পূৰ্ণ ডেকা-গাভৰুৰ মনৰ কথাবোৰ সাধাৰণতে এনেধৰণৰ হোৱা দেখা যায়। What do young boys and girls often think..

 

Biswa Gyan

প্ৰথমতে আমি বয়স সমূহক ক্ৰমান্বয়ে বিভক্ত কৰি ল‌ওঁ। মানৱ জাতিৰ বয়সসমূহক এনে ধৰনৰ বিভক্ত কৰা হৈছে_জন্মতে আমি ল'ৰা হ‌ওঁক বা ছোৱালী হ‌ওঁক, আমি সেইটোক "কেচুঁৱা" বুলি ক‌ওঁ। আৰম্ভণি বা পাচঁ বছৰৰ পৰা ১০ বছৰলৈকে শৈশৱ কাল বুলি কোৱা হয়। পাঁচ বছৰৰ ওপৰৰ বয়সত কেচুঁৱাটোৰ কোনোধৰণৰ জ্ঞানে সাধাৰণতে ঢুকি নাপায়। এইটো বয়সত সি কি কৰিছে,কʼত গৈছে,কি খাইছে এইবোৰ একোকে নাজানে। মানৱ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো এইখিনিতে সোমাই আছে, এই সময়ছোৱাত তাক যি শিক্ষা দিব সেইটোৱেই শিকিব। এইটো বয়সত কেঁচুৱাটোৱে কাণ আৰু চকুৰ জৰিয়তে আনে কি কৈছে ,তাক তাৎক্ষণিক প্ৰত্যক্ষ কৰিব পাৰে আৰু ইয়াক নিজৰ মগজুত বিস্তাৰ কৰে।
কৈশোৰ  ১০ বছৰৰ পৰা ১৭ বছৰৰ বয়সৰ সময়চোৱাত আমি কৈশোৰ কাল বুলি ক‌ওঁ। এইটো বয়সত ছাত্ৰ-ছাত্ৰী বৰ দুষ্টালি বা চঞ্চল প্ৰকৃতিৰ হয় আৰু খেল-ধেমালিৰ প্ৰতি আগ্ৰহী বেছি হয়।
_শৈশৱৰ পৰা কৈশোৰ অৱস্থা পোৱাৰ পৰা ল’ৰা বা ছোৱালী এজনীয়ে মাক দেউতাকৰ সহায়ৰ অবিহনে নিজৰ অভিৰুচি, পচন্দ– অপচন্দৰ বিষয়ে নিজৰ মতামত গঠন কৰিব পৰা হয়। মাক-দেউতাকক নিয়ন্ত্ৰণ কৰি অহা জীৱন এটাক ত্যাগ কৰি এজন নিজ স্বাধীন হোৱাৰ প্ৰক্ৰিয়া এই সময়ৰপৰাই‌ আৰম্ভ হয়। এইটো সময়ত ল'ৰা-ছোৱালীবোৰে একে বয়সৰ লগৰীয়াৰ লগত মনৰ ভাৱ, আবেগ, অনুভূতি আদায়-প্ৰদান কৰিব পৰা হয়। প্ৰথমবাৰৰ কাৰণে নিজকে শৈশৱৰ পৰা পৃথক অৱস্থা এটাত উপনীত হোৱা বুলি অনুভৱ কৰে। এই সময়চোৱাতে বিপৰীত লিংগৰ প্ৰতিও কৌতূহল আৰু আকৰ্ষণ দুয়োটাই বৃদ্ধি পায়। জীৱনত প্ৰথম বাৰৰ বাবে প্ৰেম, বিৰহ, যৌনতা আদিৰ অনুভৱ হয়। যিকোনো বিষয়ত নিজৰ একোটা মতামত বা দৃষ্টিভংগী গঠন কৰিব পৰা হয়। এইটো সময়তে তেওঁলোকৰ প্ৰতিভা সমুহো বিকশিত আৰু সমৃদ্ধ হ’বলৈ ধৰে।_
এইটো সময়ত কিছুমান অদ্ভুত ধৰণৰ কৰ্মকাণ্ড কৰে। পিতৃ-মাতৃৰ কথাবোৰলৈ গুৰুত্ব নিদিয়া হয়।
এনেকৈয়ে, গৈ গৈ যৌৱন কালৰ আৰম্ভণি হয়। যৌৱন কালৰ আৰম্ভণিৰ লগে লগে ছাত্ৰ-ছাত্ৰীৰ শৰীৰৰ বিভিন্ন অংগ সমূহৰ পৰিৱৰ্তন হ'বলৈ‌ ধৰে। যেনে গাৰ বৰণ, মাত আদি সলনি হোৱা দেখা যায়।
