মাৰাত্মক কৰোণা ভাইৰাছৰ সৃষ্টি। প্ৰকৃত সত্য কি?

মাৰাত্মক কৰোণা ভাইৰাছৰ সৃষ্টি। প্ৰকৃত সত্য কি?

কৰোণা ভাইৰাছ ক'ৰ পৰা আৰু কেনেকৈ সৃষ্টি হৈছিল?
আহক কৰোণা ভাইৰাছৰ বিষয়ে সম্পূৰ্ণকৈ জানি লওঁ। চীনৰ ৱাহান লেৱত কিছুমান ঘাটক ভাইৰাছৰ ওপৰত পৰীক্ষা কৰি থাকোতে মাইক্ৰ'স্কোপত এবিধ আচৰিত ধৰণৰ ভাইৰাছ দেখা পাইছিল। এই ভাইৰাছবিধ দেখাৰ লগে লগে সকলোৱে হতভম্ব হৈ গৈছিল আৰু কৈছিল যে আমি এনেকুৱা ভাইৰাছ কেতিয়াও দেখা নাছিলো। এই ভাইৰাছ বিধৰ জেনেটিক চিকুৱেঞ্চটো ভালদৰে দেখাত অনুমান কৰিছিল যে এইটো ভাইৰাছ বাদুলীৰ পৰা হ'ব পাৰে।
 বৈজ্ঞানীক সকলে ভয় খাইছিল কিয়নো ২০০২-০৩ চনত এই ভাইৰাছ বিধৰপৰা চীনত প্ৰায় ৭০০ ৰো অধিক মানুহৰ মৃত্যু হৈছিল। কিন্তু চীনী চৰকাৰে এই ভাইৰাছ বিধৰ বিষয়ে বিশ্বৰ আগত লুকুৱাই ৰাখিছিল আৰু তেতিয়াই বৈজ্ঞানিক সকলে কৈছিল যে কাহঁ আৰু স‌ংস্পশৰ জৰিয়তে ভাইৰাছ বিধ বিয়পিব পৰে।

ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহমানত হৰ্থাতে চী-ফোড মাৰকেটৰ উচৰে-পাজৰে থকা কিছুমান মানুহৰ দেহত জ্বৰ-কাহঁ আদি ৰোগ হ'বলৈ আৰম্ভ কৰিছিল। সেই ৰোগীসকলক পৰীক্ষা কৰিবলৈ তেওঁলোকৰ চেম্পল সমূহ ৱাহান ইনষ্টিটিউট অফ ভায়ৰ''লজি নেচনেল লেবত (Wuhan Institute of Virology) পঠিয়াই দিলে। বৈজ্ঞানীক সকলে যেতিয়া এই চেম্পলসমূহ টেষ্ট কৰিলে তেতিয়া গম পালে যে এই বিধ হৈছে কৰোণা ভাইৰাছ। কিন্তু এই বিধ যে কৰোণা ভাইৰাছ এই কথাটো চীন চৰকাৰে পাব্লিচিটি নকৰিলে কাৰণ এই ভাইৰাছ বিধৰ পৰা ২০০২-০৩ চনতে বহুত লোকৰ মৃত্যু হৈছিল।
তেনেতে আৰু কিছু দিন পিছত ৱাহাং চী-ফুড মাৰকেটৰপৰা প্ৰায় ৭ জন ৰোগী ড° লী.ৱি লিয়াংৰ হস্পিটেলত ভৰ্তি হয়। ড° লী.ৱি লিয়াং এইজনে আছিল যিজনে প্ৰথম বাৰ এই ভাইৰাছ বিধৰ চিনাক্তকৰণ কৰিছিল।
ড° লী.ৱি লিয়াঙে ৰোগীসকলক দেখাৰ লগে লগে গম পাই গৈছিল যে এই ৰোগীসকলৰ দেহত কৰোণা ভাইৰাছ হৈছে বুলি। সেই সময়ত তেওঁ ৰখি নাথাকি লগে লগে সকলোকে এই বেমাৰৰ বিষয়ে মেচেজৰ দ্বাৰা অৱগত কৰিলে আৰু ইয়াক গোপনে ৰাখিবলৈ অনুমতি দিয়ে। কিন্তু দূৰ্ভাগ্যৱসত ড° লী.ৱি লিয়াংৰ মেছেজৰ Screenshot Viral হৈ গ'ল।

মেচেজটো ভাইৰেল হোৱাৰ পিছতো চীন চৰকাৰে ভিতৰে ভিতৰে ইয়াক লোকোৱাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। কিন্তু সেই সময়ত ৱাহান ইনষ্টিটিউট অফ ভায়ৰ''লজি নেচনেল লেবত ভিতৰে ভিতৰে বাদুলীৰ ওপৰত পৰীক্ষা চলি আছিল। চীনৰ অনুমান অনুসৰি ভাইৰাছ বিধৰ সৃষ্টি বাদুলীৰ পৰা হৈছে বুলি কয়। সেই সময়তে ৰোগীসকলৰ চিকিৎসা ড° লী.ৱি লিয়াঙে কৰি আছিল। ইফালে চীন চৰকাৰে ড° লী.ৱি লিয়াঙক মেচেজটো ভাইৰেল কৰা বুলি ভাবি ক্ষমা বিচাৰিবলৈ জাননী পেৰণ কৰিলে আৰু অৱশেষত ড° লী.ৱি লিয়াঙে ক্ষমা বিচাৰিলে।
South China University Of Technology ৰ চীনী বৈজ্ঞানিক বতাউ চাউ আৰু লী চাউয়ে কৈছিল যে কৰোণা ভাইৰাছৰ সৃষ্টি ৱাহাঙৰ ফিচ মাৰকেটৰপৰ হোৱা নাই, ইয়াৰ সৃষ্টি হৈছে ইয়াৰ পৰা প্ৰায় ৩০০ গজ এটা চৰকাৰী ৰিৰ্চাছ লেৱৰপৰা ইয়াৰ সৃষ্টি হৈছে। চীনৰ বৈজ্ঞানিক সকলে দাবী কৰিছিল যে লেৱত‌ প্ৰায় ৬০০ৰো অধিক বাদুলী এই লেৱত আছিল আৰু এই বাদুলীবোৰৰ ওপৰত ৰিৰ্চাছ কৰিছিল। সেই সময়তে হৰ্থাতে এটা বাদুলীয়ে এজন গৱেষকৰ দেহত আক্ৰমণ কৰে। দেহত আক্ৰমণ কৰাৰ পাছত তেওঁৰ দেহত কিছুমান ৰোগ হ'বলৈ আৰম্ভ কৰিলে। যেনে:- জ্বৰ,কাঁহ,বিষ আদি। আৰু এদিন গৈ ই এটা ভয়ানক ৰূপত ৰূপান্তৰিত হল। 
Dr. Li Wenliang


 ৰোগীসকলৰ চিকিৎসা আৰু বাদুলীবোৰৰ ওপৰত ৰিৰ্চাছ কৰি থাকোতে Dr. Li Wenliang দেহত এই ভাইৰাছে বিধে প্ৰবেশ কৰিছিল।
Dr. Li Wenliang ক যথেষ্ট উচ্চ চিকিৎসা কৰিছিল যদিও তেওঁ এই ভাইৰাছ পৰা পৰাস্ত হ'ব লগীয়া হৈছিল আৰু অৱশেষত ২০২০ চনৰ ৭ ফেফ্ৰৱাৰীৰ ৰাতি ২.০০ বজাত Dr. Li Wenliang মৃত্যু হয়।

Post a Comment

0 Comments