(আজি আমি আলোচনা কৰিম,মানুহে জীৱনত সফল হব নোৱাৰাৰ প্ৰধান কাৰণ কেইটাৰ ওপৰত। এই ৫টা কাৰণ মনত ৰখাৰ বহুত দৰকাৰ। তলত কাৰণ সমূহ উল্লেখ কৰা হ'ল)
১/ স্থিৰতা।
স্থিৰতা এনে এটা বস্তু যাৰ বাবে মানুহ কেতিয়াও জীৱনত সফলতাৰ মূখ দেখি নাপায়। উদাহৰণেৰে
বুজিবলৈ চেষ্টা কৰিম।
প্ৰশান্ত নামৰ মানুহ এজন আছিল। তেওঁ বৰ কৃপন আৰু লোভিয়া ধৰণৰ আছিল। কিন্তু তেওঁ এজন শিক্ষিত ব্যক্তি আছিল। শিক্ষিত যদিও তেওঁৰ মনটো চঞ্চলতা। তেওঁ মনতে ভাবে যে মই জীৱনত উন্নতি কৰিবলৈ কি কাম কৰিম? মই এনে কি কাম কৰিম যে জীনত সহজতে উন্নতি কৰিবলৈ পাৰিম।
এনেতে অৱশেষত, আৰমী চাকৰিৰ প'ষ্ট মুকলি হৈছিল । এই চকৰিৰ বাবে তেওঁ যোগাযোগ কৰিলে আৰু ইণ্টাৰভিউৰ বাবে গ'ল।
প্ৰশান্তই ইণ্টাৰভিউত পাছ কৰিলে । তাৰ কেইদিনমান পিছত চাকৰিৰ বাবে জাননী আহিলে। কিন্তু প্ৰশান্তই এই চাকৰি নকৰো বুলি ক'লে। কিন্তু কিয় কলে জানেনে? প্ৰশান্তই মনতে ভাবি আছিল যে এই কাম কৰিলে মোৰ সুখ নহব কাৰণ মই গোটেই জীৱনটো বাহিৰতে পাৰ কৰিব লাগিব। মোক লাগে নিজৰ স্বাধীনতে কৰিব লগীয়া কাম, যিটো কাম মই মোৰ মতে কৰি উপাৰ্জন কৰিব পাৰি। গতিকে প্ৰশান্তই এই আৰমী চাকৰি কৰাত অমান্য হল।
আৰমী চাকৰি এৰি প্ৰশান্তই ঘৰতে থাকি নিজৰ এটা ব্যৱসায় আৰম্ভ কৰিলে। এই ব্যৱসায় তেওঁ প্ৰায় ২ বছৰ মান কৰিলে কিন্তু ইয়াতো সফল হব নোৱাৰিলে।
প্ৰশান্তই প্ৰায় কেইবাটাও ব্যৱসায় কৰিলে কিন্তু এটাতো সফল হব নোৱাৰিলে। এনেকৈয়ে প্ৰশান্তৰ ১০/১২ বছৰ নষ্ট কৰিলে। প্ৰশান্তৰ মনত অতীতৰ কথা মনত পৰিবলৈ ধৰিলে। তেওঁ ভাবিলে যে, মই আৰমী চাকৰিটো কৰা হ'লে ভাল আছিল। প্ৰশান্তই বাচনি কৰা যিকোনো কাম/ব্যৱসায় বা চৰকাৰী চাকৰিটোকে মনোযোগেৰে কৰা হলে নিশ্চয় জীৱনত সফলতা প্ৰাপ্ত কৰিব পাৰিলেহেঁতেন। সেয়েহে জীৱনত সফলতা পাবলৈ স্থিৰতাৰ অত্যন্ত প্ৰয়োজন।
২/ একাগ্ৰতা।
সফল প্ৰাপ্তিৰ অন্য এটা মূলমন্ত্ৰ হল একাগ্ৰতা। যিজন ব্যক্তিৰ একাগ্ৰতা নাই তেওঁ কেতিয়াও জীৱনত সফল হব নোৱাৰে।
