সুকন্যা সমৃদ্ধি যোজনা কি? সুকন্যা সমৃদ্ধি যোজনাৰ সম্পূৰ্ণ বিৱৰণ । What is Sukanya Samridhi Yajana? Full description of Sukanya Samridhi yajana.




 সুকন্যা সমৃদ্ধি আঁচনি খন কি?
সুকন্যা সমৃদ্ধি আঁচনি হৈছে ভাৰত চৰকাৰৰ দ্বাৰা তৈয়াৰ কৰা  ছাত্ৰী সকলৰ বাবে বনোৱা এটা গুৰুত্বপূৰ্ণ সঞ্চয় আচঁনি। সাধাৰণতে,এই আচঁনিখন ছাত্ৰী গৰাকীৰ পিতৃ-মাতৃৰ বাবে বনোৱা হৈছে। ইয়াৰ কাৰণে বয়সৰ সময়সীমা থাকিব ১০ বছৰৰ তলত । ১০ বছৰৰ তলৰ ছাত্ৰীয়ে  ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। ছাত্ৰী গৰাকীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই আচঁনিখন তৈয়াৰী কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে "বেটি বাচা‌ও বেটি পাঢ়াও" আঁচনি খনৰ অন্তৰ্গত "সুকন্যা" আঁচনি খন ২০১৫ চনত আৰম্ভ কৰিছিল।

 সুকন্যা সমৃদ্ধি আঁচনি কিয় প্ৰয়োজন?
 সুকন্যা সমৃদ্ধি আঁচনিৰ প্ৰয়োজনীয় এয়ে যে চৰকাৰৰ এই আচঁনিখনৰ জৰিয়তে ভাৰতৰ ১০ বছৰৰ তলৰ প্ৰত্যেক ছাত্ৰীক ২১ বছৰৰ লৈকে নিজৰ নামত এখন পাছবুক খুলিব লাগে। পাছবুক খন বেংকত নাইবা ডাক ঘৰত খুলিব পাবিৰ। ইয়াত প্ৰত্যেক মাহত ১০০০.০০ টকাকৈ নিজৰ পাছবুকত জমা থব লাগিব। 
যেতিয়া ছাত্ৰী গৰাকীৰ বয়স ১৮ বছৰ হ'ব , তেতিয়া জমাৰ ৫০% শতাংশ টকা উলিওৱা পাৰিব। এই টকা খিনি চৰকাৰে ৫০% শতাংশ আদায় দিয়াৰ মূলতঃ ছাত্ৰী গৰাকীৰ উচ্চ শিক্ষাৰ বাবে আগুৱাই যোৱাৰ অৰ্থে।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো এইটোৱে যে তেখেতৰ জমাৰ সকলো টকাটোৰ ৮.৪%শতাংশ সুত চৰকাৰে বহন কৰিব।

 কিমান টকাকৈ জমা থোৱা হয়?
মিনিমাম প্ৰতি বছৰত  ২৫০.০০ টকাৰ পৰা ১.৫ লাখ টকাকৈ জমা থব পাৰে।
এজন অভিভাৱকে কেইজনীৰ নামত একাউণ্ট খুলিব পাৰিব?
এজন অভিভাৱকে দুজনীৰ নামত একাউণ্ট খুলিব পাৰিব। যদি প্ৰথমজনী বা দ্বিতীয় জনী যমজ(Twins) হয়, তেনেহলে তৃতীয় গৰাকীৰ নামত একাউণ্ট খুলিব পাৰিব। অৰ্থাৎ তিনিটা একাউণ্ট খুলিব পাৰিব।
একাউণ্ট খুলিবলৈ কিহৰ প্ৰয়োজন হ'ব?
  • ছোৱালীজনীৰ একপি পাছপৰ্ট চাইজ ফটো।
  • জন্মৰ প্ৰমাণপত্ৰ।
  • এখন পেন কাৰ্ডৰ জেৰক্স কপি (পিতৃৰ)।
  • এখন এড্ৰেছ প্ৰমাণপত্ৰ (পিতৃৰ)।
ছাত্ৰী গৰাকীৰ লগতে পিতৃৰ পেন কাৰ্ড আৰু স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ কিয় লোৱা হয়?
 ছাত্ৰী গৰাকীৰ লগতে পিতৃৰ ডকোমেণ্ট লোৱাৰ বাবে তেওঁৰ(পিতৃৰ) নামত নিজৰ ইনকাম টেক্সত ৰেহাই দিয়া হয়।
 সুকন্যা সমৃদ্ধি আঁচনিৰ সময়সীমা কিমান?
 সুকন্যা সমৃদ্ধি আঁচনিৰ সময়সীমা হ'ল ২১ বছৰ। ২১ বছৰ সম্পূৰ্ণ হ'লে সকলো টকা খিনি বেংকৰ পৰা উলিয়াব পাৰিব।

সুকন্যা সমৃদ্ধি আঁচনিত কিমান বছৰ টকা জমা দিয়া হয়?

সুকন্যা সমৃদ্ধি আঁচনিত ১৫ বছৰৰ লৈকে টকা জমা দিয়া হয়। কিন্তু এই টকা খিনি ৬ বছৰৰ পাছতহে উলিয়াব পাৰি। 

Post a Comment

0 Comments