বিষ্ণু পুৰাণৰ আধাৰত কুইজৰ জ্ঞান। "নাৰ" ৰ অৰ্থ কি?

বিষ্ণু পুৰাণৰ আধাৰত কুইজৰ জ্ঞান। "নাৰ" ৰ অৰ্থ কি?


  • নাৰায়নে মৎস্য অৱতাৰ কিয় লৈছিল? 
উত্তৰ :- নাওখন পানীত ডুবিবলৈ নিদিবৰ কাৰণে নাৰায়নে মৎস্য অৱতাৰ  লৈছিল। 
  • চাৰি বেদ কোনে চুৰ কৰিছিল?
উত্তৰ :- হয়গ্ৰীৱ।
  • নাওখনত কোন ঋষি আছিল?
উত্তৰ :- সপ্তঋষি।
  • হেৰুৱা‌ চাৰি বেদখন কোনে বিচাৰি গৈছিল?
উত্তৰ :-নাৰায়নে।
  • ​নাওখনত কি কি আছিল?
উত্তৰ :- জ্ঞান, ঔষধ আৰু বীজ।
  • এই বিশাল বিশ্ব খনত আটাইতকৈ ওখ স্থান কোনটো বুলি শোত মুনিয়ে কৈছিল?
উত্তৰ :- ধূব্ৰমণ্ডল।
  • ধূব্ৰৰ মাতৃ নাম কি আছিল?
উত্তৰ :- সুনিতী।
  • সুনিতী কোন আছিল?
উত্তৰ :- ৰজা উতানপদৰ পত্নী আছিল।
  • উতানপদৰ সৰু ৰাণীগৰাকীৰ নাম কি আছিল?
উত্তৰ :- অৰুচি।
  • অৰুচিৰ পুত্ৰৰ নাম কি আছিল?
উত্তৰ :- উত্তম।
  • ধূব্ৰ‌ই তপস্যা কৰিবলৈ যাওঁতে কাক লগ পাইছিল?
উত্তৰ :- নাৰদক।
  • গজেন্দৰ কোন আছিল?
উত্তৰ :- গজেনদৰ এটা হাতী আছিল।
  • গজেনদৰক ঘঁৰিয়ালৰ হাতৰপৰা কোনে বচাইছিল?
উত্তৰ :- বিষ্ণুৱে।
  • "নাৰ" ৰ অৰ্থ কি?
উত্তৰ :- পানী।
  • ভগৱান বিষ্ণুৰ দশম অৱতাৰৰ প্ৰথম অৱতাৰ কি?
উত্তৰ :- মৎস্য অৱতাৰ।
  • পানীৰ সৃষ্টি কাৰপৰা হৈছিল?
উত্তৰ :- ভগৱান বিষ্ণুৰ পৰা।
  • প্ৰাণীৰ সৃষ্টি কিহৰ পৰা হৈছিল?
উত্তৰ :- পানীৰ পৰা।
  • সমস্ত প্ৰাণীৰ সৃষ্টিকৰ্তা কোন?
উত্তৰ :-  ব্ৰহ্মা।
  • ব্ৰহ্মাৰ উদয় কিহৰ পৰা হৈছিল?
উত্তৰ :- বিষ্ণুৰ নাভিৰপৰা ওলোৱা পদুম ফুল পাঁহৰ পৰা ব্ৰহ্মাৰ উদয় হৈছিল।
  • চাৰিটা যুগক একেলগে কি বোলে?
উত্তৰ :- মহাযুগ।
  • "এক কল্প" মানে কি?
উত্তৰ :- এক হেজাৰ মহাযুগক "এক কল্প" বোলে।
  • "এক কল্প" কোনটো ভগৱানৰ এটা দিন হয়?
উত্তৰ :- ব্ৰহ্মাৰ।
  • ভগৱান বিষ্ণুৱে কোনটো সাগৰত বিৰাজমান হৈছিল?
উত্তৰ :- ক্ষীৰসাগৰ।
  • ৰজা দশৰথে কিহৰ বাবে যজ্ঞ কৰিছিল?
উত্তৰ :- পুত্ৰ প্ৰাপ্তিৰ বাবে।
  • যজ্ঞৰ পৰা কোন দেৱতা ওলাইছিল?
উত্তৰ :- অগ্নি দেৱতা।
  • ​অগ্নি দেৱতা হাতত কি লৈ ওলাইছিল?
উত্তৰ :- অগ্নি দেৱতাই হাতত পায়সৰ বাটি লৈ ওলাইছিল।
  • ৰজা দশৰথৰ পুত্ৰ সকল প্ৰকৃততে কাৰ অংশ?
উত্তৰ : ভগৱান বিষ্ণুৰ।
  • ভগৱান বিষ্ণুৰ অংশ সমূহ কেনেধৰণৰ?
উত্তৰ :- ৰাম বিষ্ণুৰ নীলা মেঘৰ অংশ, ভৰত বিষ্ণুৰ শঙ্খ আৰু পদুম পাঁহৰ অংশ, লক্ষ্মণ বিষ্ণুৰ শেশনাগৰ অংশ আৰু শত্ৰুঘ্ন হৈছে বিষ্ণুৰ চক্ৰ আৰু গদাৰ অংশ।