যিকোনো কৰ্ম কৰোতে সেই কৰ্মটোৰ প্ৰতি ধাউতি থকাটো অত্যন্ত দৰকাৰ। ধাউতি আৰু মনোযোগেৰে কৰ্ম কৰিলে নিশ্চয় সফল হব পাৰি। কৰ্ম এটা কৰিব যাওঁতে, বৰ্তমান সময়ত যিটো কৰ্ম কৰি আছে সেই কৰ্মটোৰ প্ৰতি মনোযোগ আৰু একাগ্ৰতাৰে কৰিলে সফল হব পাৰি। চঞ্চল প্ৰকৃতিৰ ব্যক্তি কেতিয়াও Success হব নোৱাৰে।
৩/ এলেহুৱা ব্যক্তি।
এলেহুৱা হৈছে অকৰ্মন্যৰ প্ৰতীক। অকৰ্মন্য মানুহক জীৱনে অন্ধৰ দীশে ঠেলি নিয়ে। ইয়াক মনৰ পৰা আতঁৰাবলৈ নিজকে অকমান অধ্যয়ন কৰাটো বহুত প্ৰয়োজন নিজক প্ৰথমে স্থিৰ কৰাৰ দৰকাৰ। ঈশ্বৰে কেতিয়াও ভাগ্য লিখি নপঠিয়াই ভাগ্য নিজে গঢ়িব লাগিব।
গতিকে এজন সফল ব্যক্তি হব'লৈ হ'লে শাৰীৰিক আৰু মানসিক ভাৱে শ্ৰম কৰাৰ অতি প্ৰয়োজন।
৪/ ধৈৰ্য্য।
পৃথিৱীত এনে কিছুমান মানুহ আছে যিবোৰৰ কোনো ধৈৰ্য্য বোলা বস্তুটো একেবাৰে শূন্য। যিবোৰ মানুহৰ ধৈৰ্য্য নাই, সেইবোৰ মানুহৰ শত্ৰুৰ সংখ্যা বহুত বেছি। ধৈৰ্য্য নথকা মানুহ কোনো কামত সহজতে সফল হ'ব নোৱাৰে। জীৱনত সফলতা অৰ্জন কৰিবলৈ মানুহৰ ধৈৰ্য্যৰ বহুত আৱশ্যক।
এজন ব্যক্তি আছিল, তেওঁৰ নাম আছিল বীৰ। বীৰ এজন এনে ব্যক্তি আছিল যিজনৰ মনত ইমানেই বেছি খং যে তেওঁ কিছুমান সৰু সৰু কথাত খং কৰি উঠে। কিবা এটা কথা ক'লেই খংত যিকোনো ধৰণৰ কাম কৰি দিয়ে।
গতিকে ধৈৰ্য্য হৈছে মানুহৰ সফলতাৰ আন এক পৰিচয় যাৰ অবিহনে জীৱন সফল কেতিয়াও হ'ব নোৱাৰে।
৫/ সাহস।
সাহস, সাহস এনে এটা বস্তু যিটোৱে মানুহক বিপদতো পেলাব পাৰে, আৰু বিপদৰ পৰা ৰক্ষাও কৰিব পাৰে। সাহসক প্ৰদৰ্শন কৰোঁতে আমি বহুত কথা ভাৱিব লাগে। সাহসক প্ৰদৰ্শন কৰাৰ পূৰ্বে আপুনি ডিচাইড কৰিব লাগিব যে ই মোৰ কিবা খতিতো নকৰে?
যিকোনো কামত সফল হব'লৈ মানুহৰ মানসিক আৰু শাৰীৰিক ভাৱেও সাহস প্ৰদৰ্শন কৰাটো দৰকাৰ। পৃথিৱীত এনেকুৱা কিছুমান কাম আছে যিবোৰ কামত সাহস হ'লেহে সফলতা অৰ্জন কৰিব পাৰি।
গতিকে এইখিনিতে আমি ক'ব পাৰোঁ, যে জীৱনত যিকোনো কামত সফল হ'বলৈ সাহসৰো অৱদান আছে।

2 Comments
পঢ়ি ভাল লাগিল |
ReplyDeleteহয়। সচা কথা।
Delete