যৌৱন কালৰ সময়চোৱাত, জীৱনটো গঢ়িবৰ  বাবে এই সময়চোৱা জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। এই সময়খিনিত ল’ৰা বা ছোৱালী এজনীৰ জীৱনলৈ শাৰীৰিক আৰু মানসিক ভাৱে দ্ৰুতগতিত পৰিৱৰ্তন আহিবলৈ ধৰে। দেহত হৰ্মমোনৰ ভাৰসাম্যতা সলনি হয় আৰু নতুন হৰ্মমোনৰ আৰম্ভণি হয়। শৰীৰত হোৱা পৰিৱৰ্তনবোৰে সৰুৰ পৰা ডাঙৰ হ’বলৈ ধৰাৰ জাননী দিয়ে। মানসিক ভাৱেও এইচোৱা সময় এজন ল’ৰা বা এজনী ছোৱালীয়ে বহুতো অগতানুগতিক পৰিৱৰ্তনৰ সন্মুখীন হয়। আবেগ, অনুভূতিবোৰে গভীৰ ভাৱে মনৰ মাজত ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে। আনহাতে এইটোৱেই মাক দেউতাকৰ ছত্ৰছায়াৰ পৰা ওলাই আহি স্ব-ব্যক্তিত্ব বিকাশৰ দিশত অগ্ৰসৰ হোৱা সময়। এই সময়চোৱা যিদৰে সৃজনী প্ৰতিভা গঢ়ি তোলাৰ উপযুক্ত সময়, সেইদৰে এই সময়চোৱাই পংকিলতাৰ দিশত জীৱনক উটুৱাই দিব পৰা বিপদজনক সময়।
যৌৱন কালৰ সময়চোৱাত এজন ছাত্ৰ বা ছাত্ৰীৰ জীৱনৰ প্ৰথমটো সংগ্ৰামৰ আৰম্ভণি হয়। জীৱনত যিকোনো কামত নিজকে এজন সক্ষম ব্যক্তিৰ ৰূপত ৰূপান্তৰিত কৰিবলৈ এয়ে উত্তম সময়। যিয়ে এই সময়খিনিত নিষ্ঠা সহকাৰে নিজৰ নিত্য কৰ্মসমূহ পলন কৰিব তেওঁহে আগন্তুক দিনত এজন সফল ব্যক্তিৰ ৰূপত ৰূপান্তৰিত হ'ব।
যৌৱন কালত ভৰি দিয়াৰ লগে লগে ছাত্ৰ-ছাত্ৰীৰ মনত কি কি ধৰণৰ মনোভাৱে আগুৰি ধৰে?
বয়সৰ পৰিৱৰ্তনৰ লগে লগে দেহৰ বা মনৰ আবেগ, অনুভূতিবোৰে গভীৰ ভাৱে মনৰ মাজত ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে। আৰু তেতিয়া ই যৌৱনতাৰ দিশলৈ ঠেলি নিয়ে। মনলৈ অহা কিছুমান কু-চিন্তা ধাৰণাই মনক অশান্তিৰ সৃষ্টি কৰে।
যেতিয়া এজন ছাত্ৰ বা ছাত্ৰীৰ ১৮ বছৰৰ পৰা ২১ বছৰৰ উৰ্ধত হয় তেতিয়া আমি ডেকা আৰু গাভৰু বুলি চিনাক্ত কৰো। এইটো সময়ত ল'ৰা ছোৱালীয়ে নিজৰ দায়িত্ব, পিতৃ মাতৃৰ দায়িত্ব আৰু সমাজৰ দায়িত্ব সমূহ সম্পূৰ্ণৰূপে পালণ কৰিবলৈ সক্ষম হয়।
১৮ ৰ পৰা ২১ বছৰ বয়সৰ সয়মখিনি পাৰ কৰাৰ পাছত এজন ল'ৰা বা ছোৱালীয়ে নিজৰ ভৱিষ্যত সময়ৰ বাবে ভাবিবলৈ আৰম্ভ কৰে। যেনে_কেনেকৈ এজন সফল বা ভাল ব্যক্তি হ‌ওঁ, এনেধৰণৰ বিভিন্ন প্ৰশ্ন‌ মনলৈ আহে।

Post a Comment

0 Comments