আমি কি কি ভূল কৰিলে আমাৰ বেংক একাউণ্টৰ প‌ইচা খালি হ'ব পাৰে বা হেকাৰে হেক কৰিব পাৰে।

আমি কি কি ভূল কৰিলে আমাৰ বেংক একাউণ্টৰ প‌ইচা খালি হ'ব পাৰে বা হেকাৰে হেক কৰিব পাৰে।

 

আমি কি কি ভূল কৰিলে আমাৰ বেংক একাউণ্টৰ প‌ইচা খালি হ'ব পাৰে বা হেকাৰে হেক কৰিব পাৰে।

শিক্ষা যিমানেই বাঢ়িছে, সিমানে মানুহৰ মগজুৰ  গতিবেগ দ্ৰুত গতিত বাঢ়িবলৈ ধৰিছে। আজিৰ যুগত মানুহে নতুন নতুন কৌশল বিচাৰি ফুৰে, কিয়নো যিকোনো ক্ষেত্ৰত আমাৰ মাজত কম্পিটিছন বাঢ়ি গৈছে। শিক্ষিতৰ হাৰ বঢ়াৰ লগে লগে সংস্থাপনৰ হাৰ কমিবলৈ ধৰিছে। সেই দেখি আজিৰ নৱ প্ৰজন্মই এখন চৰকাৰী চাকৰিক বাদ দি তথা আশা নকৰি,নিজৰ দ্বাৰা কিছুমান কু-পদ্ধতিৰ উপাৰ্জনৰ পথ বিচাৰি লয়। যিবোৰ পদ্ধতি ৰাইজৰ বাবে অতি ক্ষতিকাৰক।

Hack কৰা বা Hacking কৰা। 

আমি সাধাৰণতে ক‌ওঁ যে কোনোবাই আমোকৰ মোবাইল হেক কৰিলে বা বেংক একাউণ্ট হেক কৰিলে। কিন্তু হেক মানেনো কি? কেনেকৈ কৰে?
হেক কৰা বা হেকিংৰ অৰ্থ হৈছে আনৰ কিবা এটা বস্তুক নিজৰ নিয়ন্ত্ৰনত কৰা। ধৰি ল'লো, আমি আমাৰ নিজৰ মোবাইল ফোনটো নিজে ব্যৱহাৰ কৰোঁ। মোৰ মোবাইল ফোনটোত কি বস্তু আছে কি না‌ই সেইটো কেৱল ম‌ই হে জানো, মোৰ বাহিৰে কোনেও নাজানে। কিন্তু যিয়ে আপোনাৰ মোবাইল ফোনটোক হেক কৰিব তেওঁ কিন্তু সকলো গম পাই থাকিব যে আপুনি ফোনটোত কি কৰিছে কি না‌ই। অসত্য যেন লাগিলেও আজিৰ টেকনʼলʼজীৰ  যুগত ই সম্পূৰ্ণ ৰূপে সত্য।

আপুনি কি ভূল কৰিলে হেকাৰৰ বলি হ'ব পাৰে?

  • মোবাইল ফোনটোত অলাগতীয়াল এপ্লিকেচন ডাউনলড কৰা।
ফোনত যেতিয়া অলাগতীয়াল এপ্লিকেচন ডাউনলড কৰিব, তেতিয়া এই এপ্লিকেচনৰ দ্বাৰা আপোনাৰ ফোনৰ সকলো নথি-পত্ৰ তথা আপুনি কেতিয়া কি কৰিছে, কি তথ্য পাতি ক'ত প্ৰেৰণ কৰিছে। এই সকলো তথ্য হেকাৰে চাই থাকিব পাৰে।

  • নিজৰ প্ৰাইভেট মোবাইল নম্বৰ আনক প্ৰেৰণ কৰা।
নিজৰ প্ৰাইভেট মোবাইল নম্বৰ অৰ্থ হৈছে _ আমি আমাৰ নিজৰ মোবাইল নম্বৰটো বিভিন্ন কামৰ বাবে সংযোগ কৰো যেনে বেংকৰ একাউণ্টৰ লগত আধাৰ কাৰ্ড আদি। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যিটো মোবাইল নম্বৰ বেংকৰ একাউণ্টৰ লগত সংযোগ থাকে, সেই নম্বৰটো আনক প্ৰেৰণ কৰাটো নিজৰ বাবে ক্ষতিকাৰক।

  • অচিনাকি ব্যক্তিক নিজৰ ডকোমেণ্ট প্ৰেৰণ কৰা।
বেংকৰপৰা অহা অ,টি,পি (OTP) প্ৰেৰণ কৰা।
অচিনাকি ব্যক্তিক যদি কিবা তথ্য প্ৰেৰণ কৰে, যেনে_ আধাৰ কাৰ্ড,পেন কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক একাউণ্টৰ বিৱৰণ আদি। তেতিয়া দুষ্টচক্ৰ‌ই এই তথ্য খিনি ব্যৱহাৰ কৰি আপোনাৰ নামত অনলাইন ধনৰ লেনদেন হোৱাৰ সম্ভাৱনা থাকে।

আমি কি কি ভূল কৰিলে আমাৰ বেংক একাউণ্টৰ প‌ইচা খালি হ'ব পাৰে বা হেকাৰে হেক কৰিব পাৰে।

হেকাৰৰ পৰা কেনেকৈ বাচিব?

  • অচিনাকি ব্যক্তিক নিজৰ ডকোমেণ্ট দিব নালাগে।
  • সন্দেহ জনক ব্যক্তিক নিজৰ মোবাইল ফোনটো গতাই দিব নালাগে।
  • বেংকৰ পৰা অহা OTP কাকো দিব নালাগে।
  • অদৰকাৰী এপ্লিকেচন ফোনত ডাউনলড কৰিব নালাগে।
  • অলাগতীয়াল লিংকত ক্লিক কৰিব নালাগে।
  • থাৰ্ডপাৰ্টী এপ্লিকেচনৰ পৰা টকা লেনদেন কৰিব নালাগে।
  • এ,টি,এম,ৰ পৰা প‌ইচা ওলাউতে পিনকড গোপনীয়তা ভাৱে ৰাখিব লাগে।
  • এ,টি,এম,ৰ পৰা ওলোৱা ৰিচিভ পেলায় দিব নালাগে।
  • এ,টি,এমৰ পিনকড পাৰিলে মাজে মাজে সলনি কৰি থাকিব লাগে।
  • কিবা কাৰণত আপোনাৰ মোবাইল নম্বৰত অহা OTP  কোনোবাই বিচাৰিলে কোনো কাৰণত দিব নালাগে।

ATM ৰ পৰা পইচা উলিউৱাৰ সঠিক নিয়ম।

Post a Comment

1 Comments