নৰেন্দ্ৰ মোদীৰ আচঁনিসমূহ আৰু প্ৰত‍্যেকৰে চমুকৈ বিৱৰণ উল্লেখ কৰা হৈছে। Narendra Modi's all scheme's name and there is short description given here.

ইয়াত আমি আলোচনা কৰিম নৰেন্দ্ৰ মোদীৰ ৮১ খন আচঁনীৰ বিষয়ে আৰু প্ৰত‍্যেক আচঁনীৰ মূল লক্ষ্য সমূহ বিৱৰণ কৰিম।

১/ প্ৰধানমন্ত্ৰী জনধন যোজনা(PMJDY)

প্ৰধানমন্ত্ৰী জনধন যোজনা হ'ল এটা জাতীয় মিচন,যাৰ দ্বাৰা দেশৰ সকলো পৰিয়ালৰ ব্যাপক আৰ্থিক অন্তৰ্ভুক্তিত  সহায় কৰিব। এই আচঁনিৰ জৰিয়তে ১০ বছৰৰ ওপৰৰ বয়সৰ যিকোনো ব্যক্তিয়ে বেংকত একাউণ্ট খুলিব পাৰিব। এই আচঁনিৰ জৰিয়তে বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা বা যিসকলৰ বেংকৰ একাণ্ট নাই সেই সকল ব্যক্তিসকলৰ বাবে লাভদায়ক।
২/ প্ৰধানমন্ত্ৰী চুকণ্যা সমৃদ্ধি যোজনা।(PMSSJ)

প্ৰধানমন্ত্ৰী চুকণ্যা সমৃদ্ধি যোজনা হ'ল কিশোৰীসকলৰ ভৱিষ্যত সুৰক্ষাৰ বাবে ধন সঞ্চয় কৰা এটা আচঁনি । এই আচঁনিৰ জৰিয়তে কিশোৰী সকলৰ নামত বেংকত এটা একাউণ্ট খুলিব লাগে। এই একাউণ্টত বছৰি ১০০০/- টকাকৈ ১৪ বছৰৰ বাবে জমা থব লাগে।
এই টকা ১৮ বছৰ পূৰ্ণ হ'লে বিবাহ বা উচ্চ শিক্ষাৰ বাবে টকাখিনিৰ ৫০% শতাংশ উলিয়াব পাৰিব।

৩/ প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা। (PMMY)

প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা হল এটা সৰু ব্যৱসায়ৰ বাবে লোণ প্ৰধান কৰা। এই যোজনাৰ জৰিয়তে আপুনি এটা সুন্দৰ ব‍্যৱসায় আৰম্ভ কৰিব পাৰিব।এই যোজনাৰ আৰম্ভ হৈছিল ২০১৫ চনত।

৪/ প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা।(PMJJBY)

প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা হৈছে এটা টাৰ্ম ইঞ্চুৰেঞ্চ পলিচি (Term Insurance policy).এই আচঁনিত বছৰি ৩৩০,০০ টকাকৈ জমা কৰিব লাগিব। এই আচঁনিৰ বাবে ১৮ বছৰৰ পৰা ৫০ বছৰৰ ভিতৰত হোৱাটো বাধ্যতামূলক।
ইয়াত আপুনি ২০০,০০০,০০ টকাৰ বীমাৰ সুবিধা পাব।

৫/ প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা।(PMSBY)

প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাক আমি সাধাৰণ ভাষাত কব পাৰো  এটা দূঘৰ্টনা বীমা যোজনা। ১৮ বছৰৰ পৰা ৭০ বছৰৰ ভিতৰৰ ব্যক্তিয়ে এই আচঁনিৰ সুবিধা লাভ উঠাব পাৰিব। ইয়াৰ বাৰ্ষিক প্ৰিমিয়াম হ'ব ১২,০০ টকা আৰু বীমাৰ সুবিধা থাকিব ২০০,০০০.০০ টকাৰ।
৬/ অটল পেঞ্চন যোজনা (APY)
এই আচঁনিৰ জৰিয়তে ভাৰতীয় নাগৰিকে যিয়ে এই আচঁনিৰ লগত জড়িত তেওঁলোকক মাহিলী ১০০০.০০ টকাৰ পৰা ৫০০০.০০ টকালৈ পেঞ্চন দিয়াৰ ব্যৱস্থা আছে।
১৮ বছৰৰ পৰা ৪০ বছৰৰ বয়সৰ ভিতৰত যিবিলাক ব্যক্তিয়ে মাহিলী ৪২.০০ টকাকৈ জমা কৰিব তেওঁলোকে মাহিলী ১০০০.০০ টকা পেঞ্চন পাব,আৰু  ৪০ বছৰৰ পৰা ৬০ বছৰৰ ভিতৰত যিবিলাক ব্যক্তিয়ে মাহিলী ২১০.০০ টকাকৈ জমা ৰাখিব তেওঁলোকক মাহিলী ৫০০০.০০ টকাৰ পেঞ্চন দিয়াৰ ব্যৱস্থা আছে।
মাহিলী ৪২.০০ টকাকৈ যিসকল ব্যক্তিয়ে জমা ৰাখিব,তেওঁলোকৰ বীমাৰ সুবিধা থাকিব ১৭০,০০০.০০ টকা আৰু যিসকল ব্যক্তিয়ে মাহিলী ২১০.০০ টকাকৈ জমা ৰাখিব,তেওঁলোকৰ বীমাৰ সুবিধা থাকিব ৮৫০,০০০.০০ টকা।
৭/ প্ৰধানমন্ত্ৰী আৱাজ যোজনা।(PMAY)

