১/ এয়াৰটেল
এয়াৰটেল হৈছে ভাৰতৰ সৰ্বব্যহত মোবাইল নেটৱৰ্ক। ভাৰতৰ বাহিৰে অন্য কেইবাখনো দেশত এই নেটৱৰ্কে কাম কৰি আছে।
2G, 3G, 4G+, 5G এই আটাইকেইটা নেটৱৰ্ক এয়াৰটেলে প্ৰভাইড কৰে। তদুপৰি গ্ৰাহকক প্ৰিপেড আৰু পোষ্টপেড এই দুয়োটা সুবিধা সক্ষম হৈছে।
এয়াৰটেলৰ প্ৰতিষ্ঠাপক জন হল চুনিল ভাৰতী মিট্টেল আৰু চি,ই,অ' হ'ল গোপাল ভিট্টেল। ইয়াৰ সূভাৰম্ভ কৰা হৈছিল ১৯৯৫ চনৰ ৭ জুলাই তাৰিখে। এয়াৰটেলৰ মূখ্য কাৰ্য্যালয় নতুন দিল্লীত অৱস্থিত।
মোবাইল নেটৱৰ্কৰ বাহিৰেও এয়াৰটেলে অন্য নেটৱৰ্কতো বিশেষ ভূমিকা লৈছে যেনে __ ফিস্কলাইন টেলিফোন, ব্ৰডবেণ্ড, ছেটেলাইট টেলিভিছন, এয়াৰটেল পেমেণ্ট বেংক, ডিজিটেল টেলিভিছন, ইণ্টাৰনেট টেলিভিছন, ৱিংক, আৰু আই,পি,টিভি।
২/ জিঅ'
জিঅ' হৈছে ভাৰতৰ সৰ্ববৃহৎ 4G মোবাইল নেটৱৰ্ক। ই হৈছে ভাৰতৰ প্ৰথম নেটৱৰ্ক যিয়ে 4G নেটৱৰ্কৰ সুবিধা দিয়ে। এই জিঅ' টেলিকম কোম্পানীয়ে হাইস্পিড ইণ্টাৰনেটৰ সুবিধা আৰু ভইছ কলিংৰ সুবিধা গুৰুত্ব ভাবে আগবঢ়াইছে। ই ভাৰতৰ বাহিৰে আন দেশতো 4G নেটৱৰ্কৰ সুবিধা আগবাঢ়োৱাত সক্ষম হৈছে। তদুপৰি গ্ৰাহকক প্ৰিপেড আৰু পোষ্টপেড এই দুয়োটা সুবিধা সক্ষম হৈছে।
জিঅ' নেটৱৰ্কৰ সুভাৰম্ভ কৰা হৈছিল ২০০৭ চনৰ ১৫ ফেব্ৰুৱাৰী তাৰিখে আৰু ইয়াৰ অনাৰ গৰাকী হ'ল মোকেশ আম্বানী আৰু মেনেজিং ডাইৰেক্টগৰাকী হ'ল চন্দীপ দাস। ইয়াৰ প্ৰধান কাৰ্য্যালয় মোম্বাইৰ মহাৰাষ্ট্ৰত অৱস্থিত।
জিঅ'ৰ অন্য প্ৰ'ডাক্টসমূহ_ ফিস্কলাইন টেলিফোন, মোবাইল টেলিফোন, ৱাইৰলেছ ব্ৰডবেণ্ড, ইণ্টাৰনেট ছাৰভিছ আৰু অ,টি,টি ছাৰভিছ।
৩/বি,এছ,এন,এল
বি,এছ,এন,এল হৈছে এটা ভাৰতীয় মোবাইল নেটৱৰ্ক। ইয়াৰ সুভাৰম্ভ হৈছিল ২০০০ চনৰ ১৫ ছেপ্টেম্বৰ তাৰিখে। ই হৈছে ভাৰত চৰকাৰৰ এটা বৃহৎ মোবাইল সেৱা । বি,এছ,এন,এল ভাৰতৰ তৃতীয় স্থানত। গ্ৰাহকক প্ৰিপেড আৰু পোষ্টপেড এই দুয়োটা সুবিধা সক্ষম হৈছে। বি,এছ,এন,এল, য়ে 2G, 3G আৰু 4G ৰ সুবিধা গ্ৰাহক ইতিমধ্যে দি আছে।
বি,এছ,এন,এলৰ চি,ই,অ'গৰাকী হ'ল" প্ৰবীণ কুমাৰ প্ৰুৱাৰ।
0 Comments
আপোনাৰ জানিবলগীয়া কিবা প্ৰশ্ন থাকিলে আমাক ই-মেল কৰিব পাৰে।