অৰুনোদয় আচঁনিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাঁঁবোৰ কি ২০২০?

অৰুনোদয় আচঁনিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাঁঁবোৰ কি ২০২০?
অৰুনোদয়

বৈশিষ্ট্য সমূহ__
  1. আৰ্থিক ভাৱে দূৰ্বল পৰিয়াললৈ মাহিলী ৮৩০ টকাকৈ আৰ্থিক সাহাৰ্য্য।
  2. পৰিয়ালৰদ্বাৰা নিৰ্বাচিত মহিলাগৰাকীৰ নামত এই সুবিধা প্ৰদান কৰা হব।
  3. হিতাধীকাৰীৰ বেংক একাউণ্টত প্ৰত্যক্ষ হস্তান্তৰ প্ৰক্ৰিয়াৰে ধনৰাশি জমা কৰা হব।
  4. প্ৰথম পৰ্য্যায়ত ৰাজ্যৰ প্ৰায় ১৯ লাখ হিতাধীকাৰীক সাঙুৰি লোৱাৰ লক্ষ‍্য।

যোগ‍্যতা__
  1. আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হব লাগিব।
  2. বৰ্তমান অসমত বসবাস কৰা হব লাগিব।
  3. পৰিয়ালৰ মুঠ ৰ্বাষিক আয় ২ লাখতকৈ কম হব লাগিব।
  4. আবেদনকাৰীৰ বেংক একাউণ্ট থকাটো বাধ্যতামূলক।

অগ্ৰাধিকাৰ লাভ কৰিব পৰা পৰিয়ালসমূহ__
স্বামীহীন, বিবাহ বিচ্ছেদ,অবিবাহিতা,পৰিয়ালৰ পৰা বিচ্ছেদিত মহিলা থকা পৰিয়াল।
দ্বিবাংগ থকা পৰিয়াল।

1/বহিৰ্ভুত হ'ব লগীয়া পৰিয়াল__
  1. কোনো জনপ্ৰতিনিধি আনকি পঞ্চায়ত ৱাৰ্ড মেম্বাৰ, সমবায় সমিতিৰ সদস্য/সদস্যা থকা পৰিয়াল।
  2. যিকোনো চাকৰিয়াল থকা পৰিয়াল, আনকি পঞ্চায়ত বা সমবায় সমিতিৰ চাকৰিয়াল, আশাকৰ্মী, অংগনাবাদী সহায়িকা থকা পৰিয়াল।
  3. ঘৰত চাৰিচকীয়া বাহন, ট্ৰেক্টৰ, ৰেফ্ৰিজেৰেটৰ, এয়াৰ কণ্ডিচনাৰ থকা পৰিয়াল। (মটৰ চাইকেল প্ৰযোজ্য নহয়)
  4. ডাক্তৰ, ইঞ্জিনীয়াৰ, উকীল আৰু ঠিকাদাৰ থকা পৰিয়াল।
  5. কোনো মহিলা সদস্যা নথকা পৰিয়াল।
  6. ১৫ বিঘাতকৈ অধিক মাটি থকা পৰিয়াল।
  7. যিকোনো চৰকাৰী পেঞ্চনভোগী ব্যক্তি থকা পৰিয়াল ( বৃদ্ধ বা বিধৱা পেঞ্চন প্ৰযোজ্য নহয়)

2/অগ্ৰাধিকাৰ ভিত্তিত অন্তৰ্ভুক্ত হবলগীয়া পৰিয়াল__
  1.  বৰ্হিভুত পৰিয়ালসমূহ বাদ দি যি পৰিয়ালত বিধৱা মহিলা আছে। 
  2. যি পৰিয়ালত দিব্যাংগ ব্যক্তি আছে। 
  3. যি পৰিয়ালত অবিবাহিতা বা বিয়াৰ বয়স পাৰ হোৱা মহিলা আছে। 
  4. যি পৰিয়ালত বিবাহ বিচ্ছেদিত মহিলা আছে।
  5. ৰেছন কাৰ্ড নথকা দুখীয়া পৰিয়াল।
(গ) কি কি document বা প্ৰমাণ পত্ৰ লাগিব?
অৰুনোদয়ৰ বাবে কোনো document বা প্ৰমাণপত্ৰ নালাগে। হিতাধিকাৰীয়ে নিজে Annexure-A  check list খন সত্য বুলি স্বাক্ষৰ কৰিব। তথ্য মিছা প্ৰমাণিত হলে আইনগত ব্যৱস্থা লোৱা হ'ব।
(ঘ) কাৰ নামত হিতাধিকাৰী হ'ব?
পৰিয়ালৰ সকলোৱে সহমতেৰে পৰিয়ালৰ ১৮ বছৰ বয়স পাৰ কৰা এগৰাকী  মহিলা সদস্যক হিতাধিকাৰী হিচাপে মনোনীত কৰিব। 
(ঙ) বৃদ্ধ, বিধৱা বা দিব্যাংগ পেঞ্চন বা ভাট্টা পাই থাকিলেও অৰুণোদয় হিতাধিকাৰী অতিৰিক্ত ভাৱে পাব পাৰিব।
(চ) ১৫ চেপ্তেম্বৰৰ ভিতৰত হিতাধিকাৰী তালিকা সম্পূৰ্ণ কৰিব লাগিব।
(ছ) ২ অক্টোবৰৰ পৰা আচনিখন আৰম্ভ হ'ব।

Post a Comment

0 Comments