অসমৰ ভাষা আন্দোলনৰ আৰু বঙালী ভাষা প্ৰচলনৰ, মূল কাহিনী। ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল?

অসমৰ ভাষা আন্দোলনৰ আৰু  বঙালী ভাষা প্ৰচলনৰ, মূল কাহিনী। ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল?

  • অসম কেতিয়া  ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ গৈছিল?
উত্তৰ:- ইয়াণ্ডাবু সন্ধিৰ পিছত।
  • ইয়াণ্ডাবু সন্ধিৰ আগত অসম কাৰ আধিনত আছিল?
উত্তৰ:- আহোম আৰু অন্যান্য স্থানীয় জনগোষ্ঠীৰ অধীনত।
  • অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ কাম কিমান শতিকাত আৰম্ভ হৈছিল?
উত্তৰ:- ১৯ শতিকাত।
  • বঙালী ভাষী লোকসকল কিমান চনত অসমলৈ আহিছিল?
উত্তৰ: ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিছত।
  • অসমত অসমীয়া ভাষা কাৰণ প্ৰচেষ্টাত প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ:- আমেৰিকাৰ বাপিষ্ট মিচনেৰীসকলৰ প্ৰচেষ্টাত।
  • অসমত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈ প্ৰথম আন্দোলন কিমান চনত কৰা হৈছিল?
উত্তৰ:- ১৯৫২ চনত।
  • ভাৰতত "ৰাজ্য পুনৰগঠন আইন" কিমান চনত বলৱৎ হৈছিল?
উত্তৰ : ১৯৫৬ চনত।
  • অসমৰ অসমীয়া ভাষাক একমাত্ৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈ কোনে দাৱী জনাইছিল?
উত্তৰ:- অসম সাহিত্য সভাই।
  • "ৰঞ্জিত বৰপূজাৰী কোন আছিল?
উত্তৰ:- ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ।
  • ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ গৰাকী কোন আছিল?
উত্তৰ:- ৰঞ্জিত বৰপূজাৰী।
  • ৰঞ্জিত বৰপূজাৰীৰ মৃত্যু কিমান চনত হৈছিল?
উত্তৰ:- ১৯৬০ চনৰ ৪ জুলাই তাৰিখে।
  • "অসম চৰকাৰী ভাষা আইন" কিমান চনত প্ৰনয়ণ কৰা হয়?
উত্তৰ:- ১৯৬০ চনত।

ইং ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ শাসনাধীস্থ হোৱাৰ পাছত অসমৰ ৰাজনৈতিক সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত এক বিৰাট পৰিবৰ্তনৰ সূচনা হৈছিল।