  • কৈষল্ল ৰাজ্যত ৰামনৱমী কেতিয়া উৎযাপন কৰিছিল?
উত্তৰ :- চ'ত মাহৰ শুক্ল নৱমী তিথিত।
  • ৰামৰ "ৰামচন্দ্ৰ" নামটো কেনেকৈ হ'ল?
উত্তৰ :- এদিন কৈশল্লয়ে ৰামক নিজৰ কোলাত বহুৱাই জোনবাইটোক দেখুৱাই খেলাই আছিল। ৰামে জোনবাইটোক দেখি বহুত ভাল পাইছিল আৰু জোনবাইটোক ল'বলৈ কৈশল্লক আমনি কৰিছিল। ইমান বুজাবলৈ চেষ্টা কৰিছিল কিন্তু ৰামে বুজি পোৱা নাছিল। ৰামক যেনেকে হ'লেও জোনবাইটোক লাগেই । জোনবাইটো  ৰামক নিদিয়াৰ বাবে উচুপি উচুপি কান্দিবলৈ ধৰে। তেনেতে সুমত্ৰীয়ে এটা আইনা আনিলে আৰু জোনবাই টোৰ প্ৰতিবিম্ব ৰামক দেখুৱালে , তেতিয়া ৰামে আইনাটো চাই চাই ভাল পাইছিল আৰু হে "ৰামচন্দ্ৰ" বুলি মূখৰপৰা মাত ওলিয়াইছিল। তেতিয়াৰ পৰাই ৰামৰ নাম ৰামচন্দ্ৰ হয়।
  • সাগৰ মন্থনৰ সময়ত ক্ষীৰ সাগৰৰ পৰা কি কি উৎপন্ন হৈছিল?
উত্তৰ :- অমৃত,বিহ, কামধেনু, চন্দ্ৰ, লক্ষ্মী, কল্প বৃক্ষ, হাতী, ঘোঁৰা আৰু সুৰা।
  • মোহিনী অৱতাৰ কোনটো ভগৱানে ধাৰণ কৰিছিল?
উত্তৰ :- ভগৱান বিষ্ণু।
  • বিশ্ব মোহিনী কাক বোলা হয়?
উত্তৰ :- ভগৱান বিষ্ণুক।
  • কপিল কাৰ অৱতাৰ আছিল?
উত্তৰ :- ভগৱান বিষ্ণুৰ অৱতাৰ।
  • কপিলৰ মাতৃৰ নাম কি আছিল?
উত্তৰ :- দেবহুতি।
  • পৃথিৱীক কোনে সমুদ্ৰলৈ ঠেলি দিছিল?
উত্তৰ :- হিৰণ্যকশ্যপে।
  • পৃথিৱীক সমুদ্ৰ তলৰপৰা উদ্ধাৰ কৰিবলৈ কোনে কাক প্ৰাৰ্থনা কৰিছিল?
উত্তৰ :- ভূদেৱীয়ে ভগৱান বিষ্ণুক ‌ প্ৰাৰ্থনা কৰিছিল।
  • ভগৱান বিষ্ণুৱে কি অৱতাৰত পৃথিৱীক সমুদ্ৰ তলৰপৰা উদ্ধাৰ কৰিছিল?
উত্তৰ :- বৰাহ অৱতাৰত।
  • হিৰণ্যকশ্যপৰ পুত্ৰৰ নাম কি আছিল?
উত্তৰ :- প্ৰহ্লাদ।
  • হিৰণ্যকশ্যপক কোনে বধ কৰিছিল?
উত্তৰ :- নৰসিংহ ৰূপত ভগৱান বিষ্ণুৱে বধ কৰিছিল।
  • "চক্ৰৱৰ্তী" কাক বোলে?
উত্তৰ :- বলি দেৱতাক।

  • ইন্দ্ৰৰ মাতৃৰ নাম কি আছিল?
উত্তৰ :- অদিতী।
  • কশ্যপ কোন আছিল?
উত্তৰ :- অদিতীৰ গিৰীয়েক।
  • বামুন অৱতাৰত বিষ্ণুৱে কাৰ গৰ্ভত জন্ম গ্ৰহণ কৰিছিল?
উত্তৰ :- অদিতীৰ গৰ্ভত।
শুক্রাচার্যৰ এটা চকু অন্ধ কিয় হৈছিল?
উত্তৰ :- বলিয়ে বামুনটোৰ চৰণ ধূৱলৈ অনা পাত্ৰত থকা পানীটো পৰিবলৈ দিয়াত বাধা প্ৰদান কৰাত বামুনজনে পাত্ৰটো ঠেলি দিয়াত পানী পৰিবলৈ ধৰিলে আৰু তেতিয়াই শুক্ৰাচাৰ্যৰ চকু এটা অন্ধ হৈ গ'ল।
  • ভৰিৰ পত্নীৰ নাম কি আছিল?
উত্তৰ :- বিন্ধাৱলী।

Post a Comment

0 Comments