এই আঁচনিৰ জৰিয়তে ভাৰতীয় নাগৰিকে পকী ঘৰ সাজিবলৈ বা ক্ৰয় কৰিবলৈ আৰ্থিক ভাৱে দূৰ্বল নাগৰিয়ে চৰকাৰৰ পৰা ২৬৫,০০০.০০ টকাৰ ঋণৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। এই টকাৰ পৰিমানৰ ২০% শতাংশ চৰকাৰে বহন কৰিব।
৮/ সংসদ আৰ্দশ গ্ৰাম্য যোজনা।(SAGY)
এই আচঁনীৰ উদ্দেশ্য হৈছে গ্ৰাম্য অঞ্চলৰ যিকোনো সমস্যা সমূহ সমাধান কৰা।
৯/ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা।(PMFBY)

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা হৈছে খেতি তথা শস্যৰ ওপৰত কৰা বীমা। আপুনি কৰা শস্য সমূহ যদি কিবা কাৰণত অনিষ্ট হৈ যায়, তেতিয়া আপুনি এই আচঁনীৰ জৰিয়তে খেতিত নষ্ট হোৱা টকা‌খিনি উভতাই পাব।

১০/ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা।(PMGSY)

এই যোজনাৰ জৰিয়তে গ্ৰাম্য অঞ্চলৰ ৰাস্তা-ঘাট সমূহ উন্নতিকৰণ কৰা।

১১/ প্ৰধানমন্ত্ৰী গৰিব কল‍্যাণ যোজনা।(PMGKY)

এই আচঁনি দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ভাৰতীয় নাগৰিক সকলৰ বাবে প্ৰযোজ্য। ইয়াৰ দ্বাৰা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা প্ৰতি জন ভাৰতীয়‌ই চৰকাৰী সাহায্য ,তথা খাদ্য-সামগ্ৰীৰ সাহায্য পাব।
১২/ প্ৰধানমন্ত্ৰী জন ঔষধি যোজনা। (PMJAY)
প্ৰধানমন্ত্ৰী জন ঔষধি যোজনাৰ জৰিয়তে শিক্ষিত সকলো ভাৰতীয় নাগৰিকে এই সুবিধা লব পাৰিব। প্ৰধানমন্ত্ৰী জন ঔষধি যোজনাৰ উদ্দেশ্য এয়ে যে আপুনি যদি এটা ফাৰ্মাচীৰ দোকান খুলিম বুলি ভাবিছে, তেতিয়া চৰকাৰে, আপুনি বিক্ৰীৰ বাবে ক্ৰয় কৰা ঔষধত ২০% শতাংশৰ ৰেহাই পাব।
দিৱাংগ সকল বাবে সুবিধা:
দিৱাংগ সকল এটা ঔষধৰ দোকান খুলিবৰ বাবে চৰকাৰে ৫০,০০০.০০ টকাৰ ঔষধ আগতীয়াকৈ দিয়ে।
১৩/ মেক ইন ইণ্ডিয়া। 
মেক ইন ইণ্ডিয়াৰ উদ্দেশ্য এয়ে যে ভাৰতত উদ্যোগীকৰণ বৃদ্ধি কৰা, বিনিয়োগ, তথা ডেভলপ কৰায়ে ইয়াৰ উদ্দেশ্য।
১৪/ স্বচ্চ ভাৰত অভিযান।
স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে ভাৰতবৰ্ষক এখন সুন্দৰ আৰু পৰিস্কাৰ কৰাৰ এটা আচঁনি। এই আচঁনিৰ জৰিয়তে ভাৰতৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা নাগৰিকক এখনকৈ লেটিন দিয়াৰ ব্যৱস্থা এই আচঁনিৰ দ্বাৰা দিয়া হয়।
১৫/ কিচান বিকাশ পত্ৰ।
ই হৈছে এটা ৱান টাইম ইনভেছমেণ্ট প্লান । এই আচঁনিৰ জৰিয়তে আপুনি ১০০০,০০ টকাৰ পৰা ৫০,০০০.০০ টকালৈকে এবাৰত জমা কৰিব পাৰিব। এবাৰ Invest কৰিলে তাৰ দুগুণ পাব। Invest কৰাৰ টকাখিনিৰ Maturity সময়সীমা ১২৪ মাহ। যদি আপুনি ১০,০০০.০০ টকা জমা কৰে ,তেনেহ'লে ১২৪ মাহৰ পিছত তাৰ দুগুণ তথা ২০,০০০.০০ টকা পাব।



Jacqueline Fernandez Free HD Png Image Download

Post a Comment

1 Comments