১৮৩৬ চনত ইংৰাজে প্ৰশাসনীয় সুবিধাৰ দোহাই দি অসমৰ স্কুল-কলেজ আদি চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত অসমীয়া ভাষাৰ পৰিবৰ্তে বঙালী ভাষা প্ৰচলন কৰে। ইয়াৰ কাৰণ আছিল ইংৰাজক শাসনত সহায় কৰা, পশ্চিমবংগৰ পৰা অহা বঙালী কাৰ্যবাহীসকলৰ যাতে সুবিধা হয়। বঙালী কৰ্মচাৰীসকলেও ইয়াৰ বাবে ইংৰাজ চৰকাৰক হেঁচা দিছিল। 
  • অসম সাহিত্য সভাই অসমীয়া ভাষাক অসমীয়া ভাষাক কিমান চনত চৰকাৰী ভাষালৈ স্বীকৃতি দিয়ে?
উত্তৰ:- ১৯৬০ চনত।
  • বঙালী ভাষ চৰকাৰী ভাষা হিচাপে ক'ত স্বীকৃতি লাভ কৰে?
উত্তৰ:- বৰাক উপত্যকাৰ কেইখনমান জিলাত।
  • ভাৰতৰ সংবিধানত অসমীয়া ভাষাক কিমান অনুসূচিত ত অন্তৰ্ভুক্ত কৰা হয়?
উত্তৰ :- অষ্টম অনুসূচিত।
  • অসম সাহিত্য সভাই অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে গঢ়ি তোলাৰ দুটা প্ৰস্তুত গৃহীত কৰিছিল, সেই প্ৰস্তাৱ দুটা কি কি?
উত্তৰ:- এটা ১৯৫০ চনত আৰু আনটো ১৯৫৬ চনত।
  • অসমীয়াক একমাত্ৰ চৰকাৰী ভাষা হিচাপে মান্যতা দিয়াৰ দাবীৰ সমৰ্থনত প্ৰস্তাৱ গৃহীত কোন ৰাজনৈতিক দলে কৰিছিল?
উত্তৰ:- ২২ এপ্ৰিল তাৰিখে "অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।
  • অসমীয়া প্ৰথম বাতৰি কাকত খনৰ নাম কি?
উত্তৰ :- অৰুনোদই।
  • অসমীয়া প্ৰথম বাতৰি কাকত কিমান চনত প্ৰকাশ পাইছিল?
উত্তৰ :-১৮৪৭ চনত।
  • অসমীয়া প্ৰথম বাতৰি কাকত খন কোনখন প্ৰেছৰ পৰা প্ৰকাশ পাইছিল?
উত্তৰ :- মিছন প্ৰেছৰ পৰা।
  • অসমৰ ক'ত মিছন প্ৰেছ অৱস্থিত?
উত্তৰ :- শিৱসাগৰ।
  • আনন্দৰাম ঢেকিয়াল ফুকনে লিখা পুথি খনৰ নাম কি আছিল?
উত্তৰ :- অসমীয়া ল'ৰাৰ মিত্ৰ।
  • "আসাম বন্ধু" ৰ ৰচক কোন আছিল?
উত্তৰ:- গুণাভিৰাম বৰুৱা।
  • হেমচন্দ্ৰ বৰুৱাই লিখা পুথি কেইখন কি কি?
উত্তৰ :- অসমীয়া ব্যাকৰণ, অসমীয়া ল'ৰাৰ ব্যাকৰণ, হেমকোষ, আৰু পঢ়াশলীয়া অভিধান।
  • অসমীয়া ভাষাক কিমান চনত আৰু কোনে অসমৰ স্থানীয় লোকসকলৰ বাবে প্ৰশাসন আৰু শিক্ষানুষ্ঠানত ব্যৱহাৰ কৰিব পাৰিব বুলি ঘোষণা কৰিছিল?
উত্তৰ :- ১৮৭২ চনত বংগৰ লেফ্টটেনেণ্ট গভৰ্নৰ জৰ্জ কেম্পৱেলে।
  • অসমে কিমান চনত চীফ কমিছনাৰ প্ৰভিন্সৰ মৰ্যাদা লাভ কৰিছিল?
উত্তৰ :- ১৮৭৪ চনত।
  • ১৮৭৪ চনত চীফ কমিছনাৰে কি ঘোষণা কৰিছিল?
উত্তৰ :- গোটেই অসমৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত অসমীয়া ভাষা ব্যৱহাৰ কৰা হ'ব।
  • গুৱাহাটীত এখন মহাবিদ্যালয় স্থাপন কৰিবলৈ কোনে ব্ৰিটিছ চৰকাৰলৈ অনুৰোধ জনাইছিল?
উত্তৰ:- মানিক চন্দ্ৰ বৰুৱা।
  • কটন কলেজৰ নামটো কিয় "কটন কলেজ" বুলি নামাকৰণ কৰা হৈছিল?
উত্তৰ:- ১৯০১ চনত অসম প্ৰদেশৰ চীফ কমিছনাৰ হেনৰী কটনে কটন কলেজ উদ্বোধন কৰিছিল বাবে ইয়াৰ নাম "কটন কলেজ" বুলি নামাকৰণ কৰে।
  • "অসমীয়া ভাষা উন্নতি সাধনী সভা" কিমান চনত গঠন হয়?
উত্তৰ :- ১৮৮৮ চনত।
  • জোনাকী যুগ'ৰ সূচনা কিমান চনত হৈছিল?
উত্তৰ :- ১৮৮৮ চনত।
  • জোনাকী যুগ'ৰ সূচনা কোনে কৰিছিল?
উত্তৰ :- অসমীয়া ছাত্ৰয়ে।
  • বংগ ভংগৰ সিদ্ধান্ত কিমান চনত গ্ৰহণ কৰা হৈছিল?
উত্তৰ:- ১৯০৩-০৫ চনত।

Post a Comment

0 Comments