অসমৰ প্ৰথম চিনেমা। অভিনেতা আৰু অভিনেত্ৰী সকল কোন আছিল

"অসমীয়া" প্ৰথম বোলছবি খনৰ নাম কি? অভিনেতা আৰু অভিনেত্ৰী সকলৰ নাম কি আছিল?



"অসমীয়া" প্ৰথম বোলছবি খনৰ নাম কি? অভিনেতা আৰু অভিনেত্ৰী সকলৰ নাম কি আছিল?

অসমীয়া প্ৰথম বোলছবি খনৰ নাম হৈছে "জয়মতী"। এই ছবিখন ১৯৩৫ চনৰ মাৰ্চ মাহৰ ১০ তাৰিখে মুকলি কৰা হৈছিল।
ছবিখনৰ কাহিনী সমুহ যুগুতোৱা হৈছিল লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকৰ পৰা। অসমীয়া সমাজ আৰু বুৰঞ্জীৰ সমল লৈ নিৰ্মিত, এই ছবিখন সপ্তদশ শতিকাৰ আদি ৰাজকুমাৰী সতী জয়মতীৰ বিষয়ে লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ নাটকৰ আধাৰত চলচ্চিত্ৰখন প্ৰসিদ্ধ অসমকবি, লেখক আৰু চলচ্চিত্ৰ নিৰ্মাতা জ্যোতি প্ৰসাদ আগৰৱালাই প্ৰযোজনা আৰু পৰিচালনা কৰিছিল আৰু আইদেউ সন্দিকৈ আৰু প্ৰশংসিত মঞ্চ অভিনেতা আৰু নাট্যকাৰ ফুনু বৰুৱাই অভিনয় কৰিছিল। এই ছবিৰ মূল ছুটিং ভোলাগুৰি চাহ বাগিচাত জ্যোতিপ্ৰসাদে সজাই লোৱা 'চিত্ৰবন ষ্টুডিঅ'ত কৰা হৈছিল। ১৯৩৩ চনৰ পৰা ১৯৩৫ চনৰ ভিতৰত দৃশ্যগ্ৰহণ কৰা ছবিখন অসমৰ সৰ্বপ্ৰথম বোলছবি খনে হ'ল "জয়মতী"।

ছবিখনৰ পৰিয়ালবৰ্গ সকল আৰু তেওঁলোকৰ প্ৰত্যেকৰেই পৰিচয় সমূহ।

লেখক_ লক্ষ্মীনাথ বেজবৰুৱা।
ছবিখনৰ পৰিচালক_ জ্যোতিপ্ৰসাদ আগৰৱালা।
প্ৰযোজক_ জ্যোতিপ্ৰসাদ আগৰৱালা।
মূখ্য অভিনয়_ ফুনু বৰুৱা আৰু আইদেউ সন্দিকৈ।
সংগীত_ জ্যোতিপ্ৰসাদ আগৰৱালা।

অন্যান্য অভিনেতা সকল_

  • স্বৰ্গজ্যোতি বৰুৱা (দালিমীৰ অভিনয়)
  • মোহিনী ৰাজকুমাৰী
  • কমলা প্ৰসাদ আগৰৱালা
  • মনোভিৰাম বৰুৱা
  • ফণী শৰ্মা
  • প্ৰফুল্ল চন্দ্ৰ বৰুৱা
  • স্নেহ চন্দ্ৰ বৰুৱা
  • নৰেন বৰদলৈ
  • ৰানা বৰুৱা
  • চামচুল হক
  • ৰাজেন বৰুৱা
  • পুতুল হক
  • ৰাজকুমাৰী গোহাই
  • সুবৰ্ণৰেখা শইকীয়া
  • ললিত মোহন চৌধুৰী
  • বনমালী দাস
  • প্ৰতাপ বৰুৱা

সোতৰ শতিকাৰ অসম বুৰঞ্জীৰ এটি অধ্যায়ৰ ওপৰত ভেঁজা দি নিৰ্মাণ কৰা এই কথাছবিখনত জয়মতীৰ কাহিনী দৰ্শোৱা হৈছে। নিজৰ ৰাজপাট নিষ্কণ্টক কৰিবলৈ বৰফুকন লালুকসোলাৰ নিৰ্দেশত ল'ৰা ৰজাই ৰাজ্যৰ কোঁৱৰ সকলৰ অংগক্ষত কৰাৰ নিৰ্দেশ দিয়ে। এই অত্যাচাৰৰপৰা হাত সাৰিবলৈ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপানি ৰাজ্য এৰি নগা পাহাৰত গৈ আশ্ৰয় লয়। গদাপানিক বিচাৰি নাপাই তেখেতৰ বতৰা বিচাৰি তেখেতৰ পত্নী জয়মতীক জেৰেঙা পথাৰত কেবাদিনলৈ অত্যাচাৰ চলোৱা হয়। কাহিনীটো বুৰঞ্জীমূলক হ'লেও ছবিখনত ইয়াক সমকালীন ভাৰতবৰ্ষৰ ৰাজনৈতিক পৰিস্থিতিৰ লগত তুলনা কৰা দেখা যায়। .

জয়মতী আছিল আহোমৰ কোঁৱৰ গদাপানিৰ পত্নী। ১৬৭৯ চনৰপৰা ১৬৮১ চনলৈ স্বৰ্গদেউ চুলিক্‌ফা (ল'ৰাৰজা)-ই লালুক সোলাৰ নিৰ্দেশত ৰাজ্যৰ কোঁৱৰসকলৰ অংগহানিৰ নিৰ্দেশ দিয়ে। অংগক্ষত থকা কোঁৱৰে ৰাজপাটত বহাত বাধা আছিল বাবেই এই আদেশ দিয়া হৈছিল। গদাপানি পলাই যায়। কেবাখনো সত্ৰত আৰু কাষৰীয়া নগা পাহাৰ আৰু অন্যান্য জনজাতীয় গাঁৱত আশ্ৰয় লৈ গদাপানিয়ে প্ৰাণ ৰক্ষা কৰে। কোঁৱৰ গদাপানিক বিচাৰি উলিয়াব নোৱাৰি চুলিক্‌ফাৰ সৈন্যই তেখেতৰ পত্নী জয়মতীক ধৰি লৈ যায় আৰু গিৰিয়েকৰ বতৰা দিবলৈ অত্যাচাৰ আৰম্ভ কৰে। জেৰেঙা পথাৰত চলা কেইবাদিনো জোৰা এই অত্যাচাৰৰ পাছত জয়মতীৰ মৃত্যু হয়। জয়মতীৰ আত্মত্যাগে পাছলৈ ভাল ফল দেখুৱায়। ১৬৮০ চনত লালুক সোলাক হত্যা কৰা হয়। ৰজাঘৰৰ ডা-ডাঙৰীয়া সকলে যোগ্য কোঁৱৰ এজন বিচাৰি গদাপানিক বিচাৰি পঠিয়ায়। গাৰো পাহাৰত আশ্ৰয় লৈ থকা গদাপানিয়ে সৈন্য -সামন্ত গোটাই ল'ৰাৰজাৰ হাতৰপৰা শাসন ভাৰ নিজৰ হাতলৈ আনে। জয়মতীৰ আত্মত্যাগৰ বাবে জনপ্ৰবাদত তেওঁক সতী বুলি মানি লোৱা হয়।

Post a Comment

0 Comments