৃত্যুৰ পাছত পিতৃয়ে গৌতম বুদ্ধক ঘৰৰ ভিতৰতে আৱদ্ধ কৰি ৰাখিছিল। পিতৃয়ে ভাবিছিল যে গৌতম বুদ্ধক ঘৰতে ৰাখি শিক্ষা প্ৰদান কৰা যাওক, যাতে তেওঁৰ কেতিয়াও বাহিৰৰ পৃথিৱীৰ কথা বোৰ উপলব্ধি কৰিব নোৱাৰে। ইয়াৰ বাবে পিতৃয়ে তেওঁক চোৱাচিতা কৰিবলৈ ৩ জন দাসীও ৰাখিছিল। এনেকৈয়ে গৌতম বুদ্ধ ডাঙৰ হল।
গৌতম বুদ্ধ বয়স ১৬ বছৰ। গৌতম বুদ্ধ ভাৱিব পৰা ক্ষমতা হল। তেওঁৰ নিজকে ঘৰৰ ভিতৰত আৱদ্ধ হৈ থাকি আমনি লাগিছিল।
এদিন গৌতম বুদ্ধয়ে পিতৃৰ আদেশ নোলোৱাকৈ মনে মনে ঘৰৰপৰা উলাই ফুৰিবলৈ বুলি গল। বাহিৰলৈ উলাই গৈ বিভিন্ন ধৰণৰ মানুহক লগ পাইছিল। যেনে:- বেমাৰী মানুহ, বুঢ়া-বুঢ়ী, অন্ধ আৰু মৰাশ আদি দেখিবলৈ পাইছিল। এইবোৰ দেখি বুদ্ধৰ মনত বিভিন্ন ধৰণৰ চিন্তাই হেঁচা মাৰি ধৰিছিল।
বৌদ্ধদেৱ বিষ্ণুৰ অৱতাৰ আছিল।বৌদ্ধ দেৱে  বেদৰ প্ৰচাৰ কৰিছিল। কেৱল এইয়াই নহয় পৃথিৱীৰ অন্ধ কৰ্মকান্দ তথা বেদীক পশুবলি পৰিহাৰ কৰিবলৈ প্ৰচাৰ কৰিছিল।

১০/ কল্কি অৱতাৰ। 

কল্কি অৱতাৰ ভগৱান বিষ্ণুৰ দশম অৱতাৰ।

পুৰানকথাৰ অনুসৰি পৃথিৱীত যেতিয়া পাপ,অত‍্যাচাৰ আদি বাঢ়িবলৈ ধৰিব তেতিয়া ভগৱান বিষ্ণুয়ে কল্কি অৱতাৰত সৃষ্টিক বিনষ্ট কৰিবলৈ দৃশ্য মান হব। পুৰানৰ মতে কল্কি অৱতাৰ কলিযুগৰ ধ্বংসৰ বাবেহে হব।
পৃথিৱীত যেতিয়া ধৰ্ম অনুসৰন নাইকিয়া হব, তেতিয়া কল্কি অৱতাৰৰ আগমন ঘটিব।কল্কিপুৰাণত ইয়াৰ বিষয়ে বিস্তাৰ কৈ পোৱা যায়।

Post a Comment

2 Comments

  1. বিষ্ণুৰ ২৪ টা অৱতাৰ কি কি ইয়াতে ১০টা আছে

    ReplyDelete
    Replies
    1. ক'ত পালে আপুনি আমি ১০ টা বুলি হে জানো

      Delete